নেহা সিং ৰাঠৌৰ এগৰাকী ভোজপুৰী গায়িকা।১২৩ তেওঁ মুদ্ৰাস্ফীতি, দুৰ্নীতি, দৰিদ্ৰতা আৰু চৰকাৰী ব্যৰ্থতাক গীতৰ যোগেদি প্ৰশ্ন আৰু ব্যংগ কৰে। তেওঁ বিহাৰৰ কাইমুৰ জিলাৰ বাসিন্দা৷ তেওঁৰ গানৰ ভিতৰত বিহাৰ মে কৰা বা?, ইউপি মে কৰা বা?, আৰু ইউপি মে কৰা বা? ছিজন ২ যথেষ্ট ভাইৰেল হৈছে।
প্ৰাথমিক জীৱন
১৯৯৭ চনত বিহাৰৰ কাইমুৰ জিলাৰ এটা মধ্যবিত্ত পৰিয়ালত নেহা সিং ৰাঠৌৰৰ জন্ম হৈছিল। "এলাহাবাদ বিশ্ববিদ্যালয়" ত তেওঁৰ এটা লোকগীত ভাইৰেল হোৱাৰ লগে লগে নেহা ৰাজহুৱা ব্যক্তিত্বত পৰিণত হয়, লগতে বিতৰ্কতো সোমাই পৰে। বিহাৰ আৰু ইউ পিৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে সৃষ্টি কৰা আন এটি গীত “ৰজগৰ দেবা কী কৰবা ডৰামা” ইউটিউবত মুক্তি পোৱাৰ পিছত ভাইৰেল হৈ পৰে গীতটি।৪৫
ব্যক্তিগত জীৱন
২০২২ চনত ৰাঠৌৰে হিমাংশু সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৬৭
বিতৰ্ক
কৰোনা কালত যোগী চৰকাৰক উপহাস কৰি নেহা সিং ৰাঠৌৰে বিতৰ্কৰ মাজলৈ আহিছিল৷ ইয়াৰ যোগেদি তাই কৰোনা যুগৰ ব্যৱস্থা, হাথৰাছৰ ঘটনা ইত্যাদি গুৰুতৰ বিষয়বোৰ উত্থাপন কৰিছিল।৮
নেহা সিং ৰাঠৌৰে দ্বিতীয়বাৰৰ বাবে বিতৰ্কৰ মাজলৈ আহিছিল তেওঁৰ ইউ পি মেইন কা বা? ২য় খণ্ডৰ যোগেদি। কানপুৰৰ গ্ৰাম্য অঞ্চলৰ দীক্ষিত পৰিয়ালৰ ঘটনাক লৈ ব্যংগ হিচাপে গোৱা হৈছিল এই গীতটো৷ ইয়াৰ পিছতে আৰক্ষীয়ে তেওঁক এখন জাননী প্ৰদান কৰি কিছু প্ৰশ্নৰ উত্তৰ দাবী কৰে।৯১০১১১২
বাহ্যিক সংযোগ
- Neha Singh Rathore YouTube Channel
তথ্যসূত্ৰ
- ↑ News Desk, Harraiya Times. (2023-02-08). नेहा सिंह राठौर (Bhojpuri Singer) जीवन परिचय. Harraiya Times
- ↑ Times, Hindustan. (2023-02-08). Who is 'UP Mein Ka Ba' fame Neha Singh Rathore?. Hindustan Times
- ↑ Today, India. (2023-02-08). UP Me Ka Ba? Who's singer Neha Rathore facing the music of UP Police. India Today
- ↑ News Desk, Harraiya Times. (2023-02-08). नेहा सिंह राठौर (Bhojpuri Singer) जीवन परिचय. Harraiya Times
- ↑ Roy, Divyanshu Dutta. (2023-02-08). Cops' Notice To Singer Over Song Taunting Yogi Government, Bulldozer Move. NDTV
- ↑ Bhojpuri singer Neha Singh Rathore ties the knot with Himanshu Singh. Asian News International
- ↑ (22 June 2022). Bhojpuri singer Neha Rathore marries Himanshu Singh in Lucknow. See first pics. ইণ্ডিয়া টুডে
- ↑ bharat, enav. (2022-01-17). नेहा ने अब गाया- 'यूपी में का बा. मंत्री के बेटवा बड़ी रंगदार बा. किसानन के छाती पर रौंदत मोटर कार बा.'. Navbharat
- ↑ Tak, Aaj. (2023-02-22). एक गाना और 7 सवाल 'यूपी में का बा' की सिंगर नेहा सिंह राठौर से पुलिस ने किन-किन बातों पर मांगा जवाब. Aajtak
- ↑ Ujala, Amar. (2023-02-22). Akhilesh Yadav: नेहा सिंह राठौर को नोटिस दिए जाने पर अखिलेश यादव का तंज, यूपी में झुठ्ठे केसों की बहार बा. Amar Ujala
- ↑ Jagran, Dainik. (2023-02-22). Neha Singh Rathore यूपी में का बा गाने वाली नेहा सिंह राठौर को पुलिस ने दिया नोटिस. Dainik Jagran
- ↑ Now, Mirror. (2023-02-22). Bhojpuri singer Neha Singh Rathore receives notice for her song 'UP Mein Ka Ba' mocking Yogi govt. The Economic Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেহা সিং ৰাঠৌৰ” প্ৰবন্ধৰ সংশোধন ৫৪৫৮০৯ (২৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।