জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
চুন জু
চুন জু(Sun Tzu) (অনুমাণিক ৫৪৪–৪৯৬ খ্ৰীষ্টপূৰ্ব) আছিল প্ৰাচীন চীনৰ এজন কিংবদন্তি সামৰিক জেনেৰেল, ৰণনীতিবিদ আৰু দাৰ্শনিক। তেওঁ চীনৰ বসন্ত আৰু শৰৎকালৰ যুগত বসবাস কৰিছিল। সামৰিক ৰণনীতিৰ ওপৰত ৰচিত পৃথিৱীৰ আটাইতকৈ প্ৰভাৱশালী গ্ৰন্থ দ্য আৰ্ট অৱ ৱাৰ (যুদ্ধৰ কলা) ৰচনা কৰাৰ শ্ৰেয় তেওঁকেই দিয়া হয়।
-
চুফিয়া আহমেদ
চুফিয়া আহমেদ (: Sufia Ahmed; জন্ম ইব্ৰাহীম; ২০ নৱেম্বৰ ১৯৩২ – ৯ এপ্ৰিল ২০২০) এগৰাকী বাংলাদেশী শিক্ষাবিদ আছিল। ১৯৯৫ চনৰ জানুৱাৰী মাহত তেওঁক বাংলাদেশৰ প্ৰথম মহিলা ৰাষ্ট্ৰীয় অধ্যাপিকা হিচাপে নিৰ্বাচিত কৰা হয়।২০০২ চনত বাংলাদেশ চৰকাৰে তেওঁক একুশ্বে পদক বঁটা প্ৰদান কৰে।
-
চুফিয়া খাতুন (লেখিকা)
চুফিয়া খাতুন (সুফিয়া খাতুন) (মে', ১৯২২ – ৭ জানুৱাৰী ২০২৩) এগৰাকী বাংলাদেশী লেখিকা, শিক্ষয়িত্ৰী আৰু সমাজকৰ্মী আছিল। বাংলাদেশৰ সমসাময়িক সাহিত্যক্ষেত্ৰত তেওঁ এক বিশেষ স্থান দখল কৰিছিল। আত্মজীৱনীমূলক ৰচনা, কাব্যসংকলন আৰু সমাজমুখী লেখাই তেওঁক জনপ্ৰিয় লেখিকা হিচাপে প্ৰতিষ্ঠিত কৰিছিল।
-
চুফিয়া চুফী
চুফিয়া চুফী (: Sufiya Sufi; জন্ম ১৯৮৭) ৰাজস্থানৰ আজমেৰৰ এগৰাকী ভাৰতীয় স্প্ৰিণ্ট এথলীট। ২০২১ চনত মনালীৰ পৰা লেহ আল্ট্ৰামাৰাথন দৌৰ সম্পূৰ্ণ কৰা প্ৰথমগৰাকী মহিলা দৌৰবিদ।
-
চুম দাৰাং
চুম দাৰাং (জন্ম ১৬ অক্টোবৰ ১৯৯১) এগৰাকী ভাৰতীয় মডেল, অভিনেত্ৰী, সামাজিক কৰ্মী, উদ্যোগী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ শীৰ্ষ অধিকাৰী। ২০১০ চনত তেওঁ মিছ এএপিএছইউ মুকুট লাভ কৰিছিল, আৰু পিছত মিছ আৰ্থ ইণ্ডিয়া ২০১৬ আৰু মিছ এছিয়া ৱৰ্ল্ড ২০১৭ ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
চুলতানা (অভিনেত্ৰী)
চুলতানা বা চুলতানা ৰেজাক (Sultana) ভাৰতীয় উদ্যোগৰ প্ৰাৰম্ভিক পৰ্যায়ৰ এগৰাকী অভিনেত্ৰী আছিল। নিৰ্বাক ছবিৰে কৰ্মজীৱনৰ পাতনি মেলা চুলতানাই পিছলৈ সবাক ছবিতো অভিনয় কৰিবলৈ লৈছিল। তেওঁ ভাৰতৰ প্ৰথম মহিলা পৰিচালক ফাটিমা বেগমৰ জীয়াৰী আছিল। ভাৰতৰ প্ৰথম সবাক ছবি আলম আৰাৰ নায়িকা জুবেইদা আছিল চুলতানা ভগ্নী।
-
চুলতানা কামাল
চুলতানা কামাল (Sultana Kamal) এগৰাকী বাংলাদেশী অধিবক্তা তথা মানৱ অধিকাৰ কৰ্মী। তেওঁ নাগৰিক অধিকাৰ সংস্থা আইন অ' ছালিছ কেন্দ্ৰৰ কাৰ্যবাহী সঞ্চালিকা হিচাপে কাম কৰে।২০০৬ চনত ২০০৬-২০০৮ চনৰ বাংলাদেশৰ ৰাজনৈতিক সংকটৰ সময়ত ৰাষ্ট্ৰপতি ইয়াজুদ্দিন আহমেদৰ নেতৃত্বত বাংলাদেশৰ কেয়াৰটেকাৰ চৰকাৰত উপদেষ্টা হিচাপে…
-
চুলাক্ষী ৰাণাতুংগা
চুলাক্ষী সৌভাগ্য ৰাণাতুংগা (সিংহলী: චූලක්ෂි සෞභාග්යා රණතුංග) (জন্ম: ১৩ ফেব্ৰুৱাৰী ১৯৮৯) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০১৪ চনৰ মিছ শ্ৰীলংকা খিতাপৰ বিজয়ী আছিল।
-
চুলাজ্জা ফিৰোদিয়া মটৱানী
চুলাজ্জা ফিৰোদিয়া মটৱানী (: Sulajja Firodia Motwani; জন্ম: ২৬ আগষ্ট ১৯৭০) এগৰাকী ভাৰতীয় উদ্যোগী। বৰ্তমান কাইনেটিক ইঞ্জিনিয়াৰিং লিমিটেডৰ ভাইচ চেয়াৰপাৰ্চন আৰু কাইনেটিক গ্ৰীণ এনাৰ্জি এণ্ড পাৱাৰ ছলিউচনছ লিমিটেডৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া।
-
চুহেইলা ইয়াকুব
চুহেইলা ইয়াকুব (ইংৰাজী: Souheila Yacoub; জন্ম: ২৯ জুন ১৯৯২) এগৰাকী চুইছ অভিনেত্ৰী, নাট্য নিৰ্মাতা, প্ৰাক্তন ৰিদমিক জিমনাষ্ট আৰু মিছ চুইছ ৰোমাণ্ডে ২০১২-ৰ বিজয়ী। তেওঁৰ উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত আছে ক্লাইমেক্স (২০১৮), মেকিং অৱ (২০২৩) আৰু ড্যুন: পাৰ্ট টু (২০২৪)।
-
চেং ঙুয়েং কুইন চাউ
চেং ঙুয়েং কুইন চাউ (জন্ম ৩ জুলাই ১৯৯৪) হৈছে ভিয়েটনামৰ এগৰাকী শীৰ্ষ মহিলা মডেল, MC আৰু অভিনেত্ৰী। তেওঁ সৰ্বাধিক জনপ্ৰিয়তা লাভ কৰে চলচ্চিত্ৰসমূহত অংশগ্ৰহণ কৰাৰ পাছত, যেনে আপল ট্ৰী ব্লুমছ, ডেড, আই এড ছ'ৰী, আৰু বিশেষকৈ মিছ গ্ৰেণ্ড ভিয়েটনাম ২০২২-ত ১ম ৰানাৰ-আপ হৈ বিৰাট সফলতা অৰ্জন কৰে।
-
চেং হং
চেং হং (চীনা: 程虹; পিনইন: Chéng Hóng; জন্ম ২১ নৱেম্বৰ ১৯৫৭) এগৰাকী চীনা সাহিত্যৰ গৱেষক আৰু অনুবাদক। তেওঁ ৰাজধানী অৰ্থনীতি আৰু ব্যৱসায় বিশ্ববিদ্যালয়ৰ অধ্যাপক। তেওঁ চীনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী লি খেচিয়াংৰ পত্নী আছিল।
-
চেকেবা হাচেমি
চেকেবা হাচেমি (Chékéba Hachemi; জন্ম: ২০ মে', ১৯৭৪) এগৰাকী আফগান নাৰীবাদী আৰু লেখিকা। ২০০১ চনত কূটনীতিবিদ হিচাপে নিযুক্তি পোৱা হাচেমি প্ৰথমগৰাকী আফগান মহিলা আছিল। হাচেমি আফগানিস্তান লিব্ৰে নামৰ এন জি অ’টোৰ সভানেত্ৰী আৰু প্ৰতিষ্ঠাপক।
-
চেক্ৰোভোলু স্বুৰো
চেক্ৰোভোলু স্বুৰো (ইংৰাজী: Chekrovolü Swüro; জন্ম: ২১ নৱেম্বৰ ১৯৮২) নাগালেণ্ডৰ এগৰাকী ভাৰতীয় ধনুৰ্ধৰ। তেওঁ ক্ৰমে দক্ষিণ কোৰিয়াৰ বুছান আৰু কাটাৰৰ দোহাত অনুষ্ঠিত ২০০২ চনৰ এছিয়ান গেমছ আৰু ২০০৬ চনৰ এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
চেজ ইনফিনিটি
চেজ ইনফিনিটি পেইন (ইংৰাজী: Chase Infiniti Payne; জন্ম: ৫ মে’, ২০০০) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ ২০২৪ চনৰ লিমিটেড ধাৰাবাহিক প্ৰিজিউমড ইনোচেণ্ট আৰু ২০২৫ চনৰ চলচ্চিত্ৰ ৱান বেটল আফটাৰ এনাদাৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
চেজ চুই ৱাণ্ডাৰ্ছ
চেজ চুই ৱাণ্ডাৰ্ছ (ইংৰাজী: Chase Sui Wonders; জন্ম: ২১ মে', ১৯৯৬) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ এইচবিঅ’ মেক্স ধাৰাবাহিক জেনেৰেচনত (২০২১) ৰাইলি, হৰৰ-কমেডী ছবি বডিজ বডিজ বডিজত (২০২২) এমা, এপল টিভি প্লাছৰ ব্যংগাত্মক কমেডী ধাৰাবাহিক দ্য ষ্টুডিঅ’ত (২০২৫) কুইন হেকেট আৰু শ্লেচাৰ ছবি আই নো হোৱাট ইউ ডিড…
-
চেণ্ড্ৰা কেৰন
চেণ্ড্ৰা এল. ক'গান (২৭ আগষ্ট ১৯৩৬ – ১ ছেপ্টেম্বৰ ২০২৫), চেণ্ড্ৰা কেৰন নামেৰে পৰিচিত, এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। পূব লণ্ডনৰ ষ্টেপনীত জন্মগ্ৰহণ কৰা তেওঁ আইডা ফষ্টাৰ থিয়েটাৰ স্কুলত প্ৰশিক্ষণ লৈছিল।
-
চেণ্ড্ৰা টাৰ্টে
ড° চেণ্ড্ৰা টাৰ্টে ফিজিৰ এগৰাকী শিক্ষাবিদ আৰু ৰাজনৈতিক মন্তব্যকাৰী।
-
চেতনা কেটগোডা
চেতনা কেটগোডা (জন্ম: ৪ আগষ্ট ১৯৯২), সম্পূৰ্ণ নাম কেটগোডাগে ডোনা ৰন্মিনী চেতনা কেটগোডা, শ্ৰীলংকান টেলিভিছন জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আৰু কণ্ঠ শিল্পী। ১৮ বছৰ জোৰা কেৰিয়াৰৰ সৈতে শ্ৰীলংকাৰ অন্যতম জনপ্ৰিয় কণ্ঠ শিল্পী হিচাপে তেওঁ কেইবাখনো আন্তঃৰাষ্ট্ৰীয় ধাৰাবাহিকত নিজৰ কণ্ঠদান কৰিছে।
-
চেতনা সিনহা
চেতনা গালা সিনহা (Chetna Sinha; জন্ম: ১৯৫৮) হৈছে এগৰাকী ভাৰতীয় সামাজিক উদ্যোগী; যি উদ্যোগী দক্ষতা, ভূমি আৰু উৎপাদনৰ মাধ্যম শিকাই ভাৰতৰ গাঁও এলেকাবোৰত মহিলাসকলক শক্তিশালী কৰাৰ উদ্দেশ্যে কাম কৰি আছে।
-
চেতাৰে এস্কান্দাৰী
চেতাৰে এস্কান্দাৰী (ফাৰ্চী: ستاره اسکندری; জন্ম ১৫ জুন, ১৯৭৪) এগৰাকী ইৰানী মঞ্চ, চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী। ১৯৯৪ চনৰ পৰা ধাৰাবাহিক সমূহত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত, বিশেষকৈ নাৰ্গিছ নামৰ দূৰদৰ্শন ধাৰাবাহিকখনত পুপাক গোলদাৰেহৰ আকস্মিক মৃত্যুৰ পিছত তেওঁ "নাৰ্গিছ" চৰিত্ৰটোত অভিনয়…
-
চেন জিং
চেন জিং (ইংৰাজী: Chen Jing; জন্ম ২০ ছেপ্টেম্বৰ ১৯৬৮) এগৰাকী অৱসৰপ্ৰাপ্ত টেবুল টেনিছ খেলুৱৈ। তেওঁ চীনৰ হৈ অলিম্পিক স্বৰ্ণ পদক আৰু পৰৱৰ্তী সময়ত চীনা টাইপেইৰ হৈ অলিম্পিক পদক লাভ কৰিছিল।
-
চেন ঝেয়ুয়ান
চেন ঝেয়ুয়ান (জন্ম: ২৯ অক্টোবৰ ১৯৯৬) এগৰাকী চীনদেশীয় অভিনেতা। তেওঁ বিশেষকৈ ২০২০ চনৰ উক্সিয়া ধাৰাবাহিক হেণ্ডছাম ছিবিলিংছ আৰু ২০২১ চনৰ যৌৱনভিত্তিক নাটক আৱাৰ ছিক্ৰেটত তেওঁৰ অভিনয়ৰ বাবে জনাজাত। ২০২৩ চনত প্ৰকাশিত জনপ্ৰিয় ধাৰাবাহিক হিডেন লাভত অভিনয় কৰাৰ পাছত তেওঁ বিশেষ খ্যাতি অৰ্জন কৰে।
-
চেন দুয়ানশ্বেং
চেন দুয়ানশ্বেং (ইংৰাজী: Chen Duansheng; জন্ম: ১৭৫১–১৭৯৬) এগৰাকী চীনা কবি আৰু তানচি ঔপন্যাসিকা আছিল। তেওঁ আটাইতকৈ বিখ্যাত তানচিসমূহৰ ভিতৰত অন্যতম জাইশ্বেংইউয়ান (অসমীয়া অৰ্থ: যুগ যুগান্তৰৰ প্ৰেমিক) নামৰ গ্ৰন্থখনৰ লেখিকা।
-
চেন শ্বানবাও
চেন শ্বানবাও (ইংৰাজী: Shen Shanbao; চীনা: 沈善宝; ১৮০৮–১৮৬২), যাৰ সৌজন্য নাম চিয়াংপেই আৰু শৈল্পিক নাম চিহু চানৰেন, আছিল চিং ৰাজবংশৰ সময়ৰ এগৰাকী চীনা কবি আৰু লেখিকা। তেওঁ মিংইয়ুয়ান শ্বিহুয়াৰ ৰচয়িতা, যিখন গ্ৰন্থত তেওঁক অন্তৰ্ভুক্ত কৰি চিং বংশৰ ৫০০ গৰাকী মহিলা কবিৰ জীৱনীমূলক সমল পোৱা যায়।
-
চেনড্ৰিন কৰমেন
চেনড্ৰিন কৰমেন (ইংৰাজী: Sandrine Corman; জন্ম: ১২ এপ্ৰিল ১৯৮০) এগৰাকী বেলজিয়ামৰ টেলিভিছন উপস্থাপিকা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁৰ জন্ম বেলজিয়ামৰ ভাৰ্ভিয়াৰ্চত হৈছিল।
-
চেনাইট ফিচেহা
চেনাইট ফিচেহা (Senait Fisseha) এগৰাকী ইথিঅ'পিয়ান-আমেৰিকীয় চিকিৎসক, অধিবক্তা আৰু প্ৰসূতি-স্ত্ৰীৰোগ বিশেষজ্ঞ। তেওঁ মিচিগান বিশ্ববিদ্যালয়ত এণ্ডক্ৰাইন'লজীত বিশেষজ্ঞতা লাভ কৰে আৰু চাউদাৰ্ণ ইলিনয় বিশ্ববিদ্যালয়ৰ পৰা জুৰিছ ডাক্তৰ লাভ কৰে।
-
চেনে গ্ৰাইমছ-বীচ
চেনে ছোনিয়া গ্ৰাইমছ-বীচ (জন্ম: ২৪ অক্টোবৰ, ১৯৮৯), যাক পূৰ্বে আৰু বৰ্তমানেও সাধাৰণতে চেনে গ্ৰাইমছ নামেৰে জনা যায়, এগৰাকী কানাডিয়ান অভিনেত্ৰী। তেওঁ টিভি ধাৰাবাহিক ৯০২১০-ত এনী উইলছনৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।
-
চেনো চুহাহ
চেনো চুহাহ (Seno Tsuhah) হ’ল নাগালেণ্ডৰ চিজামিৰ চাখেচাং নাগা সম্প্ৰদায়ৰ এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আৰু খিলঞ্জীয়া সমাজকৰ্মী। লিংগভিত্তিক ন্যায় আৰু স্থানীয় কৃষি বিষয়ক কামৰ বাবে তেওঁ উত্তৰ-পূব ভাৰতত বিশেষভাৱে জনা যায়।
-
চেলচিয়া আইলান
চেলচিয়া এলিজাবেথ আইলান (জন্ম: ২ জুন ১৯৯৫) এগৰাকী আমেৰিকাত জন্মগ্ৰহণ কৰা ইণ্ডোনেছিয়ান অভিনেত্ৰী। তেওঁ ২০১৫ চনৰ ডি বালিক ৯৮ আৰু ২০১৬ চনৰ ৰুডি হাবিবিয়ে চলচ্চিত্ৰৰ বাবে পৰস্পৰ দুবাৰ চিত্ৰা বেষ্ট অভিনেত্ৰীৰ মনোনয়নৰ পদাধিকাৰী হৈছিল।