চন্দ্ৰৰত্ন বান্দাৰা (Chandrarathna Bandara) হ'ল শ্ৰীলংকাৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক। ১৯৯১ চনত তেওঁ তেওঁৰ সাহিত্য-কৰ্মৰ বাবে ৰাষ্ট্ৰীয় সাহিত্য বঁটা লাভ কৰিছিল। পূৰ্বৰ সাহিত্য-কৰ্মত তেওঁৰ আগ্ৰহৰ বিষয় আছিল শ্ৰীলংকাৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক দিশবোৰ অনুসন্ধান কৰা। তেওঁ কেণ্ডীৰ ধৰ্মৰাজা কলেজত পঢ়া-শুনা কৰিছিল।
সাহিত্য জীৱন
মেৰু উপন্যাসখনৰ বাবে ১৯৯১ চনত অনুষ্ঠিত শ্ৰীলংকাৰ ৰাজ্যিক সাহিত্য মহোৎসৱত তেওঁ ৰাষ্ট্ৰীয় সাহিত্য বঁটা লাভ কৰিছিল।১ ১৯৯৩ চনত প্ৰকাশিত তেওঁৰ সাহিত্য-কৰ্ম ৱানাসাপুমালা (হোষ্টেজ চিটি) এতিয়ালৈকে আটাইতকৈ চৰ্চিত তেওঁৰ সাহিত্য-কৰ্ম। ১৯৮০-ৰ দশকত শ্ৰীলংকাৰ উত্তৰ প্ৰভিঞ্চৰ এজন ৰাজনৈতিকভাৱে অনুপ্ৰাণিত যুৱকে সন্মুখীন হোৱা জটিল সমস্যাবোৰ কিদৰে মোকাবিলা কৰিছিল তাৰ বৰ্ণনা ইয়াত লিপিৱদ্ধ হৈছে। তেওঁৰ এই ৰচনাৰ আখ্যান পদ্ধতিক ৬০ৰ দশকত গুণদাস অমৰশেখৰ আৰু ছিৰি গুনাসিংহে দৰে বিশিষ্ট ব্যক্তিসকলে প্ৰৱৰ্তন কৰা শৈলীৰ পুনৰ সৃষ্টি হিচাপে চিহ্নিত কৰিব পাৰি।
ৱানাসাপুমালা ই ১৯৯৩ চনত শ্ৰেষ্ঠ উপন্যাসৰ বাবে ডি. আৰ. ৱিজেৱাৰ্ডেনা বঁটা লাভ কৰিছিল।২ এই গ্ৰন্থখনক ইতিমধ্যে "কানাডা-শ্ৰীলংকা এডুকেশ্বন ফাউণ্ডেশ্যন"ৰ পৃষ্ঠপোষকতাত ইংৰাজী (বিজিতা ফাৰ্ণাণ্ডোৰ হোষ্টেজ চিটি) আৰু তামিল (উদয়গল পুক্কাল) ভাষালৈ অনুবাদ কৰা হৈছে। বিজিতা ফাৰ্ণাণ্ডো শ্ৰীলংকাৰ অন্যতম জ্যেষ্ঠ অনুবাদক আৰু ২০০৪আৰু ২০০৫ চনত তেওঁ তেওঁৰ অনুবাদ-কৰ্মৰ বাবে শ্ৰেষ্ঠ অনুবাদকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।
১৯৯০-ৰ দশকৰ শেষৰ ফালে শ্ৰীলংকাত তেওঁৰ উপন্যাস ৱিমন ডোৰাকোডা ৰ আধাৰত কৰি এখন টেলি-ড্ৰামা নিৰ্মাণ কৰা হৈছিল আৰু ৰাষ্ট্ৰীয় টেলিভিছন, শ্ৰীলংকা ৰূপবাহিনী কৰ্প'ৰেছনত ধাৰাবাহিকভাৱে প্ৰচাৰ কৰা হৈছিল। চন্দ্ৰৰত্ন বান্দাৰা এগৰাকী প্ৰশংসিত চুটি গল্প লেখক আৰু কবি। কবি হিচাপে তেওঁ তেওঁৰ অপৰম্পৰাগত শৈলীৰ বাবে জনাজাত।
তেওঁৰ পঞ্চম উপন্যাস "ৱালাকুলু বাম্মা" (শ্ৰীলংকাৰ সৰসাভি প্ৰকাশকে প্ৰকাশ কৰা ৱাল অৱ ক্লাউড্স) ২০১৬ চনৰ ৩ এপ্ৰিলত টৰণ্টোত উন্মোচিত হৈছিল। এই উন্মোচনী অনুষ্ঠানত ড° জয়ালথ মনোৰাথনে মূল ভাষণ প্ৰদান কৰিছিল।
গ্ৰন্থপঞ্জি
উপন্যাসসমূহ
- মেৰু (দ্য উইংগেড এণ্টছ)
- ৱানাসাপুমালা (বন্য চম্পক ফুল)
- পণবন্দী চহৰ
- উদয়গল পুক্কাল
- বিমান দোৰাকাড়া (ভৱনৰ প্ৰৱেশদ্বাৰ)
- প্ৰেমানিশানছা
চুটি গল্প সংকলন
- কেনিমণ্ডলা গিনিগাথ দা (ছাদ জুইত জাহ যোৱাৰ দিনটো)
- স্তুপায়া বিন্দা ভেটিমা (দাগোবাৰ পতন)
- লেনাডোৰা পিপুনা প্ৰেমায়া
কবিতা
- চালিথে (দ্য শ্বেকেন)
- অসিকিতায়গে সিহিনায় (দ্য ড্ৰিম অৱ দ্য ভল্গাৰ ফেল ')
- মাৰা ৰঙ্গনায়া (মৃত্যুৰ নৃত্য)
- ডুম্বাৰা লাটনিয়া (দ্য লেমেণ্টেচন অৱ ডাম্বাৰা)
- কেটাকিৰিলি
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰৰত্ন বান্দৰা” প্ৰবন্ধৰ সংশোধন ৫৭২৬০৬ (৩০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।