জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
চাৰুচন্দ্ৰ বসু
চাৰুচন্দ্ৰ বসু (পশ্চিমবংগ সংশোধনী সেৱাৰ ৰেকৰ্ড অনুসৰি চাৰু চৰণ বসু; ২৬ ফেব্ৰুৱাৰী ১৮৯০ – ১৯ মাৰ্চ ১৯০৯) এগৰাকী ভাৰতীয় বিপ্লৱী, অনুশীলন সমিতিৰ সদস্য আৰু বংগ বিভাজন-বিৰোধী আন্দোলনৰ সময়ত সক্ৰিয় হোৱা সাহসী সংগ্ৰামীৰ অন্যতম আছিল।
-
চাৰুচিতা চক্ৰৱৰ্তী
চাৰুচিতা চক্ৰৱৰ্তী ( Charusita Chakravarty; জন্ম: ৫ মে' ১৯৬৪ চন– মৃত্যু: ২৯ মাৰ্চ ২০১৬ চন) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু বিজ্ঞানী। ১৯৯৯ চনৰপৰা দিল্লীৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজিৰ ৰসায়ন বিজ্ঞানৰ অধ্যাপিকা।
-
চাৰ্লট ডাউফিন
চাৰ্লট ডাউফিন (ইংৰাজী: Charlotte Dauphin; জন্ম: ১৯৮৭) এগৰাকী ফৰাচী চলচ্চিত্ৰ নিৰ্মাতা, পাৰফৰ্মিং আৰ্টিষ্ট, ভিজুৱেল আৰ্টিষ্ট আৰু ডিজাইনাৰ।
-
চাৰ্লট দি বেৰী
চাৰ্লট দি বেৰী এগৰাকী মহিলা জলদস্যু কেপ্তেইন বুলি অভিযোগ কৰা হয়।
-
চাৰ্লট নৰী
হেলগা চাৰ্লট নৰী (পূৰ্বৰ উপাধি: হাৰ্বৌ; ১২ অক্টোবৰ ১৮৫৫ – ১৯ ডিচেম্বৰ ১৯৪০) এগৰাকী ডেনিছ নাৰ্ছ, নাৰীবাদী কৰ্মী আৰু শিক্ষাবিদ আছিল। মহিলাসকলৰ বাবে নাৰ্ছিং সেৱাক এক গ্ৰহণযোগ্য পেছা হিচাপে গঢ়ি তোলাত তেওঁৰ বিশেষ অৱদান আছিল। ইয়াৰ উপৰিও তেওঁ নাৰীৰ অধিকাৰ, বিশেষকৈ ভোটাধিকাৰৰ বাবে তীব্ৰ আন্দোলন চলাইছিল।
-
চাৰ্লিজ থেৰন
চাৰ্লিজ থেৰন ( Charlez Theronজন্ম-৭ আগষ্ট ১৯৭৫) এগৰাকী দক্ষিণ আফ্ৰিকান আৰু আমেৰিকান অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁ বিশ্বৰ অন্যতম সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰী৷ তেওঁ একাডেমী বঁটা আৰু গোল্ডেন গ্ল'ব বঁটাকে ধৰি বিভিন্ন বঁটা লাভ কৰিছে।
-
চি এচ লক্ষ্মী
চি এচ লক্ষ্মী (C. S. Lakshmi; জন্ম ১৯৪৪) হ'ল এগৰাকী ভাৰতীয় নাৰীবাদী লেখক আৰু ভাৰতৰ নাৰীবিষয়ক অধ্যয়নৰ স্বাধীন গৱেষক। তেওঁ 'অম্বাই' ছদ্মনামত লিখে।
-
চি এছ ৰাধাদেৱী
চি এছ ৰাধাদেৱী (মালয়ালম: സി.എസ്. രാധാദേവി; ১৯৩১ ৭ জুলাই ২০২৫) আছিল ভাৰতৰ কেৰালাৰ এগৰাকী নেপথ্য কণ্ঠশিল্পী, ডাবিং শিল্পী, ৰেডিঅ' শিল্পী আৰু অভিনেত্ৰী। ৰাধাদেৱী সাতটা দশক ধৰি মালয়ালম ৰেডিঅ' সম্প্ৰচাৰৰ ক্ষেত্ৰখনৰ সৈতে জড়িত আছিল। ৩০বছৰীয়া কেৰিয়াৰত তেওঁ ত্ৰিছখনতকৈও অধিক চলচ্চিত্ৰত কণ্ঠদান কৰিছিল।
-
চি কে জানু
চি কে জানু (C. K. Janu) (জন্ম ১৯৭০) এগৰাকী ভাৰতীয় সমাজ কৰ্মী আৰু ৰাজনীতিবিদ। ২০০১ চনৰ পৰা কেৰালাৰ ভূমিহীন জনজাতীয় লোকসকলক ভূমি পুনৰ বিতৰণৰ বাবে আন্দোলন চলাই অহা আদিবাসী গোথৰা মহাসভাৰ তেওঁ নেত্ৰী। দলিত-আদিবাসী একচন কাউন্সিলৰ তত্বাৱধানত এই আন্দোলনটোৱে গতি লৈছে।
-
চি কে দুৰ্গা
চি কে দুৰ্গা: C. K. Durga; এজন ভাৰতীয় অস্ত্ৰোপচাৰ বিশেষজ্ঞ আৰু অংক’লজিষ্ট। তেওঁ স্তন কেন্সাৰ অস্ত্ৰোপচাৰ কৌশল উদ্ভাৱন কৰিছিল যিয়ে একেলগে কেন্সাৰ আঁতৰাই ৰোগীৰ নিজৰ কলা ব্যৱহাৰ কৰি স্তন পুনৰ নিৰ্মাণ কৰে, যিটো বিশ্বজুৰি অস্ত্ৰোপচাৰ বিশেষজ্ঞসকলে ব্যাপকভাৱে গ্ৰহণ কৰিছে।
-
চি দি দেশমুখ
ছাৰ চিন্তামন দ্বাৰকানাথ দেশমুখ চিআইই আইচিএছ (১৪ জানুৱাৰী ১৮৯৬ – ২ অক্টোবৰ ১৯৮২) এজন ভাৰতীয় চৰকাৰী কৰ্মচাৰী আৰু ১৯৪৩ চনত ব্ৰিটিছ ৰাজ কৰ্তৃপক্ষই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া প্ৰথমজন ভাৰতীয়।[5পিছলৈ তেওঁ কেন্দ্ৰীয় মন্ত্ৰীসভাত বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল (১৯৫০–১৯৫৬)।
-
চি শংকৰা নায়াৰ
ছাৰ চেট্টুৰ শংকৰা নায়াৰ চি আই ই (C. Sankaran Nair: ১১ জুলাই ১৮৫৭ – ২৪ এপ্ৰিল ১৯৩৪) এজন ভাৰতীয় অধিবক্তা আৰু ন্যায়াধীশ আছিল৷ তেওঁ ১৯০৬ চনৰ পৰা ১৯০৮ চনলৈকে মাদ্ৰাজৰ এডভোকেট জেনেৰেল হিচাপে, ১৯০৮ চনৰ পৰা ১৯১৫ চনলৈকে মাদ্ৰাজৰ উচ্চ ন্যায়ালয়ত puisne ন্যায়াধীশ হিচাপে আৰু ভাইচৰয়ৰ কাৰ্যবাহী পৰিষদৰ…
-
চিংগিজ আইৎমাতভ
চিংগিজ আইৎমাতভ এজন কিৰগিজস্তানৰ জনপ্ৰিয় লেখক আছিল। কিৰগিজস্তানৰ হ'লেও তেওঁ মূলতঃ ৰাছিয়া ভাষাত বেছিকৈ লিখা মেলা কৰিছিল।
-
চিকি সৰকাৰ
চিকি সৰকাৰ: Chiki Sarkar: ১৯৭৯ চনত জন্মগ্ৰহণ কৰা কলকাতাৰ এগৰাকী গ্ৰন্থ প্ৰকাশক ৷ তেওঁ জাগাৰনাট বুকছৰ সহ-প্ৰতিষ্ঠাপক আছিল।
-
চিচেলি উইলিয়ামছ
চিচেলি ডেলফিন উইলিয়ামছ, অ'এম, চিএমজি, এফআৰচিপি (২ ডিচেম্বৰ ১৮৯৩ – ১৩ জুলাই ১৯৯২) এগৰাকী জামাইকান চিকিৎসক আছিল, তেওঁৰ আৱিষ্কাৰ আৰু গৱেষণাৰ বাবে আটাইতকৈ উল্লেখযোগ্য আছিল কোৱাছিঅ'ৰক'ৰ, উন্নত অপুষ্টিৰ অৱস্থা আৰু মানুহৰ মাতৃদুগ্ধৰ বিকল্প হিচাপে মিঠাযুক্ত ঘনীভূত গাখীৰ আৰু অন্যান্য কৃত্ৰিম শিশুৰ গাখীৰ…
-
চিছাকো কাকেহি
চিছাকো কাকেহি (জন্ম:২৮ নৱেম্বৰ, ১৯৪৬ চন– মৃত্যু: ২৬ ডিচেম্বৰ, ২০২৪ চন) এগৰাকী জাপানী ছিৰিয়েল কিলাৰ আছিল যিয়ে তেওঁৰ স্বামীকে ধৰি তিনিজন লোকক হত্যা কৰাৰ বাবে আৰু চতুৰ্থজনক হত্যাৰ চেষ্টা কৰাৰ বাবে মৃত্যুদণ্ডৰ শাস্তি লাভ কৰিছিল। তদুপৰি কমেও আন সাতজন লোকৰ মৃত্যুৰ ক্ষেত্ৰতো তেওঁকেই সন্দেহ কৰা হৈছিল।
-
চিডনী চুইনী
চিডনী বাৰ্নিচ চুইনী (ইংৰাজী: Sydney Bernice Sweeney; জন্ম: ১২ ছেপ্টেম্বৰ, ১৯৯৭) এগৰাকী আমেৰিকান অভিনেত্ৰী। ২০১৮ চনত এভ্ৰিথিং চাক্স! , দ্য হেণ্ডমেইডছ টেল আৰু শ্বাৰ্প অবজেক্টছত কৰা অভিনয়ৰ জৰিয়তে তেওঁ প্ৰাৰম্ভিক স্বীকৃতি লাভ কৰিছিল।
-
চিণ্ডি ক্ৰফ’ৰ্ড
চিণ্থিয়া এন ক্ৰফ’ৰ্ড (জন্ম ২০ ফেব্ৰুৱাৰী, ১৯৬৬) এজনী আমেৰিকান মডেল, অভিনেত্ৰী আৰু দূৰদৰ্শন ব্যক্তিত্ব। ১৯৮০ আৰু ১৯৯০ দশকত তেওঁ আটাইতকৈ জনপ্ৰিয় ছুপাৰমডেলসকলৰ মাজৰ অন্যতম আছিল আৰু আলোচনীসমূহৰ আৱৰণ, ৰানৱে আৰু ফেশ্বন প্ৰচাৰ অভিযানত তেওঁ নিয়মীয়া উপস্থিতি ৰাখিছিল।
-
চিণ্ডি মেৰিনা
চিণ্ডি মেৰিনা (ইংৰাজী: Cindy Marina; জন্ম: ১৮ জুলাই ১৯৯৮) এগৰাকী আলবেনিয়ান-আমেৰিকান টেলিভিছন পৰিচালিকা, মডেল, প্ৰাক্তন ভলীবল খেলুৱৈ আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে মিছ ইউনিভাৰ্ছ আলবেনিয়া ২০১৯ৰ মুকুট পিন্ধিছিল।
-
চিণ্ডী ছান্যু
চিণ্ডেৰেলা ছান্যু (ইংৰাজী: Cinderella Sanyu; জন্ম: ২৮ আগষ্ট ১৯৮৫) পেছাগতভাৱে চিণ্ডী বা চিণ্ডী ছান্যু নামেৰে পৰিচিত এগৰাকী উগাণ্ডাৰ সংগীতজ্ঞ। তেওঁ লিলিয়ান ম্বাবাজি আৰু জেকী চাণ্ডিৰুৰ সৈতে সংগীত গোট ব্লু*৩ ৰ অন্যতম মূল সদস্য আছিল।
-
চিণ্ডী বিচপ
চিণ্ডী বাৰ্ব্ৰিজ (জন্ম ৩০ ডিচেম্বৰ ১৯৭৮) বা ছিৰিনিয়া বাৰ্ব্ৰিজ (থাই: สิรินยา เบอร์บริดจ์), চিণ্ডী বিচপ নামেৰে অধিক পৰিচিত, এগৰাকী থাই মডেল, অভিনেত্ৰী, সৌন্দৰ্য্য প্ৰতিযোগিতাৰ উপাধিধাৰী, কৰ্মী আৰু অপেশাদাৰী শিল্পী।
-
চিত্ৰজিৎ শইকীয়া
চিত্ৰজিৎ শইকীয়া (জন্ম-১৯৮২) এগৰাকী সাহিত্যিক, সমালোচক, অধ্যাপক৷ মূলতঃ অসমীয়া সমালোচনা সাহিত্যৰ লগত জড়িত৷ তেখেত দুলীয়াজান মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷ সাতসৰী, প্ৰকাশ, গৰীয়সীৰ লগতে অসমৰ ভালেমান বাতৰি কাকতত তেওঁ প্ৰবন্ধ প্ৰকাশ কৰাৰ লগতে কেইবাখনো গ্ৰন্থ প্ৰকাশ আৰু সম্পাদনা কৰিছে৷
-
চিত্ৰলতা ফুকন
চিত্ৰলতা ফুকন (ইংৰাজী: Chitralata phukan, ১৯৩৭-২০১৩) একাধাৰে ঔপন্যাসিক, গল্পকাৰ, কবি তথা প্ৰবন্ধকাৰ। চিত্ৰলতা ফুকন আৱাহন স্তৰতে সাহিত্য চৰ্চা আৰম্ভ কৰি ৰামধেনু আৰু তাৰ পৰৱৰ্তী কাল পৰ্যন্ত সাহিত্য ৰচনা কৰি অসমীয়া সাহিত্য়ৰ ইতিহাসক সমৃদ্ধ কৰিছিল।
-
চিত্ৰা দত্ত
চিত্ৰা দত্ত এগৰাকী প্ৰাক্তন মুখ্য বিজ্ঞানী আৰু ভাৰতৰ কলকাতাস্থিত চি এছ আই আৰ-ৰসায়ন জীৱবিজ্ঞানৰ ভাৰতীয় প্ৰতিষ্ঠানৰ গঠনমূলক জীৱবিজ্ঞান আৰু জৈৱ তথ্যবিজ্ঞান বিভাগৰ মুৰব্বী। তেওঁ জৈৱ তথ্যবিজ্ঞান আৰু কম্পিউটেচনেল জীৱবিজ্ঞানৰ ক্ষেত্ৰত কাম কৰা এগৰাকী পদাৰ্থবিজ্ঞানী।
-
চিত্ৰা দেৱ
চিত্ৰা দেৱ ( Chitra Deb; (২৪ নৱেম্বৰ ১৯৪৩ — ২ অক্টোবৰ ২০১৭) এগৰাকী বঙালী সাহিত্যিক আৰু গৱেষক। ঠাকুৰ পৰিয়ালৰ ভিতৰ চৰাৰ বিষয়ে লিখা গৱেষণামূলক গ্ৰন্থ ঠাকুৰবাৰীৰ অন্দৰমহলৰ বিশেষভাবে জনাজাত।
-
চিত্ৰা নায়ক
চিত্ৰা জয়ন্ত নায়ক (Chitra Naik; ১৯১৮–২০১০) এজন ভাৰতীয় শিক্ষাবিদ, সাহিত্যিক, সমাজকৰ্মী, ভাৰতীয় শিক্ষা প্ৰতিষ্ঠানৰ অধ্যক্ষ আৰু ভাৰতীয় পৰিকল্পনা আয়োগৰ বিশেষজ্ঞ সদস্য। তেওঁ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় গঠন কৰা অনানুষ্ঠানিক শিক্ষা সমিতিৰ অধ্যক্ষ আছিল আৰু ৰাষ্ট্ৰীয় সাক্ষৰতা মিছনৰ সদস্য আছিল।
-
চিত্ৰা বিশ্বনাথ
চিত্ৰা বিশ্বনাথ (Chitra Vishwanath) বেংগালুৰুত বাস কৰা এগৰাকী ভাৰতীয় স্থপতিবিদ যিয়ে পৰিৱেশ আৰু স্থাপত্যৰ সৈতে জড়িত বিষয়বস্তুৰ ওপৰত কাম কৰে। তেওঁ ১৯৯১ চনৰ পৰা নিজাকৈ স্থাপত্য প্ৰতিষ্ঠান চলাই আহিছে, ভাৰত আৰু আফ্ৰিকাৰ বহু প্ৰকল্পত আন স্থপতিবিদৰ সৈতে কাম কৰি আহিছে।
-
চিত্ৰা ভাৰুচা
চিত্ৰা ভাৰুচা ( Chitra Bharucha; জন্ম ৬ এপ্ৰিল ১৯৪৫) এগৰাকী প্ৰাক্তন পৰামৰ্শদাতা ৰক্ত বিশেষজ্ঞ আৰু ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পৰেশ্যনৰ শাসকীয় সংস্থা বিবিচি ট্ৰাষ্টৰ প্ৰাক্তন উপাধ্যক্ষ। বিবিচিৰ নেতৃত্ব দিয়া প্ৰথমগৰাকী মহিলা আৰু প্ৰথম দক্ষিণ এছিয়ান (ব্ৰিটিছ ইংৰাজীত "এছিয়ান") হিচাপে পৰিগণিত হয়৷
-
চিত্ৰা মণ্ডল
চিত্ৰা মণ্ডল জৈৱ অণু আৰু স্বাস্থ্য আৰু ৰোগৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োগৰ ক্ষেত্ৰখনত অধ্যয়ন কৰা এগৰাকী ৰাসায়নিক জীৱবিজ্ঞানী। পিছলৈ তেওঁ কৰ্কট ৰোগৰ চিকিৎসাৰ ওপৰত কাম কৰিছিল। তেওঁ ভাৰতৰ কলকাতাত থকা চি. এছ. আই.
-
চিনা আতাইয়ান ডেনা
চিনা আতাইয়ান ডেনা (১৯৮৩ চনত ইৰানৰ আহভাজত জন্ম) এজন ইৰানী-জাৰ্মান চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ প্ৰযোজক আৰু শিল্পী।