অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নুৰিন ডিৱুলফ

নুৰিন ডিৱুলফ (ইংৰাজী: Noureen DeWulf; পূৰ্বৰ নাম: আহমেদ) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু কৌতুক অভিনেত্ৰী। তেওঁ বিশেষকৈ ৱেষ্ট বেংক ষ্টোৰী (২০০৫), গোষ্টছ অৱ গাৰ্লফ্ৰেণ্ডছ পাষ্ট (২০০৯), আৰু দ্য বেক-আপ প্লেন (২০১০) আদি চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।

হালনাগাদ: ২৪ এপ্ৰিল ২০২৬ ৩৪২ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

নুৰিন ডিৱুলফ (ইংৰাজী ভাষা: Noureen DeWulf; পূৰ্বৰ নাম: আহমেদ) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী আৰু কৌতুক অভিনেত্ৰী। তেওঁ বিশেষকৈ ৱেষ্ট বেংক ষ্টোৰী (২০০৫), গোষ্টছ অৱ গাৰ্লফ্ৰেণ্ডছ পাষ্ট (২০০৯), আৰু দ্য বেক-আপ প্লেন (২০১০) আদি চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত। ইয়াৰ উপৰি তেওঁ ধাৰাবাহিক এংগাৰ মেনেজমেণ্টত (২০১২–২০১৪) লেচিৰ চৰিত্ৰত অভিনয় কৰিছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

ডিৱুলফৰ জন্ম নিউয়ৰ্ক মহানগৰ চহৰত নুৰিন আহমেদ নামেৰে হৈছিল। তেওঁৰ পিতৃ-মাতৃ ভাৰতৰ পুনেৰ গুজৰাটী ভাষা লোক আছিল১২ আৰু তেওঁ জৰ্জিয়াৰ ষ্টোন মাউণ্টেইনত ডাঙৰ-দীঘল হৈছিল।২৩৪ তেওঁ নিজাৰী ইছমাইলী মুছলমান হিচাপে ডাঙৰ-দীঘল হৈছিল। তেওঁৰ পিতৃ এজন চিকিৎসক আছিল। তেওঁৰ দুগৰাকী ভগ্নী আছে। তেওঁৰ ডাঙৰ ভগ্নী আজিজাই বষ্টনৰ নৰ্থইষ্টাৰ্ণ বিশ্ববিদ্যালয়ত আইনৰ শিক্ষা দিয়ে আৰু সৰু ভগ্নী ছাৰাই ছান ফ্ৰান্সিস্কোত ওকালতি কৰে। ডিৱুলফে বষ্টন বিশ্ববিদ্যালয়ৰ স্কুল ফৰ দ্য আৰ্টছত অধ্যয়ন কৰিছিল আৰু আন্তৰ্জাতিক সম্পৰ্ক তথা থিয়েটাৰ বিষয়ত শিক্ষা গ্ৰহণ কৰিছিল।৫ স্নাতক ডিগ্ৰী লাভৰ পিছত তেওঁ অভিনয় জীৱন গঢ়িবলৈ লছ এঞ্জেলছলৈ গুচি যায়। তেওঁ হিন্দী, উৰ্দু আৰু গুজৰাটী ভাষা সাৱলীলভাৱে ক’ব পাৰে।২

কৰ্মজীৱন

ডিৱুলফে শ্ৰেষ্ঠ লাইভ একচন চুটি ছবিৰ একাডেমী বঁটা|একাডেমী বঁটা বিজয়ী চুটি ছবি ৱেষ্ট বেংক ষ্টোৰীৰ জৰিয়তে নিজৰ অভিনয় জীৱন আৰম্ভ কৰিছিল। ইয়াত তেওঁ ফাতিমা নামৰ এগৰাকী ফিলিস্তিনী কেছিয়াৰৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল, যি এজন ইজৰাইলী সৈনিকৰ প্ৰেমত পৰে। তেতিয়াৰেপৰা তেওঁ ধাৰাবাহিকভাৱে হাস্যৰসাত্মক টেলিভিছন ধাৰাবাহিক আৰু চলচ্চিত্ৰত কাম কৰি আহিছে। ২০০৯ চনৰপৰা ২০১১ চনলৈ তেওঁ এনবিচি-ৰ আউটচ'ৰ্ছড, টিএনটি-ৰ হথৰ্ণ আৰু এমটিভি-ৰ দ্য হাৰ্ড টাইমছ অৱ আৰ জে বাৰ্জাৰত অভিনয় কৰিছিল আৰু লাইফটাইমৰ মিনি ছিৰিজ মেনইটাৰত উপস্থিত হৈছিল।

ডিৱুলফক কেইবাখনো সফল ছবিত দেখা গৈছে, যাৰ ভিতৰত অ’চেনছ থাৰ্টিন (২০০৭) আৰু দ্য বেক-আপ প্লেন (২০১০) অন্যতম।৬ তেওঁ ৰোমাণ্টিক কমেডী ছবি গোষ্টছ অৱ গাৰ্লফ্ৰেণ্ডছ পাষ্টত (২০০৯) মেথিউ মেককোনাঘিৰ বিপৰীতে আৰু দ্য গুডছ: লাইভ হাৰ্ড, চেল হাৰ্ডত (২০০৯) জেৰেমি পিভেনৰ বিপৰীতে অভিনয় কৰিছিল। তেওঁ দ্য তাকৱাকোৰছ (২০১০) ছবিতো অভিনয় কৰিছিল, যিখন ২০১০ চনত চানডেন্স ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হৈছিল। তেওঁ ২০১২ চনৰপৰা ২০১৪ চনলৈ এফএক্স ত সম্প্ৰচাৰিত হোৱা টেলিভিছন চিটকম এংগাৰ মেনেজমেণ্টত চাৰ্লি শ্বিনৰ সৈতে অভিনয় কৰিছিল।৭ ২০১৪ চনত স্বতন্ত্ৰ চলচ্চিত্ৰ কফি, কিল বছত কৰা অভিনয়ৰ বাবে তেওঁ কমেডী নিঞ্জা ফিল্ম এণ্ড স্ক্ৰীনপ্লে ফেষ্টিভেলত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।

২০১৪ চনত ডিৱুলফে মেক্সিম আলোচনীৰ "হট ১০০" তালিকাত দ্বিতীয়বাৰৰ বাবে ৯৩ নম্বৰ স্থান লাভ কৰে। ইয়াৰ পূৰ্বে ২০০৭ চনত তেওঁ এই তালিকাত স্থান পাইছিল। ২০০৯ চনত তেওঁক নাইলন আলোচনীৰ '৩০ বছৰৰ তলৰ শীৰ্ষ ৩০' তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ উপৰি ডিৱুলফে ডিটেইলছ, মেনছ হেল্থ, জিংক, জায়াণ্ট আৰু কমপ্লেক্সৰ দৰে আলোচনীৰ বাবে ফটোশ্বুট কৰিছে।

২০১৫ চনৰ মাৰ্চ মাহত ডিৱুলফে ৰিয়েলিটি শ্ব’ হকী ৱাইবছত যোগদান কৰে। ইয়াত এনএইচএল গ’লৰক্ষক তথা তেওঁৰ স্বামী ৰিয়ান মিলাৰৰ সৈতে তেওঁৰ জীৱনৰ বিষয়ে দেখুওৱা হৈছিল। এই ধাৰাবাহিকখনে পেছাদাৰী হকী খেলুৱৈসকলৰ পত্নী আৰু বান্ধৱীসকলৰ জীৱনক অনুসৰণ কৰে।

ব্যক্তিগত জীৱন

তেওঁ ইয়াৰ পূৰ্বে শিল্পী জেমছ ডিৱুলফৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।

২০১১ চনৰ ৩ ছেপ্টেম্বৰত ডিৱুলফে লছ এঞ্জেলছত নেশ্যনেল হকী লীগৰ গ’লৰক্ষক ৰিয়ান মিলাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৮ তেওঁলোকৰ দুটা সন্তান আছে।৯১০১১১২

তথ্যসূত্ৰ

  1. ↑ (Jun 5, 2010). NOUREEN DEWULF. The Times of India
  2. ↑ Cincotta, Howard Cincotta. A desi girl in Hollywood. The Tribune
  3. ↑ (2012-06-27). Noureen DeWulf Biography. Starpulse.com
  4. ↑ From Falafels to Fabulous. Nirali Magazine
  5. ↑ MacIntyre, Iain. (September 21, 2015). A mom, a dad, a child, a book. Vancouver Sun
  6. ↑ (2013-07-08). OC Interview: OPEN CHEST Interview With Actress Noureen Dewulf. Celebrity Hollywood Bollywood Blog
  7. ↑ FX Locks Summer Launch Date for Comedy Series. thefutoncritic.com
  8. ↑ MacIntyre, Iain. A mom, a dad, a child, a book. www.vancouversun.com
  9. ↑ Noureen DeWulf Sat in Her Car to Learn Her Lines While Trying to Balance Work and Motherhood. PEOPLE.com
  10. ↑ McNally, Kelby. (2015-03-21). Noureen DeWulf welcomes her first child with husband Ryan Miller. OK! Magazine
  11. ↑ Noureen DeWulf and Ryan Miller's Toddler Has a Very Sophisticated Palate: Octopus Is 'Easy for Him to Eat'. PEOPLE.com
  12. ↑ (April 4, 2022). This beautiful young lady is named Kaia

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পীভাৰতীয় মূলৰ আমেৰিকান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নুৰিন ডিৱুলফ” প্ৰবন্ধৰ সংশোধন ৬০২৪১৭ (২৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।