অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চুলাক্ষী ৰাণাতুংগা

চুলাক্ষী সৌভাগ্য ৰাণাতুংগা (সিংহলী: චූලක්ෂි සෞභාග්‍යා රණතුංග) (জন্ম: ১৩ ফেব্ৰুৱাৰী ১৯৮৯) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০১৪ চনৰ মিছ শ্ৰীলংকা খিতাপৰ বিজয়ী আছিল।

হালনাগাদ: ৬ আগষ্ট ২০২৬ ২৩৭ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

চুলাক্ষী সৌভাগ্য ৰাণাতুংগা (সিংহল ভাষা: චූලක්ෂි සෞභාග්‍යා රණතුංග) (জন্ম: ১৩ ফেব্ৰুৱাৰী ১৯৮৯১) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী।২ তেওঁ ২০১৪ চনৰ মিছ শ্ৰীলংকা খিতাপৰ বিজয়ী আছিল।৩ তেওঁ ২০১৪ চনৰ ১৪ ডিচেম্বৰত লণ্ডনৰ এক্সচেলত অনুষ্ঠিত হোৱা মিছ ৱৰ্ল্ড ২০১৪ প্ৰতিযোগিতাত শ্ৰীলংকাক প্ৰতিনিধিত্ব কৰিছিল।৪

ব্যক্তিগত জীৱন

ৰাণাতুংগাৰ জন্ম ১৯৮৯ চনৰ ১১ ফেব্ৰুৱাৰীত৫ শ্ৰীলংকাৰ কলম্বোত পৰিয়ালটোৰ দ্বিতীয়টি সন্তান হিচাপে হৈছিল। তেওঁ মালিয়দেৱ বালিকা বিদ্যালয়ৰ পৰা শিক্ষা সম্পূৰ্ণ কৰিছিল, য’ত তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাস্কেটবল খেলত পাৰদৰ্শিতা দেখুৱাইছিল। তেওঁৰ এজন ককায়েক আছে।৬

কৰ্মজীৱন

২০১৪ চনত ৰাণাতুংগাই মিছ শ্ৰীলংকাৰ খিতাপ অৰ্জন কৰে আৰু একে বছৰতে ইংলেণ্ডত অনুষ্ঠিত মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত শ্ৰীলংকাক প্ৰতিনিধিত্ব কৰে।৭ তেওঁ কৌশল্যা ফাৰ্নাণ্ডোৰ অধীনত অভিনয় শিক্ষা গ্ৰহণ কৰিছে।৮

২০১৭ চনত তেওঁ দেদুনু আকাশে’শ ছবিৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে, য’ত তেওঁ হেমাল ৰাণাসিংঘেৰ বিপৰীতে মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল।৯১০ ছবিখনে ব্যৱসায়িক সফলতা লাভ কৰে আৰু ৰাণাতুংগাক এগৰাকী চলচ্চিত্ৰ অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰে।১১ একে বছৰতে তেওঁ নীলাঞ্জনা’/ নামৰ থ্ৰিলাৰ ছবিখনত সহযোগী চৰিত্ৰত অভিনয় কৰে। ২০১৯ চনত তেওঁ সুনীল আৰিয়াৰত্নেৰ ঐতিহাসিক ছবি বিজয়বা কল্লায়াত দ্বিতীয়বাৰৰ বাবে হেমালৰ বিপৰীতে অভিনয় কৰে।১২ ২০২৪ চনৰ সাৰসাৱিয়া বঁটাত তেওঁ ‘হামিদুল্লা’ চৰিত্ৰত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বঁটা লাভ কৰে।৮১৩

২০২১ চনত তেওঁ গিনিমল পুকুৰু নামৰ থ্ৰিলাৰ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰে।১৪ ইয়াৰ পিছত তেওঁ গিন্দৰী ২ আৰু গুথথিইলা ছবিত সহযোগী চৰিত্ৰত অভিনয় কৰে। ২০২৪ চনত তেওঁ মন্দাৰা নামৰ থ্ৰিলাৰ ছবিখনত নামভূমিকাত অভিনয় কৰে।১৫ ২০২৫ চনত তেওঁ হাউছ ফুল নামৰ ধেমেলীয়া ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰে, য’ত তেওঁ গিনিমল পুকুৰুৰ পিছত দ্বিতীয়বাৰৰ বাবে ইছুৰু লোকুহেট্টিয়াৰাচ্চিৰ বিপৰীতে অভিনয় কৰিছে।১৬১৭

তথ্যসূত্ৰ

  1. ↑ Chulakshi Ranathunga
  2. ↑ (12 January 2025). ৰূপণেয়েন পোহোচথ চিনেমা তৰুৱা চুলাক্ষী. silumina.lk
  3. ↑ (14 August 2014). Glittering finale for Miss World Sri Lanka
  4. ↑ Glittering finale for Miss World Sri Lanka · The Sundaytimes Sri Lanka
  5. ↑ කලාකරුවන් ඇතුඵ සැමට සුබ උපන්දිනක්වේවා. suratha.lk
  6. ↑ මම දුරින් ඉඳන් ඔහුට පෙම්බඳිනවා. hirutv.lk
  7. ↑ ඔබ දන්නා චූලක්ෂි ගැන ඇය කියූ නොදන්නා කතාව මෙන්න!. mirrorarts.lk
  8. ↑ පමා වුණත් වේදිකාවට නඟින්න පින් කර තිබුණා - 2019 හොඳම සහාය නිළිය චුලක්ෂි රණතුංග. sarasaviya.lk
  9. ↑ දැනගෙන කතරගම ගිය කොළඹගේ නිමැවූ 'දේදුනු ආකා. ada.lk
  10. ↑ සිනමාවට තරු එළියක් ගෙනෙන දේදුනු ආකා. ada.lk
  11. ↑ New Romantic Movie "Dedunu Akase" From October. asianmirror.lk
  12. ↑ මන් කවදා හරි ලංකාවේ ජනප්‍රියම රංගන ශිල්පිනිය වෙනවා. තරුණයෝ පිස්සු වට්ටන චුලක්ෂි රණතුංග. puwath.lk
  13. ↑ 2024 සරසවිය අබිසෙස් ලැබුවෝ. sarasaviya.lk
  14. ↑ ගිනිමල් පොකුරේ සරාගිනිය ලක් රූ රැජිණ නිරූපිකා රංගන ශිල්පිනී චූලක්ෂි රණතුංග. lankadeepa.lk
  15. ↑ මන්දාරා උපේක්ෂාවෙන් ප්‍රශ්න දිහා බලන කෙනෙක්. mawbima.lk
  16. ↑ වසරේ සිනා සාගරය ‘හවුස් ෆුල්’ - දැන් පෙන්වනවා. mirrorarts.lk
  17. ↑ Chulakshi Ranathunga: චූලක්ෂි රණතුංග filmography. films.lk

সম্পৰ্কিত শ্ৰেণী

শ্ৰীলংকাৰ অভিনেত্ৰীমডেলসৌন্দৰ্য প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুলাক্ষী ৰাণাতুংগা” প্ৰবন্ধৰ সংশোধন ৬২৩৬৩৮ (৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।