চেতনা কেটগোডা (জন্ম: ৪ আগষ্ট ১৯৯২), সম্পূৰ্ণ নাম কেটগোডাগে ডোনা ৰন্মিনী চেতনা কেটগোডা, শ্ৰীলংকান টেলিভিছন জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আৰু কণ্ঠ শিল্পী।১ ১৮ বছৰ জোৰা কেৰিয়াৰৰ সৈতে শ্ৰীলংকাৰ অন্যতম জনপ্ৰিয় কণ্ঠ শিল্পী হিচাপে তেওঁ কেইবাখনো আন্তঃৰাষ্ট্ৰীয় ধাৰাবাহিকত নিজৰ কণ্ঠদান কৰিছে।২ ইয়াৰ উপৰিও তেওঁ এগৰাকী গায়িকা, বিনিয়োগকাৰী, কৃষিবিদ,৩ ছচিয়েল মিডিয়াৰ ডিজিটেল সমল স্ৰষ্টা আৰু পেচাত এগৰাকী অধিবক্তা।৪
ব্যক্তিগত জীৱন
১৯৯২ চনৰ ৪ আগষ্টত কলম্বোত পৰিয়ালটোৰ দ্বিতীয়টো সন্তান হিচাপে তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃ কে. ডি. উপালী চন্দ্ৰতিলক শ্ৰীলংকা বায়ুসেনাৰ এজন অৱসৰপ্ৰাপ্ত এয়াৰ ভাইচ মাৰ্শ্বাল। মাতৃ ইন্দিকা পি. চন্দ্ৰতিলক এগৰাকী অধিবক্তা আৰু চৰকাৰী বিষয়া। তেওঁ কলম্বোৰ বিশাখা বিদ্যালয়ত নৱম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰে আৰু তাৰ পিছত ৰয়েল ইনষ্টিটিউট ইণ্টাৰনেচনেল স্কুলৰ পৰা হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰে। ২০০৯ চনৰ এডেক্সেল (Edexcel) পৰীক্ষাত তেওঁ সিংহলী ভাষাত সমগ্ৰ বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ স্থান লাভ কৰিছিল।৫
অধ্যয়নৰ পিছত তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক (LLB) ডিগ্ৰী লাভ কৰি এগৰাকী অধিবক্তা হয়।১ ইয়াৰ উপৰিও তেওঁ ভাৰতৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ পৰা হিন্দী ভাষাত স্নাতক ডিগ্ৰী লাভ কৰে। বৰ্তমান তেওঁ হিন্দী ভাষাৰ প্ৰবক্তা হিচাপে কৰ্মৰত।
কেৰিয়াৰ
অতি কম বয়সতে তেওঁ শ্ৰীলংকা ৰূপবাহিনী নিগমৰ সৈতে জড়িত হৈ কেইবাটাও শিশু অনুষ্ঠানত অংশ লয়। ২০০৩ চনত জনপ্ৰিয় অভিনেত্ৰী মাৰ্চী এদিৰিচিংঘেৰ তত্ত্বাৱধানত তেওঁ এগৰাকী কণ্ঠ শিল্পী হিচাপে কেৰিয়াৰ আৰম্ভ কৰে।৬ তেওঁ প্ৰথমবাৰৰ বাবে কাবাচিনীয়া থুমা নামৰ কাৰ্টুনটোত কণ্ঠদান কৰিছিল।১ ইফালে ২০০৮ চনৰ পৰা তেওঁ গায়িকা হিচাপেও যাত্ৰা আৰম্ভ কৰে।
একে সময়তে তেওঁ টাৱাৰ হল ফাউণ্ডেচনৰ কেইখনমান মঞ্চ নাটকত অভিনয় কৰিবলৈ আৰম্ভ কৰে। ২০০৮ চনত জয়শেখৰা আপোন্সোৰ নিৰ্দেশনা আৰু প্ৰযোজনাত নিৰ্মিত মেডাম শোভা ধাৰাবাহিকৰ জৰিয়তে তেওঁ টেলিভিছনত অভিষেক ঘটায়।৭ ইয়াৰ মাজতে তেওঁ কেইবাখনো জনপ্ৰিয় আন্তঃৰাষ্ট্ৰীয় ধাৰাবাহিক যেনে: সূৰ্য দীয়ানী, স্বপ্ন, প্ৰবীণা, মে আদৰায়াই, প্ৰেম দাদয়ামা আৰু বয়জ অভাৰ ফ্লাৱাৰ্ছ আদিত কণ্ঠদান কৰে।১
২০২০ চনত তেওঁ দুলান ৱিক্ৰমকীৰ্তিৰ নিৰ্দেশনাত নিৰ্মিত টেলিভিছন ধাৰাবাহিক ব্ৰ’ (Bro) ত 'বিলেছা' চৰিত্ৰত অভিনয় কৰে। ২০২১ চনত তেওঁ স্ন্যাপ (Snap) নামৰ ধাৰাবাহিকখনত 'দিনু' চৰিত্ৰত অভিনয় কৰে।৮
বাহ্যিক সংযোগ
- t.me/chethanack
- Chethana Ketagoda on টুইটাৰ
- Chethana Ketagoda on ইনষ্টাগ্ৰাম
- Chethana Ketagoda on ইউটিউব
তথ্যসূত্ৰ
- ↑ Voiceover does not mean that the microphone goes forward and changes the voice: Chethana Ketagoda. Mawbima
- ↑ Chethana Ketagoda Dubbings. leclife.com
- ↑ Come and cultivate the barren fields. Silumina
- ↑ Commissioner of Oaths list. Ministry of Justice, Sri Lanka
- ↑ Year 2009 Excellence. Royal Institute International School Colombo
- ↑ Buzz with Danu - Chethana Ketagoda. life.lk
- ↑ Madam Sobha. Sunday Times
- ↑ Snap teledrama gossip. saaravita.lk
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেতনা কেটগোডা” প্ৰবন্ধৰ সংশোধন ৬৩৫৪০৭ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।