অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নেহা দীক্ষিত

নেহা দীক্ষিত (Neha Dixit) হৈছে ৰাজনৈতিক, লিংগ আৰু সামাজিক ন্যায় বিষয়ত সক্ৰিয় এগৰাকী ভাৰতীয় অপেছাদাৰী সাংবাদিক। তেওঁ অশোকা বিশ্ববিদ্যালয়ৰ এগৰাকী অতিথি অধ্যাপক। তেওঁক চামেলি দেৱী জৈন বঁটা (২০১৬) আৰু লগতে চিপিজে ইণ্টাৰনেচনেল প্ৰেছ ফ্ৰীডম এৱাৰ্ড (২০১৯) প্ৰদান কৰা হৈছে।

হালনাগাদ: ৪ মাৰ্চ ২০২৬ ৩০৭ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

নেহা দীক্ষিত (Neha Dixit) হৈছে ৰাজনৈতিক, লিংগ আৰু সামাজিক ন্যায় বিষয়ত সক্ৰিয় এগৰাকী ভাৰতীয় অপেছাদাৰী সাংবাদিক।১ তেওঁ অশোকা বিশ্ববিদ্যালয়ৰ এগৰাকী অতিথি অধ্যাপক। তেওঁক চামেলি দেৱী জৈন বঁটা (২০১৬) আৰু লগতে চিপিজে ইণ্টাৰনেচনেল প্ৰেছ ফ্ৰীডম এৱাৰ্ড (২০১৯) প্ৰদান কৰা হৈছে।১২

প্ৰাৰম্ভিক জীৱন

নেহাই লক্ষ্ণৌত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল আৰু দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ মিৰাণ্ডা হাউচপৰা ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰ পিছত, তেওঁ নতুন দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ এ জে কে মাছ কমিউনিকেচন ৰিচাৰ্ছ চেণ্টাৰৰপৰা কনভাৰ্জেণ্ট জাৰ্নেলিজিমত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৩

কৰ্মজীৱন

নেহাই ইনভেষ্টিগেটিভ জাৰ্নেলিষ্ট ৰূপে তেহেলকাত কৰ্মজীৱন আৰম্ভ কৰিছি। তাৰপিছত তেওঁ ইণ্ডিয়া টুডেৰ বিশেষ অনুসন্ধান দলত যোগদান কৰে।৪ ২০১৩ চনৰপৰা, তেওঁ এগৰাকী ফ্ৰিলাঞ্চাৰ হিচাপে কাম কৰি আছে। তেওঁৰ লেখাসমূহ দ্য ৱায়াৰ, অল জাজিৰা, আউটলুক, দ্য নিউয়ৰ্ক টাইমচ্‌, দ্য কাৰাভান, হিমাল চাউথেচিয়ান আৰু দ্য ৱাশ্বিংটন পোষ্টত প্ৰকাশ হৈছে।১৫

উল্লেখযোগ্য প্ৰতিবেদন আৰু স্বীকৃতি

২০১৪ চনৰ আগষ্ট মাহত, দীক্ষিতে ২০১৩ চনৰ মুজাফ্ফৰনগৰ দাঙ্গাত বলৎকাৰৰ বলি হোৱা সাতগৰাকী ভুক্তভোগীয়ে সন্মুখীন হোৱা পৰিস্থিতিৰ বিস্তৃত বিৱৰণ দিছিল।৩ এই বাতৰিৰে তেওঁ আন্তৰ্জাতিক সাংবাদিকতাত ২০১৪ চনৰ কুৰ্ট শ্বৰ্ক বঁটা আৰু ২০১৫ চনৰ প্ৰেছ ইনষ্টিটিউট অৱ ইণ্ডিয়া-ৰেড ক্ৰছ বঁটা লাভ কৰিছিল।৩

২০১৬ চনত, দীক্ষিতে আউটলুকৰ বাবে এটা হিন্দু জাতীয়তাবাদী সংগঠনে তেওঁলোকক জাতীয়তাবাদী মতাদৰ্শ প্ৰদান কৰিবলৈ অসমৰ পৰা ৩১ গৰাকী ছোৱালী অপহৰণ কৰাৰ কাহিনী বৰ্ণনা কৰিছিল। ফলস্বৰূপে পৰৱৰ্তী সময়ত দীক্ষিতৰ বিৰুদ্ধে এক অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰা হৈছিল, যাক সাংবাদিক সুৰক্ষা সমিতিয়ে ভয় দেখুৱা হৈছে বুলি কৈ গৰিহণা দিছিল।১৫ একে বছৰতে, তেওঁক ভাৰতৰ মহিলা সাংবাদিকসকলৰ বাবে সৰ্বোচ্চ সন্মান চামেলি দেৱী জৈন বঁটা প্ৰদান কৰা হয়। নিউজ কভাৰেজৰ ক্ষেত্ৰত তেওঁ যি সতৰ্কতা অৱলম্বন কৰিছিল আৰু জড়িত তথ্যৰ ক্ৰছ-চেকিং কৰিছিল; সেয়া বিশেষভাৱে প্ৰশংসিত হৈছিল।৫

২০১৮ চনত, তেওঁ সেইসকল আৰ্থিকভাৱে পিছপৰা ভাৰতীয়ৰ বিষয়ে প্ৰতিবেদন দিছিল, যিসকলক ডাঙৰ ডাঙৰ দৰৱ কোম্পানীৰ দ্বাৰা অবৈধ ঔষধ-পৰীক্ষণত অংশগ্ৰহণ কৰিবলৈ অনৈতিকভাৱে আকৰ্ষিত কৰা হৈছিল।১ ২০১৯ চনত দীক্ষিতে উত্তৰ প্ৰদেশ আৰু অন্যান্য ৰাজ্যত আৰক্ষী বাহিনীৰ দ্বাৰা সংঘটিত হোৱা বিভিন্ন ধৰণৰ ন্যায়বিৰোধী হত্যাকাণ্ড নথিভুক্ত কৰিছিল; এই কামটো কৰিবলৈ গৈ তেওঁ উচ্চ পদস্থ আৰক্ষী বিষয়াৰ পৰা ভাবুকি লাভ কৰিছিল।১ নেহাৰ প্ৰতিবেদনবোৰে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্তৰ কাৰ্যালয়ক এই বিষয়ে উদ্বেগ প্ৰকাশ কৰি টোকা এটা প্ৰেৰণ কৰিবলৈ উৎসাহ যোগাইছিল।১৬ একে বছৰতে তেওঁ চিপিজে ইণ্টাৰনেচনেল প্ৰেছ ফ্ৰীডম বঁটা লাভ কৰে।১

বাতৰিৰ বাইনাৰী, মতামতপূৰ্ণ, সূত্ৰগত মূলসুঁতিৰ কভাৰেজৰপৰা দূৰত থকা তেওঁৰ শ্ৰমসাধ্য গভীৰ ভিত্তি তথা আন্তঃবিভাগীয় প্ৰতিবেদনৰ বাবে তেওঁক ভাৰতৰ সবাতোকৈ বিশ্বাসযোগ্য সাংবাদিকসকলৰ এগৰাকী বুলি গণ্য কৰা হয়।

গ্ৰন্থপঞ্জী

২০১৬ চনত, নেহা আছিল প্ৰথমগৰাকী ভাৰতীয় সাংবাদিক সকলৰ ভিতৰত এগৰাকী, যি ৰিপোৰ্টেজৰ বাবে গ্ৰাফিক ফৰ্মেট ব্যৱহাৰ কৰিছিল। তেওঁ ভাৰতত মহিলাৰ শোষণ সম্পৰ্কে কমিক কিতাপ সংকলন ‘ফাৰ্ষ্ট হেণ্ড: গ্ৰাফিক নন-ফিকচন ফ্ৰম ইণ্ডিয়া’ত দ্য গাৰ্ল নট ফ্ৰম মাদ্ৰাজ নামৰ এটা গল্প লিখিছিল।৭৮

তেওঁ জুৱান বুকচে প্ৰকাশ কৰা দক্ষিণ এছিয়াত যৌন হিংসা সম্পৰ্কীয় সংকলন ব্ৰিচিং দ্য চিটাডেলত ভাৰতত সংঘটিত সাম্প্ৰদায়িক হিংসাৰ সময়ত হোৱা যৌন উৎপীড়ন বিষয়ত এটি অধ্যায় লিখিছিল।৯

তেওঁ পালগ্ৰেভ মেকমিলানৰ দ্বাৰা প্ৰকাশিত বেড ৱমেন অৱ বম্বে ফিল্মছ: ষ্টাডিজ ইন ডিজায়াৰ এণ্ড এংজাইটি নামৰ কিতাপখনৰ বাবে আউটকাষ্ট[ই]/আউটলড: দ্য বেণ্ডিট কুইন (১৯৯৬) শীৰ্ষক অংশটো লিখিছিল। এয়া আছিল আধুনিক ভাৰতীয় মহিলাৰ চিনেমেটিক উপস্থাপনাৰ অন্তৰ্নিহিত আকাংক্ষা আৰু উদ্বেগৰ ইতিহাসৰ বিৱৰণ।https://link.springer.com/book/10.1007/978-3-030-26788-9

দীঘলীয়া গৱেষণা আৰু বৰ্ণনামূলক সাংবাদিকতাৰ দ্বাৰা পৰিচালিত তেওঁৰ প্ৰথম অ-কল্পকাহিনী গ্ৰন্থ এন আননৌন ইণ্ডিয়ানৰ বাবে তেওঁ ২০১৭ চনত নিউ ইণ্ডিয়া ফেলোশ্বিপ লাভ কৰিছিল। কিতাপখন ২০২৪ চনত অনলাইন কিতাপ প্ৰকাশক জাৰ্গানেট বুকচ্‌ৰ দ্বাৰা দক্ষিণ এছিয়াত প্ৰকাশ কৰা হ’ব।

ব্যক্তিগত জীৱন

নেহাই নকুল সিং সাহনী নামৰ এগৰাকী তথ্যচিত্ৰ পৰিচালকক বিয়া কৰাইছে।১০

দীক্ষিতৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ দ্বাৰা ঘৃণা বিয়পাবলৈ উচতনি দিয়াৰ অভিযোগ উত্থাপন কৰা হৈছে, যিটো সাংবাদিক সুৰক্ষা সমিতিৰ দ্বাৰা সমালোচিত হৈছে।১১ তেওঁৰৰ প্ৰতিবেদনৰ বাবে, তেওঁ ভাবুকিপূৰ্ণ ফোনকল আৰু এচিড আক্ৰমণৰ চেষ্টাৰ সন্মুখীন হোৱাৰ লগতে তেওঁ ঘৰ ভাঙি দিয়াৰ প্ৰয়াস কৰা হৈছে।১২

বঁটা আৰু সন্মান

বৰ্ষবঁটা
২০২০One Young World Journalist of the Year
২০১৯International Press Freedom Award 2019, Committee To Protect Journalists
২০১৯23rd Human Rights Press Awards, Hong Kong Press Association
২০১৯Special Mention, ACJ Award for Investigative Journalism
২০১৭Chameli Devi Jain Award for Outstanding Woman Journalist
২০১৫PII-ICRC Award for Best report on Humanitarian Subject
২০১৪Kurt Schork Award in International Journalism
২০১৩UNFPA-Laadli Media Award for Gender Sensitivity. Best Investigative Feature
২০১৩Trust Women Honorary Journalist of the Year, Thomson Reuters Foundation
২০১৩Thomson Foundation-Foreign Press Association Young Journalist Award
২০১২Best TV News reporter, News Television Awards
২০১১Lorenzo Natali Prize for Journalism, Asia-Pacific Region
২০১০News Television Award for Best Investigative Feature
২০১০UNFPA-Laadli Media Award for Best Investigative Feature
২০০৯Anupama Jayaraman Memorial Award for Young Women Journalists

তথ্যসূত্ৰ

  1. ↑ Neha Dixit, India. Committee to Protect Journalists
  2. ↑ Faculty/Staff. Ashoka University
  3. ↑ "Neha Dixit wins Red Cross award for writing on women raped during 2013 Muzaffarnagar riots". TwoCircles, 1 December 2015
  4. ↑ "Two Girls in a Tree: Why the Indian Rape Photos Are Inexcusable". Huffington Post, 4 August 2014. by Sandip Roy
  5. ↑ Neha Dixit Wins Chameli Devi Award for Outstanding Woman Journalist for 2016. The Wire
  6. ↑ UN Rights Body 'Extremely Concerned' About Fake Encounters in Yogi Adityanath's UP. The Wire
  7. ↑ "Comic book sheds light on untold stories of trafficking, poverty and prejudice in India" . Reuters, 10 June 2016. By Anuradha Nagaraj. vis Euronews
  8. ↑ "One-of-a-kind graphic anthology on contemporary India". Kanika Sharma, Hindustan Times 16 May 2016
  9. ↑ Zubaan- Feminist Independent Publishing
  10. ↑ RSF Demands Police Protection for Journalist Neha Dixit. The Wire
  11. ↑ (12 August 2016). CPJ condemns criminal complaint filed against Outlook magazine and journalist Neha Dixit
  12. ↑ (27 January 2021). Indian journalist Neha Dixit receives threatening calls, break-in attempt

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকসাংবাদিকনাৰীবাদী লেখক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেহা দীক্ষিত” প্ৰবন্ধৰ সংশোধন ৫৮৪৭৯৯ (৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।