নেহা আহুজা (ইংৰাজী ভাষা: Neha Ahuja; জন্ম: ২৭ ছেপ্টেম্বৰ ১৯৮১) এগৰাকী ভাৰতীয় প্ৰাক্তন আলপাইন স্কী খেলুৱৈ। তেওঁ ইটালীৰ টুৰিনত অনুষ্ঠিত ২০০৬ চনৰ শীতকালীন অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। আহুজা অলিম্পিকৰ উদ্বোধনী আৰু সামৰণি অনুষ্ঠানৰ পতাকা বাহকো আছিল। ভাৰতৰ হৈ স্কীয়িং জগতত তেওঁ কেইবাটাও মাইলৰ খুঁটি স্থাপন কৰিছে। তেওঁ শীতকালীন অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা।১ ইয়াৰ উপৰিও তেওঁ অলিম্পিকৰ শ্লালম আৰু জায়েণ্ট শ্লালম উভয় প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী মহিলা।২ আহুজা টুৰিন অলিম্পিকত প্ৰতিদ্বন্দ্বিতা কৰা চাৰিজন ভাৰতীয়ৰ ভিতৰত এজন আছিল। তেওঁ শ্লালম ইভেণ্টত ৫১তম আৰু জায়েণ্ট শ্লালম ইভেণ্টত ৪২তম স্থান দখল কৰিছিল।৩ তেওঁৰ ডাঙৰ ভগ্নী শ্বেফালী আহুজাই চীনৰ হাৰবিনত অনুষ্ঠিত তৃতীয় শীতকালীন এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আৰু সৰু ভগ্নী স্বাতী আহুজাই এমটিভি ৰোডীজৰ চতুৰ্থ ছিজনত অংশগ্ৰহণ কৰিছিল।
প্ৰাৰম্ভিক জীৱন
আহুজাৰ জন্ম নতুন দিল্লীত হৈছিল। তেওঁৰ মাতৃ অনিতা আহুজা আৰু পিতৃ এছ.পি. আহুজা ভাৰতীয় সীমা সুৰক্ষা বাহিনী (BSF)ৰ এজন বিষয়া আছিল।৪ আহুজাৰ পিতৃ গুলমাৰ্গৰ শীতকালীন ক্ৰীড়া সঞ্চালক হোৱাৰ লগতে 'ইণ্ডিয়ান ইনষ্টিটিউট অফ স্কীয়িং এণ্ড মাউণ্টেনিয়াৰিং'ৰ অধ্যক্ষও আছিল। মাত্ৰ চাৰি বছৰ বয়সতে দেউতাকৰ চাকৰিৰ সংক্ৰান্তত তেওঁলোকৰ পৰিয়াল কাশ্মীৰলৈ স্থানান্তৰিত হয় আৰু তাতেই তেওঁ প্ৰথমবাৰৰ বাবে স্কীয়িং শিকিছিল।৫
১৯৯৪ চনত তেওঁ অষ্ট্ৰিয়াৰ কাপ্ৰুনত থকা থায়াৰ ৰেচিং ক্লাবত এটা দুসপ্তাহীয়া প্ৰশিক্ষণ শিবিৰত অংশ লয়, যিয়ে তেওঁক এগৰাকী স্কী খেলুৱৈ হিচাপে আগবাঢ়ি যাবলৈ উৎসাহিত কৰিছিল। ইয়াৰ পিছতে তেওঁ ১৯৯৬ চনৰ জুনিয়ৰ এছিয়ান উইণ্টাৰ গেমছত অংশ লোৱাৰ বাবে কাজুঅ' ছাটোৰ অধীনত প্ৰশিক্ষণ আৰম্ভ কৰে। ১৬ বছৰ বয়সত আহুজা ক’লোৰাডোৰ ভেইললৈ গুচি যায় আৰু ২০০২ চনৰ শীতকালীন অলিম্পিকৰ বাবে প্ৰস্তুতি চলায়। অৱশ্যে সেই বছৰ আঁঠুৰ আঘাতৰ বাবে তেওঁ অলিম্পিকত অংশ ল’ব নোৱাৰিলে। এবছৰৰ পিছত তেওঁ ২০০৩ চনৰ শীতকালীন এছিয়ান গেমছত প্ৰতিদ্বন্দ্বিতা কৰে।
তেওঁ ১৯৯৯ চনত এয়াৰ ফৰ্চ বাল ভাৰতীৰ পৰা আৰু ২০০৩ চনত ক’লোৰাডো বোল্ডাৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ উপৰিও তেওঁ দিল্লী ৰাজ্যিক পৰ্যায়ৰ এগৰাকী সাতুৰৈ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডাইভাৰ আছিল।
ব্যক্তিগত জীৱন
আহুজাৰ দুজন পুত্ৰ সন্তান আছে। তেওঁ বৰ্তমান এখন আগশাৰীৰ প্ৰতিষ্ঠানত কৌশল পৰামৰ্শদাতা (Strategy Consultant) হিচাপে কৰ্মৰত। তেওঁ বৰ্তমান টেনিছ খেলে আৰু মনোৰঞ্জনৰ বাবে স্কীয়িং কৰে।৬

আলপাইন স্কীয়িং ফলাফল
সকলো ফলাফল আন্তঃৰাষ্ট্ৰীয় স্কী ফেডাৰেচনৰ (FIS) পৰা সংগ্ৰহ কৰা হৈছে।৭
অলিম্পিক ফলাফল
| বৰ্ষ | |||||||
| বয়স | শ্লালম | জায়েণ্ট শ্লালম | ছুপাৰ-জি | ডাউনহিল | কম্বাইণ্ড | দলীয় ইভেণ্ট | |
| ২০০৬ | ২৫ | ৫১ | ৪২ | — | — | — | — |
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Baldwin, Alan. (2006-02-23). Ahuja makes her mark in winter Olympics. www.rediff.com
- ↑ Farnell, Shauna. (2006-02-22). 51st place just fine with Neha Ahuja. www.vaildaily.com
- ↑ Farnell, Shauna. (2006-02-22). 51st place and smiling. www.aspentimes.com
- ↑ Baldwin, Alan. (2006-02-23). Ahuja makes her mark in winter Olympics. www.rediff.com
- ↑ Farnell, Shauna. (2006-02-22). 51st place just fine with Neha Ahuja. www.vaildaily.com
- ↑ Tzerman, Sheila. (2015-11-19). Charlotte woman paved way for Indian women in Olympics. www.charlotteobserver.com
- ↑ Neha Ahuja. FIS-Ski. International Ski Federation
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেহা আহুজা” প্ৰবন্ধৰ সংশোধন ৫৯৫২৮১ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।