অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চুলতানা কামাল

চুলতানা কামাল (Sultana Kamal) এগৰাকী বাংলাদেশী অধিবক্তা তথা মানৱ অধিকাৰ কৰ্মী। তেওঁ নাগৰিক অধিকাৰ সংস্থা আইন অ' ছালিছ কেন্দ্ৰৰ কাৰ্যবাহী সঞ্চালিকা হিচাপে কাম কৰে।২০০৬ চনত ২০০৬-২০০৮ চনৰ বাংলাদেশৰ ৰাজনৈতিক সংকটৰ সময়ত ৰাষ্ট্ৰপতি ইয়াজুদ্দিন আহমেদৰ নেতৃত্বত বাংলাদেশৰ কেয়াৰটেকাৰ চৰকাৰত উপদেষ্টা হিচাপে…

হালনাগাদ: ৬ ছেপ্তেম্বৰ ২০২৫ ৩০৩ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

চুলতানা কামাল (Sultana Kamal) এগৰাকী বাংলাদেশী অধিবক্তা তথা মানৱ অধিকাৰ কৰ্মী। তেওঁ নাগৰিক অধিকাৰ সংস্থা আইন অ' ছালিছ কেন্দ্ৰৰ কাৰ্যবাহী সঞ্চালিকা হিচাপে কাম কৰে।১২২০০৬ চনত ২০০৬-২০০৮ চনৰ বাংলাদেশৰ ৰাজনৈতিক সংকটৰ সময়ত ৰাষ্ট্ৰপতি ইয়াজুদ্দিন আহমেদৰ নেতৃত্বত বাংলাদেশৰ কেয়াৰটেকাৰ চৰকাৰত উপদেষ্টা হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।৩ কামালে আন তিনিজন উপদেষ্টাৰ সৈতে তত্ত্বাৱধায়ক চৰকাৰৰ পৰা পদত্যাগ কৰে৪ তেওঁৰ মাতৃ চুফিয়া কামাল বাংলাদেশ মুক্তি যুদ্ধৰ অংশগ্ৰহণকাৰী আছিল।

প্ৰাথমিক জীৱন আৰু শিক্ষা

১৯৫০ চনত কামাল উদ্দিন আহমেদ আৰু চুফিয়া কামালৰ ঘৰত চুলতানাৰ জন্ম হৈছিল। চুফিয়া আছিল এগৰাকী লেখিকা আৰু কবি।৫ তেওঁ লীলা নাঘৰ নাৰী শিখখা মণ্ডিৰত নামভৰ্তি কৰিছিল। আজিমপুৰ গাৰ্লছ হাইস্কুলৰ পৰা এছ এছ চি আৰু হলি ক্ৰছ কলেজৰ পৰা এইচ এছ চি উত্তীৰ্ণ হয়। পাছলৈ তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৭৮ চনত তেওঁ আইনত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ বি চি এছ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ১৯৮১ চনত নেদাৰলেণ্ডত মহিলা আৰু উন্নয়নত উন্নয়ন অধ্যয়নত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

চুলতানা কামালে সংগীত মহাবিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে জীৱন আৰম্ভ কৰিছিল। তেওঁ পাছলৈ বাংলাদেশ ধঁপাত কোম্পানীত যোগদান কৰে। ১৯৭৬ চনত চিলেটৰ খাদিমনগৰত আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সেৱাত যোগদান কৰে। ১৯৯০ চনলৈকে তেওঁ হংকঙত ভিয়েটনামী নাও জনগোষ্ঠীৰ বাবে ৰাষ্ট্ৰসংঘৰ আইনী পৰামৰ্শদাতা হিচাপে কাম কৰিছিল। ১৯৯৬ চনত তেওঁ কানাডাৰ মানৱ অধিকাৰ সংগঠন ৰাইটছ এণ্ড ডেম'ক্ৰেচিৰ পৰা জন হামফ্ৰে ফ্ৰিডম বঁটা লাভ কৰে।৬

১৯৭১ চনত মুক্তি বাহিনীতো যোগদান কৰি স্বাধীনতা সংগ্ৰামীসকলৰ বাবে আগৰতলাত বাংলাদেশ ফিল্ড হস্পিতালৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। মুক্তিযুদ্ধত লোৱা ভূমিকাৰ বাবে চিএনচিৰ বিশেষ প্ৰশংসা লাভ কৰা চাৰিগৰাকী মহিলাৰ ভিতৰত দুগৰাকীয়েই আছিল চুলতানা আৰু তেওঁৰ ভগ্নী ছাইদা।

কামালে সামাজিক, আইনী আৰু লিংগৰ বিষয়ে দৈনিক আৰু সাময়িকীত লিখে। তেখেতে মহিলাৰ আইনী অধিকাৰ সম্পৰ্কীয় এখন গ্ৰন্থ "Her Unfearing Mind" শীৰ্ষক ইংৰাজীলৈ অনুবাদ কৰি প্ৰকাশ কৰিছে। তেওঁৰ শেহতীয়া প্ৰকাশনসমূহৰ ভিতৰত আছে মনবিধাকৰ, ৰাষ্ট্ৰ অ' সমাজ (মানৱ অধিকাৰ, ৰাজ্য আৰু সমাজ) আৰু চিলাম কোথায় জেনো নিলিমাৰ নিচে৷ এইখন যোৱা পঁচিশ বছৰত তেওঁ লিখা প্ৰবন্ধৰ সংকলন। তেওঁ মানৱ আৰু মহিলাৰ অধিকাৰৰ সৈতে জড়িত বিষয়সমূহৰ সমাধানৰ বাবে পেছাদাৰী ক্ষমতাত ৩০খনতকৈও অধিক দেশ ভ্ৰমণ কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ Members of Ain o Salish Kendra (ASK). ASK Official site
  2. ↑ Ahmad, Sayeed. (2012). Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh
  3. ↑ (14 September 2012). আৰ্কাইভ কপি. Daily Sangram
  4. ↑ (12 December 2006). No scope for work. The Daily Star
  5. ↑ Settle Quaker Meeting
  6. ↑ (2010). John Humphrey Freedom Award 2009. Rights & Democracy

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ নাৰী অধিকাৰ কৰ্মীঅধিবক্তামানৱ অধিকাৰ কৰ্মীবাংলাদেশৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুলতানা কামাল” প্ৰবন্ধৰ সংশোধন ৫৩৭৪০০ (৬ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।