অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নেহা কিৰপাল

নেহা কিৰপাল (Neha Kirpal)এগৰাকী ভাৰতীয় সামাজিক উদ্যোগী মহিলা। কলা আৰু মানসিক স্বাস্থ্যৰ কামৰ বাবে তেওঁ পৰিচিত। ২০০৮ চনত তেওঁ ইণ্ডিয়া আৰ্ট ফেয়াৰ প্ৰতিষ্ঠা কৰে, লগতে তেওঁ আমাহা নামৰ মানসিক স্বাস্থ্য সংস্থা এটাৰো সহ-প্ৰতিষ্ঠাপক।

হালনাগাদ: ১৭ জুলাই ২০২৫ ৩৫৪ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

নেহা কিৰপাল (Neha Kirpal)এগৰাকী ভাৰতীয় সামাজিক উদ্যোগী মহিলা। কলা আৰু মানসিক স্বাস্থ্যৰ কামৰ বাবে তেওঁ পৰিচিত। ২০০৮ চনত তেওঁ ইণ্ডিয়া আৰ্ট ফেয়াৰ প্ৰতিষ্ঠা কৰে, ১২ লগতে তেওঁ আমাহা নামৰ মানসিক স্বাস্থ্য সংস্থা এটাৰো সহ-প্ৰতিষ্ঠাপক। ৩ ভাৰত চৰকাৰে ভাৰতৰ মহিলাৰ বাবে আগবঢ়োৱা সৰ্বোচ্চ অসামৰিক সন্মান নাৰী শক্তিৰ সন্মানেৰে তেওঁক সন্মানিত কৰে ৷ ৪

প্ৰাথমিক জীৱন আৰু শিক্ষা

ভাৰতৰ নতুন দিল্লীত জন্মগ্ৰহণ কৰা নেহা কিৰপালে দিল্লীতেই শৈশৱ কটাইছিল। চৰ্দাৰ পেটেল বিদ্যালয়ত স্কুলিয়া শিক্ষা গ্ৰহণ কৰি ৫ পিছলৈ দিল্লীৰ লেডী শ্ৰী ৰাম কলেজত ৰাজনীতি বিজ্ঞান বিভাগত অধ্যয়ন কৰিছিল। ৬ স্কুলীয়া আৰু বিশ্ববিদ্যালয়ৰ সময়ছোৱাত SPIC MACAYৰ সৈতে তেওঁ জড়িত আছিল। ৭ লণ্ডনৰ কলা বিশ্ববিদ্যালয়ৰ পৰা বিপণনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ৬ ৮

কেৰিয়াৰ

২০০৮ চনত কিৰপালে ইণ্ডিয়া আৰ্ট ফেয়াৰ (পূৰ্বতে ইণ্ডিয়া আৰ্ট ফেয়াৰ চামিট্) প্ৰতিষ্ঠা কৰে। সমসাময়িক শিল্পৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে এই মেলা পৰিচিত। ৯ ১০ ভাৰতৰ শিল্প বজাৰ পুনৰুজ্জীৱিত কৰাৰ কৃতিত্ব তেওঁক দিয়া হৈছিল। ১ ২০১৭ চনৰ আগষ্ট মাহত কোম্পানীটোৰ ১০% অংশীদাৰিত্ব ৰাখি তেওঁ পদত্যাগ কৰে। ১১ তাৰ পিছত ছুইজাৰলেণ্ডৰ এমচিএইচ গ্ৰুপক নিজৰ কলা ব্যৱসায় বিক্ৰী কৰে। ১২ ১৩

তেখেতে ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ (এফআইচিচিআই) নেচনেল এডভাইজাৰী কমিটি ফৰ আৰ্টত কাৰ্যনিৰ্বাহ কৰিছিল। ১৪

২০১৯ চনত কিৰপালে অমিত মালিকৰ সৈতে আমাহা হেল্থ (পূৰ্বৰ ইনাৰহাউৰ)ত যোগদান কৰে। আমাহা হেল্থ হৈছে সমগ্ৰ ভাৰততে থেৰাপী প্ৰদান কৰা এটা মানসিক স্বাস্থ্য সংস্থা। ৩ ১৫ ১৬

২০২৪ চনত তেওঁ ডাঃ নন্দিনী মুৰালীৰ সৈতে সহ-লেখিকা হিচাপে "মেণ্টেল হেল্থ্: লাইভড্ এক্সপেৰিয়েন্স অৱ ৰেজিলেন্স এণ্ড হ'প" গ্ৰন্থ প্ৰকাশ কৰে। ১৭

বঁটা

২০১২ চনত কিৰপালক ইণ্ডিয়া টুডেৰ ২৫ গৰাকী শক্তিশালী মহিলাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। ১৮ ২০১৪ আৰু ২০১৫ চনত ফৰ্চুন ইণ্ডিয়াই তেওঁক ৪০ বছৰ অনুৰ্ধৰ ৪০ৰ তালিকাত স্থান দিছিল। ১৯ ২০ ২১ ২০১৪ চনত ইণ্ডিয়া টুডেৰ পৰা আটাইতকৈ শক্তিশালী মহিলা বঁটা লাভ কৰে। ২২ বিজনেছ টুডে আলোচনীয়ে ২০১২-১৪ চনৰ বাবে তেওঁক "বিজনেছৰ আটাইতকৈ শক্তিশালী মহিলা" হিচাপে ঘোষণা কৰে। ২৩ ২৪ ২৫ ২০১৪ চনত ফৰ্বছ ইণ্ডিয়া আৰ্ট এৱাৰ্ডত কিৰপালে বছৰৰ আৰ্ট এণ্টাৰপ্ৰেনিউৰ আছিল। ২৬

২০১৫ চনত নাৰী শক্তি সন্মানেৰে সন্মানিত হৈছিল ৷ ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে এই বঁটা প্ৰদান কৰে আৰু আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে তেওঁক এই বঁটা প্ৰদান কৰিছিল৷ ৪ একে বছৰতে তেওঁক বিশ্ব অৰ্থনৈতিক মঞ্চই ভাৰতৰ যুৱ গ্ল'বেল লিডাৰ হিচাপে নিৰ্বাচিত কৰে আৰু ২৭ এনডিটিভিৰ দ্বাৰা তেওঁক ২০১৫ চনৰ ইণ্ডিয়ান অৱ দ্য ইয়েৰ বঁটা প্ৰদান কৰা হয়। ২৮ ২০১৭ চনত কিৰপাল এপ'ল ' আলোচনীৰ "৪০ আণ্ডাৰ ৪০ গ্ল'বেল"ত অন্তৰ্ভুক্ত আছিল। ২৯

অনন্ত এছপেন চেণ্টাৰৰ কমলনয়ন বাজাজ ফেল'শ্বিপৰ তেওঁ ফেলো আছিল। ৩০ ২০১৮ চনত আইজেনহাৱাৰ ইনোভেচন ফেলো হিচাপে নিৰ্বাচিত হয়। ৩১ চিএনবিচি টিভি১৮য়ে ২০২৪ চনত ‘ফিউচাৰ ফিমেল ফৰৱাৰ্ড’ৰ দ্বিতীয় ছিজনত লিংগ সমতা প্ৰচাৰৰ বাবে তেওঁৰ কথা উল্লেখ কৰিছিল। ৩২

তথ্যসূত্ৰ

  1. ↑ Mishra, Arunima. (August 31, 2014). Neha Kirpal is behind the revival of Indian art market. Business TodayMishra, Arunima (31 August 2014). "Neha Kirpal is behind the revival of Indian art market". Business Today
  2. ↑ Tripathi, Shailaja. (February 9, 2013). A fair share. দ্য হিন্দু
  3. ↑ Ashrafi, Md Salman. (January 9, 2024). Mental health startup Amaha raises $4.4 Mn in Series A. EntrackrAshrafi, Md Salman (9 January 2024). "Mental health startup Amaha raises $4.4 Mn in Series A". Entrackr
  4. ↑ Jain, Shantanu. (March 10, 2015). Neha Kirpal, Director, India Art Fair receives Nari Shakti Award from the President. Business WorldJain, Shantanu (10 March 2015). "Neha Kirpal, Director, India Art Fair receives Nari Shakti Award from the President". Business World
  5. ↑ (January 22, 2016). https://www.business-standard.com/article/opinion/lunch-with-bs-neha-kirpal-116012201583_1.html
  6. ↑ (December 25, 2016). https://www.theweek.in/theweek/cover/neha-kirpal.html
  7. ↑ (January 21, 2011). https://www.indiatoday.in/magazine/supplement/story/20110124-snapshots-745532-2011-01-13
  8. ↑ Neha Kirpal. asia.wowawards.com
  9. ↑ East, Ben. (January 31, 2013). The India Art Fair attracts 1,000 artists from around the world. The National (Abu Dhabi)
  10. ↑ Punj, Shweta. (October 14, 2012). Neha Kirpal is riding high on the success of India Art Fair. Business Today
  11. ↑ Shaw, Anny. (August 18, 2017). India Art Fair gets new director for tenth edition. The Art Newspaper
  12. ↑ Kuruvilla, Elizabeth. (September 13, 2016). Art Basel parent company co-owns India Art Fair. Livemint
  13. ↑ Kalra, Vandana. (April 24, 2022). As India Art Fair returns, a brief history of art fairs and their significance. Indian Express
  14. ↑ Neha Kirpal · Art Business Conference
  15. ↑ (April 6, 2020). Mind over art. Mumbai Mirror
  16. ↑ (February 10, 2024). 'There is mental illness in every home today,' says co-founder of a mental health startup. CNBC TV18
  17. ↑ (2 June 2024). https://www.oneindia.com/india/westland-books-acquires-neha-kirpal-and-dr-nandini-murali-s-latest-book-mental-health-3839759.html
  18. ↑ (March 31, 2012). 25 power women and their inspiring stories. ইণ্ডিয়া টুডে
  19. ↑ (March 11, 2014). 7 women make it to Fortune India's 40 under 40 list. Rediff.com
  20. ↑ (March 17, 2015). Seven women in Fortune India's 40 under 40 list. Business Standard
  21. ↑ (2015). 40 Under 40: 2015. Fortune India
  22. ↑ Ghunawat, Virendrasingh. (August 14, 2014). Business Today awards Ekta Kapoor, other leaders for corporate excellence. ইণ্ডিয়া টুডে
  23. ↑ (September 20, 2012). Most Powerful Women in Business 2012. Business Today
  24. ↑ (August 27, 2013). Most Powerful Women in Business 2013. Business Today
  25. ↑ (August 11, 2014). Most Powerful Women in Business 2014. Business Today
  26. ↑ (2014). Winners For 2014. Forbes India
  27. ↑ (March 17, 2015). World Economic Forum names Smriti Irani as Young Global Leader from India. The Economic Times
  28. ↑ (February 2, 2016). Art Isn't Just For the Elite, Says Neha Kirpal. NDTV
  29. ↑ (September 7, 2017). 40 Under 40 Global. Apollo
  30. ↑ Kamalnayan Bajaj Fellows
  31. ↑ (September 24, 2018). https://www.efworld.org/eisenhower-fellowships-welcomes-21-innovators-from-around-the-world/
  32. ↑ (February 10, 2024). https://www.cnbctv18.com/photos/india/future-female-forward-season-2-a-list-of-all-the-women-felicitated-at-the-launch-event-19024501.htm

সম্পৰ্কিত শ্ৰেণী

নাৰী শক্তি পুৰস্কাৰ বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেহা কিৰপাল” প্ৰবন্ধৰ সংশোধন ৫২৪৬৫২ (১৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।