অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চেন জিং

চেন জিং (ইংৰাজী: Chen Jing; জন্ম ২০ ছেপ্টেম্বৰ ১৯৬৮) এগৰাকী অৱসৰপ্ৰাপ্ত টেবুল টেনিছ খেলুৱৈ। তেওঁ চীনৰ হৈ অলিম্পিক স্বৰ্ণ পদক আৰু পৰৱৰ্তী সময়ত চীনা টাইপেইৰ হৈ অলিম্পিক পদক লাভ কৰিছিল।

হালনাগাদ: ১৪ মাৰ্চ ২০২৬ ২১৬ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

চেন জিং (ইংৰাজী ভাষা: Chen Jing; জন্ম ২০ ছেপ্টেম্বৰ ১৯৬৮) এগৰাকী অৱসৰপ্ৰাপ্ত টেবুল টেনিছ খেলুৱৈ। তেওঁ চীনৰ হৈ অলিম্পিক স্বৰ্ণ পদক আৰু পৰৱৰ্তী সময়ত চীনা টাইপেইৰ হৈ অলিম্পিক পদক লাভ কৰিছিল।

প্ৰাৰম্ভিক জীৱন

১৯৬৮ চনৰ ২০ ছেপ্টেম্বৰত হুবেই প্ৰদেশৰ উহানত চেন জিং জন্মগ্ৰহণ কৰিছিল। ১১ বছৰ বয়সত তেওঁ উহানৰ চিলড্ৰেনছ পেলেচে আয়োজন কৰা এটা টেবুল টেনিছ প্ৰতিযোগিতাত যুৱ শাখাৰ চেম্পিয়ন হৈছিল আৰু হুবেই প্ৰদেশৰ দলটোৰ বাবে নিৰ্বাচিত হৈছিল। ১৮ বছৰ বয়সত তেওঁ চীনৰ ৰাষ্ট্ৰীয় দলৰ বাবে নিৰ্বাচিত হয়।

পেছাদাৰী কেৰিয়াৰ

তেওঁ চিউলত অনুষ্ঠিত ১৯৮৮ গ্ৰীষ্মকালীন অলিম্পিকত একক শাখাত স্বৰ্ণ পদক আৰু ডাবলছ শাখাত ৰূপৰ পদক লাভ কৰিছিল।১২

১৯৯০ চনত চীনৰ ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰাত ব্যৰ্থ হোৱাৰ পিছত ১৯৯১ চনত তেওঁ টাইৱানলৈ গুচি যায়। তাত তেওঁ টাইৱানৰ ৰাষ্ট্ৰীয় টেবুল টেনিছ প্ৰতিযোগিতাত জয়লাভ কৰে আৰু টাইৱানৰ ৰাষ্ট্ৰীয় দলত যোগদান কৰে। চীনা টাইপেইৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ আটলাণ্টাত অনুষ্ঠিত ১৯৯৬ গ্ৰীষ্মকালীন অলিম্পিকত ৰূপৰ পদক লাভ কৰে,৩ যিটো আছিল টেবুল টেনিছ শিতানত টাইৱানৰ বাবে প্ৰথমটো পদক। ইয়াৰ পিছত তেওঁ চিডনীত অনুষ্ঠিত ২০০০ গ্ৰীষ্মকালীন অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰে।

ব্যক্তিগত জীৱন

১৯৯২ চনত তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়ত অধ্যয়ন আৰম্ভ কৰে। তাত তেওঁ প্ৰিন্সটন টেবুল টেনিছ দলৰ প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰাৰ লগতে ইংৰাজী ভাষাৰ শিক্ষা গ্ৰহণ কৰে। ১৯৯৬ চনৰ অলিম্পিকৰ পিছত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভৰ বাবে টাইপেই ফিজিকেল এডুকেচন কলেজলৈ উভতি আহে। ২০০৩ চনত তেওঁ ক্ৰীড়া মনোবিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভৰ বাবে চাউথ চাইনা নৰ্মাল ইউনিভাৰ্চিটিত অধ্যয়ন আৰম্ভ কৰে।৪

তথ্যসূত্ৰ

  1. ↑ ITTF_Database
  2. ↑ "1988 Summer Olympics – Seoul, South Korea – Tabletennis" databaseOlympics.com (Retrieved on June 7, 2008)
  3. ↑ "1996 Summer Olympics – Atlanta, United States – Table Tennis" databaseOlympics.com (Retrieved on June 7, 2008)
  4. ↑ 陈静 - 运动与休闲学系. 华南师范大学体育科学学院

সম্পৰ্কিত শ্ৰেণী

চীনৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেন জিং” প্ৰবন্ধৰ সংশোধন ৫৮৮৩০২ (১৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।