চলমা ভালগাৰ্মা হায়েক পিনাল্ট (ইংৰাজী ভাষা: Salma Hayek; জন্ম: ২ ছেপ্টেম্বৰ, ১৯৬৬) এগৰাকী মেক্সিকান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী তথা চলচ্চিত্ৰ প্ৰযোজক। তেওঁ মেক্সিকাত ধাৰাবাহিক তেৰেছা (১৯৮৯–১৯৯১) আৰু ৰোমাণ্টিক ড্ৰামা মিডাক এলি (১৯৯৫)-ত অভিনয় কৰি কেৰিয়াৰৰ পাতনি মেলিছিল। অতি সোনকালেই তেওঁ হলিউডত ডেস্পাৰাডো (১৯৯৫), ফ্ৰম ডাস্ক টিল ডন (১৯৯৬), ৱাইল্ড ৱাইল্ড ৱেষ্ট (১৯৯৯) আৰু ডগমা (১৯৯৯) আদি ছবিৰ জৰিয়তে নিজকে প্ৰতিষ্ঠা কৰে।
জীৱনীমূলক ছবি ফ্ৰিডা (২০০২)-ত চিত্ৰশিল্পী ফ্ৰিডা কাহলোৰ চৰিত্ৰত কৰা অভিনয়ে চলমাক শ্ৰেষ্ঠ অভিনেত্ৰীৰ একাডেমী বঁটাৰ বাবে মনোনীত হোৱা প্ৰথম মেক্সিকান অভিনেত্ৰী হিচাপে পৰিগণিত কৰে।১ পৰৱৰ্তী বছৰবোৰত চলমাই অভিনয়ৰ লগতে প্ৰযোজনাটো মনোনিৱেশ কৰে আৰু ৱানচ আপন এ টাইম ইন মেক্সিকো (২০০৩), আফটাৰ দ্য চানচেট (২০০৪) আৰু বেণ্ডিডাচ (২০০৬)-ৰ দৰে একচনধৰ্মী ছবিত অভিনয় কৰে। তেওঁ কমেডী ছবি গ্ৰোন আপচ (২০১০), গ্ৰোন আপচ ২ (২০১৩) আৰু দ্য হিটমেনছ বডীগাৰ্ড (২০১৭)-ৰ জৰিয়তে ব্যাৱসায়িক সফলতা লাভ কৰে। তদুপৰি তেওঁ এনিমেটেড ছবি পুচ ইন বুটচ (২০১১), চচেজ পাৰ্টি (২০১৬) আৰু পুচ ইন বুটচ: দ্য লাষ্ট উইচ (২০২২)-ত কণ্ঠদান কৰিছে। তেওঁ টেল অব টেলচ (২০১৫), বিয়াট্ৰিজ এট ডিনাৰ (২০১৭) আৰু হাউচ অব গুচি (২০২১) আদি ছবিত কৰা অভিনয়ৰ বাবেও সমালোচকৰ প্ৰশংসা বুটলে। তেওঁ মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছৰ ছবি ইটাৰ্ণালচ (২০২১)-ত এজেকৰ চৰিত্ৰত অভিনয় কৰিছিল, যিখন ছবি তেওঁৰ কেৰিয়াৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হয়।
দূৰদৰ্শনত চলমাৰ পৰিচালনা, প্ৰযোজনা আৰু অভিনয়ৰ বাবে তেওঁ চাৰিবাৰকৈ এমি বঁটাৰ মনোনয়ন লাভ কৰিছে। তেওঁ দ্য মালডোনাডো মিৰাকল (২০০৪)-ৰ বাবে শিশু ধাৰাবাহিকৰ শ্ৰেষ্ঠ পৰিচালনাৰ ডে-টাইম এমি বঁটা লাভ কৰে। তদুপৰি ধাৰাবাহিক আগলী বেটী (২০০৬–২০১০)-ৰ কামৰ বাবে তেওঁ দুটাকৈ প্ৰাইমটাইম এমি বঁটাৰ মনোনয়ন লাভ কৰে।
এগৰাকী ৰাজহুৱা ব্যক্তি হিচাপে চলমাক বিভিন্ন সংবাদ মাধ্যমে হলিউডৰ অন্যতম শক্তিশালী আৰু প্ৰভাৱশালী লেটিনা অভিনেত্ৰী তথা বিশ্বৰ অন্যতম ধুনীয়া মহিলা হিচাপে অভিহিত কৰিছে। ২০২৩ চনত 'টাইম' আলোচনীয়ে তেওঁক বিশ্বৰ ১০০ গৰাকী আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত এগৰাকী হিচাপে স্থান দিছিল।২ ২০২১ চনত তেওঁক 'হলিউড ৱাক অব ফেম'-ত এটা তাৰকাৰে সন্মানিত কৰা হয়। তেওঁ ব্যৱসায়ী ফ্ৰাসোঁৱা-হেনৰী পিনাল্টৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে আৰু তেওঁলোকৰ এটি কন্যা সন্তান আছে।
প্ৰাৰম্ভিক জীৱন
চলমা হায়েেকৰ জন্ম হৈছিল মেক্সিকোৰ ভেৰাক্ৰুজৰ কোৱাটজাকুৱালকোচত।৩ তেওঁৰ পিতৃ ছামি হায়েক ডমিনগুইজ লেবানন মূলীয় ব্যক্তি।৪ তেওঁৰ পূৰ্বপুৰুষসকল লেবাননৰ বাবদত চহৰৰ আছিল। চলমা আৰু তেওঁৰ পিতৃয়ে ২০১৫ চনত তেওঁৰ ছবি 'খলিল জিব্ৰানচ্ দ্য প্ৰফেট'ৰ প্ৰচাৰৰ বাবে সেই চহৰখন ভ্ৰমণ কৰিছিল।৫ তেওঁ মেক্সিকোৰ এখন ঔদ্যোগিক যন্ত্ৰপাতিৰ প্ৰতিষ্ঠানৰ গৰাকী আৰু এটা তৈল প্ৰতিষ্ঠানৰ কাৰ্যবাহী বিষয়া;৩ তেওঁ এবাৰ কোৱাটজাকুৱালকোচৰ মেয়ৰ পদৰ বাবেও প্ৰতিদ্বন্দ্বিতা কৰিছিল। চলমাৰ মাতৃ ডায়েনা জিমেনেজ মেডিনা এগৰাকী অপেৰা গায়িকা আৰু প্ৰতিভা সন্ধানী ব্যক্তি (talent scout); তেওঁ স্পেনিছ মূলৰ। ২০১৫ চনত 'উন নুয়েভো ডিয়া'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হায়েেক নিজকে ৫০ শতাংশ লেবানিজ আৰু ৫০ শতাংশ স্পেনিছ বুলি অভিহিত কৰিছিল। তেওঁৰ কনিষ্ঠ ভাতৃ ছামি এজন আচবাব ডিজাইনাৰ।৩
হায়েেক এক চহকী আৰু ধৰ্মপৰায়ণ কেথলিক পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। ১২ বছৰ বয়সত তেওঁ লুইজিয়ানাৰ গ্ৰেণ্ড কোটৌত অৱস্থিত 'একাডেমী অব দ্য ছেক্ৰেড হাৰ্ট'ত পঢ়িবলৈ লয়।৪ স্কুলত পঢ়ি থকা অৱস্থাতে তেওঁৰ 'ডিচলেক্সিয়া' (dyslexia) ধৰা পৰিছিল।৬ তেওঁ 'ইউনিভাৰ্চিডাড ইবেৰোআমেৰিকানা'ত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিষয়ত অধ্যয়ন কৰিছিল।৪ ২০১১ চনত 'V' আলোচনীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হায়েেক উল্লেখ কৰিছিল যে তেওঁ এসময়ত আমেৰিকা যুক্তৰাষ্ট্ৰত এগৰাকী অবৈধ প্ৰব্ৰজনকাৰী আছিল, যদিও সেইয়া খুব বেছি সময়ৰ বাবে নাছিল।৭
তথ্যসূত্ৰ
- ↑ Shattuck, Kathryn. (January 22, 2019). Yalitza Aparicio Is the Oscars' First Indigenous Mexican Actress Nominee. The New York Times
- ↑ (April 13, 2023). Time 100. Time
- ↑ Sami Hayek From Hollywood to Mexico, Salma's Little Brother Wins Fans with His Hip Designs. People
- ↑ Salma Hayek. Inside the Actors Studio
- ↑ Westall, Sylvia. (April 27, 2015). Salma Hayek pays tribute to Lebanese roots with film of 'The Prophet'. Reuters
- ↑ Shaw, Gina. (March–April 2009). Salma Hayek: Mom on a Mission. WebMD Magazine. WebMD, LLC. পৃ. 4
- ↑ Salma Hayek: 'I was an illegal immigrant'. ABC7 Los Angeles
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চলমা হায়েক” প্ৰবন্ধৰ সংশোধন ৫৯৪৩৮৩ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।