অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চেজ ইনফিনিটি

চেজ ইনফিনিটি পেইন (ইংৰাজী: Chase Infiniti Payne; জন্ম: ৫ মে’, ২০০০) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ ২০২৪ চনৰ লিমিটেড ধাৰাবাহিক প্ৰিজিউমড ইনোচেণ্ট আৰু ২০২৫ চনৰ চলচ্চিত্ৰ ৱান বেটল আফটাৰ এনাদাৰত কৰা অভিনয়ৰ বাবে পৰিচিত।

হালনাগাদ: ২৬ মে’ ২০২৬ ২৮৮ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

চেজ ইনফিনিটি পেইন (ইংৰাজী ভাষা: Chase Infiniti Payne; জন্ম: ৫ মে’, ২০০০) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী। তেওঁ ২০২৪ চনৰ লিমিটেড ধাৰাবাহিক প্ৰিজিউমড ইনোচেণ্ট আৰু ২০২৫ চনৰ চলচ্চিত্ৰ ৱান বেটল আফটাৰ এনাদাৰত কৰা অভিনয়ৰ বাবে পৰিচিত। এই ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ 'এক্টৰ এৱাৰ্ড', 'বাফটা বঁটা' আৰু 'গ’ল্ডেন গ্ল’ব বঁটা'ৰ বাবে মনোনীত হৈছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

ইনফিনিটিৰ জন্ম আৰু ডাঙৰ-দীঘল হৈছিল ইণ্ডিয়ানাপলিচত।১২ তেওঁৰ নামটো ১৯৯৫ চনৰ চিনেমা বেটমেন ফৰএভাৰৰ চৰিত্ৰ চেজ মেৰিডিয়ান (নিকোল কিডমেনে অভিনয় কৰা) আৰু ১৯৯৫ চনৰ টয় ষ্ট’ৰী ছবিৰ চৰিত্ৰ বাজ লাইটয়েৰৰ জনপ্ৰিয় সংলাপ "টু ইনফিনিটি এণ্ড বিয়ণ্ড"ৰ সংমিশ্ৰণত ৰখা হৈছিল। তেওঁ পেছাগতভাৱে নিজৰ মধ্যম নামটোৱেই ব্যৱহাৰ কৰে।৩ তেওঁৰ দেউতাকৰ এটা নিৰ্মাণ প্ৰতিষ্ঠান (construction company) আছে। তেওঁৰ ডলচে নামৰ এগৰাকী সৰু ভগ্নী আছে।৩

ইনফিনিটিয়ে ইণ্ডিয়ানাপলিচৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় 'ইণ্টাৰনেশ্যনেল স্কুল অৱ ইণ্ডিয়ানা'ত অধ্যয়ন কৰিছিল, য’ত তেওঁ ফৰাচী ভাষা শিকিছিল। ১০ বছৰ বয়সত তেওঁ প্ৰথমবাৰৰ বাবে এখন বিদ্যালয়ৰ সংগীতানুষ্ঠানৰ বাবে অডিচন দিছিল।৪ ইয়াৰ পিছত তেওঁ হাইস্কুলৰ শিক্ষাৰ বাবে নৰ্থ চেণ্ট্ৰেল হাইস্কুললৈ বদলি হয় আৰু ২০১৮ চনত তাৰপৰাই স্নাতক ডিগ্ৰী লাভ কৰে। হাইস্কুলত পঢ়ি থকা সময়ত তেওঁ সংগীত আৰু থিয়েটাৰৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আছিল।৫ পৰৱৰ্তী সময়ত তেওঁ কলম্বিয়া কলেজ চিকাগোত অধ্যয়ন কৰে আৰু ২০২২ চনত স্নাতক ডিগ্ৰী লাভ কৰে।৬ চিকাগোত থকা সময়ছোৱাত তেওঁ এজন কিকবক্সিং প্ৰশিক্ষক হিচাপে কাম কৰিছিল আৰু 'ডুপল ডান্স ক্ৰু' নামৰ এটা কে-পপ কভাৰ ডান্স গ্ৰুপৰ সহ-প্ৰতিষ্ঠা কৰিছিল।৩

কেৰিয়াৰ

২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত এপল টিভি প্লাছৰ লিমিটেড ধাৰাবাহিক প্ৰিজিউমড ইনোচেণ্টৰ অভিনয় শিল্পীৰ অংশ হিচাপে ইনফিনিটিৰ নাম ঘোষণা কৰা হৈছিল।৭ ২০২৪ চনৰ ফেব্ৰুৱাৰীত তেওঁ পাল থমাছ এণ্ডাৰছনৰ চিনেমা ৱান বেটল আফটাৰ এনাদাৰত যোগদান কৰে। ইয়াত তেওঁ লিয়নাৰ্ডো ডিকাপ্ৰিওৰদ্বাৰা অভিনীত এজন প্ৰাক্তন বিপ্লৱীৰ কন্যাৰ চৰিত্ৰত অভিনয় কৰিছিল।৮ ইনফিনিটিয়ে প্ৰিজিউমড ইনোচেণ্টৰ দৃশ্যগ্ৰহণ কৰি থকাৰ সময়তে এই চিনেমাখনৰ বাবে এখন 'চেল্ফ-টেপ' পঠিয়াইছিল। পৰৱৰ্তী বাছনি প্ৰক্ৰিয়াৰ সময়ত তেওঁ এণ্ডাৰছনৰ নিৰীক্ষণত এটা কাৰাটে ক্লাছত অংশগ্ৰহণ কৰিছিল; যদিও তেওঁ একমাত্ৰ নৱাগতা আছিল, এণ্ডাৰছনে সেই অধিৱেশনৰ লগে লগে তেওঁক নিৰ্বাচন কৰিছিল।৯ চিনেমাখনৰ ট্ৰেইলাৰত তেওঁৰ উপস্থিতি দেখি 'টাইলাৰ, দ্য ক্ৰিয়েটৰ'-এ তেওঁৰ "ডাৰ্লিং, আই" গীতৰ মিউজিকে ভিডিঅ’ৰ বাবে ইনফিনিটিক কাষ্টিং কৰিছিল।৯

ইনফিনিটিক পৰৱৰ্তী সময়ত এমজিএম প্ৰডাকচনৰ দ্য টেষ্টামেণ্টছত দেখা যাব।১০ এইখন হুলুৰ ধাৰাবাহিক দ্য হেণ্ডমেইডছ টেলৰ ছিকুৱেল ধাৰাবাহিক।১১ ধাৰাবাহিকখনৰ পৰিচালক ব্ৰুচ মিলাৰে তেওঁৰ প্ৰিজিউমড ইনোচেণ্টৰ অভিনয় আৰু কে-পপ ডান্স কভাৰসমূহ চাই তেওঁৰ বহুমুখী প্ৰতিভাৰ বাবে তেওঁক নিৰ্বাচন কৰিছিল।৯

২০২৫ চনৰ অক্টোবৰত ইনফিনিটিয়ে লণ্ডনত দৃশ্যগ্ৰহণ হ’বলগীয়া ড্ৰামা চিনেমা দ্য জুলিয়া ছেটৰ অভিনয় শিল্পীৰ দলত যোগদান কৰে। ইয়াত তেওঁ মুখ্য চৰিত্ৰ 'জুলিয়া'ৰ ভূমিকা পালন কৰিব, যি এগৰাকী প্ৰতিভাশালী গণিতজ্ঞ। চিনেমাখনত ক্ৰিষ্টোফাৰ ব্ৰাইনী, গিলিয়ান এণ্ডাৰছন আৰু জেচন আইচাকছেও অভিনয় কৰিছে।১২

তথ্যসূত্ৰ

  1. ↑ Hans, Simran. (December 3, 2025). Chase Infiniti: One breakthrough after another. Dazed
  2. ↑ (March 12, 2025). Rising Stars: Chase Infiniti. themediaeye.com
  3. ↑ Ford, Rebecca. (August 14, 2025). Need Someone to Play a Famous Actor's Kid? Call Chase Infiniti. Vanity Fair
  4. ↑ Soni, Navin. (June 10, 2024). Presumed Innocent's Chase Infiniti Ethnicity & Family Background. poptvculture.com
  5. ↑ Jackson, Cheryl. Indiana native starring in Leo DiCaprio movie. What to know about Chase Infiniti. IndyStar
  6. ↑ Wickes, Jade. (June 14, 2024). Chase Infiniti is the breakout star of Presumed Innocent. The Face
  7. ↑ Andreeva, Nellie. (February 10, 2023). Presumed Innocent: Chase Infiniti, Lily Rabe, Nana Mensah, Matthew Alan & Kingston Rumi Southwick Cast In Apple TV+ Series. Deadline Hollywood
  8. ↑ Galuppo, Mia. (February 2, 2024). Teyana Taylor, Alana Haim to Star in Paul Thomas Anderson's Latest Movie (Exclusive). The Hollywood Reporter
  9. ↑ Rankin, Seija. (September 26, 2025). P.T. Anderson Is Betting It All on Chase Infiniti. No Pressure. The Hollywood Reporter
  10. ↑ Kayla Cobb. (6 December 2025). Chase Infiniti Suits Up in First Look at 'Handmaid's Tale' Spinoff 'The Testaments'. The Wrap. Yahoo news
  11. ↑ Andreeva, Nellie. (February 13, 2025). The Testaments Nears Hulu Greenlight; Chase Infiniti Joins Ann Dowd As Co-Lead Of Handmaid's Tale Sequel From Bruce Miller & Warren Littlefield. Deadline Hollywood
  12. ↑ Grobar, Matt. (2025-10-21). Chase Infiniti, Christopher Briney, Gillian Anderson & Jason Isaacs To Star In Coming-Of-Age Drama 'The Julia Set' From Niki Byrne. Deadline

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেজ ইনফিনিটি” প্ৰবন্ধৰ সংশোধন ৬০৮৭৩৫ (২৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।