চুলতানা বা চুলতানা ৰেজাক (Sultana) ভাৰতীয় উদ্যোগৰ প্ৰাৰম্ভিক পৰ্যায়ৰ এগৰাকী অভিনেত্ৰী আছিল। নিৰ্বাক ছবিৰে কৰ্মজীৱনৰ পাতনি মেলা চুলতানাই পিছলৈ সবাক ছবিতো অভিনয় কৰিবলৈ লৈছিল। তেওঁ ভাৰতৰ প্ৰথম মহিলা পৰিচালক ফাটিমা বেগমৰ জীয়াৰী আছিল।১ ভাৰতৰ প্ৰথম সবাক ছবি আলম আৰাৰ নায়িকা জুবেইদা আছিল চুলতানা ভগ্নী।২
প্ৰাৰম্ভিক জীৱন
তেওঁ সেইসকল মুষ্ঠিমেয় ছোৱালীৰ ভিতৰৰ এজনী, যি সময়ত সন্মানীয় পৰিয়ালৰ ছোৱালীৰ বাবে চলচ্চিত্ৰাভিনয়ক এক মৰ্যাদাপূৰ্ণ বৃত্তি বুলি ভবা নহৈছিল। তেওঁৰ জন্ম ব্ৰিটিছ ভাৰতৰ বোম্বে প্ৰেচিডেঞ্চিৰ সুৰতত (বৰ্তমান গুজৰাটৰ অন্তৰ্গত) হৈছিল। আশ্চৰ্যজনক সৌন্দৰ্যৰ অধিকাৰী চুলতানা শচীন ষ্টেটৰ নবাব ইব্ৰাহীম মহম্মদ য়াকুট খান তৃতীয়ৰ জীয়াৰী আছিল। মাক আছিল ফাটিমা বেগম। তেওঁলোকৰ তিনীজনী ভনীয়েকৰ এজনী আছিল জুবেইদা, যি প্ৰথম ভাৰতীয় সবাক ছবি আলম আৰাৰ নায়িকা আছিল। আন এগৰাকী ভনী আছিল চাহজাদী। অৱশ্যে নবাবৰ সৈতে ফাটিমাৰ বিয়া হোৱাৰ বা ফাটিমাৰ সন্তানক নবাবে পিতৃৰ স্বীকৃতি দিয়াৰ কোনো আধিকাৰিক তথ্য নাই।৩
কৰ্মজীৱন
চুলতানা নিৰ্বাক যুগৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আছিল আৰু সাধাৰণতে ৰোমাণ্টিক চৰিত্ৰত অভিনয় কৰিছিল। ‘বীৰ অভিমন্যু’ (১৯২২) যোগে তেওঁ অভিনয় আৰম্ভ কৰিছিল।১ বহুকেইখন নিৰ্বাক ছবিত অভিনয় কৰাৰ উপৰিও তেওঁ সবাক ছবিতো অভিনয় কৰিছে। ১৯৪৭ চনত ভাৰত বিভাজন হোৱাৰ পিছত তেওঁ স্বামী আব্দুল ৰেজাকৰ সৈতে পাকিস্তানলৈ গুছি যায়। আব্দুল ৰেজাক এজন চহকী লোক আছিল। বিখ্যাত চিত্ৰনাট্যকাৰ ফায়াজ হাচমীয়ে লিখিছে যে চুলতানাৰ জীয়াৰী জামিয়া ৰেজাককো পাকিস্তানী ছবিত অভিনয় কৰাৰ বাবে অনুপ্ৰাণিত কৰা হৈছিল। ১৯৬১ চনত পাকিস্তানত চুলতানাই প্ৰযোজনা কৰা ছবি ‘হম ঈদ হ্যায়’ মুক্তি পাইছিল। ছবিখন আংশিকভাবে ৰঙীন আছিল, কিন্তু ই সফল নহ’ল আৰু চুলতানাই ইয়াৰ পিছত ছবি প্ৰযোজনা কৰা বন্ধ কৰি দিলে।২
চুলতানাই অভিনয় কৰা নিৰ্বাক ছবিসমূহ হ’ল- বীৰ অভিমন্যু (১৯২২), গুল বকাৱলী (১৯২৪), কল্যাণ খাজিনা (১৯২৪), কালা নাগ (১৯২৪), মনোৰমা (১৯২৪), পৃথ্বী বল্লভ (১৯২৪), সতী সৰ্দাৰবা (১৯২৪), ইন্দ্ৰসভা (১৯২৫), চন্দ্ৰাৱলী (১৯২৮), কনক তাৰা (১৯২৯), ইয়ং ইণ্ডিয়া (১৯২৯), ব্ৰেণ্ড অফ ফেট (১৯৩০), গ্লোৰী অফ ইণ্ডিয়া (১৯৩০) আদি। সবাক ছবি কেইখন মান হ’ল- মিল্কমেইড (১৯৩১), কমৰ-অল-জামান (১৯৩১), ইন্তেকাম (১৯৩৩), চান-ই-সুভান (১৯৩৩), আফগান অবলা (১৯৩৪), আমিৰজাদী (১৯৩৪), সৌভাগ্য লক্ষ্মী (১৯৩৪), বেহেন কা প্ৰেম (১৯৩৫), গিৰিধৰ গোপী কা মীৰা (১৯৪৯) আদি।৩২
চুলতানৰ জীয়েক জামিয়া ৰেজাকে পাকিস্তানৰ বিখ্যাত ক্ৰিকেট খেলুৱৈ ৱাকাৰ হাচানক বিয়া কৰায়। ৱাকাৰ হাচান চলচ্চিত্ৰ নিৰ্মাতা ইকবাল চাহজাদৰ ভায়েক আছিল। তেওঁ কৰাচীত ‘নেচনেল ফুডচ’ নামেৰে ব্যৱসায় এটা চলাইছিল।২
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Sultana-actress. IMDb.com. amazon.com/IMDb.com
- ↑ sultana. Cineplot.com
- ↑ Early age film world's movie actress Sultana film career. nettv4u.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুলতানা (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৩৪২৮৬৮ (১৪ জানুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।