অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চেজ চুই ৱাণ্ডাৰ্ছ

চেজ চুই ৱাণ্ডাৰ্ছ (ইংৰাজী: Chase Sui Wonders; জন্ম: ২১ মে', ১৯৯৬) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ এইচবিঅ’ মেক্স ধাৰাবাহিক জেনেৰেচনত (২০২১) ৰাইলি, হৰৰ-কমেডী ছবি বডিজ বডিজ বডিজত (২০২২) এমা, এপল টিভি প্লাছৰ ব্যংগাত্মক কমেডী ধাৰাবাহিক দ্য ষ্টুডিঅ’ত (২০২৫) কুইন হেকেট আৰু শ্লেচাৰ ছবি আই নো হোৱাট ইউ ডিড…

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ৩৫৩ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

চেজ চুই ৱাণ্ডাৰ্ছ (ইংৰাজী ভাষা: Chase Sui Wonders; জন্ম: ২১ মে', ১৯৯৬)১ এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী। তেওঁ এইচবিঅ’ মেক্স ধাৰাবাহিক জেনেৰেচনত (২০২১) ৰাইলি, হৰৰ-কমেডী ছবি বডিজ বডিজ বডিজত (২০২২) এমা, এপল টিভি প্লাছৰ ব্যংগাত্মক কমেডী ধাৰাবাহিক দ্য ষ্টুডিঅ’ত (২০২৫) কুইন হেকেট আৰু শ্লেচাৰ ছবি আই নো হোৱাট ইউ ডিড লাষ্ট ছামাৰত (২০২৫) এভা ব্ৰাক্সৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।

প্ৰাৰম্ভিক জীৱন

ৱাণ্ডাৰ্ছৰ জন্ম মিছিগানৰ ব্লুমফিল্ড হিলছত হৈছিল। তেওঁৰ পিতৃ চীনা বংশোদ্ভূত আৰু মাতৃ ইউৰোপীয় বংশোদ্ভূত।২ তেওঁ আমেৰিকান ফেশ্বন ডিজাইনাৰ আন্না চুইৰ ভতিজী।৩ তেওঁ ডেট্ৰইটৰ উপকণ্ঠ অঞ্চলৰ ক্ৰেনব্ৰুক স্কুলত অধ্যয়ন কৰিছিল আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰপৰা 'মেগনা কাম লাউড' সন্মানেৰে স্নাতক ডিগ্ৰী লাভ কৰিছিল।৪ তাত তেওঁ চলচ্চিত্ৰ অধ্যয়ন আৰু নিৰ্মাণক মূল বিষয় হিচাপে লৈছিল আৰু মহাবিদ্যালয়ৰ হাস্যৰসাত্মক আলোচনী দ্য হাৰ্ভাৰ্ড লেম্পুনৰ বাবে লিখা-মেলা কৰিছিল।৫

কেৰিয়াৰ

ৱাণ্ডাৰ্ছে ২০০৯ চনৰ চলচ্চিত্ৰ এ ট্ৰিভিয়েল এক্সক্লুজনত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ লগতে ইয়াৰ সহ-পৰিচালক আৰু মুখ্য চিত্ৰনাট্যকাৰ হিচাপে নিজৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।৬ তেওঁ ২০১৫ চনত লাষ্ট মাইগ্ৰেচন নামৰ এখন পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ পৰিচালনা আৰু ৰচনা কৰিছিল। ২০১৯ চনত তেওঁ মনোবৈজ্ঞানিক হৰৰ ছবি ডেনিয়েল ইজ নট ৰিয়েলত মাকায়লাৰ চৰিত্ৰত অভিনয় কৰে।৭ ৱাণ্ডাৰ্ছে ২০২০ চনত চফিয়া কোপোলাৰদ্বাৰা পৰিচালিত কমেডী-ড্ৰামা ছবি অন দ্য ৰকছত এটা সৰু চৰিত্ৰত অভিনয় কৰিছিল।৮ ২০২১ চনত তেওঁ এইচবিঅ’ মেক্সৰ ড্ৰামেডী টেলিভিছন ধাৰাবাহিক জেনেৰেচনত ৰাইলি নামৰ এগৰাকী স্বাৱলম্বী হাইস্কুলীয়া ছাত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল।৯ ২০২২ চনত ৱাণ্ডাৰ্ছে ভোগ চাইনা আলোচনীৰ সৈতে লগ লাগি ৱেক নামৰ এখন চুটি ছবি ৰচনা আৰু পৰিচালনা কৰে য’ত তেওঁ নিজে আৰু চাৰ্লছ মেল্টনে অভিনয় কৰিছিল।১০

২০২১ চনৰ মে' মাহত ৱাণ্ডাৰ্ছে হেলিনা ৰেইনৰদ্বাৰা পৰিচালিত ব্যংগাত্মক শ্লেচাৰ ছবি বডিজ বডিজ বডিজত অভিনয় কৰিবলৈ সুযোগ পায়।১১ ছবিখন ২০২২ চনৰ ১৪ মাৰ্চত 'চাউথ বাই চাউথৱেষ্ট'ত প্ৰদৰ্শিত হৈছিল। ২০২১ চনৰ অক্টোবৰত তেওঁ ডায়েন ক্ৰুগাৰ আৰু হেংক আজাৰিয়াৰ সৈতে নীল লাবুটৰ ছবি আউট অফ দ্য ব্লুত অভিনয় কৰিছিল।১২ ২০২২ চনৰ জানুৱাৰীত একে নামৰ কিতাপৰ ওপৰত আধাৰিত এপল টিভি প্লাছৰ ধাৰাবাহিক চিটি অন ফায়াৰত তেওঁক মুখ্য চৰিত্ৰ হিচাপে ঘোষণা কৰা হয়।১৩ ২০২৫ চনত তেওঁ এপল টিভি প্লাছৰ কমেডী ধাৰাবাহিক দ্য ষ্টুডিঅ’ত কুইন হেকেটৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।১৪ তেওঁৰ অভিনয়ৰ বাবে তেওঁ কেইবাটাও বঁটাৰ মনোনয়ন লাভ কৰিছিল।১৫ ২০২৫ চনৰ ৩১ জুলাইত কেন্দ্ৰিক লামাৰৰ ক্ৰিয়েটিভ এজেন্সী 'পিজিল্যাং'-এ তেওঁলোকৰ নতুন শাখা মুকলিৰ কথা ঘোষণা কৰে আৰু সেই ঘোষণাৰ সৈতে এখন চুটি ছবি দ্য এজেন্সী মুকলি কৰা হয় য’ত ৱাণ্ডাৰ্ছে অভিনয় কৰিছিল।১৬

তথ্যসূত্ৰ

  1. ↑ Edwards, Hermione. (21 December 2022). Who Is Chase Sui Wonders, Pete Davidson's On-Screen Love Interest?. Harper's Bazaar
  2. ↑ Baker, Jessica. (March 12, 2021). Introducing Chase Sui Wonders, Star of HBO Max's New Must-Watch Series. Who What Wear
  3. ↑ Petrarca, Emilia. (May 23, 2017). Chase Sui Wonders, Anna Sui's Niece, Is a Harvard-Educated Comedy Buff and Aspiring Actress. W
  4. ↑ Chase Sui Wonders on Hudl
  5. ↑ McCarthy, Lauren. (October 3, 2021). Chase Sui Wonders Goes Back to High School on 'Generation'. Nylon
  6. ↑ Chase Sui Wonders. MN2S
  7. ↑ Raez, Constanza Falco. (August 13, 2021). Chase Sui Wonders · Let That State of Mind Flow. Flaunt
  8. ↑ Verney, Harriet. (February 11, 2020). Anna Sui's niece is set to make a major breakthrough in 2020 starring in Sofia Coppola's drama. Love
  9. ↑ Ramos, Dino-Ray. (September 25, 2019). 'Generation': Justice Smith, Chloe East and 8 More Join Lena Dunham-Produced HBO Max Dramedy. Deadline Hollywood
  10. ↑ Amari. (January 30, 2022). Wake (2022) – Review/ Summary (with Spoilers). Wherever I Look
  11. ↑ Kroll, Justin. (May 11, 2021). Lee Pace, Rachel Sennott, Chase Sui Wonders, and Conner O'Malley Join A24 Slasher Pic 'Bodies, Bodies, Bodies'. Deadline Hollywood
  12. ↑ Ravindran, Manori. (October 26, 2021). Neil LaBute's 'Out of The Blue' Rounds Out Cast With Chase Sui Wonders, WestEnd Films Boards Sales – AFM (EXCLUSIVE). Variety
  13. ↑ Otterson, Joe. (January 19, 2022). 'City on Fire' Series at Apple Casts Chase Sui Wonders (EXCLUSIVE). Variety
  14. ↑ White, Peter. (March 25, 2024). Catherine O'Hara, Kathryn Hahn, Ike Barinholtz & Chase Sui Wonders To Star In Seth Rogen's Movie Studio Comedy Series For Apple. Deadline Hollywood
  15. ↑ Bergeson, Samantha. (April 29, 2025). 'Adolescence' and 'The Pitt' Lead 2025 Gotham TV Awards Nominations: Get the Full List. IndieWire
  16. ↑ (2025-07-31). Kendrick Lamar's pgLang Launches Global Creative Agency: Project 3 Agency. Hypebeast

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পীচলচ্চিত্ৰ পৰিচালকমডেলচিত্ৰনাট্য লেখক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেজ চুই ৱাণ্ডাৰ্ছ” প্ৰবন্ধৰ সংশোধন ৫৯৮৫১৩ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।