অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নুচৰাত ফাৰিয়া

নুচৰাত ফাৰিয়া মাজহাৰ (জন্মতে: ফাৰিয়া চেতু; জন্ম: ৮ ছেপ্টেম্বৰ ১৯৯৫) (ইংৰাজী: Nusraat Faria Mazhar) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী, মডেল, গায়িকা, টেলিভিছন উপস্থাপিকা আৰু ৰেডিঅ' জকী। তেওঁ মূলতঃ ঢালিউড আৰু টলিউডৰ ছবিত কাম কৰে।

হালনাগাদ: ২২ জুলাই ২০২৬ ৪৯৫ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

নুচৰাত ফাৰিয়া মাজহাৰ (জন্মতে: ফাৰিয়া চেতু; জন্ম: ৮ ছেপ্টেম্বৰ ১৯৯৫)১২ (ইংৰাজী ভাষা: Nusraat Faria Mazhar) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী, মডেল, গায়িকা, টেলিভিছন উপস্থাপিকা আৰু ৰেডিঅ' জকী। তেওঁ মূলতঃ ঢালিউড আৰু টলিউডৰ ছবিত কাম কৰে।৩

নুচৰাত ফাৰিয়াই বিভিন্ন টেলিভিছন বাণিজ্যিক বিজ্ঞাপন আৰু ছপা বিজ্ঞাপনত অভিনয় কৰি মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।৪

২০১৫ চনত আশিকী ছবিৰ জৰিয়তে ঢালিউডত নুচৰাতে অভিনয়ত আত্মপ্ৰকাশ কৰে। এই ছবিত তেওঁ অংকুশ হাজৰাৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল আৰু ছবিখনে বাণিজ্যিকভাৱে সফলতা লাভ কৰিছিল।৫ প্ৰথম ছবিখনৰ সফলতাৰ পিছত নুচৰাতে আন কেইবাখনো জনপ্ৰিয় চিনেমা যেনে হিৰো ৪২০ (২০১৬), বাদশা – দ্য ডন (২০১৬), প্ৰেমী ও প্ৰেমী (২০১৭) আৰু বছ ২: বেক টু ৰুল (২০১৭)ত অভিনয় কৰে।

তেওঁ বংগবন্ধুৰ বায়’পিক মুজিব: দ্য মেকিং অৱ এ নেচনত শেখ হাছিনাৰ চৰিত্ৰত অভিনয় কৰিছিল।৬৭

কৰ্মজীৱন

ফাৰিয়াই বিটিভিৰ এটা তৰ্ক অনুষ্ঠানত তৰ্কবিদ হিচাপে অংশগ্ৰহণ কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ ২০১০ আৰু ২০১১ চনৰ ৰাষ্ট্ৰীয় তৰ্ক চেম্পিয়ন আছিল। কেইবাটাও টেলিভিছন বাণিজ্যিক বিজ্ঞাপনত মডেল হিচাপে তেওঁ বিনোদন জগতত খোজ পেলাইছিল। নিজৰ কেৰিয়াৰত তেওঁ বিভিন্ন টেলিভিছন বাণিজ্যিক বিজ্ঞাপন৮৯ আৰু ৰেডিঅ' অনুষ্ঠানত কাম কৰিছে।১০ আৰটিভিৰ অনুষ্ঠান ঠিক বলছেন তোৰ জৰিয়তে নুচৰাত ফাৰিয়াই প্ৰথমবাৰৰ বাবে টিভিৰ পৰ্দাত দেখা দিছিল। ২০১২ চনত এনটিভিৰ থাৰ্টি ফাৰ্ষ্ট ধামাকা কক্সবজাৰ অনুষ্ঠানৰ জৰিয়তে ফাৰিয়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। ২০১৩ চনৰ জানুৱাৰী মাহত বলীউডৰ নেপথ্য গায়িকা সুনিধি চৌহানৰ সুনিধি লাইভ কনচাৰ্ট নামৰ অনুষ্ঠানটোৰ আঁত ধৰাৰ বাবে তেওঁ সমালোচকৰ প্ৰশংসা লাভ কৰে। ২০১৪ চনত তেওঁ ফেয়াৰ এণ্ড হেণ্ডছাম: দ্য আল্টিমেট মেন নামৰ এটা ৰিয়েলিটী শ্ব'ৰ আঁত ধৰিছিল।১১ তেওঁ উপস্থাপন কৰা জনপ্ৰিয় অনুষ্ঠানসমূহৰ ভিতৰত আছে আৰটিভিৰ লেট নাইট কফি, এছ এ টিভিৰ ক্লিয়াৰ এছ এ লাইভ ষ্টুডিঅ’, এটিএন বাংলাৰ ট্ৰেণ্ড, জিটিভিৰ লাক্স ৱৰ্ল্ড অৱ গ্লেমাৰ আৰু এনটিভিৰ ষ্টাইল এণ্ড ট্ৰেণ্ড, ৰেডিঅ' ফুৰ্টিৰ নাইট শ্বিফ্ট উইথ নুচৰাত ফাৰিয়া ইত্যাদি।১২১৩১৪

২০১৪ চনত ঢাকাত ৰেডিছন ব্লুত 'পেৰাচুট এডভান্সড বেলীফুল ষ্টাইলিশ্ব হেয়াৰ অৱ দ্য কেম্পাছ'ৰ গ্ৰেণ্ড ফিনালেত আঁত ধৰা ফাৰিয়া
২০১৪ চনত ঢাকাত ৰেডিছন ব্লুত 'পেৰাচুট এডভান্সড বেলীফুল ষ্টাইলিশ্ব হেয়াৰ অৱ দ্য কেম্পাছ'ৰ গ্ৰেণ্ড ফিনালেত আঁত ধৰা ফাৰিয়াছবি: Jubair1985 · CC BY-SA 3.0

চলচ্চিত্ৰ

তেওঁ জাজ মাল্টিমিডিয়াৰ সৈতে আশিকী আৰু হিৰো ৪২০ নামৰ দুখন ছবিত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হৈছিল। তেওঁৰ প্ৰথম ছবি আশিকী ২০১৫ চনৰ শেষৰফালে মুক্তি লাভ কৰে১৫ আৰু হিৰো ৪২০ ২০১৬ চনৰ আৰম্ভণিতে মুক্তি পায়। প্ৰথম ছবিখনৰ বাবে ফাৰিয়াই চলচ্চিত্ৰ বা টেলিভিছনৰ শ্ৰেষ্ঠ নবাগতৰ মেৰিল প্ৰথম আলো বঁটা লাভ কৰে।১৬ দুয়োখন ছবিয়েই আছিল ভাৰত-বাংলাদেশৰ যৌথ উদ্যোগৰ চিনেমা।

২০১৬ চনত ফাৰিয়াই বাবা যাদৱৰ পৰিচালনাত আন এখন ভাৰত-বাংলাদেশৰ যৌথ প্ৰযোজনাৰ ছবি বাদশা - দ্য ডনত অভিনয় কৰে। এই ছবিত ভাৰতীয় অভিনেতা জীতৰ বিপৰীতে তেওঁ অভিনয় কৰিছিল। এই ছবিখন ফাৰিয়াৰ কেৰিয়াৰৰ এক টাৰ্ণিং পইণ্ট হিচাপে বিবেচিত হয় আৰু ইয়াৰ বাবে তেওঁ বাংলাদেশৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ টেলি চিনে এৱাৰ্ড লাভ কৰে।১৭১৮

২০১৭ চনত তেওঁ দুখন বাংলাদেশী ছবি প্ৰেমী ও প্ৰেমী আৰু ধ্যাত তেৰি কিত অভিনয় কৰে।১৯ ফাৰিয়াই বাংলাদেশৰ প্ৰথমখন এনিমেটেড ছবি ডিটেকটিভৰ বাবেও সংলাপ বাণীবদ্ধ কৰিছিল। এই তিনিখন ছবিয়েই জাজ মাল্টিমিডিয়াৰদ্বাৰা প্ৰযোজিত আছিল আৰু ইয়াত আৰিফিন শুভই অভিনয় কৰিছিল।

২০১৭ চনত ফাৰিয়াই পুনৰ জীতৰ সৈতে বছ ২: বেক টু ৰুল ছবিত অভিনয় কৰে। এই ছবিখন ২০১৩ চনৰ ছবি বছ: বৰ্ণ টু ৰুলৰ ছিকুৱেল আছিল। প্ৰথমতে এই ছবিখনত অভিনয় কৰিবলৈ অস্বীকাৰ কৰিলেও পিছত স্ক্ৰিপ্ট পঢ়ি তেওঁ সন্মতি দিয়ে। ২০২০ চনত তেওঁ শামীম আহমেদ ৰনিৰ একচন মচলা ছবি শাহেনশাহত প্ৰথমবাৰৰ বাবে শাকিব খানৰ সৈতে কাম কৰে।২০ ইয়াৰ বাবে তেওঁ চিজিপিবি পাৰফৰমেন্স এৱাৰ্ডত শ্ৰেষ্ঠ অভিনেত্ৰীৰ মনোনয়ন লাভ কৰিছিল। অৱশ্যে বছ ২ৰ "আল্লাহ মেহৰবান" গীতটোৰ মিউজিক ভিডিঅ'ত পৰিধান কৰা পোছাকৰ বাবে তেওঁ সমালোচনাৰ সন্মুখীন হৈছিল।

তথ্যসূত্ৰ

  1. ↑ Alam, Manjarul. (8 September 2021). bn:'আমাৰ জন্মদিন খাঁটিভাবে সে–ই একমাত্ৰ উদ্যাপন কৰে'. Prothom Alo
  2. ↑ (2020-09-08). bn:কেক কেটেই হবু শ্বশুৰবাড়ি ফাৰিয়া. NTV
  3. ↑ (16 July 2016). Nusrat Faria making waves. The Daily Star
  4. ↑ (25 August 2023). Nusraat Faria: Reflecting at her trials and triumphs. The Daily Star
  5. ↑ Singha, Sutapa. (12 January 2017). Ankush and I are best friends: Nusraat Faria. The Times of India
  6. ↑ (2025-05-21). Tollywood fraternity react to Nusraat Faria's arrest and bail. The Times of India
  7. ↑ (2021-12-14). Nusraat Faria wraps up shooting for 'Bangabandhu'. The Business Standard
  8. ↑ (2 June 2014). Nusrat Faria in new TVCs. The New Nation
  9. ↑ (21 December 2014). Nusrat Faria endorsing for commercials. Dhaka Tribune
  10. ↑ (13 February 2015). Faguner Bhalobasha on Channel i. The Daily Star. Transcom Group
  11. ↑ (21 July 2014). Faria at the Naval Base. Priyo.com
  12. ↑ Pratidin, Bangladesh. (2015-05-12). একই ছবিতে মৌসুমী-নূসৰাত ·. bd-pratidin.com
  13. ↑ Times, The Dhaka. (2015-05-16). শুটিং শুৰু হচ্ছে নুসৰাত ফাৰিয়াৰ প্ৰথম ছবি ‘প্ৰেমী ও প্ৰেমী’ - The Dhaka Times. The Dhaka Times
  14. ↑ মহড়ায় কলকাতায়. মানবজমিন
  15. ↑ (16 August 2015). Nusraat Faria's first hit on the movie screen. Dhaka Tribune
  16. ↑ Meril-Prothom Alo Award-2015 conferred. Prothom Alo
  17. ↑ 'Badsha', turning point of my career: Nusrat Faria. Prothom Alo
  18. ↑ (26 May 2017). Razzak conferred with a lifetime achievement award in Kolkata. Dhaka Tribune
  19. ↑ (28 January 2017). Nusrat Faria's New Mission. The Daily Star
  20. ↑ জিয়া, মঞ্জুৰ কাদেৰ. (2018-08-05). 'শাহেনশাহ'ৰ সঙ্গী নুসৰাত ফাৰিয়া. Prothom Alo

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নুচৰাত ফাৰিয়া” প্ৰবন্ধৰ সংশোধন ৬১৮৮০৮ (২২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।