চেনো চুহাহ (Seno Tsuhah) হ’ল নাগালেণ্ডৰ চিজামিৰ চাখেচাং নাগা সম্প্ৰদায়ৰ এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আৰু খিলঞ্জীয়া সমাজকৰ্মী। লিংগভিত্তিক ন্যায় আৰু স্থানীয় কৃষি বিষয়ক কামৰ বাবে তেওঁ উত্তৰ-পূব ভাৰতত বিশেষভাৱে জনা যায়। তেওঁ বিশ বছৰৰো অধিক সময় ধৰি নাৰীবাদী সংগঠন নৰ্থ ইষ্ট নেটৱৰ্কৰ (এনইএন) সৈতে জড়িত হৈ আছে। তেওঁৰ কামৰ বাবে ২০০৬ চনত তেওঁ ভাৰত চৰকাৰৰপৰা ঝান্সী কী ৰাণী লক্ষ্মীবাঈ শীৰ্ষক নাৰী শক্তি পুৰস্কাৰ লাভ কৰিছিল।
প্ৰাৰম্ভিক জীৱন
চেনো চুহাহ নাগালেণ্ডৰ নাগালেণ্ডৰ চাখেচাং নাগা সম্প্ৰদায়ৰ ব্যক্তি।১২ চিজামি ছাত্ৰ সন্থাৰ কৰ্মী হিচাপে তেওঁ সাম্প্ৰদায়িক উন্নতিৰ হকে সামাজিক কাম-কাজ কৰিছিল। কলেজীয়া শিক্ষা শেষ কৰি চেনো নিজৰ গাওঁলৈ উভতি আহে আৰু চুবুৰীয়া গাওঁ এখনৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষক ৰূপে নিযুক্তি লাভ কৰে। পিছত তেওঁ চিজামি মহিলা সমাজত (চিডব্লিউএছ) যোগদান কৰিছিল। তেওঁ ১৯৯৬ চনত নৰ্থ ইষ্ট নেটৱৰ্কৰ (এনইএন) এটা প্ৰশিক্ষণ কাৰ্যসূচীত নাগালেণ্ডতে মনীষা বেহেলক লগ পায় আৰু দুবছৰ পিছত আনুষ্ঠানিকভাৱে এনইএনত যোগদান কৰে। মহিলাৰ অধিকাৰৰ বাবে তেওঁ এক্টিভিষ্ট ৰূপে কাম কৰিছিল।২৩ আঠ বছৰৰ প্ৰচেষ্টাৰ পিছত, চুহাহে চিজামি গাওঁ পৰিষদক সৈমান কৰিবলৈ সক্ষম হৈছিল যে অদক্ষ শ্ৰমত মহিলাসকলেও পুৰুষৰ সমানে মজুৰী পাব লাগে। ২০১৪ চনত, পৰিষদে পুৰুষৰ সমানে সমানে মহিলা কৃষি শ্ৰমিকসকলৰ বাবে মজুৰি ৰখাৰ বাবে এক প্ৰস্তাৱ গৃহীত কৰিছিল। পৰৱৰ্তী বছৰত, পৰিষদৰ সদস্য হ’বলৈ দুগৰাকী মহিলাক বাছনি কৰা হয়। অত্যন্ত পুৰুষতান্ত্ৰিক নাগা সমাজত, চিজামি গাওঁ পৰিষদ এটি বিৰল উদাহৰণ; য’ত সক্ৰিয় সদস্য হিচাপে মহিলাইও কাম কৰি আছে।৪
কৃষিক্ষেত্ৰলৈ অৱদান
চুহাহে চিজামিত এটা এনইএন কেন্দ্ৰ স্থাপন কৰিছিল যি পোন্ধৰ প্ৰকাৰৰ মিলেট সংগ্ৰহ কৰিছিল।৫ ২০০৯ চনত ডেনমাৰ্কৰ কোপেনহেগেনত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলনত চুহাহে চাখেচাং নাগা সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰিছিল।১ চুহাহে স্থানীয় কৃষি পদ্ধতিৰ লগতে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত থলুৱা মহিলাৰ ভূমিকাৰ ওপৰত জোৰ দিছিল। ২০১৭ চনত আন্তৰ্জাতিক মহিলা দিৱস উপলক্ষে প্ৰদান কৰা এক ভাষণত তেওঁ কয় যে আহক, এই মঞ্চ ব্যৱহাৰ কৰি পুনৰ অৱলোকন, পুনৰ বিবেচনা আৰু নতুন কৌশল প্ৰয়োগৰ জৰিয়তে পাৰিপাৰ্শ্বিক কৃষি অনুশীলন কৰা আমাৰ সম্প্ৰদায়ৰ মহিলা আৰু পুৰুষ কৃষকসকলৰ অৱদানক আমি স্বীকৃতি দিওঁ।৬ চুহাহে শস্য নিৰ্বাচন আৰু বীজ সংৰক্ষণত মহিলাৰ ভূমিকাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।৫
সন্মান আৰু স্বীকৃতি
২০২০ চনৰ ছেপ্টেম্বৰ মাহত, মহিলাৰ অধিকাৰ, সুশাসন, প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা আৰু বহনক্ষম জীৱিকাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে চুহাহে ডিমাপুৰত ১৩তম পিচ চেনেল এৱাৰ্ড লাভ কৰে। বঁটা গ্ৰহণৰ সময়ত প্ৰদান কৰা ভাষণত, চুহাহে মহিলা কৃষক, শিল্পী, বিক্ৰেতা, জ্যেষ্ঠ আৰু সংৰক্ষণ বিশেষজ্ঞ মহিলাসকলক কৃতিত্ব দিছিল, যাৰ সৈতে তেওঁ গোটেই বছৰ ধৰি ভ্ৰমণ কৰিছিল।৭৮ দুবছৰৰ পিছত, চিজামি ৱিভছৰ সৈতে সংগঠিত হৈ তেওঁ কৰা কামক স্বীকৃতি দিয়াৰ বাবে বালিপাৰা ফাউণ্ডেচনৰ দ্বাৰা নেচাৰনোমিক্স বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানত, তেওঁ এই বঁটা অধিক সক্ৰিয় আৰু নিজৰ গাঁৱত সামূহিক কামত অংশগ্ৰহণ কৰা শিপিনীসকললৈ উৎসৰ্গা কৰিছিল। তেওঁ কৈছিল যে, এই বঁটাই বস্ত্ৰ বয়নৰ জৰিয়তে বহনক্ষম জীৱিকাৰ কামক স্বীকাৰ কৰে।৯
তথ্যসূত্ৰ
- ↑ (2010-08-23). Sustainability lessons. Deccan Herald
- ↑ (31 May 2022). Changemaker Interview Series: Chapter 3. North East Network
- ↑ Pal, Sanchari. (11 August 2016). A Tiny Naga Village Has Been Spearheading Women's Rights & Sustainable Farming for Almost a Decade. The Better India
- ↑ Kalra, Silvy. (2016-09-12). Changing Lives of Women in Rural India: Small Nagaland Village Leads the Way to Gender Equality. www.vagabomb.com
- ↑ Rehman, Teresa. (27 April 2010). Bringing back millet to cope with climate change, empower women. Thomson Reuters Foundation News
- ↑ Moitra, Aheli. (9 March 2017). Women & Men: Relook. Rethink. Restrategise. The Morung Express. পৃ. 1
- ↑ Morung Express Network. (22 September 2020). Seno Tsuhah dedicates 'Peace Award' to resilient women farmers. The Morung Express
- ↑ ICM, Team. (2020-09-23). Nagaland: Activist Seno Tsuhah Conferred Peace Award 2020. Indian Catholic Matters
- ↑ (2020-12-05). Two Nagas receive Balipara Foundation Awards – Eastern Mirror. easternmirrornagaland.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেনো চুহাহ” প্ৰবন্ধৰ সংশোধন ৪০৯০৮৬ (২ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।