চুহেইলা ইয়াকুব (ইংৰাজী ভাষা: Souheila Yacoub; জন্ম: ২৯ জুন ১৯৯২) এগৰাকী চুইছ অভিনেত্ৰী, নাট্য নিৰ্মাতা, প্ৰাক্তন ৰিদমিক জিমনাষ্ট আৰু মিছ চুইছ ৰোমাণ্ডে ২০১২-ৰ বিজয়ী।১ তেওঁৰ উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত আছে ক্লাইমেক্স (২০১৮), মেকিং অৱ (২০২৩) আৰু ড্যুন: পাৰ্ট টু (২০২৪)। টেলিভিছনত তেওঁ কেনেল প্লাছৰ মিনি ধাৰাবাহিক চেভেজ (২০১৯)-ত অভিনয় কৰিছিল।
জীৱন আৰু কেৰিয়াৰ
ইয়াকুবৰ জন্ম জেনেভাত এজন টিউনিছিয়ান পিতৃ আৰু এগৰাকী ফ্লেমিছ মাতৃৰ ঘৰত হৈছিল। তেওঁৰ এগৰাকী ভগ্নী আছে।২ ইয়াকুব 'লা haute école fédérale de sport de Macolin'ত অধ্যয়ন কৰিছিল আৰু কিশোৰ অৱস্থাতে চুইছ ৰাষ্ট্ৰীয় ৰিদমিক জিমনাষ্টিক দলত যোগদান কৰি ২০০৯ আৰু ২০১০ চনৰ বিশ্ব ৰিদমিক জিমনাষ্টিক চেম্পিয়নশ্বিপত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ১৬ বছৰ বয়সত তেওঁ জিমনাষ্টিকত মনোনিৱেশ কৰিবলৈ স্কুল ত্যাগ কৰে। যেতিয়া দলটোৱে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে, ইয়াকুব জিমনাষ্টিক সম্পূৰ্ণৰূপে এৰি দিয়ে। ২০২০ চনত প্ৰশিক্ষকসকলৰ বিৰুদ্ধে উঠা নিৰ্যাতনৰ অভিযোগৰ ক্ষেত্ৰত তেওঁ আনুষ্ঠানিকভাৱে সাক্ষী দিয়া নাছিল যদিও তেওঁৰ পূৰ্বৰ সতীৰ্থসকলৰ দাবীসমূহ সমৰ্থন কৰিছিল। তেওঁ প্ৰশিক্ষকসকলৰ ব্যৱহাৰৰ কেইবাটাও কাহিনী বৰ্ণনা কৰিছিল, যেনে সদস্যসকলে কিমান খাব বা খাব পাৰিব সেইটো সীমিত কৰা আৰু মাত্ৰ এক কেজি ওজন বৃদ্ধিৰ বাবেও তেওঁলোকক দলৰপৰা বাহিৰত বহুৱাই থোৱা।৩
খেল এৰাৰ পিছত ইয়াকুব ঘৰলৈ উভতি আহে। পৰৱৰ্তী সময়ত কি কৰিব সেই লৈ অনিশ্চয়তাত থকাৰ সময়তে তেওঁৰ ভগ্নীয়ে তেওঁক 'মিছ চুইছ ৰোমাণ্ডে'ৰ বাবে আবেদন কৰিবলৈ পৰামৰ্শ দিয়ে। ইয়াকুবে স্থানীয় নৃত্য আৰু অভিনয়ৰ ক্লাছতো নাম ভৰ্তি কৰে। মিছ চুইছ ৰোমাণ্ডে ২০১২ জয় কৰাৰ পাছত ইয়াকুবক পেৰিছৰ 'কোৰ্ছ ফ্লৰেণ্ট'ত তিনিবছৰীয়া পাঠ্যক্ৰমৰ বাবে এটা জলপানি আগবঢ়োৱা হয়। পৰৱৰ্তী সময়ত তেওঁ 'কনজাৰ্ভেটৰী নেচনেল ছুপেৰিয়াৰ ডি আৰ্ট ড্ৰামেটিক' (CNSAD) ত প্ৰশিক্ষণ লয়।৪৫
ইয়াকুবে ফ্ৰান্স ৩-ৰ ধাৰাবাহিক প্লাছ বেলে লা ভিৰ ছয়টা খণ্ডত অভিনয় কৰি টেলিভিছনত আত্মপ্ৰকাশ কৰে। কোৰ্ছ ফ্লৰেণ্টৰপৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত ইয়াকুবে পেৰিছৰ থিয়েটাৰত প্ৰথমটো ডাঙৰ ভূমিকা লাভ কৰে ৱাজদী মুৱাৱাদৰ নাটক টুছ ডেছ অইচিউত ৱাহিদা হিচাপে। ইয়াৰ পিছত তেওঁ গেছপাৰ নোৱেৰ ২০১৮ চনৰ হৰৰ ছবি ক্লাইমেক্স আৰু ২০১৯ চনৰ কেনেল প্লাছৰ মিনি ধাৰাবাহিক চেভেজত অভিনয় কৰে।৩
২০২০ চনত ইয়াকুব বহুভাষিক আন্তঃৰাষ্ট্ৰীয় যুদ্ধভিত্তিক ধাৰাবাহিক নো মেনছ লেণ্ডত অভিনয় কৰে।৬ তেওঁ ফিলিপ গাৰেলৰ কৃষ্ণ-বৰ্ণৰ ছবি দ্য ছল্ট অৱ টিয়াৰ্ছত অভিনয় কৰিছিল, যিখন ৭০তম বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল। ইয়াৰ উপৰি ২০২১ চনত তেওঁ দ্য ব্ৰেভছ আৰু এ ব্ৰাইটাৰ টুমৰোত অভিনয় কৰে।৭৮
ইয়াকুব '২৩এইচ৫৯' নামৰ থিয়েটাৰ কোম্পানীৰ প্ৰতিষ্ঠাপক।৩
তথ্যসূত্ৰ
- ↑ (13 January 2022). Souheila Yacoub is Switzerland's Shooting Star 2022. Swiss Films
- ↑ Guillain, Marine. (19 July 2021). "Quand j’aime, je ne réfléchis pas". 20 minutes (Switzerland)
- ↑ Sallin, Jean Daniel. (3 May 2021). Souheila Yacoub, "Sans la gym, je serais une actrice différente". Paris Match
- ↑ (25 February 2020). Souheila Yacoub: l'ex-miss qui a conquis le cinéma français. Le Matin
- ↑ (10 August 2021). Souheila Yacoub: "My career fills me beyond my expectations". Screen Rant
- ↑ Neetha K. (17 November 2020). 'No Man's Land': Meet Felix Moati, Souheila Yacoub and rest of the cast of Hulu's Syrian Civil War series. MEAWW
- ↑ Lemercier, Fabien. (31 December 2019). Soufiane Guerrab and Souheila Yacoub in the cast of A Brighter Tomorrow. CinEuropa
- ↑ Tuillier, Laura. (16 July 2021). Souheila Yacoub: "J’ai envie que tu sois ma pote Mylène". Libértation
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুহেইলা ইয়াকুব” প্ৰবন্ধৰ সংশোধন ৫৯৮৪৯৯ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।