চমৎ পলিহপিটিয় (චමත් පලිහපිටිය, Chamath Palihapitiya; জন্ম: ৩ ছেপ্টেম্বৰ, ১৯৭৬)১ এজন শ্ৰীলংকান-বংশোদ্ভূত কানাডীয়–আমেৰিকান ৱেঞ্চাৰ পুঁজিবাদী তথা উদ্যমী। তেওঁ ছ’শ্বাল কেপিটেল প্ৰতিষ্ঠা কৰিছিল আৰু বৰ্তমান ইয়াৰ নেতৃত্ব দি আছে। ২০০৭ চনৰ পৰা ২০১১ চনলৈ ফেইচবুকৰ এজন জ্যেষ্ঠ কাৰ্যবাহী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত ২০১১ চনত তেওঁ এই প্ৰতিষ্ঠানটো আৰম্ভ কৰিছিল।২ পলিহপিটিয়ই ছ’শ্বাল কেপিটেলৰ জৰিয়তে প্ৰযুক্তি আৰু স্বাস্থ্যসেৱা খণ্ডৰ কোম্পানীত বিনিয়োগ কৰিছে। ইয়াৰ উপৰিও তেওঁ উচ্চ-পৰ্যায়ৰ বিশেষ উদ্দেশ্যৰ আহৰণ কোম্পানী (SPAC) চুক্তিৰ পোষকতা কৰিছে, গ’ল্ডেন ষ্টেট ৱাৰিয়ৰ্ছত সংখ্যালঘু অংশীদাৰিত্ব লাভ কৰিছে, আৰু ২০২১ চনত আৰম্ভ হোৱা ব্যৱসায় আৰু প্ৰযুক্তি বিষয়ক সাপ্তাহিক পডকাষ্ট অল-ইনৰ সহ-সঞ্চালক। এই পডকাষ্টত তেওঁৰ সৈতে সহ-সঞ্চালক হিচাপে জেছন কালাকানিছ, ডেৱিড ছেক্স আৰু ডেৱিড ফ্ৰাইডবাৰ্গ আছে, য’ত মূলতঃ ষ্টাৰ্টআপ বিনিয়োগ আৰু প্ৰযুক্তি নীতিৰ ওপৰত গুৰুত্ব দিয়া হয়।২
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৭৬ চনৰ ৩ ছেপ্টেম্বৰত দক্ষিণ শ্ৰীলংকাৰ এখন চহৰ গাল্লত চমৎ পলিহপিটিয়ৰ জন্ম হৈছিল। ৫ বছৰ বয়সত তেওঁ কানাডালৈ স্থানান্তৰিত হয়, য’ত তেওঁৰ দেউতাকে অটোৱাস্থিত শ্ৰীলংকাৰ উচ্চায়ুক্তৰ কাৰ্যালয়ত কৰ্মচাৰী হিচাপে যোগদান কৰিছিল।৩৪ ১৯৮৬ চনত চাকৰিৰ কাৰ্যকাল অন্ত পৰাত তেওঁৰ পৰিয়ালে কানাডাত আশ্ৰয় বিচাৰিছিল কাৰণ তেওঁৰ দেউতাকে শ্ৰীলংকাৰ গৃহযুদ্ধৰ সময়ত শ্ৰীলংকান তামিলসকলৰ বিৰুদ্ধে হোৱা হিংসাৰ সমালোচনা কৰিছিল।৩৫
তেওঁ এক আৰ্থিকভাৱে অসুৰক্ষিত পৰিৱেশত ডাঙৰ-দীঘল হৈছিল। তেওঁৰ দেউতাক সুৰাসক্তি আৰু নিবনুৱা সমস্যাৰ সৈতে যুঁজি আছিল, আৰু মাকৰ ঘৰুৱা কাম-বন কৰি পৰিয়ালটোক সহায় কৰিছিল।৬৭ ঘৰুৱা খৰচ বহন কৰিবলৈ পলিহপিটিয়ই চৈধ্য বছৰ বয়সত বাৰ্গাৰ কিঙত কাম কৰিছিল। তেওঁ লিজগাৰ কলিজিয়েট ইনষ্টিটিউটত পঢ়িছিল আৰু ১৯৯৯ চনত ৱাটাৰলু বিশ্ববিদ্যালয়ৰ পৰা বৈদ্যুতিক অভিযান্ত্ৰিকী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল।৮৯১০
প্ৰাৰম্ভিক কৰ্মজীৱন
১৯৯৯–২০০৭: ৱিনএম্প আৰু এঅ’এল
স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত, পলিহপিটিয়ই বিএমঅ’ নেচবিট বাৰ্ঞ্চত এজন ডেৰাইভেটিভছ ট্ৰেডাৰ হিচাপে কাম কৰিছিল। ২০০১ চনত তেওঁ ৱিনএম্পত যোগদান কৰিবলৈ কেলিফৰ্ণিয়াত উপস্থিত হয়।১১ পৰৱৰ্তী সময়ত এঅ’এলত তেওঁ কোম্পানীটোৰ সৰ্বকনিষ্ঠ উপ-সভাপতি হয় আৰু ২০০৪ চনত ইয়াৰ ইনষ্টেণ্ট মেছেজিং বিভাগৰ নেতৃত্ব দিয়ে।১২১৩ ২০০৭ চনত ফেইচবুকত যোগদান কৰাৰ পূৰ্বে তেওঁ অলপ সময় মে’ফিল্ড ফাণ্ডত অতিবাহিত কৰিছিল।১২
২০০৭–২০১১: ফেচবুক

ফেচবুকত পলিহপিটিয়ই ২০০৭ চনত ফেচবুক বিকন মুকলি কৰাৰ কামত নেতৃত্ব দিছিল। বিকন আছিল এটা বিজ্ঞাপন প্ৰণালী যিয়ে তৃতীয় পক্ষৰ ৱেবছাইটত ব্যৱহাৰকাৰীৰ ক্ৰয়-বিক্ৰয় ট্ৰেক কৰিছিল। এই প্ৰণালীটোৱে গোপনীয়তা সম্পৰ্কীয় অভিযোগ আৰু আইনী গোচৰৰ সন্মুখীন হয়, যাৰ ফলত ২০০৯ চনত ইয়াৰ ব্যৱহাৰ বন্ধ কৰি দিয়া হয়। পৰৱৰ্তী সময়ত পলিহপিটিয়ই ফেচবুকৰ ‘বৃদ্ধি’ সংক্ৰান্তীয় পদক্ষেপসমূহৰ নেতৃত্ব দিয়ে। তেওঁৰ কাৰ্যকালতে ২০১২ চনৰ ভিতৰত প্লেটফৰ্মখনে ১০০ কোটি (১ বিলিয়ন) ব্যৱহাৰকাৰীৰ সংখ্যা অতিক্ৰম কৰিছিল।১৪১৫ ২০১১ চনত কোম্পানী এৰাৰ পূৰ্বে তেওঁ ফেচবুক ফোন আৰু ফেচবুক হোম প্ৰকল্পসমূহৰো নেতৃত্ব দিছিল।১৬১৭
সাংবাদিক ষ্টিভেন লেভিৰ গ্ৰন্থ Facebook: The Inside Storyত পলিহপিটিয়ৰ ব্যৱস্থাপনা শৈলীক তেওঁৰ প্ৰাক্তন সতীৰ্থসকলে ‘আক্ৰমণাত্মক’ বুলি বৰ্ণনা কৰিছে।১৮ কিছুমান কৰ্মচাৰীয়ে তেওঁৰ নেতৃত্বত কাম কৰি মানসিক চাপ অনুভৱ কৰা বুলি জনাইছিল।১৯ পলিহপিটিয়ই এই ধৰণৰ বৰ্ণনাৰ ওপৰত ৰাজহুৱাকৈ কোনো মন্তব্য কৰা নাই।
বিনিয়োগ আৰু দান-বৰঙণি
২০১০ চনত পলিহপিটিয়ই ১০% অংশীদাৰিত্বৰে গ’ল্ডেন ষ্টেট ৱাৰিয়ৰ্ছত এজন সংখ্যালঘু বিনিয়োগকাৰী হিচাপে যোগদান কৰিছিল।২০ ২০২৩ চনৰ জুন মাহত চীনত উইঘুৰ নিৰ্যাতনৰ সন্দৰ্ভত তেওঁ কৰা মন্তব্যক লৈ সৃষ্টি হোৱা ৰাজহুৱা বিতৰ্কৰ পিছত তেওঁ দলটোৰ পৰা নিজৰ অংশীদাৰিত্ব সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰে।২১২২২০ পলিহপিটিয়ই তেওঁৰ শিক্ষানুষ্ঠান ৱাটাৰলু বিশ্ববিদ্যালয়লৈ ধাৰাবাহিকভাৱে অনুদান আগবঢ়াই আহিছে। ২০১৮ চনত তেওঁ অভিযান্ত্ৰিক বিভাগলৈ স্নাতক বৃত্তি আৰু অনুষদৰ গৱেষণাৰ বাবে ২৫ নিযুত ডলাৰ দান কৰিছিল।২৩ ২০২১ চনত তেওঁ কেলিফৰ্ণিয়াৰ চেণ্ট্ৰেল ভেলীৰ ১,০০০ পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ সৌৰশক্তিচালিত এটম’স্ফেৰিক ৱাটাৰ জেনেৰেটৰ (হাইড্ৰ’পেনেল) স্থাপনৰ বাবে ৭ নিযুত ডলাৰৰ প্ৰতিশ্ৰুতি দিছিল।২৪
ব্যক্তিগত জীৱন
ৱাটাৰলু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত পলিহপিটিয়ই তেওঁৰ হ’বলগীয়া পত্নী ব্ৰিগেট লাউৰ সৈতে কেলিফৰ্ণিয়ালৈ যায়।২৫১২ তেওঁলোক বিবাহপাশত আৱদ্ধ হয় আৰু তিনিটা সন্তান জন্ম হয়। ২০১৮ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটে।২৬২৭
২০২৩ চনত পলিহপিটিয়ই ইতালীয় ব্যৱসায়ী কাৰ্যবাহী নাথালী দ’ম্পেৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ দুটা সন্তান আছে।২৮
২০২০ চনত পলিহপিটিয়ই ৭৫ নিযুত ডলাৰ মূল্যৰ এটা ব’ম্বাৰ্ডিয়াৰ গ্ল’বাল ৭৫০০ ব্যক্তিগত বিমান ক্ৰয় কৰিছিল।২৯
তথ্যসূত্ৰ
- ↑ Palihapitiya, Chamath. (3 September 2015). Life…. Medium
- ↑ Smith, John. (2025-05-10). Chamath Palihapitiya. Forbes
- ↑ Lee, Allen. (8 July 2020). 10 Things You Didn't Know about Chamath Palihapitiya. Money Inc
- ↑ GAMAGE PALIHAPITIYA Obituary (2014) - Toronto Star. Legacy.com
- ↑ Passariello, Christina. (April 22, 2016). Meet the Venture Capitalist Whom Venture Capitalists Love to Hate. The Wall Street Journal
- ↑ (19 January 2021). How Did Chamath Palihapitiya Make His Money?. Financhill
- ↑ Duhigg, Charles. (2021-05-31). The Pied Piper of SPACs. The New Yorker
- ↑ Bennett, Drake. (27 July 2012). Social+Capital, the League of Extraordinarily Rich Gentlemen. Bloomberg News
- ↑ Bryant, Adam. (20 October 2017). Chamath Palihapitiya of Social Capital on the Paradox of Ego and Humility. The New York Times
- ↑ (5 May 2018). Lisgar Collegiate graduates to celebrate venerable building. Heritage Ottawa
- ↑ Farivar, Cyrus. (July 3, 2017). Winamp's woes: How the greatest MP3 player undid itself. Ars Technica
- ↑ Rusli, Evelyn. (6 October 2011). In Flip-Flops and Jeans, An Unconventional Venture Capitalist. The New York Times
- ↑ Stone, Madeline. (1 June 2015). Meet Facebook's most successful alum, a borderline billionaire who owns the Golden State Warriors. Business Insider
- ↑ Bennett, Drake. (26 July 2012). Social+Capital, the League of Extraordinarily Rich Gentlemen. Bloomberg
- ↑ Chamath Palihapitiya – How we put Facebook on the path to 1 billion users. Genius
- ↑ (10 April 2013). A Facebook phone that's pure Google at heart. The Verge
- ↑ (23 March 2016). The Facebook Phone Would Have Been an 'iPhone-Like Moment,' Says the Exec Who Led It. Vox
- ↑ Levy, Steven. (2020). Facebook: The Inside Story. Penguin Books Limited. ISBN 978-0241297971
- ↑ Dodds, Laurence. (18 April 2020). The inside story of how Facebook went from idealism to scandal. The Telegraph
- ↑ Luce, Ivan De. (19 January 2021). The Warriors weren't even his first choice: Chamath Palihapitiya explains one of the most successful NBA investments of all time. Business of Business
- ↑ Roose, Kevin. (16 October 2013). The Government Shutdown Has Revealed Silicon Valley's Dysfunction Fetish. Intelligencer
- ↑ (19 January 2022). Backlash as US billionaire dismisses Uyghur abuse. BBC
- ↑ (30 October 2018). Waterloo Alumnus Donates $25 Million to Help Transform Education. Waterloo News
- ↑ Lin, Connie. (30 August 2021). Chamath Palihapitiya pledges $7 million to California hydropanels that pull water out of air. Fast Company
- ↑ Belvedere, Matthew J. (12 December 2017). My kids get 'no screen time whatsoever,' says Silicon Valley investor Chamath Palihapitiya. CNBC
- ↑ (17 February 2021). Chamath Palihapitiya Still Lives Four Minutes From His Ex-Wife. Market Realist
- ↑ Celarier, Michelle. (31 May 2020). The Unusual Ambitions of Chamath Palihapitiya. Institutional Investor
- ↑ Nicolini, Marzia. (27 July 2023). Nathalie Dompé ha sposato a Portofino il miliardario partito dal niente Chamath Palihapitiya. Vanity Fair
- ↑ Faux, Zeke. (13 May 2020). The SPAC King Is Doing Just Fine Even as the Bubble Starts to Burst. Bloomberg News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চমৎ পলিহপিটিয়” প্ৰবন্ধৰ সংশোধন ৬৩৭০৩৩ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।