অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নেগাৰ জাৱাহেৰিয়ান

নেগাৰ জাৱাহেৰিয়ান (ফাৰ্চী: نگار جواهریان; জন্ম: ১২ জানুৱাৰী, ১৯৮৩) এগৰাকী ইৰানী অভিনেত্ৰী। গোল্ড এণ্ড কপাৰ (২০১০), হিয়েৰ উইদাউট মি (২০১১), এ কিউব অব চুগাৰ (২০১১) আৰু দ্য পেইণ্টিং পুল (২০১৩) ছবিসমূহত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২৬৬ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

নেগাৰ জাৱাহেৰিয়ান (ফাৰ্চী ভাষা: نگار جواهریان; জন্ম: ১২ জানুৱাৰী, ১৯৮৩) এগৰাকী ইৰানী অভিনেত্ৰী। গোল্ড এণ্ড কপাৰ (২০১০), হিয়েৰ উইদাউট মি (২০১১), এ কিউব অব চুগাৰ (২০১১) আৰু দ্য পেইণ্টিং পুল (২০১৩) ছবিসমূহত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত। তেওঁ এটা ক্ৰিষ্টাল চিমৰ্ঘ বঁটা, দুটাকৈ ইৰান চিনেমা চেলিব্ৰেশ্যন বঁটা আৰু এটা ইৰানৰ চলচ্চিত্ৰ সমালোচক আৰু লেখক সংস্থাৰ বঁটাকে ধৰি বিভিন্ন সন্মান লাভ কৰিছে। ইয়াৰ উপৰি তেওঁ দুটাকৈ হাফেজ বঁটাৰ মনোনয়নো লাভ কৰিছিল।

প্ৰাৰম্ভিক জীৱন

নেগাৰ জাৱাহেৰিয়ানৰ জন্ম ১৯৮৩ চনৰ ১২ জানুৱাৰীত তেহৰাণত হৈছিল। তেওঁ আই, তাৰানেহ, এম ১৫ (২০০১) ছবিখনৰ মুখ্য চৰিত্ৰৰ বাবে এগৰাকী অন্যতম প্ৰাৰ্থী আছিল, যিটো চৰিত্ৰ পিছলৈ তাৰানেহ আলিদুস্তিয়ে লাভ কৰে। অৱশ্যে নেগাৰে ছবিখনত এটা সৰু চৰিত্ৰত অভিনয় কৰিছিল।১ গোল্ড এণ্ড কপাৰ ছবিখনত কৰা অনৱদ্য অভিনয়ৰ বাবে তেওঁ ২৮সংখ্যক ফাজৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ক্ৰিষ্টাল চিমৰ্ঘ বঁটা লাভ কৰে।২ এই একেখন ছবিৰ বাবেই তেওঁ ১৪সংখ্যক হাউছ অব চিনেমা চেলিব্ৰেশ্যনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটাও লাভ কৰে।৩৪ ইয়াৰ উপৰি তেওঁ কেম্প এক্স-ৰে (২০১৪) চলচ্চিত্ৰখনৰ পাৰ্চী সংস্কৰণত ক্ৰীষ্টেন ষ্টিৱাৰ্টৰ চৰিত্ৰটোৰ বাবে কণ্ঠদান (ডাবিং) কৰিছিল।৫

ব্যক্তিগত জীৱন

নেগাৰ জাৱাহেৰিয়ানে ২০১৬ চনত ৰামবদ জাৱানৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৬ ২০১৯ চনscaleৰ জুলাই মাহত কানাডাত তেওঁলোকৰ এজনী কন্যা সন্তান জন্ম হয় আৰু তেওঁলোকে তাইৰ নাম নূৰদখত ৰাখে।৭৮৯ গৰ্ভাৱস্থাৰ সময়ত জাৱাহেৰিয়ানে স্বামী জাৱানৰ সৈতে সন্তানক জন্ম দিয়াৰ উদ্দেশ্যে কানাডালৈ যোৱা আৰু ইয়াৰ জৰিয়তে সন্তানৰ বাবে কানাডাৰ নাগৰিকত্ব লাভ কৰাৰ বিষয়টোৱে ছচিয়েল মিডিয়াৰ লগতে দেশখনৰ বিভিন্ন বিশিষ্ট ব্যক্তিসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ইয়াৰ ফলত এই অভিনেত্ৰীগৰাকী আৰু তেওঁৰ স্বামীৰ ব্যক্তিগত জীৱনক লৈ বিভিন্ন বিতৰ্কৰ সূত্ৰপাত হৈছিল।১০ অৱশেষত ২০১৯ চনৰ ১৮ জুলাইত কানাডাত তেওঁলোকৰ কন্যা নূৰদখত জাৱানৰ জন্ম হয়।৯ ইয়াৰ পূৰ্বে ৰামবদ জাৱানে এটা সাক্ষাৎকাৰত উল্লেখ কৰিছিল যে তেওঁ মাৰ্ফীজ ল ছবিখনৰ প্ৰদৰ্শনীৰ বাবে কানাডাৰ মণ্ট্ৰিললৈ যোৱা নাছিল, কিন্তু আকস্মিকভাৱে তেওঁৰ ভ্ৰমণৰ সময়তে ছবিখনৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল।৮৯১১

কৰ্মজীৱন

অনুবাদ কৰ্ম

তেওঁ তিনুচ নাজমহুৰ সৈতে যুটীয়াভাৱে হেৰল্ড পিণ্টাৰৰ নাট বিট্ৰায়েল পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল।১২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ شاهوند, احمد. (2023-01-16). نگار جواهریان؛ مرور کارنامه و تعداد مخاطبان فیلم هایش. فیلیموشات
  2. ↑ (2010-02-03). اسامی برگزیدگان جشنواره فیلم فجر. خبرآنلاین
  3. ↑ سینما, خانه. دوره چهاردهم. www.khanehcinema.ir
  4. ↑ برگزاری چهاردهمین جشن خانه سینمای ایران زیر سایه تهدید دولتیان. Voice of America
  5. ↑ (2014-12-17). پایان دوبله «کمپ ایکس ری» با صدای معادی و جواهریان. ایسنا
  6. ↑ (2016-09-25). عکس/ اولین عکس مشترک نگار جواهریان با رامبد جوان. فرادید · Faradeed · فرادید
  7. ↑ آنلاین, اقتصاد. فرزند رامبد جوان و نگار جواهریان متولد شد. fa
  8. ↑ (2019-07-22). فرزند رامبد جوان و نگار جواهریان به دنیا آمد. خبرآنلاین
  9. ↑ (2021-12-24). نوردخت دختر رامبد جوان · عکس نوردخت جوان دختر تازه به دنیا آمده رامبد جوان و نگار جواهریان. مجله کولاک
  10. ↑ (2019-06-12). واکنش کاربران به پست اینستاگرامی رامبد جوان از کانادا +عکس. مشرق نیوز
  11. ↑ واکنش جالب رامبد جوان به سؤال درباره اسم فرزندش +فیلم. YJC
  12. ↑ خیانت. Goodreads

সম্পৰ্কিত শ্ৰেণী

ইৰানৰ ব্যক্তিঅভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেগাৰ জাৱাহেৰিয়ান” প্ৰবন্ধৰ সংশোধন ৬৩৭৩১০ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।