অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চেন দুয়ানশ্বেং

চেন দুয়ানশ্বেং (ইংৰাজী: Chen Duansheng; জন্ম: ১৭৫১–১৭৯৬) এগৰাকী চীনা কবি আৰু তানচি ঔপন্যাসিকা আছিল। তেওঁ আটাইতকৈ বিখ্যাত তানচিসমূহৰ ভিতৰত অন্যতম জাইশ্বেংইউয়ান (অসমীয়া অৰ্থ: যুগ যুগান্তৰৰ প্ৰেমিক) নামৰ গ্ৰন্থখনৰ লেখিকা।

হালনাগাদ: ২০ মাৰ্চ ২০২৬ ২১২ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

চেন দুয়ানশ্বেং (ইংৰাজী ভাষা: Chen Duansheng; জন্ম: ১৭৫১–১৭৯৬) এগৰাকী চীনা ভাষা কবি আৰু তানচি ঔপন্যাসিকা আছিল। তেওঁ আটাইতকৈ বিখ্যাত তানচিসমূহৰ ভিতৰত অন্যতম জাইশ্বেংইউয়ান (অসমীয়া অৰ্থ: যুগ যুগান্তৰৰ প্ৰেমিক) নামৰ গ্ৰন্থখনৰ লেখিকা।১

জীৱনী

চেন দুয়ানশ্বেঙৰ জন্ম চীনৰ ঝেজিয়াং প্ৰদেশৰ হাংঝৌৰ কিয়ানটাঙত হৈছিল। তেওঁৰ পিতৃ চেন ইউদুন আৰু খুৰাক চেন ইউৱান দুয়ো চৰকাৰী বিষয়া তথা পণ্ডিত আছিল। চেন দুয়ানশ্বেঙৰ ককাক আছিল এগৰাকী শিক্ষা অনুৰাগী ব্যক্তি যিয়ে চেন আৰু তেওঁৰ দুই ভগ্নীৰ শিক্ষাৰ ক্ষেত্ৰত সম্পূৰ্ণ সহায় কৰিছিল।২ ২৩ বছৰ বয়সত চেনে ফান টানৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ এজন পুত্ৰ তথা এজনী কন্যা সন্তান আছিল। ফান টানৰ বিৰুদ্ধে অভিযোগ উঠিছিল যে তেওঁ নিজৰ পৰিৱৰ্তে আন এজনক ৰাজকীয় পৰীক্ষাত বহিবলৈ দিছিল আৰু এই অপৰাধত তেওঁক নিৰ্বাসিত কৰা হৈছিল। ১৭৯৬ চনত চেন দুয়ানশ্বেঙৰ মৃত্যু হয়।

সাহিত্যিক কৃতি

চেন দুয়ানশ্বেঙে ১৭ বছৰ বয়সৰ পৰাই লিখা-মেলা আৰম্ভ কৰিছিল। যিহেতু তেওঁৰ ককাকৰ তানচি সাহিত্যৰ প্ৰতি বিশেষ সন্মান নাছিল, সেয়েহে চেনে অতি গোপনে সাহিত্য চৰ্চা কৰিবলগীয়া হৈছিল। ১৭৭০ চনৰ ভিতৰত তেওঁ নিজৰ কালজয়ী সৃষ্টি জাইশ্বেংইউয়ানৰ প্ৰতিটো খণ্ডত চাৰিটা অধ্যায় থকাকৈ ১৬ টা খণ্ড লিখি উলিয়াইছিল।৩ মাতৃৰ মৃত্যুৰ পিছত তেওঁ লিখা-মেলা বন্ধ কৰি দিছিল আৰু ১৭৮৪ চনত পুনৰ লেখনী হাতত তুলি আৰু এটা চাৰি অধ্যায়ৰ খণ্ড সম্পূৰ্ণ কৰে। তেওঁৰ মৃত্যুৰ পিছত লিয়াং দেশ্বেঙে এই কামটো আগবঢ়াই লৈ যায় আৰু গ্ৰন্থখনৰ আৰু তিনিটা খণ্ড সম্পূৰ্ণ কৰে, যাৰ ফলত গোটেই গ্ৰন্থখন বিশটা খণ্ডৰ এক বৃহৎ সৃষ্টিত পৰিণত হয়।

তথ্যসূত্ৰ

  1. ↑ Lee. (1998). Biographical dictionary of Chinese women. University of Hong Kong Libraries publications. M. E. Sharpe. ISBN 978-0-7656-0043-1
  2. ↑ (January 2008). Duansheng Chen Biography. Oxford University Press. ISBN 978-0-19-514890-9
  3. ↑ Duansheng Chen Bio from Dictionary of Women Worldwide. www.encyclopedia.com

সম্পৰ্কিত শ্ৰেণী

চীনা মহিলা কবিঔপন্যাসিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেন দুয়ানশ্বেং” প্ৰবন্ধৰ সংশোধন ৫৯১১৫০ (২০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।