জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
চন্দ্ৰাণী মুৰ্মু
চন্দ্ৰনী মুৰ্মু ( Chandrani Murmu; জন্ম: ১৬ জুন ১৯৯৩) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত বিজু জনতা দলৰ সদস্য হিচাপে ওড়িশাৰ কেওনঝাৰৰ পৰা ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হৈছিল। বৰ্তমান চন্দ্ৰাণী মুৰ্মু ভাৰতীয় সংসদৰ সবাতোকৈ কম বয়সীয়া সদস্য।
-
চন্দ্ৰিকা ৰবি
চন্দ্ৰিকা ৰবি (ইংৰাজী: Chandrika Ravi) এগৰাকী ভাৰতীয় মূলৰ অষ্ট্ৰেলিয়ান অভিনেত্ৰী। তেওঁ অষ্ট্ৰেলিয়াতে জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হৈছিল আৰু পিছলৈ অভিনয় তথা মডেলিং কেৰিয়াৰৰ বাবে লছ এঞ্জেলছলৈ স্থানান্তৰিত হয়। ২০১৮ চনৰ ভাৰতীয় ছবি ইৰুত্তু আৰায়িল মুৰাত্তু কুথুত কৰা অভিনয়ৰ বাবে তেওঁ পৰিচিত হৈ পৰে।
-
চন্দ্ৰৰত্ন বান্দৰা
চন্দ্ৰৰত্ন বান্দাৰা (Chandrarathna Bandara) হ'ল শ্ৰীলংকাৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক। ১৯৯১ চনত তেওঁ তেওঁৰ সাহিত্য-কৰ্মৰ বাবে ৰাষ্ট্ৰীয় সাহিত্য বঁটা লাভ কৰিছিল। পূৰ্বৰ সাহিত্য-কৰ্মত তেওঁৰ আগ্ৰহৰ বিষয় আছিল শ্ৰীলংকাৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক দিশবোৰ অনুসন্ধান কৰা।
-
চম্পা শৰ্মা
অধ্যাপক চম্পা শৰ্মা এগৰাকী প্ৰখ্যাত ডোগ্ৰী ভাষাৰ লেখিকা আৰু জম্মু-কাশ্মীৰৰ লগতে হিমাচল প্ৰদেশৰ অন্যান্য ডোগ্ৰী ভাষী অঞ্চলসমূহত ড্ৰোগ্ৰী ভাষাৰ প্ৰচাৰ আৰু সংৰক্ষণত তেওঁৰ অৱদানৰ বাবে জনাজাত কবি।
-
চমৎ পলিহপিটিয়
চমৎ পলিহপিটিয় (චමත් පලිහපිටිය, Chamath Palihapitiya; জন্ম: ৩ ছেপ্টেম্বৰ, ১৯৭৬) এজন শ্ৰীলংকান-বংশোদ্ভূত কানাডীয়–আমেৰিকান ৱেঞ্চাৰ পুঁজিবাদী তথা উদ্যমী। তেওঁ ছ’শ্বাল কেপিটেল প্ৰতিষ্ঠা কৰিছিল আৰু বৰ্তমান ইয়াৰ নেতৃত্ব দি আছে।
-
চলমা হায়েক
চলমা ভালগাৰ্মা হায়েক পিনাল্ট (ইংৰাজী: Salma Hayek; জন্ম: ২ ছেপ্টেম্বৰ, ১৯৬৬) এগৰাকী মেক্সিকান আৰু আমেৰিকান অভিনেত্ৰী তথা চলচ্চিত্ৰ প্ৰযোজক। তেওঁ মেক্সিকাত ধাৰাবাহিক তেৰেছা (১৯৮৯–১৯৯১) আৰু ৰোমাণ্টিক ড্ৰামা মিডাক এলি (১৯৯৫)-ত অভিনয় কৰি কেৰিয়াৰৰ পাতনি মেলিছিল।
-
চহৰ দোলাতচাহী
চহৰ দোলাতচাহী (ফাৰ্চী: سحر دولتشاهی; জন্ম: ৮ অক্টোবৰ ১৯৭৯) এগৰাকী ইৰানী অভিনেত্ৰী। তেওঁ মূলতঃ আইচ এজ (২০১৫), ইস্তানবুল জংচন (২০১৮), দা ফ্ৰগ (২০২০-২০২১), আই ৱাণ্ট টু লাইভ (২০২১) আৰু ভাইপাৰ অৱ তেহৰান (২০২৪) আদি ছবি আৰু ধাৰাবাহিকত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
চহৰেহ আঘদাচলু
চহৰেহ আঘদাচলু (জন্ম: ১১ মে', ১৯৫২) হৈছে এগৰাকী ইৰানীয়-আমেৰিকান অভিনেত্ৰী। তেওঁ এটা প্ৰাইমটাইম এমী বঁটা আৰু এটা চেটেলাইট বঁটা লাভ কৰাৰ উপৰি এটা একাডেমী বঁটা (অস্কাৰ)ৰ বাবেও মনোনয়ন লাভ কৰিছে।
-
চা চুং-হোৱা
চা চুং-হোৱা (কোৰিয়ান: 차청화; জন্ম: ২৮ এপ্ৰিল ১৯৮০) এগৰাকী দক্ষিণ কোৰিয়ান চৰিত্ৰ অভিনেত্ৰী, যি থিয়েটাৰ, চলচ্চিত্ৰ আৰু টেলিভিছনত সক্ৰিয়। টিভিএনৰ ঐতিহাসিক নাটক মিষ্টাৰ কুইন (২০২০–২১)ত ক’ৰ্ট লেডী চয়ৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বেকছাং আৰ্টছ বঁটাৰ বাবে মনোনীত হৈছিল।
-
চাং চুং-হো
চাং চুং-হো (ইংৰাজী: Chang Ch'ung-ho; জন্ম: ১৭ মে', ১৯১৪ – ১৭ জুন, ২০১৫), বিবাহোত্তৰ নাম চুং-হো চাং ফ্ৰেংকেল হিচাপেও পৰিচিত, এগৰাকী চীনা-আমেৰিকান কবি, কেলিগ্ৰাফাৰ (লিপিকাৰ), শিক্ষাবিদ আৰু 'কুনকু' (Kunqu) অপেৰা গায়িকা আছিল। তেওঁক "চীন গণৰাজ্যৰ অন্তিম গৰাকী প্ৰতিভাশালী মহিলা" বুলি অভিহিত কৰা হয়।
-
চাইণ্ডী ৱাং
চাইণ্ডী ৱাং সিন-লিং (ইংৰাজী: Cyndi Wang; জন্ম: ৫ ছেপ্টেম্বৰ, ১৯৮২; ৱাং জিনলিং নামেৰেও জনা যায়) এগৰাকী টাইৱানৰ গায়িকা আৰু অভিনেত্ৰী। ৱাঙে তেওঁৰ প্ৰথম এলবাম বিগিন... (২০০৩) মুক্তিৰ জৰিয়তে সংগীত জীৱন আৰম্ভ কৰিছিল।
-
চাইথেৰিয়া
চাইথেৰিয়া (ইংৰাজী: Cytherea) এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু মডেল। যৌন কাৰ্য সম্পাদন কৰাৰ সময়ত তেওঁৰ মহিলা স্খলন (যাক প্ৰাপ্তবয়স্ক উদ্যোগত "স্কুৱাৰ্টিং" বুলি জনা যায়) কৰাৰ ক্ষমতাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
চাইৰা ওৱাচিম
চাইৰা ওৱাচিম সাম্প্ৰতিক সময়ৰ পাকিস্তানৰ লাহোৰৰ এগৰাকী শিল্পী। বৰ্তমান তেওঁ আমেৰিকাত বসবাস কৰিছে। ওৱাচিমে পাৰ্চীসকলে দক্ষিণ এছিয়াত ব্যাপকভাৱে ব্যৱহাৰ কৰা অগ্ৰণী কিন্তু ক্ষুদ্ৰ শৈলীৰ চিত্ৰকলা ব্যৱহাৰ কৰি মূলতঃ ৰাজনৈতিক আৰু সাংস্কৃতিক শিল্প নিৰ্মাণ কৰে।
-
চাইৰাছ মিস্ত্ৰী (ব্যৱসায়ী)
চাইৰাছ পল্লনজী মিষ্ট্ৰী (জন্ম, ৪ জুলাই ১৯৬৮ –মৃত্যু, ৪ ছেপ্টেম্বৰ ২০২২) আছিল এজন জন্মগতভাৱে ভাৰতীয় যদিও আইৰিছ কোটিপতি ব্যৱসায়ী। ২০১২ চনৰপৰা ২০১৬ চনলৈ তেওঁ ভাৰতীয় ব্যাৱসায়িক সংঘবদ্ধ টাটা গ্ৰুপৰ অধ্যক্ষ আছিল।
-
চাকিনা জাফ্ৰি
চাকিনা জাফ্ৰি (ইংৰাজী: Sakina Jaffrey; জন্ম: ১৪ ফেব্ৰুৱাৰী, ১৯৬২) এগৰাকী আমেৰিকান অভিনেত্ৰী। জাফ্ৰিয়ে নেটফ্লিক্সৰ মৌলিক ধাৰাবাহিক হাউচ অৱ কাৰ্ডছত লিণ্ডা ভস্কেজ আৰু এনবিচিৰ ধাৰাবাহিক টাইমলেছত ডেনিছ ক্ৰিষ্টোফাৰৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।
-
চাতোমি ইছিহাৰা
কুনিকো ইছিগামী (Kuniko Ishigami; জন্ম: ২৪ ডিচেম্বৰ ১৯৮৬), যি তেওঁৰ মঞ্চনাম চাতোমি ইছিহাৰা (Satomi Ishihara) হিচাপে অধিক পৰিচিত, এগৰাকী জাপানী অভিনেত্ৰী।
-
চান য়াট-চেন
চান য়াট-চেন (ইংৰাজী: Sun Yat-sen; জন্ম: ১২ নবেম্বৰ ১৮৬৬ – মৃত্যু: ১২ মাৰ্চ ১৯২৫) আছিল এজন চীনা ৰাজনীতিবিদ, বিপ্লৱী আৰু চিকিৎসক, যাক আধুনিক চীনৰ “পিতা” হিচাপে গণ্য কৰা হয়। তেওঁ চিং ৰাজবংশৰ চৰকাৰ উৎখাত কৰি চীনৰ প্ৰথম গণৰাজ্য প্ৰতিষ্ঠা কৰে।
-
চানা ঈৰশাদ মাট্টু
চানা ঈৰশাদ মাট্টু (Sanna Irshad Mattoo) এগৰাকী ভাৰতীয় কাশ্মিৰী ফটো-সাংবাদিক। চানাই তেওঁৰ কামৰ অংশ ৰূপে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো সংক্ৰমিত হোৱা ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ ফটো তুলিছিল আৰু তেওঁ তোলা ফটোৰ বাবে তেওঁক আন তিনিজন ভাৰতীয় ফটো সাংবাদিক আনন্দ আবিদি, অমিত দেৱ আৰু প্ৰয়াত দানিছ চিদ্দিকীৰ সৈতে…
-
চান্টা ক্ৰুজ কেথেড্ৰেল বেচিলিকা, কোচি
কোচিৰ ফ’ৰ্ট কোচিত অৱস্থিত ছাণ্টা ক্ৰুজ কেথেড্ৰেল বেচিলিকা, যাক কোটা পল্লী বা কোটেপল্লী বুলিও কোৱা হয়। ভাৰতৰ চৌত্ৰিছটা বেচিলিকাৰ ভিতৰত ই অন্যতম আৰু কেৰালাৰ নটা বেচিলিকাৰ ভিতৰত ই অন্যতম। কেৰালাৰ এই ঐতিহ্যমণ্ডিত ভৱন ভাৰত-ইউৰোপীয় আৰু গথিক স্থাপত্য শৈলীৰ বাবে বিখ্যাত।
-
চাফাত আহমেদ জাহিৰ
চাফাত আহমেদ জাহিৰ (ধিভেহী: ސަފާތު އަހައްމަދު ޒާހިރު; ইংৰাজী: Safaath Ahmed Zahir) মালদ্বীপৰ এগৰাকী মহিলাৰ অধিকাৰ অধিবক্তা, যি মহিলাৰ সবলীকৰণ আৰু নাগৰিক নেতৃত্বৰ কামৰ বাবে বিশ্বজুৰি স্বীকৃত।
-
চাবিন এৰিকা সিং
চাবিন এৰিকা সিং (ইংৰাজী: Sabine Erika Singh; জন্ম: ৪ আগষ্ট, ১৯৭৪) এগৰাকী আমেৰিকান অভিনেত্ৰী।
-
চাবিলা নেতম
ছাবিলা অৰবিন্দ নেতম (Chhabila Netam, জন্ম ২২ মে' ১৯৪৮) এজন ভাৰতীয় জাতীয় কংগ্ৰেছ ৰাজনীতিবিদ আৰু একাদশ লোকসভা কংকৰ সংৰক্ষিত সমষ্টিৰ সদস্য।
-
চাবেৰ আবৰ
চাবেৰ আবৰ (ফাৰ্চী: صابر اَبَر; জন্ম ৮ জুন, ১৯৮৪) হৈছে এজন ইৰানী অভিনেতা, পৰিচালক আৰু লেখক। অস্কাৰ বঁটা বিজয়ী পৰিচালক আছগৰ ফাৰহাদীৰদ্বাৰা পৰিচালিত এবাউট এল্মী (২০০৮) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ আটাইতকৈ বেছি পৰিচিত।
-
চামুৱেল খাচিকিয়ান
চামুৱেল খাচিকিয়ান (আৰ্মেনিয়ান: Սամուէլ Խաչիկեան; ফাৰ্চী: ساموئل خاچیکیان; ২১ অক্টোবৰ ১৯২৩ – ২২ অক্টোবৰ ২০০১) আছিল আৰ্মেনিয়ান মূলৰ এজন ইৰানী চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, লেখক আৰু চলচ্চিত্ৰ সম্পাদক।
-
চামেলী দেৱী জৈন
চামেলী দেৱী জৈন (: Chameli Devi Jain, ১৯২৮–১৯৮৩) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সাংবাদিক, মহিলাৰ অধিকাৰৰ পোষকতা কৰা অসাধাৰন মহিলা। ভাৰতৰ স্বাধীনতা আন্দোলনত তেওঁ উল্লেখযোগ্য ভূমিকা পালন কৰিছিল আৰু পিছলৈ ভাৰতৰ অন্যতম অগ্ৰণী মহিলা সাংবাদিক হিচাপে পৰিগণিত হৈছিল।
-
চায়াকা মুৰাটা
চায়াকা মুৰাটা (村田沙耶香, Sayaka Murata; জন্ম:১৪ আগষ্ট, ১৯৭৯) বা মুৰাটা চায়াকা এগৰাকী জাপানী সাহিত্যিক। তেওঁ সাহিত্যৰ বাবে নতুন লেখকক প্ৰদান কৰা গুঞ্জ বঁটা, নমা সাহিত্য বঁটা, মিছিমা অ’কিঅ’ প্ৰাইজ আৰু আকুটাগৱা প্ৰাইজ লাভ কৰিছে।
-
চালমা ইছমাইল
তন শ্ৰী চালমা বিণ্টি ইছমাইল ( Tan Sri Salma binti Ismail; ১৯ ডিচেম্বৰ ১৯১৮ – ২০ জুলাই ২০১৪) এগৰাকী মালয়েছিয়াৰ চিকিৎসক আছিল আৰু প্ৰথমগৰাকী মালয়েছিয়ান মালয় মহিলা, যিয়ে চিকিৎসক হিচাপে যোগ্যতা অৰ্জন কৰিছিল।
-
চাৰা গডাৰ্ড
চাৰা আপডাইক গডাৰ্ড (প্ৰায় ১৭০১ – ৫ জানুৱাৰী, ১৭৭০) আছিল ৰোড আইলেণ্ডৰ প্ৰভিডেন্সত প্ৰতিষ্ঠা হোৱা প্ৰথমখন কাকত প্ৰভিডেন্স গেজেট আৰু কাণ্ট্ৰী জাৰ্নেলৰ সহ-প্ৰতিষ্ঠাপক আৰু প্ৰকাশক।
-
চাৰা হাৰ্ডিং
চাৰা হাৰ্ডিং (fl. ১৭২১–৯) আইৰিছ মুদ্ৰক আৰু প্ৰকাশক আছিল যিয়ে তেওঁৰ কিছুমান প্ৰকাশনৰ বাবে "দুৰ্ভাগ্যজনক কাৰাদণ্ড"ৰ সন্মুখীন হৈছিল। ১৭২৯ চনত জনাথন চুইফটৰ A modest proposal (দুখীয়াসকলে নিজৰ সন্তানক খাদ্য হিচাপে বিক্ৰী কৰিব পাৰে বুলি এটা ব্যংগ ধাৰণা) প্ৰকাশ কৰাৰ বাবে তেওঁ পৰিচিত।
-
চাৰুচন্দ্ৰ চক্ৰৱৰ্তী
চাৰুচন্দ্ৰ চক্ৰৱৰ্তী (২৩ মাৰ্চ, ১৯০২ — ২৫ মে', ১৯৮১) এজন বাংলা লেখক আৰু ঔপন্যাসিক। তেওঁ ‘জৰাসন্ধ’ ছদ্মনামে পৰিচিত। চাৰুচন্দ্ৰ চক্ৰৱৰ্তীৰ জন্ম হৈছিল ব্ৰিটিছ ভাৰত, বৰ্তমান বাংলাদেশৰ পূৰ্ৱ বংগৰ ফৰিদপুৰ জিলাৰ ব্ৰাহ্মণদাঙ্গাত।