চাবেৰ আবৰ (ফাৰ্চী ভাষা: صابر اَبَر; জন্ম ৮ জুন, ১৯৮৪) হৈছে এজন ইৰানী অভিনেতা, পৰিচালক আৰু লেখক। অস্কাৰ বঁটা বিজয়ী পৰিচালক আছগৰ ফাৰহাদীৰদ্বাৰা পৰিচালিত এবাউট এল্মী (২০০৮) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ আটাইতকৈ বেছি পৰিচিত। তেওঁ দুখন ক্ৰিষ্টাল চিমৰ্গ আৰু দুটা হাফেজ বঁটাৰ মনোনয়ন লাভ কৰাৰ উপৰি, দুটা ইৰান চিনেমা চেলিব্ৰেশ্যন বঁটা আৰু এটা ইৰান ফিল্ম ক্ৰিটিকছ এণ্ড ৰাইটাৰ্ছ এছ’চিয়েচন বঁটাকে ধৰি বিভিন্ন সন্মান লাভ কৰিছে।
কৰ্মজীৱন
অভিনয় জীৱন
আবৰে প্ৰথম অৱস্থাত শিশুসকলৰ টিভি অনুষ্ঠান ৰেইনব’ আৰু ইন ১০০ ছেকেণ্ডচ নামৰ এটা গেম শ্ব’ৰ দৰে টেলিভিছন কাৰ্যসূচীৰ আঁত ধৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ মোহসেন মাখমালবাফৰ শ্বাৰে জোবালে চলচ্চিত্ৰত অভিনয় কৰি স্বীকৃতি লাভ কৰে। ২০০৬ চনত তেওঁ মিনায়ে শ্বাহৰ-এ খামুশ চলচ্চিত্ৰত ইজ্জৎউল্লাহ ইণ্টিজামীৰ সৈতে এজন চালকৰ চৰিত্ৰত অভিনয় কৰে আৰু এই চৰিত্ৰটোৰ বাবে তেওঁ শ্ৰেষ্ঠ সহ-অভিনেতাৰ ক্ৰিষ্টাল চিমৰ্গ বঁটাৰ মনোনয়ন লাভ কৰে। দায়েৰে জাংগী (২০০৭) চলচ্চিত্ৰত আবৰৰ প্ৰতিভাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে আৰু ইয়াৰ পিছতে তেওঁক আছগৰ ফাৰহাদীৰ এবাউট এল্মী চলচ্চিত্ৰত এটা চৰিত্ৰৰ বাবে প্ৰস্তাৱ দিয়া হয়। এই চলচ্চিত্ৰখনে ইতিবাচক সমালোচনা লাভ কৰিছিল, যেনে ডেভিদ বৰ্ডৱেলে ইয়াক এখন উৎকৃষ্ট কৃতি বুলি অভিহিত কৰিছিল। আবৰে ইয়াত "আলিৰেজা" নামৰ চৰিত্ৰটোত অভিনয় কৰিছিল, যাৰ বাগদত্তা নিৰুদ্দেশ হয়। এই চৰিত্ৰটোৱে তেওঁক ফজ্ ৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱত আন এখন মনোনয়ন আনি দিছিল।
চাবেৰে হিচ (২০০৯), নখোধী (২০০৯), থাৰ্টিন ৫৯ (২০১০) আৰু এণতেহায়ে খিয়াবানে হাশ্বতম (২০১০) চলচ্চিত্ৰতো অভিনয় কৰিছে আৰু আয়েণে-হায়ে ৰুবেৰু (২০১০) চলচ্চিত্ৰত এক চুটি অতিথি চৰিত্ৰত ভূমুকি মাৰিছিল।
তেওঁ দা ফ্ৰগ ধাৰাবাহিকত মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
থিয়েটাৰ জীৱন
ফাৰহাদ আঈশ্বৰদ্বাৰা পৰিচালিত কাৰগাদান (২০০৮) নাটকত আবৰে ফাৰহাদ আঈশ্ব, মেহদী হাশেমী আৰু শ্বাহাব হোছেইনীৰ দৰে প্ৰসিদ্ধ অভিনয় শিল্পীৰ সৈতে অভিনয় কৰিছিল। ইয়াৰ উপৰি তেওঁ ৰেজা গুৰান পৰিচালিত দাস্তান-এ এক পেলেকান (২০০৯), হোমায়ুন ঘানিজাদেহ পৰিচালিত কেলিগুলা (২০১০), আৰু আলী নাৰ্গেশ্ব নেজাদ পৰিচালিত জিৰে-বাণ্ডিয়ে পাৰে খোৰুচ বৰায়ে চুগৱাৰী (২০১১) নাটকতো অভিনয় কৰিছে। ২০১০ চনত চাবেৰে নিজে ভাভ-হা ভা ভিৰগুল-হা নামৰ নাটকখন পৰিচালনা কৰিছিল।
সাহিত্য ৰচনা
আবৰে সমগ্ৰ ইৰানৰ আইতাসকলৰ ওপৰত ভিত্তি কৰি "টু চেভেন হাউচেচ এৱে" নামৰ এখন দ্বিভাষিক গ্ৰন্থ ৰচনা কৰিছিল, যিখন তেহৰানৰ ইঞ্জা, মিডল অৱ দা টাউন প্ৰকাশনে প্ৰকাশ কৰিছিল। ইয়াৰ উপৰি চাবেৰ আবৰক কেন্দ্ৰ কৰি হোৱা বিভিন্ন বিতৰ্কক লৈ ছালৰ বিলৰদ্বাৰা লিখিত চাবেৰ আবৰ, দা কষ্ট অৱ প্লেয়িং নামৰ এখন ই-বুকো প্ৰকাশ পাইছে।
বাহ্যিক সংযোগ
- Saber Abar at Iranian Movie Database
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাবেৰ আবৰ” প্ৰবন্ধৰ সংশোধন ৬১৩৩৮১ (২১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।