অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নেইনা সিং

নেইনা সিং (ইংৰাজী: Naina Singh; জন্ম: ৪ মাৰ্চ ১৯৯৪) এগৰাকী ভাৰতীয় মডেল আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ বিশেষকৈ স্প্লিটচভিলা ১০ জয় কৰাৰ বাবে আৰু কুমকুম ভাগ্য ধাৰাবাহিকত ৰিয়া মেহৰাৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। ২০২০ চনত তেওঁ ৰিয়েলিটী শ্ব’ বিগ বছ ১৪ত অংশগ্ৰহণ কৰিছিল।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ২৩২ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

নেইনা সিং (ইংৰাজী ভাষা: Naina Singh; জন্ম: ৪ মাৰ্চ ১৯৯৪)১ এগৰাকী ভাৰতীয় মডেল আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ বিশেষকৈ স্প্লিটচভিলা ১০ জয় কৰাৰ বাবে আৰু কুমকুম ভাগ্য ধাৰাবাহিকত ৰিয়া মেহৰাৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। ২০২০ চনত তেওঁ ৰিয়েলিটী শ্ব’ বিগ বছ ১৪ত অংশগ্ৰহণ কৰিছিল।

প্ৰাৰম্ভিক জীৱন

সিং এগৰাকী ৰাজ্যিক পৰ্যায়ৰ টেবুল টেনিছ চেম্পিয়ন। স্কুলীয়া দিনৰপৰাই তেওঁ ক্ৰিকেট, ফুটবল, বাস্কেটবল আৰু ভলীবলকে ধৰি সকলো ধৰণৰ খেল খেলি আহিছে।২ স্প্লিটচভিলা ১০ত অংশগ্ৰহণ কৰাৰ পূৰ্বে তেওঁ এগৰাকী সহকাৰী কাষ্টিং পৰিচালক আছিল।৩

কৰ্মজীৱন

২০১৩ চনত সিঙক ফেমিনাৰ মোষ্ট ষ্টাইলিশ্ব ডিভাৰ মুকুট পিন্ধোৱা হয়।৪ ২০১৭ চনত তেওঁ এমটিভি ইণ্ডিয়াৰ ডেটিং ৰিয়েলিটী শ্ব' স্প্লিটচভিলা ১০ত অংশগ্ৰহণ কৰিছিল আৰু তাত তেওঁ বাছিৰ আলীৰ সৈতে বিজয়ী হৈছিল।৫ ইয়াৰ পিছত তেওঁৰ প্ৰথম মিউজিক ভিডিঅ’ চানডাউনৰত অভিনয় কৰে, যিটো আভি জে আৰু জ্যোতিষ্কা টাংগ্ৰীয়ে গাইছিল।

২০১৮ চনত তেওঁ ষ্টাৰ প্লাছৰ টেলেণ্ট ৰিয়েলিটী শ্ব' ইণ্ডিয়াছ নেক্সট ছুপাৰষ্টাৰছত অংশগ্ৰহণ কৰে আৰু এগৰাকী ফাইনেলিষ্ট হিচাপে পৰিগণিত হয়।৬

২০১৯ চনত তেওঁ জি টিভিৰ ড্ৰামা ধাৰাবাহিক কুমকুম ভাগ্যত ৰিয়া মেহৰাৰ চৰিত্ৰত অভিনয় কৰে।৭ ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত সিঙে এই ধাৰাবাহিকখন ত্যাগ কৰি কয় যে তেওঁ চৰিত্ৰটোৰ সৈতে নিজকে কোনোমতে মিলাই ল’ব পৰা নাছিল, তেওঁ যি ধৰণৰ আৱেগ প্ৰকাশ কৰিছিল সেয়া যুক্তিসংগত নাছিল আৰু এনে নকাৰাত্মক চৰিত্ৰত তেওঁ আৰু অভিনয় কৰিব নোৱাৰে।৮

২০২০ চনৰ অক্টোবৰ মাহত তেওঁ কালাৰ্ছ টিভিৰ ৰিয়েলিটী প্ৰতিযোগিতামূলক শ্ব' বিগ বছ ১৪ত ৱাইল্ড কাৰ্ড হিচাপে অংশগ্ৰহণ কৰিছিল।৯১০ ২০২১ চনত তেওঁ অশ্বাণী শৰ্মাই গোৱা মিউজিক ভিডিঅ' ৱাজাহত অভিনয় কৰে। ইয়াৰ পিছত তেওঁ প্ৰিন্স নাৰুলাই গোৱা মিউজিক ভিডিঅ' মেল'ডীত অভিনয় কৰে।

তথ্যসূত্ৰ

  1. ↑ Kumkum Bhagya's Naina Singh celebrates her birthday; co-stars join the celebration. The Times of India
  2. ↑ From being a casting director to playing table tennis at state level, a look at some unknown facts about Kumkum Bhagya fame Naina Singh. The Times of India
  3. ↑ Bigg Boss 14 contestant: Know all about wild card entrant Naina Singh. The Times of India
  4. ↑ (13 March 2019). Splitsvilla 10 winner Naina Singh to debut in Kumkum Bhagya, here's a look at her pictures. The Times of India
  5. ↑ Baseer Ali, Naina Singh win Splitsvilla X. Hindustan Times
  6. ↑ Ashish Malhotra, Naina Singh, Natasha Bharadwaj, Aman Gondotra, Shruti Sharma and Harshvardhan Deo. The Times of India
  7. ↑ Naina Singh, Mughda Chapekar enter Kumkum Bhagya. All about Abhi-Pragya's grown-up daughters. India Today
  8. ↑ (9 June 2020). Naina Singh on quitting Kumkum Bhagya: Couldn't relate to my character anymore. The Indian Express
  9. ↑ Exclusive: Kumkum Bhagya actress Naina Singh to be Bigg Boss 14 contestant. India Today
  10. ↑ (12 November 2020). EXCLUSIVE: Bigg Boss 14 contestant Naina Singh says, "The makers did not show half the things that I did in the house". Bollywood Hungama

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মডেলভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেইনা সিং” প্ৰবন্ধৰ সংশোধন ৫৯৮৫৯৫ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।