চন্দ্ৰিকা ৰবি (ইংৰাজী ভাষা: Chandrika Ravi) এগৰাকী ভাৰতীয় মূলৰ অষ্ট্ৰেলিয়ান অভিনেত্ৰী। তেওঁ অষ্ট্ৰেলিয়াতে জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হৈছিল আৰু পিছলৈ অভিনয় তথা মডেলিং কেৰিয়াৰৰ বাবে লছ এঞ্জেলছলৈ স্থানান্তৰিত হয়। ২০১৮ চনৰ ভাৰতীয় ছবি ইৰুত্তু আৰায়িল মুৰাত্তু কুথুত কৰা অভিনয়ৰ বাবে তেওঁ পৰিচিত হৈ পৰে।
প্ৰাৰম্ভিক জীৱন আৰু কৰ্মজীৱন
চন্দ্ৰিকাৰ জন্ম মেলবৰ্ণত ৰবি শ্ৰীধৰণ আৰু মল্লিকা ৰবিৰ গৰ্ভত হৈছিল।১ তেওঁৰ পিতৃ-মাতৃৰ জন্ম চিংগাপুৰত হৈছিল।
তেওঁ ৩ বছৰ বয়সৰপৰাই নৃত্য আৰু অভিনয় শিকিবলৈ আৰম্ভ কৰিছিল। ১৬ বছৰ বয়সত তেওঁ পেছাদাৰী কেৰিয়াৰ আৰম্ভ কৰে আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত থিয়েটাৰ, চিনেমা তথা টিভিত অভিনয় কৰে। তেওঁ ২০১২ চনৰ 'মিছ মেক্সিম ইণ্ডিয়া'ত ৰানাৰ্ছ-আপ খিতাপ জয় কৰিছিল। ইয়াৰ উপৰি ২০১২ চনৰ 'মিছ ৱৰ্ল্ড অষ্ট্ৰেলিয়া'ৰ ষ্টেট ফাইনেলিষ্ট হিচাপে স্থান লাভ কৰা তেওঁ আছিল প্ৰথমগৰাকী ভাৰতীয় মূলৰ মহিলা। তেওঁ 'মিছ ইণ্ডিয়া অষ্ট্ৰেলিয়া'তো অংশগ্ৰহণ কৰিছিল।
২০১৭ চনৰ শেষৰফালে নকুলৰ বিপৰীতে তামিল ভাষা ছবি চেইত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হোৱাৰ পিছত চন্দ্ৰিকা ৰবিয়ে ভাৰতীয় চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।২ তেওঁ এখন এডাল্ট কমেডী হৰৰ ছবি ইৰুত্তু আৰায়িল মুৰাত্তু কুথুত এটা ভূতৰ চৰিত্ৰত অভিনয় কৰি তামিল চলচ্চিত্ৰ উদ্যোগত জনপ্ৰিয়তা অৰ্জন কৰে। এই ছবিখনৰ পিছত তেওঁ বহুতো প্ৰকল্পত বিশেষ উপস্থিতি আৰু মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হয়।
আমেৰিকাত চন্দ্ৰিকাৰ নিজাকৈ ৰেডিঅ’ শ্ব’ আৰু প’ডকাষ্ট আছে। তেওঁ আমেৰিকাৰ দুটা নেটৱৰ্ক আই-হাৰ্ট ৰেডিঅ’ (iHeart Radio) আৰু ৰুকুছ এভিনিউ ৰেডিঅ’ (Rukus Avenue Radio)ৰ অংশীদাৰিত্বত এই অনুষ্ঠানটো প্ৰযোজনা আৰু পৰিচালনা কৰে।৩৪
চলচ্চিত্ৰপঞ্জী
| বৰ্ষ | ছবি | চৰিত্ৰ | ভাষা | টোকা |
|---|---|---|---|---|
| ২০১৮ | ইৰুত্তু আৰায়িল মুৰাত্তু কুথু | ভূত | তামিল | |
| চেই | নেন্সি | |||
| ২০১৯ | চিকাতি গডিলো চিতা কোটুডু | তেলুগু | "দে থাডি দে থাডি" গীতত বিশেষ উপস্থিতি | |
| ২০২৩ | বীৰা সিংহ ৰেড্ডী | "মা বাৱা মনোভাবলু" গীতত বিশেষ উপস্থিতি | ||
| ২০২৫ | অক্কদা আম্মায়ী ইক্কদা আব্বায়ী | "মোধতি চিনুকু" গীতত বিশেষ উপস্থিতি | ||
| ব্লেকমেইল | তামিল | "ওথুক্কিৰিয়া" গীতত বিশেষ উপস্থিতি |
তথ্যসূত্ৰ
- ↑ (18 September 2017). FHM Discovery- Chandrika Ravi. FHM
- ↑ Indian-Australian model in Nakul's next. The Times of India
- ↑ www.iheart.com/podcast/53-the-chandrika-ravi-sho
- ↑ আৰ্কাইভ কপি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰিকা ৰবি” প্ৰবন্ধৰ সংশোধন ৬২৩৬৩২ (৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।