নেলী সেনগুপ্ত ( Nellie Sengupta; জন্ম: এডিথ এলেন গ্ৰে; ১২ জানুৱাৰী ১৮৮৮- ২৩ অক্টোবৰ ১৯৭৩) ভাৰতৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া এগৰাকী ইংৰাজ মহিলা। প্ৰথম মহিলা এল্ডাৰমেন হিচাপে ১৯৩৩ চনত কলিকতাত অনুষ্ঠিত হোৱা ৪৮ সংখ্যক বাৰ্ষিক অধিৱেশনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী নিৰ্বাচিত হয়।১ ভাৰত চৰকাৰে সামাজিক কৰ্ম শিতানত তেওঁৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ বঁটাৰে সন্মানিত কৰে।
পৰিয়াল
এডিথ আছিল ফ্ৰেডেৰিক আৰু এডিথ হেনৰিটা গ্ৰেৰ কন্যা।২ কেম্ব্ৰিজত জন্মগ্ৰহণ আৰু ডাঙৰ-দীঘল হোৱা এডিথৰ পিতৃয়ে ক্লাবত কাম কৰিছিল। গাভৰু অৱস্থাত তেওঁৰ পিতৃ-মাতৃৰ ঘৰত থকা ডাউনিং কলেজৰ ছাত্ৰ বঙালী যুৱক যতীন্দ্ৰ মোহন সেনগুপ্তাৰ প্ৰেমত পৰিছিল। পিতৃ-মাতৃৰ বিৰোধিতা সত্ত্বেও যতীন্দ্ৰ মোহনক বিয়া কৰাই তেওঁৰ সৈতে কলিকতালৈ গুছি আহে। পিছলৈ তেওঁ নেলী নামেৰে জনাজাত হয়। দম্পত্তিহালৰ শিশিৰ আৰু অনিল নামেৰে দুজন পুত্ৰসন্তান আছিল।১
অসহযোগ আন্দোলন
ভাৰতলৈ উভতি অহাৰ পিছত নেলীৰ স্বামী যতীন্দ্ৰ মোহনে কলিকতাত অধিবক্তা হিচাপে অতি সফল কৰ্মজীৱন আৰম্ভ কৰে। ১৯২১ চনত যতীন্দ্ৰ মোহনে ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰে আৰু তিনিটা কাৰ্যকাল কলিকতাৰ মেয়ৰ আৰু বিধানসভাৰ মুৰব্বী হোৱাৰ উপৰিও বংগত মহাত্মা গান্ধীৰ সোঁহাত আছিল। ১৯২১ চনৰ অসহযোগ আন্দোলনত নেলীয়ে স্বামীৰ সৈতে যোগদান কৰে। অসম-বংগ ৰেলকৰ্মীসকলৰ ধৰ্মঘটৰ সময়ত তেওঁৰ কাৰাগাৰত বন্দী হোৱাৰ পিছত জিলা কৰ্তৃপক্ষই সভা-সমিতি কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ বিৰুদ্ধে বলপূৰ্বক প্ৰতিবাদ সাব্যস্ত কৰে আৰু গণসভাত ভাষণ দিয়ে। ঘৰে ঘৰে খাদী বিক্ৰী কৰি তেওঁ আইন অমান্য কৰে। ১৯৩১ চনত দিল্লীত আইনবিৰোধী সভাত ভাষণ দিয়াৰ বাবে চাৰি মাহৰ কাৰাদণ্ড ভুগিবলগীয়া হয়। ৰাঁচীত বন্দী হৈ থকা যতীনৰ মৃত্যু হয় ১৯৩৩ চনত।১
কংগ্ৰেছৰ সভাপতি
লোণ সত্যগ্ৰহৰ অস্থিৰতাৰ সময়ত কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতাক কাৰাগাৰত বন্দী কৰা হৈছিল। ১৯৩৩ চনৰ কলিকতা অধিৱেশনৰ পূৰ্বে চৰকাৰে কংগ্ৰেছৰ নিৰ্বাচিত সভাপতি পণ্ডিত মদন মোহন মালৱীয়ক গ্ৰেপ্তাৰ কৰে। দল আৰু দেশলৈ আগবঢ়োৱা অৱদানৰ বাবে নেলীক দলৰ দ্বাৰা সভাপতি নিৰ্বাচিত কৰা হয়।৩
১৯৩৩ আৰু ১৯৩৬ চনত কলিকতা পৌৰ নিগমৰ এল্ডাৰমেন হিচাপেও নিৰ্বাচিত হয়।৩ ১৯৪০ আৰু ১৯৪৬ চনত বংগ বিধানসভালৈ কংগ্ৰেছৰ টিকটত নিৰ্বাচিত হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বিদেশী সৈন্যৰ অসৎ আচৰণৰ প্ৰতিও তেওঁ দৃষ্টি আকৰ্ষণ কৰিছিল।
স্বাধীনতাৰ পিছত
স্বাধীনতাৰ পিছত পূব পাকিস্তানত, স্বামীৰ গৃহ চহৰ চট্টগ্ৰামত থকাৰ সিদ্ধান্ত লয়। ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে তেতিয়াৰ পূব পাকিস্তানত হিন্দু সংখ্যালঘু লোকৰ স্বাৰ্থ চোৱাচিতা কৰিবলৈ কোৱাৰ ভিত্তিত তেওঁ পূব পাকিস্তানত থকাৰ সিদ্ধান্ত লৈছিল। ১৯৫৪ চনত তেওঁ পূব পাকিস্তানৰ বিধানসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়।৪ তেওঁ সংখ্যালঘু ব’ৰ্ডৰ সদস্য আৰু এগৰাকী সক্ৰিয় সামাজিক কৰ্মী আছিল। ১৯৭১ চনত যেতিয়া বাংলাদেশৰ জন্ম হয় তেতিয়া তেওঁ চট্টগ্ৰামতে আছিল আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ মুজিবুৰ ৰহমানে তেওঁক ভালদৰে যত্ন লৈছিল। ১৯৭২ চনত তেওঁৰ নিতম্বৰ হাড় ভঙাত ইন্দিৰা গান্ধীৰ হস্তক্ষেপত তেওঁক কলিকতালৈ অনা হয় আৰু তাত তেওঁৰ অস্ত্ৰোপচাৰ কৰা হয়। তেওঁৰ সকলো চিকিৎসা খৰচ ভাৰত চৰকাৰে বহন কৰিছিল। স্বামী দেশপ্ৰিয় যতীন্দ্ৰ মোহন সেনগুপ্তাৰ সৈতে ভাৰতীয় স্বাধীনতা সংগ্ৰামলৈ আগবঢ়োৱা অৱদান আৰু বাংলাদেশৰ সংখ্যালঘুসকলৰ বাবে কৰা কামৰ বাবে কলিকতাত প্ৰচণ্ড আদৰণি জনোৱাৰ লগতে চৰকাৰ আৰু জনসাধাৰণ উভয়ৰে দ্বাৰা সন্মানিত হয়। ১৯৭৩ চনত কলিকতাত তেওঁৰ মৃত্যু হয়।১
তথ্যসূত্ৰ
- ↑ কমলা দাসগুপ্ত. (জৈনুৱাৰী ২০১৫). স্বাধীনতা সংগ্ৰামে বাংলা নাৰী, অগ্নিযুগ গ্ৰন্থমালা ৯. ৰেডিকেল ইম্প্ৰেছন, কলকাতা
- ↑ Sushila Nayar and Kamla Mankekar (2002). Women pioneers in India's renaissance, as I remember her: contributions from eminent women of present-day India. India: National Book Trust. p. 167
- ↑ Mrs. Nellie Sengupta, Past Presidents, Indian National Congress. Indian National Congress
- ↑ Ahmad Mamtaz. (2012). Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেলী সেনগুপ্ত” প্ৰবন্ধৰ সংশোধন ৩৮১৬২৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।