অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চাবিন এৰিকা সিং

চাবিন এৰিকা সিং (ইংৰাজী: Sabine Erika Singh; জন্ম: ৪ আগষ্ট, ১৯৭৪) এগৰাকী আমেৰিকান অভিনেত্ৰী।

হালনাগাদ: ২৬ মাৰ্চ ২০২৬ ৪৬৪ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

চাবিন এৰিকা সিং (ইংৰাজী ভাষা: Sabine Erika Singh; জন্ম: ৪ আগষ্ট, ১৯৭৪) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী।

প্ৰাৰম্ভিক জীৱন

চাবিন সিঙৰ জন্ম নিউয়ৰ্ক মহানগৰ চহৰত হৈছিল। তেওঁৰ পিতৃ আনন্দ সিং আৰু মাতৃ গিছা সিং (পূৰ্বৰ উপাধি ভইগ্ট) ক্ৰমে ভাৰত আৰু অষ্ট্ৰিয়াৰপৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰিছিল। নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ টিচ স্কুল অফ দ্য আৰ্টছৰপৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পূৰ্বে সিঙে মিছিগান বিশ্ববিদ্যালয়ৰ লগতে লণ্ডনৰ লণ্ডন একাডেমী অৱ মিউজিক এণ্ড ড্ৰামেটিক আৰ্ট (LAMDA) আৰু ব্ৰিটিছ আমেৰিকান ড্ৰামা একাডেমীতো অধ্যয়ন কৰিছিল। শ্বেইকছপীয়েৰৰ প্ৰতি থকা অনুৰাগৰ বাবে তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ বেলিঅ’ল কলেজতো অধ্যয়ন কৰিছিল।

কৰ্মজীৱন

সিং জিম চিম্পছন আৰু মেক ৱেলমেনৰ বঁটা বিজয়ী দ্য ফ্লী থিয়েটাৰৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য আছিল। তেওঁ নিউয়ৰ্কৰ থিয়েটাৰ জগতৰ নতুন আৰু পৰীক্ষামূলক কণ্ঠস্বৰসমূহক উপস্থাপন কৰা দ্য ফ্লীৰ অ’বি বঁটা বিজয়ী আৱাসিক অভিনয় দল "BATS"ৰ প্ৰথম সদস্যসকলৰ ভিতৰত এগৰাকী আছিল। শেহতীয়াকৈ চাবিনে ডেনিয়েল ৰবাৰ্টছৰ নাটক দ্য গোল্ড ষ্টেণ্ডাৰ্ডৰ সমালোচকৰদ্বাৰা প্ৰশংসিত প্ৰযোজনাত "অলিভিয়া" হিচাপে অফ-ব্ৰডৱেত অভিনয় কৰিছিল। দ্য নিউয়ৰ্ক টাইমছৰ পৰ্যালোচনাত কোৱা হৈছিল: "অলিভিয়া (চাবিন সিং) এগৰাকী প্ৰকৃত সুন্দৰী যিয়ে প্ৰথম অংকত দ্য ফেবুলাছ বেকাৰ বয়জৰ মিচেল ফাইফাৰৰ দৰে লাস্যমজ়ী লাউঞ্জ গায়িকাৰ অনুকৰণ কৰে... তেওঁ এনে এগৰাকী আকৰ্ষণীয় স্বৰ্ণকেশী যিয়ে প্ৰায় যান-জঁত ৰখাই দিব পাৰে।" ১

তেওঁৰ চলচ্চিত্ৰসমূহৰ ভিতৰত টনি গোল্ডউইনৰ চামৱান লাইক ইউ, দ্য এনাৰ্কিষ্ট কুকবুক আৰু ৰিকি ছিক্স অন্যতম। তেওঁৰ ছবি মৰিয়ম ৰবাৰ্ট ডি নিৰোৰ প্ৰথম ট্ৰাইবেঁকা ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হৈছিল, য’ত চাবিনক সন্মানিত কৰাৰ লগতে অতিথি বক্তা হিচাপে অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। তেওঁৰ টেলিভিছন কেৰিয়াৰৰ ভিতৰত দ্য ছোপ্ৰানোছ, লাছ ভেগাছ, ডছনছ ক্ৰীক, ডায়গনষ্টিক মাৰ্ডাৰ, চাৰ্মড, চি.এছ.আই.: এন.ৱাই. আৰু ল এণ্ড অৰ্ডাৰত অতিথি আৰু পুনঃপৌনিক চৰিত্ৰত কৰা অভিনয় উল্লেখযোগ্য।

২০০৭ চনৰ মাৰ্চ মাহৰপৰা সিঙে অল মাই চিলড্ৰেন ধাৰাবাহিকত গ্ৰীণলী স্মিথ হিচাপে ১৭০ টাতকৈও অধিক খণ্ডত অভিনয় কৰিছিল। তেওঁ এই চৰিত্ৰটোৰ পূৰ্বৰ অভিনেত্ৰী ৰেবেঁকা বাডিগৰ স্থলাভিষিক্ত হৈছিল। সিঙৰ অভিনয়ে তেওঁক ডে-টাইম এমি বঁটাৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী হিচাপে মনোনয়নৰ দৌৰত স্থান দিয়াৰ লগতে ডে-টাইম কনফিডেন্সিয়েলৰ ২০০৭ চনৰ 'টপ নিউকামাৰ' বঁটাও প্ৰদান কৰিছিল।২

২০০৭ চনৰ ডিচেম্বৰত ঘোষণা কৰা হয় যে সিঙক এই চৰিত্ৰৰপৰা অব্যাহতি দি পুনৰ বাডিগক অনা হ’ব। মূল অভিনেত্ৰীগৰাকীক ওভতাই আনিবলৈ ধাৰাবাহিকখনৰ প্ৰযোজকসকলে সিঙৰ সৈতে থকা চুক্তি ভংগ কৰিছিল। সিঙক মাত্ৰ চাৰি দিনৰ জাননী দি বিদায় দিয়া কাৰ্যক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। ইয়াৰ ফলত তেওঁ এমি বঁটাৰ বাবেও অযোগ্য হৈ পৰে। সিঙে শেষবাৰৰ বাবে ২০০৮ চনৰ ১৫ জানুৱাৰীত অল মাই চিলড্ৰেনত অভিনয় কৰিছিল।৩৪

এই ধাৰাবাহিকখনৰপৰা ওলাই যোৱাৰ পাছত সিঙে ২০০৮ চনৰ মে’ মাহত নিউয়ৰ্ক চহৰৰ পি.এছ. ১২২ ত লিজা লেণ্টিনিৰ এক একক অভিনয়ৰ নাটক দ্য ইউথানেচিয়াক্টত অভিনয় কৰি থিয়েটাৰলৈ প্ৰত্যাৱৰ্তন কৰে। ইয়াৰ পিছত তেওঁ বিভিন্ন টিভি চলচ্চিত্ৰ আৰু থিয়েটাৰত অভিনয় অব্যাহত ৰাখে। ২০০৮ আৰু ২০০৯ চনত তেওঁ ভ্ৰমণভিত্তিক অনুষ্ঠান ভয়েজেছৰ আঁত ধৰিছিল। ২০১০ চনত তেওঁক বাকাৰ্ডিয়ে 'বোম্বে চেফায়াৰ জিন'ৰ ব্ৰেণ্ড মুখপাত্ৰ হিচাপে নিৰ্বাচিত কৰিছিল।৫

সিঙে সদায় সমাজসেৱী হিচাপে কাম কৰি আহিছে। ২০১১ চনত তেওঁ এগৰাকী পূৰ্ণকালীন স্বেচ্ছাসেৱী আৰু কৰ্মী হিচাপে কাম আৰম্ভ কৰে। তেওঁ PURE নামৰ এটা অলাভজনক সংস্থা আৰম্ভ কৰে,৬ যিয়ে দক্ষিণ-পূব এছিয়া আৰু ভাৰতীয় উপমহাদেশৰ বিভিন্ন অঞ্চলত যৌন সৰবৰাহৰ বলি হোৱা শিশুসকলক উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ বাবে কাম কৰে।

অভিনয় তালিকা

চলচ্চিত্ৰ

বৰ্ষনামচৰিত্ৰটোকা
২০০০ৰিকি ছিক্সকেলী জোচেফ
২০০১চামৱান লাইক ইউবাৰৰ যুৱতী
২০০২মৰিয়মজিল
২০০২দ্য এনাৰ্কিষ্ট কুকবুকজিন
২০০২দ্য ফাইন লাইন বিটুইন কিউট এণ্ড ক্ৰিপিমেৰী

দূৰদৰ্শন

বৰ্ষনামচৰিত্ৰটোকা
১৯৯৯ষ্টুডেণ্ট এফেয়াৰ্ছজৰ্ডানটিভি ধাৰাবাহিক
১৯৯৯ল এণ্ড অৰ্ডাৰএলিসনখণ্ড° "Tabula Rasa"
১৯৯৯ষ্ট্ৰেঞ্জাৰ্ছ উইথ কেণ্ডীয়াছমিন চাৰংখণ্ড° "Jerri Is Only Skin Deep"
২০০০দ্য ছোপ্ৰানোছট্ৰেচিখণ্ড° "House Arrest"
২০০১ডায়গনষ্টিক: মাৰ্ডাৰজেনী শ্লেটাৰখণ্ড° "Playing God"
২০০১চাৰ্মডমিছিখণ্ড° "Coyote Piper"
২০০১ডছনছ ক্ৰীকআন্না ইভানছখণ্ড° "Hopeless", "A Winter's Tale"
২০০২দ্য ৰেণ্ডম ইয়াৰ্ছচিডনীখণ্ড° "Dangerous Liaisions"
২০০২নেন্সী ড্ৰিউএলিসন প্ৰাইচটিভি চলচ্চিত্ৰ
২০০৫আনস্ক্ৰিপ্টেডএমানুৱেলৰ বন্ধুখণ্ড° "১.৯"
২০০৫মাৰ্থা বিহাইণ্ড বাৰ্ছলেক্সি ষ্টুৱাৰ্টটিভি চলচ্চিত্ৰ
২০০৬লাছ ভেগাছলিছিখণ্ড° "Like a Virgin"
২০০৬চি.এছ.আই.: এন.ৱাই.এৰিকা লেংকাষ্টাৰখণ্ড° "People with Money"
২০০৭–২০০৮অল মাই চিলড্ৰেনগ্ৰীণলী স্মিথনিয়মীয়া চৰিত্ৰ (১৬০টা খণ্ড)
২০০৯ল এণ্ড অৰ্ডাৰ: ক্ৰিমিনেল ইণ্টেণ্টএমি টাউনচেণ্ডখণ্ড° "Alpha Dog"
২০১০ৱান লাইফ টু লিভৱেণ্ডীপুনঃপৌনিক চৰিত্ৰ (৪টা খণ্ড)

তথ্যসূত্ৰ

  1. ↑ Gates, Anita. (5 June 2006). The Gold Standard - Review - Theater. The New York Times
  2. ↑ (December 11, 2007). daytimeconfidential.com. Daytime Confidential
  3. ↑ Budig Returns to Role of Greenlee. SoapCentral
  4. ↑ Soap Opera Digest, Sabine Singh interview. Soap Opera Digest
  5. ↑ - YouTube. YouTube
  6. ↑ End Child Sex Trafficking - Pure. Pure

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পীভাৰতীয় মূলৰ আমেৰিকান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাবিন এৰিকা সিং” প্ৰবন্ধৰ সংশোধন ৫৯৪৩৯০ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।