নুৰ বানো (ইংৰাজী: Noor Bano; ১৯৪২ – ১৪ ফেব্ৰুৱাৰী ১৯৯৯) পাকিস্তানৰ সিন্ধৰ এগৰাকী লোক-গায়িকা। সিন্ধত বিশেষকৈ সিন্ধৰ গ্ৰাম্য অঞ্চলত তেওঁৰ জনপ্ৰিয়তা আছিল।১
জীৱনী
নুৰ বানোৰ জন্ম হৈছিল ১৯৪২ চনত সিন্ধৰ বাদিন জিলাৰ সমীপৰ মিথু গোপাঙ গাঁৱত। পিছলৈ তেওঁ তালহাৰ সিন্ধলৈ গুচি যায়।২ তাইৰ দেউতাকৰ নাম আছিল চুলেমান গোপাং, এজন দুখীয়া খেতিয়ক আছিল। তেওঁ কোনো স্কুলত পঢ়া নাছিল আৰু ওচৰৰ গাঁওবোৰত বিয়াৰ গীত গাইছিল।৩ হায়াত গোপাং আৰু উস্তাদ মিথু কাছিৰ পৰা তেওঁ সংগীতৰ প্ৰশিক্ষণ লৈছিল।
তেওঁ প্ৰখ্যাত পণ্ডিত পীৰ আলী মহম্মদ শ্বাহ ৰছিদী আৰু পীৰ হাছামুদ্দিন শ্বাহ ৰছিদীৰ সিন্ধৰ সংগীত আৰু সংস্কৃতিৰ অনুৰাগী আছিল। এবাৰ তেওঁলোক তালহাৰৰ চৈয়দ ৱাদল শ্বাহ ৰছিদীৰ বাসগৃহত উপস্থিত হয়। তেওঁলোকৰ সন্মানত চৈয়দ ৱাদাল শ্বাহে সংগীত অনুষ্ঠানৰ আয়োজন কৰে। সেই অনুষ্ঠানত নুৰ বানোক গান গাবলৈ মাতি অনা হৈছিল। তেওঁৰ স্বাভাৱিক মধুৰ কণ্ঠত অতিথিসকলে অতিশয় আপ্লুত হৈ ৰেডিঅ’ পাকিস্তান হায়দৰাবাদত গান গাবলৈ পৰামৰ্শ দিয়ে। চৈয়দ ৱাদাল শ্বাহৰ পুত্ৰ পীৰ জামান শ্বাহ ৰছিদীয়ে ১৯৬০ চনৰ শেষৰ ফালে ৰেডিঅ' পাকিস্তানত তেওঁক চিনাকি কৰাই দিয়ে।৪ ৰেডিঅ' পাকিস্তানত তেওঁৰ প্ৰথম গীত আছিল "মুনহাঁজয় মাৰুআৰঁ জুন বলিয়ুঁ সুজানাঁ" (منهنجي ماروئڙن جون ٻوليون سڃاڻان)।
ৰেডিঅ’ পাকিস্তানত তেওঁ একক গায়িকা হিচাপে বেছিভাগ গীত গাইছিল যদিও বিখ্যাত গায়ক মাষ্টাৰ মহম্মদ ইব্ৰাহিম, মিথু কাছি, জাৰিনা বালুচ আৰু আমিনাৰ সৈতেও গীত গাইছিল। "লাডা" বা চাহেৰা" নামৰ সিন্ধী বিবাহ গীতৰ বাবেও তেওঁৰ জনপ্ৰিয়তা আছিল। তেওঁৰ কিছুমান গীত ৰেডিঅ' পাকিস্তান হায়দৰাবাদৰ সংগীত পুথিভঁৰালত উপলভ্য।
১৯৯৯ চনৰ ১৪ ফেব্ৰুৱাৰীত তালহাৰত তেওঁৰ মৃত্যু হয় আৰু হাইদৰ শ্বাহ লাকয়াৰী কবৰস্থানত সমাধিস্থ কৰা হয়।৫
তথ্যসূত্ৰ
- ↑ Media Music Mania - Best Music Songs Download
- ↑ Shaikh, M.S., Badin, pp. 16, Mehran Arts Council, Hyderabad, Sindh, Pakistan
- ↑ Rahookro Usman; Noor Bano Gopang, Sona Sarekhiyoon Sartiyoon (In Sindhi), pp. 145, Samroti Publication, Tharparker, 2017
- ↑ Mai Noor Bano Sindhi Folk Music Singer. Media Music Mania
- ↑ Chandio, Khadim Hussain; Noor Bano, Maroo Jay Malir Ja (in Sindhi), pp. 242, Ganj Bux Kitab Ghar, 2002
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নুৰ বানো” প্ৰবন্ধৰ সংশোধন ৪৯১৪৮১ (১৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।