অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চেতনা সিনহা

চেতনা গালা সিনহা (Chetna Sinha; জন্ম: ১৯৫৮) হৈছে এগৰাকী ভাৰতীয় সামাজিক উদ্যোগী; যি উদ্যোগী দক্ষতা, ভূমি আৰু উৎপাদনৰ মাধ্যম শিকাই ভাৰতৰ গাঁও এলেকাবোৰত মহিলাসকলক শক্তিশালী কৰাৰ উদ্দেশ্যে কাম কৰি আছে।

হালনাগাদ: ৩০ জুন ২০২৫ ৫১০ শব্দ · ৩ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

চেতনা গালা সিনহা (Chetna Sinha; জন্ম: ১৯৫৮) হৈছে এগৰাকী ভাৰতীয় সামাজিক উদ্যোগী; যি উদ্যোগী দক্ষতা, ভূমি আৰু উৎপাদনৰ মাধ্যম শিকাই ভাৰতৰ গাঁও এলেকাবোৰত মহিলাসকলক শক্তিশালী কৰাৰ উদ্দেশ্যে কাম কৰি আছে।১

আন ছগৰাকী মহিলা নেত্ৰীৰ সৈতে চেতনা সিনহাই ২০১৮ চনত চুইজাৰলেণ্ডৰ দাভোছত বিশ্ব অৰ্থনৈতিক মঞ্চৰ ৪৮তম বাৰ্ষিক সভাত সভাপতিত্ব কৰিছিল। সিনহাক সমাজলৈ আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে মহিলাসকলৰ বাবে প্ৰচলিত ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা নাৰী শক্তি পুৰস্কাৰ প্ৰদান কৰা হৈছে। তেওঁ ব্ৰিকচ্‌ মহিলা ব্যৱসায়িক মিত্ৰজোঁটৰ সদস্য আৰু জাৰ্মানীৰ জি চেভেন প্ৰেচিডেন্সিৰ সময়ত নিযুক্ত লিংগ সমতা উপদেষ্টা পৰিষদৰ (২০২২) সদস্য।

১৯৯৭ চনত, তেওঁ মান দেশী মহিলা সহকাৰী বেংক স্থাপন কৰিছিল। গাঁৱৰ মহিলাসকলৰ বাবে মহিলাৰ দ্বাৰা পৰিচালিত এইটো ভাৰতৰ প্ৰথম বেংক। মান দেশী বেঙ্কৰ একাউণ্ট ধাৰীৰ সংখ্যা আছিল ১০০,০০০ গৰাকী আৰু ২০১৮ চনত তেওঁলোকে মহিলা ক্ষুদ্ৰ উদ্যোগীসকলক সহায় কৰিবলৈ ৫০ নিযুত আমেৰিকান ডলাৰৰ অধিক ঋণ লৈছিল। চেতনাই প্ৰতিষ্ঠা কৰা মান দেশী ফাউণ্ডেচনে গ্ৰাম্য মহিলা ক্ষুদ্ৰ উদ্যোগীসকলৰ বাবে বিজনেছ স্কুল, এটা কমিউনিটি ৰেডিঅ’ আৰু চেম্বাৰ অফ কমাৰ্চ চলায়। ২০২২ চনত, ই ৮৫০,০০০ ৰো অধিক মহিলাৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছে।২

চেতনা সিনহা হৈছে য়েল ফেলো, শ্বাব ফেলো আৰু অশোকা ফেলো।

প্ৰাৰম্ভিক জীৱন

চেতনা সিনহাৰ জন্ম হৈছিল মুম্বাইত। তেওঁ ১৯৮২ চনত মুম্বাই বিশ্ববিদ্যালয়ৰপৰা কমাৰ্চ আৰু অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

সিনহা ১৯৭০ আৰু ৮০ৰ দশকৰ ৰাজনৈতিক সক্ৰিয়তাৰ সোণালী দিনবোৰত মুম্বাইত ডাঙৰ দীঘল হৈছিল। তেওঁ বিকমৰ ছাত্ৰী আছিল আৰু মুম্বাই বিশ্ববিদ্যালয়ৰপৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰীধাৰী। জয়প্ৰকাশ নাৰায়ণৰ ৰাজনৈতিক আদৰ্শৰ প্ৰতি তেওঁ আকৰ্ষিত হৈছিল।৩

মান দেশী মহিলা সহকাৰী বেংক স্থাপন কৰিবলৈ লৈ তেওঁ জীৱনত প্ৰথমটো বাধাৰ সন্মুখীন হয়। ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে প্ৰমট কৰা কিছু সদস্য নিৰক্ষৰ বুলি ১৯৯৬ চনত তেওঁৰ আবেদন প্ৰত্যাখ্যান কৰিছিল। সিনহা হতাশ হৈ গাওঁলৈ ঘূৰি আহে যদিও স্থানীয় গাওঁবাসীয়ে তেওঁক পাঠদানৰ শ্ৰেণী আয়োজন কৰিবলৈ হেঁচা দিয়ে।৩ পাঁচ মাহত, সিনহাই নতুন আবেদন আৰু গাওঁখনৰ মহিলাসকলক লৈ পুনৰ বেংকলৈ যায়। এইবাৰ বেঙ্কে তেওঁলোকৰ আবেদন অনুমোদন কৰি অনুজ্ঞাপত্ৰ জাৰী কৰে আৰু এনেদৰে গাঁৱৰ মহিলাসকলৰ বাবে মহিলাসকলে চলোৱা ভাৰতৰ প্ৰথমটো গ্ৰাম্য বেংক, মান দেশী মহিলা বেংক স্থাপন হয়।

সিনহা মান দেশী মহিলা সহকাৰী বেংকৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ, ই এটা মাইক্ৰ'ফাইনেন্স বেংক যি গাঁও অঞ্চলৰ মহিলাসকলক ঋণ দিয়ে। তেওঁ মান দেশী ফাউণ্ডেচনৰো প্ৰতিষ্ঠাপক আৰু সভাপতি।৪ মান দেশী মহিলা সহকাৰী বেংক হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা সমবায় অনুজ্ঞাপত্ৰ লাভ কৰা গ্ৰাম্য মহিলাসকলৰ বাবে আৰু তেওঁলোকে পৰিচালনা কৰা দেশৰ প্ৰথম বেংক। বেঙ্কটো স্থাপন কৰাৰ দুটা দশকৰ ভিতৰত (১৯৯৭ চনত) ইয়াৰ ১,৩৩৫ জন সদস্যৰপৰা মুঠ ৭,০৮,০০০ টকা কাৰ্যকৰী মূলধন সংগ্ৰহ কৰা হৈছে, ই ৩,১০,০০০ ৰো অধিক মহিলাক (তেওঁলোকৰ মাজত ৮৪,০০০ গৰাকী ঋণ লওঁতা) সফল উদ্যোগী হ’বলৈ বিত্তীয় সমৰ্থন আৰু আৱেগিক প্ৰেৰণা প্ৰদান কৰিছে।৩

২০১৬ চনত ভাৰত চৰকাৰে বিমুদ্ৰাকৰণৰ ঘোষণা কৰাৰ পিছতো তেওঁলোকৰ এই অভিযান কৰ্যকৰী হৈ আছিল। মান দেশী বেংকৰ বিষয়াসকলে ভাৰতীয় ষ্টেট বেংকৰ পৰা মুদ্ৰা সংগ্ৰহ কৰিছিল আৰু ঘৰে ঘৰে গৈ আৰু সাপ্তাহিক বজাৰত ৫০০ টকীয়া পুৰণি নোটৰ বিনিময়ত মুদ্ৰা বিতৰণ কৰিছিল।৩

মান দেশী ফাউণ্ডেচনে বিত্তীয় সাক্ষৰতাৰ শ্ৰেণী চলাইছিল, য’ত মহিলাসকলক মডিউলৰ জৰিয়তে সঞ্চয়, বিনিয়োগ, বীমা আৰু ঋণৰ বিষয়ক শিক্ষা প্ৰদান কৰা হৈছিল। ফাউণ্ডেচনৰ মতে, শ্ৰেণীকোঠাত বহুৱাই ব্যৱসায় বিকাশৰ পাঠদান কৰাৰ পিছত গ্ৰাম্য মহিলাসকলৰ গড় বাৰ্ষিক উপাৰ্জন ১৩,২০০টকালৈ বৃদ্ধি হৈছিল।

চেতনা সিনহা আৰু আন ছগৰাকী মহিলাই ২০১৮ চনৰ ২৩ৰপৰা-২৬ জানুৱাৰীলৈ চুইজাৰলেণ্ডৰ দাভোছ-ক্লষ্টাৰ্ছত বিশ্ব অৰ্থনৈতিক মঞ্চৰ ৪৮তম বাৰ্ষিক সভাত সভাপতিত্ব কৰিছিল।৫ এই মহিলা দলটোত বেলজিয়ামৰ ইণ্টাৰনেচনেল ট্ৰেড ইউনিয়ন কনফেডাৰেচন (আইটিইউচি)ৰ সাধাৰণ সম্পাদক শৰণ বাৰো; ইউৰোপিয়ান অৰ্গেনাইজেচন ফ’ৰ নিউক্লিয়েৰ ৰিচাৰ্ছ (চিইআৰএন), জেনেভা, চুইজাৰলেণ্ডৰ সঞ্চালক প্ৰধান ফেবিঅলা গ্যানোট্টি; এনজিআইই, ফ্ৰান্সৰ মুখ্য কাৰ্যবাহী বিষয়া ইজাবেল ক’চাৰ; ৱাশ্বিংটন ডিচিৰ আন্তৰ্জাতিক মুদ্ৰা নিধিৰ পৰিচালনা সঞ্চালক ক্ৰিষ্টিন লেগাৰ্ড; আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইবিএম কৰ্পোৰেচনৰ অধ্যক্ষ, সভাপতি আৰু মুখ্য কাৰ্যবাহী বিষয়া জিনি ৰমেট্টি আৰু নৰৱেৰ প্ৰধানমন্ত্ৰী এৰ্ণা চোলবাৰ্গ অন্তৰ্ভুক্ত আছিল।

সিনহা এগৰাকী অশোকা ফেলো।৬

সন্মান আৰু স্বীকৃতি

চেতনা সিনহাই ২০০৯ চনৰ ১১ ছেপ্টেম্বৰত গডফ্ৰে ফিলিপচ্‌ৰ দ্বাৰা প্ৰথম গডফ্ৰে ফিলিপচ্‌ সাহসিকতা আমোদিনী বঁটা লাভ কৰিছিল।

২০০৯ চনৰ ৭ মাৰ্চ তাৰিখে চাটাৰাৰ চাইক্ল' ট্ৰেন্সমিচন লিমিটেডৰ পৰা ৰাণী লক্ষ্মীবাই পুৰস্কাৰ লাভ কৰিছিল। বিভিন্ন ক্ষেত্ৰত উৎকৃষ্ট কাম কৰা মহিলাসকলক এই বঁটা প্ৰদান কৰা হয়।

২০০৫ চনত গ্ৰাম্য উদ্যোগীকৰণৰ বাবে লাভ কৰিছিল জানকীদেৱী বাজাজ পুৰস্কাৰ।৭

১৯৯৯ চনত খৰাং পীড়িত মহিলাসকলৰ বাবে কৰা কামৰ বাবে শ্ৰী নানাজী দেশমুখ আৰু ৰাজীৱ শেঠ চাবালে ফাউণ্ডেচন বঁটা আৰু উন্নয়নৰ কামৰ বাবে ১৯৯৪ চনত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী পি চি আলেকজেণ্ডাৰ বঁটা লাভ কৰে।

প্ৰভাৱী উদ্যোগী ৰূপে তেওঁ ২০১৭ চনত ফৰ্বচ ইণ্ডিয়া লিডাৰশ্বিপ এৱাৰ্ড লাভ কৰে।৮মহিলা সৱলীকৰণৰ ক্ষেত্ৰত কৰা কামৰ বাবে তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা নাৰী শক্তি পুৰস্কাৰ প্ৰদান কৰা হৈছিল।২

তথ্যসূত্ৰ

  1. ↑ Chetna Gala Sinha—innovative activist, and a visionary banker. DNA
  2. ↑ Chetna Sinha. World Economic Forum
  3. ↑ Chetna Gala Sinha: The silent crusader · Forbes India. Forbes India
  4. ↑ Shanoor Seervai. (3 March 2014). Bank Built for Women Blooms in India. THE WALL STREET JOURNAL
  5. ↑ world-economic-forum-announces-co-chairs-of-its-48th-annual-meeting
  6. ↑ Chetna Gala Sinha · Ashoka – India. india.ashoka.org
  7. ↑ Chetna Sinha receives Jankidevi Bajaj award
  8. ↑ Chetna Gala Sinha: The silent crusader · Forbes India. Forbes India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সমাজকৰ্মীনাৰী শক্তি পুৰস্কাৰ বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেতনা সিনহা” প্ৰবন্ধৰ সংশোধন ৫২১৫১৫ (৩০ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।