অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নৃপেন ফুকন

নৃপেন ফুকন হৈছে এগৰাকী অসমীয়া কবি, প্ৰবন্ধকাৰ, তথ্যচিত্ৰ পৰিচালক, অসম সাহিত্য সভাৰ আজীৱন সদস্য, সমাজ কৰ্মী।

হালনাগাদ: ২০ মে’ ২০২৬ ১৯১ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

নৃপেন ফুকন হৈছে এগৰাকী অসমীয়া কবি, প্ৰবন্ধকাৰ, তথ্যচিত্ৰ পৰিচালক, অসম সাহিত্য সভাৰ আজীৱন সদস্য, সমাজ কৰ্মী।

জন্ম

নৃপেন ফুকনৰ জন্মস্থান লখিমপুৰ। দেউতাকৰ নাম ৰামেশ্বৰ ফুকন আৰু মাকৰ নাম পাটেশ্বৰী ফুকন।১

শৈক্ষিক জীৱন

নৰ্থ লখিমপুৰ কলেজৰ পৰা প্ৰি-ডিগ্ৰী আৰু Advance Training Institute Kolkata ৰ পৰা কাৰিকৰী শিক্ষা গ্ৰহণ কৰি অভিযান্ত্ৰিক অংকন DMMech বিষয়ত National Trade certificate লাভ কৰে আৰু পিছত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয়ৰ পৰা বি. এ. পাছ কৰে।

কৰ্ম জীৱন

ইঞ্জিনীয়াৰিং-ড্ৰইং প্ৰশিক্ষক হিচাপে গভৰ্ণমেণ্ট আই.টি.আই ধেমাজিত কাৰ্যনিৰ্বাহ কৰে।

সামাজিক কৰ্মৰ দায়িত্ব আৰু বিষয়বাব

  • উপসভাপতি, হাতীলুংপৰীয়া শাখা সাহিত্য সভা
  • প্ৰচাৰ সম্পাদক, মঙলবোধ জাগৰণ কেন্দ্ৰ
  • সভাপতি, ত্ৰিবেণীসংগম জহিং উন্নয়ন সমিতি
  • সম্পাদক, শ্ৰীশ্ৰী দাক্ষিণপাট সত্ৰৰ শাখা উত্তৰপৰীয়া আধ্যাত্মিক সাংস্কৃতিক গণমঞ্চ লখিমপুৰ (উপাসাংগম)

সাহিত্যৰ সৃষ্টিৰাজি

প্ৰকাশিত গ্ৰন্থ

  • বাটকটীয়া (২০১৫)
  • চিন্তা-বীক্ষা
  • ঘাগৰীমাজী (২০১৮)২
  • ইতিহাসৰ ছাঁ-পোহৰ
  • বিবিধ-বিমৃশা
  • মোৰ দেশতকৈ মোমাই ডাঙৰ নহয়
  • কৃষ্ণ কথামৃত
  • মহাপুৰুষ মাধৱদেৱৰ জীৱন বীক্ষা
  • ডেকাগিৰী শংকৰদেৱ
  • সনাতনী ঐতিহ্য
  • মৰ্ম্ম (কবিতা পুথি)

সম্পাদিত গ্ৰন্থ

  • বৰপ্পাই (২০১৬)৩
  • ৰোমন্থন
  • স্মৃতিৰ-সঁফুৰা
  • স্মৃতিৰ-অঞ্জলি
  • পথিকৃৎ(২০১৭)
  • হেমন্ত সৌৰভ

তথ্যচিত্ৰ পৰিচালনা

  • জীৱন শিল্পী নন্দকিশোৰ
  • বিশ্বজনীন ঘাগৰীমাজী
  • ড০ হেমন্ত কুমাৰ বৰুৱাৰ শ্ৰদ্ধাঞ্জলি

বঁটা আৰু সন্মান

  • নতুন সুৰ প্ৰকাশন পৰিষদৰ'মঙ্গলময় সাহিত্য বঁটা ২০২০
  • ইণ্টেনচিভ কেয়াৰ শিক্ষণ কেন্দ্ৰৰ দ্বাৰা সম্বৰ্ধনা পত্ৰ প্ৰদান

তথ্যসূত্ৰ

৪. নক্সা ৫. কল্পবিজ্ঞান আৰু স্থান চৰ্চা ডঃ দীপক কুমাৰ বৰা। পৃষ্ঠা ১৪৮ ৬. লখিমপুৰ জিলাৰ সাহিত্যচৰ্চা বিলোকন-অৱলোকন দিপক বৰা পৃষ্ঠা ৪১ ৭. ৰঙানদী ফটাসুঁতি, ৰঙানদী মহোৎসৱৰ স্মাৰক গ্ৰন্থ পৃষ্ঠা ৩২১

তথ্যসূত্ৰ

  1. ↑ নৃপেন ফুকন,বাটকটীয়া,জোনালী প্ৰকাশ, প্ৰথম প্ৰকাশ২০১৫
  2. ↑ সঞ্জীৱ বৰা,ৰঙানদী স্মাৰক গ্ৰন্থ,প্ৰকাশ ২০১৯,পৃষ্ঠা নং ১৯১
  3. ↑ সঞ্জীৱ বৰা,ৰঙানদী স্মাৰক গ্ৰন্থ,প্ৰকাশ ২০১৯,পৃষ্ঠা নং ২০৮

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৃপেন ফুকন” প্ৰবন্ধৰ সংশোধন ৬০৭৩০৬ (২০ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।