অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নু নু য়ি

নু নু য়ি (Nu Nu Yi) নু নু য়িক ইনৱা বুলিও কোৱা হয়৷ তেখেত এগৰাকী বাৰ্মিজ লেখক আৰু তেখেতে চৰকাৰী চেন্সৰৰ পৰা নিৰীক্ষণ লাভ কৰিছে। ২০০৭ চনৰ মেন এছিয়ান লিটাৰেৰী প্ৰাইজৰ বাবে মনোনীত হোৱা তেওঁৰ উপন্যাস স্মাইল এজ দে‍ ব' (১৯৯৪)ক ১২ বছৰতকৈ অধিক সময়কালৰ বাবে চেন্সৰ কৰা হৈছিল।

হালনাগাদ: ২৫ জানুৱাৰী ২০২৬ ১৭৫ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

নু নু য়ি (Nu Nu Yi) নু নু য়িক ইনৱা বুলিও কোৱা হয়৷ তেখেত এগৰাকী বাৰ্মিজ লেখক আৰু তেখেতে চৰকাৰী চেন্সৰৰ পৰা নিৰীক্ষণ লাভ কৰিছে। ২০০৭ চনৰ মেন এছিয়ান লিটাৰেৰী প্ৰাইজৰ১ বাবে মনোনীত হোৱা তেওঁৰ উপন্যাস স্মাইল এজ দে‍ ব' (১৯৯৪)ক ১২ বছৰতকৈ অধিক সময়কালৰ বাবে চেন্সৰ কৰা হৈছিল। ২০০৮ চনত হাইপেৰিয়ান এষ্টে ইয়াৰ ইংৰাজী সংস্কৰণ প্ৰকাশ কৰে।২ ১৯৫৯ চনত ইনৱাৰ ওচৰৰ এখন গাঁৱত জন্মগ্ৰহণ কৰা তেখেতে ১৯৮৪ চনৰ পৰা ১৫খন উপন্যাস, ১০০টা চুটিগল্প আৰু কেইবাখনো আলোচনীৰ বাবে প্ৰবন্ধ লিখিছে।৩

নু নু য়িৰ ৰচনাসমূহ বাৰ্মাৰ অভাৱগ্ৰস্ত লোকসকলৰ চিত্ৰণৰ বাবে জনাজাত; তেওঁৰ চুটিগল্পসমূহত সামাজিক অন্যায়ৰ দৰে বিষয়বস্তু অন্তৰ্ভুক্ত কৰা হৈছে আৰু ফলস্বৰূপে সামৰিক চৰকাৰে ইয়াক চেঞ্চৰ কৰিছে।৪ তেওঁৰ লেখাবোৰ অৱশ্যে আং ছান ছু কিৰ দৰে কৰ্মীয়ে প্ৰশংসা কৰিছে।৪ হোৱাট কেন আই ডু ফৰ ইউ আৰু ১৯৯৩ চনৰ ম্যানমাৰ ৰাষ্ট্ৰীয় সাহিত্য বঁটা বিজয়ী এমাৰ্লড গ্ৰীণ ব্লু কামায়ুটও তেওঁৰ ৰচনা। তেওঁৰ কিতাপসমূহ জাপানী ভাষালৈ অনুবাদ কৰা হৈছে৷৫ ২০০০ চনত আইঅ’ৱা আন্তঃৰাষ্ট্ৰীয় লেখন কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰে।৬

স্মাইল এজ দে‍ ব'ৰ কাহিনীভাগ উৎসৱৰ পৰিৱেশ আৰু অনুষ্ঠানটোৰ লগত জড়িত চৰিত্ৰসমূহৰ জীৱনক কেন্দ্ৰ কৰিয়েই আৱদ্ধ। উপন্যাসখনে‍ পাঠকসকলক ম্যানমাৰৰ পৰম্পৰাগত ধৰ্মীয় পদ্ধতি, সাংস্কৃতিক পৰম্পৰা আৰু মানৱ আৱেগৰ জটিলতাৰ বিষয়ে এক নিবিড় অভিজ্ঞতা প্ৰদান কৰে। উপন্যাসখনৰ আখ্যানভাগে‍ উৎসৱৰ আধ্যাত্মিক তাৎপৰ্য্য আৰু নাট (আত্মা)ৰ প্ৰতি সম্প্ৰদায়টোৰ সামূহিক ভক্তিৰ সাৰমৰ্মক ধৰি ৰাখিছে।৭

তথ্যসূত্ৰ

  1. ↑ Nu Nu Yi Inwa. The Man Asian Literary Prize
  2. ↑ Pauli, Michelle. (25 October 2007). Burmese author beats censors for place on prize shortlist. The Guardian
  3. ↑ www.thesundaily.my/news/552111
  4. ↑ Bowman, Vicky. (2001). Who's Who in Contemporary Women's Literature. Routledge. ISBN 9780415159814
  5. ↑ Nu Nu YEE - The International Writing Program
  6. ↑ Writers from Burma - The International Writing Program
  7. ↑ The summary of “Smile as They Bow” by Nu Nu Yi

সম্পৰ্কিত শ্ৰেণী

ম্যানমাৰৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নু নু য়ি” প্ৰবন্ধৰ সংশোধন ৫৭১৩৫৭ (২৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।