অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চায়াকা মুৰাটা

চায়াকা মুৰাটা (村田沙耶香, Sayaka Murata; জন্ম:১৪ আগষ্ট, ১৯৭৯) বা মুৰাটা চায়াকা এগৰাকী জাপানী সাহিত্যিক। তেওঁ সাহিত্যৰ বাবে নতুন লেখকক প্ৰদান কৰা গুঞ্জ বঁটা, নমা সাহিত্য বঁটা, মিছিমা অ’কিঅ’ প্ৰাইজ আৰু আকুটাগৱা প্ৰাইজ লাভ কৰিছে।

হালনাগাদ: ১৭ জুন ২০২৪ ২৯৬ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

চায়াকা মুৰাটা (村田沙耶香, Sayaka Murata; জন্ম:১৪ আগষ্ট, ১৯৭৯) বা মুৰাটা চায়াকা এগৰাকী জাপানী সাহিত্যিক। তেওঁ সাহিত্যৰ বাবে নতুন লেখকক প্ৰদান কৰা গুঞ্জ বঁটা, নমা সাহিত্য বঁটা, মিছিমা অ’কিঅ’ প্ৰাইজ আৰু আকুটাগৱা প্ৰাইজ লাভ কৰিছে।

জীৱনপঞ্জী

১৯৭৯ চনত জাপানৰ চিবা প্ৰিফেকচাৰৰ ইনজাইত মুৰাটাৰ জন্ম হৈছিল। সৰুতে প্ৰায়ে তেওঁ তেওঁৰ ককায়েক আৰু মাকৰ পৰা ধাৰলৈ লৈ বিজ্ঞানৰ কল্পকাহিনী আৰু ৰহস্য উপন্যাস পঢ়িছিল, আৰু প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীত নিজ হাতে এখন উপন্যাস লিখিবলৈ চেষ্টা কৰিছিল। জীয়েকক উৎসাহিত কৰিবলৈ মাকে লিখিবলৈ বুলি তেওঁক এটা ৱৰ্ড প্ৰচেছৰ কিনি দিছিল।১ মুৰাটাই ইনজাইত মাধ্যমিক বিদ্যালয়ৰ শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত, তেওঁৰ পৰিয়ালটো ট’কিঅ’লৈ যায়, য’ত তেওঁ কাচিৱা হাইস্কুলৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ তামাগৱা বিশ্ববিদ্যালয়ত পঢ়িছিল।২

কাচিৱা হাইস্কুল
কাচিৱা হাইস্কুলছবি: Abasaa · Public domain

তেওঁৰ প্ৰথমখন উপন্যাস ‘জ্যুন্যু’ (ব্ৰেষ্টফিডিং)এ নতুন লেখকক প্ৰদান কৰা গুঞ্জ প্ৰাইজ লাভ কৰিছিল।৩ ২০১৩ চনত ‘Shiro-iro no machi no, sono hone no taion no’ (অফ বনচ্‌, অফ বডি হিট, অফ হোৱাইটনিং চিটি)ৰ বাবে তেওঁ মিছিমা অ’কিঅ’ বঁটা আৰু ২০১৪ চনত ‘চেঞ্চ অৱ জেণ্ডাৰ এৱাৰ্ড’ নামে এটি বিশেষ বঁটা লাভ কৰে।৪৫ ২০১৬ চনত তেওঁৰ দশম উপন্যাস ‘কমবিনি নিনজেন’-এ সন্মানীয় আকুটাগৱা বঁটা লাভ কৰে ৬ আৰু সেই বৰ্ষতে ‘ভগ’ আলোচনীৰ জাপান সংস্কৰণত বছৰটোৰ মহিলা ৰূপে তেওঁৰ নাম উল্লেখ হয়। জাপানত ‘কমবিনি নিনজেন’ৰ ১.৫ মিলিয়ন কপি বিক্ৰী হয় আৰু ২০১৮ চনত ‘কন্ভিনিয়েঞ্চ ষ্ট’ৰ ৱ’মেন’ শীৰ্ষকেৰে কিতাপখন ইংৰাজীলৈ অনুবাদ হয়। ইংৰাজী ভাষালৈ অনুবাদ হোৱা এইখনেই তেওঁৰ প্ৰথম কিতাপ। পিছত ৩০টাতকৈও অধিক ভাষাত উপন্যাসখনৰ অনুবাদ প্ৰকাশ পায়।

২০১৭ চনলৈকে মুৰাটাই ট’কিঅ’ৰ ‘কন্ভিনিয়েঞ্চ ষ্ট’ৰ’ত কেৰাণী হিচাপে পাৰ্ট-টাইম কাম কৰিছিল।৭

লেখনশৈলী

মুৰাকাৰ লেখনীত সমাজত সততে দেখা পোৱা পুৰুষ আৰু মহিলাৰ মাজৰ অসামঞ্জস্যসমূহৰ উল্লেখ হৈছে; বিশেষকৈ সাহিত্যৰ মাজেৰে তেওঁ লৈংগিক বিভেদ, অভিভাৱকত্ব আৰু যৌনতা সন্দৰ্ভত মুকলিকৈ আলোচনা কৰিছে।৮ তেওঁৰ লেখনীৰ বহুতো বিষয় বস্তু আৰু চৰিত্ৰ তেওঁ ‘কন্‌ভিনিয়েঞ্চ ষ্ট’ৰ’ত কাম কৰি থকাৰ সময়ত হোৱা অভিজ্ঞতা আৰু দৈনন্দিন পৰ্যৱেক্ষণৰ আলমত গঢ় লৈ উঠিছে।৭ যৌনতা, বৈবাহিক জীৱনৰ ভিতৰৰ সন্মুখীন হোৱা যৌনতাহীনতা, স্বেচ্ছামূলক বা অনিচ্ছাকৃত বহ্মচৰ্যৰ সামাজিক গ্ৰাহণযোগ্যতাক থীম ৰূপে লৈ তেওঁ তেওঁৰ কেইবাখনো উপন্যাস আৰু তেওঁৰ গল্প ‘আ ক্লিন মেৰেজ’ ৰচনা কৰিছে।৯১০ ‘চিলভাৰ চং’ আৰু ‘অফ বনচ্‌, অফ বডি হিট, অফ হোৱাইটনিং চিটি’ত তেওঁ খোলাকৈ কৈশোৰ যৌনতা বিষয়ত আলোকপাত কৰিছে।১১

স্বীকৃতি

+বৰ্ষবঁটাশীৰ্ষকটোকা
২০০৩গুঞ্জ প্ৰাইজ ফ’ৰ নিউ ৰাইটাৰ৩জ্যুন্যু (授乳)বিজেতা
২০০৯মিছিমা অ’কিঅ’ প্ৰাইজ৫Gin iro no uta (ギンイロノウタ)মনোনয়ন
২০০৯নমা লিটাৰেৰী প্ৰাইজ১২Gin iro no uta (ギンイロノウタ)বিজেতা
২০১০মিছিমা য়ুকিঅ’ প্ৰাইজ৫Hoshi ga sū mizu (星が吸う水)মনোনয়ন
২০১২মিছিমা য়ুকিঅ’ প্ৰাইজ৫Tadaima tobira (タダイマトビラ)মনোনয়ন
২০১৩মিছিমা য়ুকিঅ’ প্ৰাইজ৫Shiro-iro no machi no, sono hone no taion no (しろいろの街の、その骨の体温の)বিজেতা
২০১৪চেঞ্চ অৱ জেণ্ডাৰ এৱাৰ্ড১৩Satsujin shussan (殺人出産)বিজেতা
২০১৬আকুটাগৱা প্ৰাইজ৬কমবিনি নিনজেন (コンビニ人間)বিজেতা

তথ্যসূত্ৰ

  1. ↑ (August 20, 2017). 村田沙耶香インタビュー「バイトは週3日、週末はダメ人間です」. Bungeishunjū
  2. ↑ (July 21, 2016). 印西出身の村田沙耶香さん 入学時文集「いつか理想の自分に」 二松学舎大学付属柏高、母校も喜びに沸く /千葉. Mainichi
  3. ↑ Gunzo Awards. Gunzo
  4. ↑ Specchio, Anna. (July 5, 2018). Eutopizing the Dystopia. Gender Roles, Motherhood and Reproduction in Murata Sayaka's "Satsujin Shussan". Metacritic Journal for Comparative Studies and Theory. পৃ. 94–108
  5. ↑ | 新潮社. 新潮社コーポレートサイト
  6. ↑ Kikuchi, Daisuke. (July 20, 2016). Convenience store worker who moonlights as an author wins prestigious Akutagawa Prize. The Japan Times
  7. ↑ Rich, Motoko. (June 11, 2018). For Japanese Novelist Sayaka Murata, Odd Is the New Normal. New York Times
  8. ↑ Rich, Motoko. (June 11, 2018). For Japanese Novelist Sayaka Murata, Odd Is the New Normal. The New York Times
  9. ↑ Fallon, Claire. (June 12, 2018). Amid All The Talk Of Incels, A Solitary Woman's Story. HuffPost
  10. ↑ Tapley Takamori, Ginny. (April 24, 2014). Translator's Note: A Clean Marriage. Granta
  11. ↑ Silver Song. Books from Japan
  12. ↑ 過去の受賞作品. Kodansha
  13. ↑ (August 29, 2015). 2014年度 第14回Sense of Gender賞. The Japanese Association for Gender Fantasy and Science Fiction

সম্পৰ্কিত শ্ৰেণী

সাহিত্যিকজাপানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চায়াকা মুৰাটা” প্ৰবন্ধৰ সংশোধন ৪২৩৩৯৪ (১৭ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।