নেথা হুছেইন (Netha Hussain;; জন্ম: ১১ জুন ১৯৯০) এগৰাকী ভাৰতীয় চিকিৎসক আৰু ৱিকিপিডিয়ান।১ কৰ’ণা ভাইৰাছৰ উৎপত্তি সম্পৰ্কে ৱিকিপিডিয়াত বিয়পা ভুল তথ্যসমূহ ৰোধ কৰিবলৈ তেওঁ আগবঢ়োৱা প্ৰচেষ্টাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।২
জীৱন আৰু কৰ্মজীৱন
১৯৯০ চনৰ ১১ জুন তাৰিখে, কেৰেলা ৰাজ্যৰ কুন্নামংগলমত হুছেইনৰ জন্ম হৈছিল।৩
তেওঁ ২০১০ চনত ৱিকিপিডিয়াৰ যাত্ৰা আৰম্ভ কৰিছিল, তেতিয়া তেওঁ ভাৰতৰ কোঝিকোড়স্থিত কালিকট চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰী আছিল।৩ ২০১৬ চনত তেওঁ ছুইডেনৰ গোথেনবাৰ্গ বিশ্ববিদ্যালয়ত যোগদান কৰি উচ্চ শিক্ষা গ্ৰহণ কৰে। ২০১৮ চনলৈকে তেওঁ হাফিংটন পোষ্টত এগৰাকী ব্লগাৰ হিচাপেও কাম কৰিছিল।৪ ২০২০ চনত তেওঁ গোথেনবাৰ্গ বিশ্ববিদ্যালয়ৰপৰা ক্লিনিকেল নিউৰ’ছায়েন্সত পিএইচডি (PhD) ডিগ্ৰী লাভ কৰে।৫
২০২০ চনৰ মাজভাগত তেওঁ ইংৰাজী, মালয়ালম আৰু ছুইডিছ ভাষাৰ ৱিকিপিডিয়াত ক’ভিড-১৯ মহামাৰীৰ সৈতে জড়িত প্ৰবন্ধসমূহ সৃষ্টি আৰু পৰিচালনা কৰাত মনোনিৱেশ কৰিবলৈ লয়।৬ তেওঁ ৱিকিপিডিয়াত ক’ভিড-১৯ সম্পৰ্কীয় প্ৰায় ৩০টা প্ৰবন্ধ লিখিছে, যাৰ ভিতৰত 'ক’ভিড-১৯ ৰ বিৰুদ্ধে অপ্ৰমাণিত পদ্ধতিৰ তালিকা' (List of unproven methods against COVID-19) অন্যতম। ইয়াৰ উদ্দেশ্য আছিল ইণ্টাৰনেট আৰু ছচিয়েল মিডিয়া প্লেটফৰ্মত মহামাৰীটোৰ বিষয়ে বিয়পা ভুল তথ্য প্ৰতিৰোধ কৰা।৭
বঁটা
২০২০ চনত হুছেইনে উইমেন ইন অ’পেন ছ’ৰ্চ একাডেমী এৱাৰ্ড লাভ কৰে। ৱিকিপিডিয়াত চিকিৎসা বিজ্ঞানৰ জ্ঞান আৰু তথ্য বিয়পোৱা তথা বিতৰণ কৰাৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক এই বঁটা প্ৰদান কৰা হয়।৮৯ ইয়াৰ উপৰি, ২০২০ চনত তেওঁ ৰাষ্ট্ৰসংঘৰ আনুষ্ঠানিক টুইটাৰ একাউণ্টৰ জৰিয়তে এক সন্মানীয় বিশেষ উল্লেখ লাভ কৰিছিল।৩ ২০২১ চনত, ভাৰ্চুৱেল ৱিকিমেনিয়া সন্মিলনৰ সময়ত ৱিকিপিডিয়াৰ সহ-প্ৰতিষ্থাপক জিম্মী ৱেলছে তেওঁক বৰ্ষশ্ৰেষ্ঠ ৱিকিপিডিয়ান সন্মানীয় উল্লেখ প্ৰদান কৰে।১০১১
প্ৰকাশন
- Guaranteeing the safety of vaccine information. The Jakarta Post
- Hussain, Netha. (2020-07-28). Strengthening vaccine safety information on Wikipedia. Medium
লগতে চাওক
- ৱিকিপিডিয়া ব্যক্তিসকলৰ তালিকা
তথ্যসূত্ৰ
- ↑ (2021-04-11). Dr. Netha Hussain. Wikimedia Foundation
- ↑ Wikimedia. (2020-04-13). Meet some of the women sharing reliable COVID-19 information with the world on Wikipedia. Medium
- ↑ UN recognises Malayali researcher's fight against COVID-19 misinformation. The New Indian Express
- ↑ Netha Hussain. Huffington Post
- ↑ Hussain, Netha; Hansson, Per-Olof; Persson, Carina U. (2021-06-29). Prediction of fear of falling at 6 months after stroke based on 279 individuals from the Fall Study of Gothenburg. Scientific Reports. পৃ. 13503
- ↑ (2023-01-02). വിക്കി മീഡിയൻ ഓഫ് ദ ഇയർ നേടിയ ആദ്യ മലയാളി; വിക്കിപീഡിയയിൽ എഴുത്ത് ഹരമാണ് നേതയ്ക്ക്. Mathrubhumi
- ↑ Ryan, Jackson. Wikipedia is at war over the coronavirus lab leak theory. CNET
- ↑ Netha Hussain wins the 2020 Women in Open Source Award. akademiliv.se
- ↑ Women in Open Source Award. www.redhat.com
- ↑ Sharma, Unnati. (2021-08-17). 3 Indians win Wikimedia awards for helping provide free, accessible knowledge on the internet. ThePrint
- ↑ (15 August 2021). Meet Netha Hussain: Wikimedian of the Year 2021 Honourable Mention winner. Diff. Wikimedia Foundation
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেথা হুছেইন” প্ৰবন্ধৰ সংশোধন ৬১৪৫৮৩ (২৬ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।