চানা ঈৰশাদ মাট্টু (Sanna Irshad Mattoo) এগৰাকী ভাৰতীয় কাশ্মিৰী ফটো-সাংবাদিক।১ চানাই তেওঁৰ কামৰ অংশ ৰূপে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো সংক্ৰমিত হোৱা ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ ফটো তুলিছিল আৰু তেওঁ তোলা ফটোৰ বাবে তেওঁক আন তিনিজন ভাৰতীয় ফটো সাংবাদিক আনন্দ আবিদি, অমিত দেৱ আৰু প্ৰয়াত দানিছ চিদ্দিকীৰ সৈতে ফিচাৰ ফটোগ্ৰাফী শিতানত ২০২২ চনৰ পুলিৎজাৰ বঁটা প্ৰদান কৰা হৈছে। মাট্টুৰ বঁটা বিজয়ী ছবিখনত, এজন স্বাস্থ্যসেৱা কৰ্মীয়ে ১০ জুন, ২০২১ তাৰিখে অনন্তনাগ জিলাৰ লিডাৰৱাটত টিকাকৰণ অভিযানৰ সময়ত এজন গৰখীয়াক কভিশ্বিল্ড ভেকচিন প্ৰদান কৰা দেখা গৈছে। ২
সংক্ষিপ্ত জীৱনী
চানা জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানৰ৩ স্নাতক ডিগ্ৰীধাৰী। তেওঁ কাশ্মীৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা কনভাৰজেণ্ট জাৰ্নেলিজিম বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।৪ অল জাজিৰা, কাৰাভান আদিত চানাৰ আলোকচিত্ৰ প্ৰকাশ হয়। মেগনাম ফাউণ্ডেচনৰ ২০২১ বৰ্ষৰ ফটোগ্ৰাফী এণ্ড ছ'চিয়েল জাষ্টিচ্ ফেলোশ্বিপৰ বাবে অন্য ১১ জনৰ সৈতে চানাৰ নাম অন্তৰ্ভুক্ত হৈছিল। চানাৰ সৰহসংখ্যক কামত কাশ্মীৰৰ নিৰীহ জনতাৰ ওপৰত ভাৰতীয় নিৰাপত্তা বাহিনীৰ অত্যাচাৰ আৰু অমানবীয়তাক চিত্ৰিত কৰা হৈছে। তেওঁৰ আলোকচিত্ৰসমূহত মানুহবোৰৰ শৰীৰৰ কেৱল তলৰ অৰ্ধাংশহে দেখা যায়।৩ ২৪ বছৰীয়া৩ চানা শ্ৰীনগৰৰ বাসিন্দা।৪এগৰাকী আলোকচিত্ৰ সাংবাদিক চানাৰ প্ৰিয় বিষয় কবিতা।৩ তেওঁ ৰয়টাৰ্ছ (Reuters) নামৰ বিশ্ববিশ্ৰুত সংবাদ প্ৰতিষ্ঠানটিত কৰ্মৰত।
তথ্যসূত্ৰ
- ↑ (May 11, 2022). Kashmiri woman photojournalist Sanna Mattoo wins Pultizer. www.hindustantimes.com
- ↑ The 2020 Pulitzer Prize Winner in Feature Photography. www.pulitzer.org
- ↑ (JUNE 18, 2018). SANNA IRSHAD MATTOO. FRENY MANECKSHA. raiot.in/
- ↑ (10 May, 2022). Pro-Separatists posts, Anti-army comments, repeating Pakistani rhetoric and more: Meet Pulitzer Prize-winning photojournalist Sanna Irshad Mattoo. www.opindia.com/
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চানা ঈৰশাদ মাট্টু” প্ৰবন্ধৰ সংশোধন ৩৮৫০৩৮ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।