চহৰ দোলাতচাহী (ফাৰ্চী ভাষা: سحر دولتشاهی; জন্ম: ৮ অক্টোবৰ ১৯৭৯) এগৰাকী ইৰানী অভিনেত্ৰী। তেওঁ মূলতঃ আইচ এজ (২০১৫), ইস্তানবুল জংচন (২০১৮), দা ফ্ৰগ (২০২০-২০২১), আই ৱাণ্ট টু লাইভ (২০২১) আৰু ভাইপাৰ অৱ তেহৰান (২০২৪) আদি ছবি আৰু ধাৰাবাহিকত কৰা অভিনয়ৰ বাবে পৰিচিত। তেওঁ দুটাকৈ ক্ৰীষ্টাল চিমৰ্ঘ বঁটা আৰু ইৰানৰ ফিল্ম ক্ৰিটিকচ এণ্ড ৰাইটাৰ্চ এছ'চিয়েশ্যন বঁটাকে ধৰি বিভিন্ন সন্মান লাভ কৰিছে।
প্ৰাৰম্ভিক জীৱন
চহৰ দোলাতচাহীৰ জন্ম ১৯৭৯ চনৰ ৮ অক্টোবৰত তেহৰানত হৈছিল।১২ সৰুৰেপৰাই তেওঁ লাইফগাৰ্ড আৰু প্ৰশিক্ষকৰ প্ৰমাণ-পত্ৰ লাভ কৰিছিল আৰু প্ৰায়েই মাতৃৰ সৈতে বিভিন্ন প্ৰতিযোগিতালৈ গৈছিল।৩ প্ৰথম অৱস্থাত তেওঁ ৰাসায়নিক অভিযান্ত্ৰিক (কেমিকেল ইঞ্জিনিয়াৰিং) অধ্যয়ন কৰিছিল যদিও পৰৱৰ্তী সময়ত পাঠ্যক্ৰমৰপৰা অব্যাহতি লয়।৩ তেওঁ চুৰে বিশ্ববিদ্যালয়ৰপৰা নাট্য সাহিত্যৰ স্নাতক ডিগ্ৰী আৰু আজাদ বিশ্ববিদ্যালয়ৰপৰা ফৰাচী অনুবাদ বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে।৪
পৰিয়াল
তেওঁৰ মাতৃ চুইমিং ফেডাৰেচনৰ উপ-সভানেত্ৰী আৰু শিক্ষক প্ৰশিক্ষণ বিশ্ববিদ্যালয়ৰ অনুষদৰ সদস্য, আনহাতে পিতৃ এজন যান্ত্ৰিক অভিযন্তা (মেকানিকেল ইঞ্জিনিয়াৰ)। তেওঁৰ নাসিম নামৰ এগৰাকী ভগ্নী আৰু ৰুজবেহ নামৰ এজন ভাতৃ আছে।১ ৰুজবেহ শ্বহীদ বেহেষ্টী বিশ্ববিদ্যালয়ৰ স্নাতক আৰু কানাডাৰপৰা কম্পিউটেচনেল ষ্টাডিজত স্নাতকোত্তৰ ডিগ্ৰীধাৰী, আনহাতে নাসিমে তেহৰান বিশ্ববিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰি বাৰ্লিনত পুৰাতত্ত্ব বিষয়ত পিএইচডি কৰিছে। দোলাতচাহী পৰিয়ালটো কাজাৰ ৰাজবংশৰ দোলাতচাহী বংশৰ বংশধৰ।৫
ব্যক্তিগত জীৱন
২০০৯ চনৰ ১৭ মাৰ্চত দোলাতচাহীয়ে ৰামবদ জাভানৰ সৈতে বিবাহপাশত আবদ্ধ হয়, যাক তেওঁ থিয়েটাৰৰ জৰিয়তে লগ পাইছিল। অৱশ্যে ২০১৪ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।৬ ২০২২ চনৰ ৮ অক্টোবৰত ইমাম খোমেইনী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ইৰানলৈ প্ৰত্যাৱৰ্তন কৰাৰ সময়ত আলি দায়ী, হোমায়ুন চাজৰিয়ান আৰু দোলাতচাহীৰ পাছপ’ৰ্ট সাময়িকভাৱে জব্দ কৰাৰ বাতৰিয়ে সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছিল।৭৮৯ ২০২৩ চনৰ অক্টোবৰ মাহত আদেল ফেৰদৌচিপুৰৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত হোমায়ুন চাজৰিয়ানে নিশ্চিত কৰে যে তেওঁ আৰু দোলাতচাহী এক প্ৰেমৰ সম্পৰ্কত আছে।১০ ২০২৫-২০২৬ চনৰ ইৰানৰ চৰকাৰী বিৰোধী প্ৰতিবাদক চৰকাৰে দমন কৰাৰ প্ৰতিবাদত দোলাতচাহীয়ে ফাজৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ বৰ্জন কৰিছিল।১১
তথ্যসূত্ৰ
- ↑ زندگینامه سحر دولتشاهی. پایگاه خبری تحلیلی مثلث · درک تازه ای از واقعیت
- ↑ iranian Movie DataBase. www.sourehcinema.com
- ↑ پایگاه خبری تحلیلی انتخاب · Entekhab.ir. گفت و گو با سحر دولتشاهی درباره مدرسه، کودکی و لایف استایل. پایگاه خبری تحلیلی انتخاب · Entekhab.ir
- ↑ https://www.pishkhan.com/Archive/1399/07/13990716/MardomSalari7797111100114495554119358.pdf. www.pishkhan.com
- ↑ سی نت · بیوگرافی سحر دولتشاهی - Sahar Dolatshahi. cinetmag.com
- ↑ آنلاین, اقتصاد. بیوگرافی سحر دولتشاهی از دیروز تا امروز +تصاویر. fa
- ↑ در نقد ضبط پاسپورت همایون شجریان. خبرگزاری برنا
- ↑ (2022-10-10). تحویل پاسپورت علی دایی، شجریان و دولتشاهی با پیگیری دولت. ایرنا
- ↑ فردا, رادیو. خانه سینما: صد نفر از هنرمندان ایران بازداشت یا ممنوع الخروج شدهاند. رادیو فردا
- ↑ واکنش سحر دولتشاهی به خشونت جنسی علیه زنان. jamejamonline.ir
- ↑ www.iranintl.com/202602139001
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চহৰ দোলাতচাহী” প্ৰবন্ধৰ সংশোধন ৬১১৬৬০ (১০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।