চাং চুং-হো (ইংৰাজী ভাষা: Chang Ch'ung-ho; জন্ম: ১৭ মে', ১৯১৪ – ১৭ জুন, ২০১৫), বিবাহোত্তৰ নাম চুং-হো চাং ফ্ৰেংকেল হিচাপেও পৰিচিত, এগৰাকী চীনা-আমেৰিকান কবি, কেলিগ্ৰাফাৰ (লিপিকাৰ), শিক্ষাবিদ আৰু 'কুনকু' (Kunqu) অপেৰা গায়িকা আছিল। তেওঁক "চীন গণৰাজ্যৰ অন্তিম গৰাকী প্ৰতিভাশালী মহিলা" বুলি অভিহিত কৰা হয়।
জীৱন আৰু কেৰিয়াৰ
চাং চুং-হোৰ জন্ম ১৯১৪ চনত চাংহাইত হৈছিল। তেওঁলোকৰ পুৰ্বপুৰুষৰ ঘৰ আছিল আনহুইৰ হেফেইত।১ তেওঁৰ আজোককাক ঝাং শ্বুশ্বেং হুয়াই সৈন্যবাহিনীৰ এজন উচ্চপদস্থ সামৰিক বিষয়া আছিল। তেওঁৰ পিতৃ ঝাং ৱুলিং এজন শিক্ষাবিদ আছিল। তেওঁৰ চাৰি গৰাকী ভগ্নী আৰু ছয়জন ভাতৃ আছিল। তেওঁৰ জ্যেষ্ঠ ভগ্নী চাং ইউয়েন-হো আৰু দ্বিতীয় ভগ্নী ঝাং ইউন-হো 'কুনকু' বিশেষজ্ঞ আছিল। তেওঁৰ তৃতীয় ভগ্নী চাং চাউ-হো এগৰাকী লেখিকা তথা প্ৰখ্যাত ঔপন্যাসিক শ্বেন চংৱেনৰ পত্নী আছিল।১
২১ বছৰ বয়সত তেওঁ পিকিং বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। বিশ্ববিদ্যালয়ৰ শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত তেওঁ 'চেণ্ট্ৰেল ডেইলী নিউজ' নামৰ বাতৰি কাকতখনৰ সম্পাদিকা হিচাপে কাম কৰিবলৈ লয়। ১৯৪৭ চনত তেওঁ হান্স ফ্ৰেংকেলক লগ পায় আৰু ১৯৪৮ চনৰ নৱেম্বৰত তেওঁলোক বিবাহপাশত আবদ্ধ হয়। ১৯৪৯ চনত তেওঁলোক আমেৰিকা যুক্তৰাষ্ট্ৰত নিগাজিকৈ থাকিবলৈ লয়।১২ তেওঁলোকৰ দুটা সন্তান আছিল— এমা ফ্ৰেংকেল আৰু ইয়ান ফ্ৰেংকেল। চাং চুং-হোৱে য়েল বিশ্ববিদ্যালয়, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় আৰু আন ২০ খন বিশ্ববিদ্যালয়ত পৰম্পৰাগত চীনা সংস্কৃতিৰ শিক্ষা প্ৰদান কৰিছিল।
সাংস্কৃতিক বিপ্লৱৰ পিছত ১৯৭৯ চনত তেওঁ চীনৰ চুঝৌ ভ্ৰমণ কৰে। ১৯৮৬ চনত তেওঁ বেইজিঙত টাং চিয়ানঝুৰ মৃত্যুৰ ৩৭০ সংখ্যক বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লয়। ২০০৪ চনৰ শৰৎকালত তেওঁ বেইজিঙত এখন চিত্ৰ প্ৰদৰ্শনীৰ আয়োজন কৰিছিল। ২০১৫ চনৰ ১৭ জুনত ১০১ বছৰ বয়সত কানেকটিকাটৰ নিউ হেভেনত তেওঁৰ মৃত্যু হয়।৩
নিৰ্বাচিত ৰচনাৱলী
- তাওহুয়ায়ু (Peach Blossom Fish)
তথ্যসূত্ৰ
- ↑ (2015-06-18). zh:"最后的才女"张充和去世 合肥四姐妹成绝响. 163.com
- ↑ (2015-06-19). zh:張充和去世 被評"為九如巷張家的民國往事畫上句點". People.cn
- ↑ (June 19, 2015). 张充和去世 真正的女神一去不返. ZY News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাং চুং-হো” প্ৰবন্ধৰ সংশোধন ৬০৫০১৯ (৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।