| নেজিব আহমেদ | |
|---|---|
| লণ্ডনত নেজিব আহমেদ | |
| বছৰ সক্ৰিয় | ২০১০ চনৰ পৰা বৰ্তমানলৈকে |
| তাৰ বাবে পৰিচিত | বন্যপ্ৰাণীৰ ফটোগ্ৰাফী |
| ৱেবছাইট | https://nejibahmed.com |
নেজিব আহমেদ অসমৰ এগৰাকী ফটোগ্ৰাফাৰ। ২০২৩ চনত লণ্ডনৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ত আয়োজন কৰা বছৰৰ ৫৯ সংখ্যক বন্যপ্ৰাণী ফটোগ্ৰাফাৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে তেওঁ আমন্ত্ৰণ লাভ কৰিছিল আৰু হাইলি কমেণ্ডেড হিচাপে বঁটা লাভ কৰিছিল। উক্ত অনুষ্ঠানত তেওঁৰ ফটোখন প্ৰদৰ্শিত হৈছিল। মানৱ-জীৱ-জন্তুৰ সংঘাতক উজ্জ্বল কৰি তোলা এই ফটোখন তেওঁ অসমৰ দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসীমাত তুলিছিল। ১ ২ ৩ ৪
অন্যান্য সাফল্যতা
তেওঁৰ কামসমূহ বিশ্বৰ কিছুমান সন্মানীয় বন্যপ্ৰাণী আলোচনী আৰু কাকত প্ৰকাশ পাইছে। তেওঁৰ ছবিসমূহ নেচনেল জিঅ’গ্ৰাফিক, বিবিচি ৱাইল্ডলাইফ, চনী বিবিচি আৰ্থ, চেঞ্চুৰী এছিয়া আৰু আউটলুক ট্ৰেভেলাৰ আদিত প্ৰকাশ পাইছে। ৫
নেজিব ২০২২ চনৰ নেচাৰ ইনফ’কাছ আন্তঃৰাষ্ট্ৰীয় ফটোগ্ৰাফী প্ৰতিযোগিতা (সংৰক্ষণ বিভাগ)ৰ বিজয়ী আছিল। ৬ ইয়াৰ উপৰিও ২০১৮ চনত ফটোগ্ৰাফী ক্লাব অৱ অসমৰ পৰা নেচাৰ ফটোগ্ৰাফী বঁটা আৰু ২০১৯ চনত ফটোগ্ৰাফিক ছ’চাইটি অৱ আছামৰ পৰা নেচাৰ ফটোগ্ৰাফাৰ অৱ দ্য ইয়েৰৰ দৰে সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।
কিতাপসমূহ
তেওঁ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ’ প্ৰদীপ্ত বৰুৱাৰ সৈতে সহ-লেখক হিচাপে ‘বাৰ্ডছ অৱ ওৰাং’ নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰে। তেওঁ চম্পক গোস্বামীৰ সৈতে অংশীদাৰিত্বৰে ‘বন্যপ্ৰাণী ফটোগ্ৰাফী আৰু ইক’টুৰিজিম’ নামৰ আন এখন গ্ৰন্থ লিখিছে। ৭ ৮
তথ্যসূত্ৰ
- ↑ Gani, Abdul. (2023-10-15). Darrang's Nejib gets coveted invitation at London's Natural History Museum. assamtribune.com
- ↑ (2023-10-15). Wildlife photographer Nejib Ahmed honoured in Natural History Museum, London. Sentinel Assam
- ↑ Rodriguez, Cecilia. 12 Stunning Winning Wildlife Photos From London's Natural History Museum Exhibition. Forbes
- ↑ (2024-10-08). Tiger Run · Wildlife Photographer of the Year · Natural History Museum. Wildlife Photographer of the Year
- ↑ The Northeast. www.sanctuarynaturefoundation.org
- ↑ Chaos Theory · Nature inFocus. www.natureinfocus.in
- ↑ Gani, Abdul. (2023-10-15). Darrang's Nejib gets coveted invitation at London's Natural History Museum. assamtribune.comGani, Abdul (2023-10-15). "Darrang's Nejib gets coveted invitation at London's Natural History Museum". assamtribune.com. Retrieved 2024-10-11
- ↑ Nejib Ahmed. Birds of Orang. ISBN 978-93--91953-60-7
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেজিব আহমেদ” প্ৰবন্ধৰ সংশোধন ৫২১০৫৬ (২৭ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।