চামুৱেল খাচিকিয়ান (আৰ্মেনিয়ান: Սամուէլ Խաչիկեան; ফাৰ্চী ভাষা: ساموئل خاچیکیان; ২১ অক্টোবৰ ১৯২৩ – ২২ অক্টোবৰ ২০০১) আছিল আৰ্মেনিয়ান মূলৰ এজন ইৰানী চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, লেখক আৰু চলচ্চিত্ৰ সম্পাদক। তেওঁ ইৰানী চলচ্চিত্ৰ জগতৰ অন্যতম প্ৰভাৱশালী ব্যক্তিত্ব আছিল আৰু তেওঁক "ইৰানৰ আলফ্ৰেড হিচকক" বুলি অভিহিত কৰা হৈছিল।১
জীৱনী
চামুৱেল খাচিকিয়ানৰ জন্ম ১৯২৩ চনত তাব্ৰিজত এটা আৰ্মেনিয়ান প্ৰব্ৰজনকাৰী পৰিয়ালত হৈছিল।২ ১৯১৫ চনৰ আৰ্মেনিয়ান নৰসংহাৰৰপৰা কোনোমতে প্ৰাণ ৰক্ষা কৰি তেওঁৰ পিতৃয়ে আহি তাব্ৰিজত বসতি স্থাপন কৰিছিল। খাচিকিয়ানৰ মাতৃ আছিল চিনেমা আৰু কলাৰ এগৰাকী ডাঙৰ অনুৰাগী আৰু তেওঁ প্ৰায়েই সন্তানসকলক থিয়েটাৰলৈ লৈ গৈছিল।১ চামুৱেল খাচিকিয়ানে মাত্ৰ ৯ বছৰ বয়সতে দ্য প্ৰিজন নামৰ তেওঁৰ প্ৰথমটো কবিতা আৰ্মেনিয়ান দৈনিক বাতৰি কাকত আলিকত প্ৰকাশ কৰিছিল। ইয়াৰ পাঁচ বছৰ পাছত তেওঁ তাব্ৰিজত চেভিল নামৰ এখন নাটকত প্ৰথমবাৰৰ বাবে মঞ্চত অভিনয় কৰে। তেওঁ ইতিহাস আৰু সাংবাদিকতা বিষয়ত শিক্ষা সম্পূৰ্ণ কৰিছিল আৰু আঠখন নাটক ৰচনা কৰিছিল যিবোৰ কেৱল ইৰানৰ বিভিন্ন চহৰতে নহয়, বৰঞ্চ লছ এঞ্জেলছ, চান ফ্ৰান্সিস্কো আৰু গ্ৰীচৰ মঞ্চতো প্ৰদৰ্শিত হৈছিল।
খাচিকিয়ানে ১৯৫৩ চনত ৰিটৰ্ণ নামৰ চলচ্চিত্ৰখনেৰে নিজৰ পৰিচালনা জীৱন আৰম্ভ কৰিছিল।৩ তেওঁ আছিল চলচ্চিত্ৰ ছেটত ডিকোপেজ কৌশল (সম্পূৰ্ণ শ্বুটিং স্ক্ৰিপ্ট আগতীয়াকৈ প্ৰস্তুত কৰা) ব্যৱহাৰ কৰা ইৰানৰ প্ৰথম আৰু অতি কমসংখ্যক পৰিচালকৰ ভিতৰত এজন। তেওঁৰ এই কামৰ সফলতাই চলচ্চিত্ৰ নিৰ্মাণৰ এই পদ্ধতিটোৰ সুবিধাৰ প্ৰতি বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছিল। এজন উদ্ভাৱনীমূলক চলচ্চিত্ৰ নিৰ্মাতা হিচাপে তেওঁ ৰহস্যধৰ্মী হত্যাকাণ্ড আৰু নোৱাৰ থ্ৰিলাৰ চলচ্চিত্ৰৰ নিৰ্মাণক ইৰানী চলচ্চিত্ৰ জগতত এক জনপ্ৰিয় নতুন ঢৌলৈ ৰূপান্তৰিত কৰিছিল। তেওঁ ১৯৫৪ চনত এ গাৰ্ল ফ্ৰম চিৰা চলচ্চিত্ৰখনৰ বাবে ইৰানী চিনেমাৰ ইতিহাসত সৰ্বপ্ৰথম চলচ্চিত্ৰৰ ট্ৰেইলাৰ (প্ৰচাৰমূলক চুটি ভিডিঅ') নিৰ্মাণ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ৰ চিনেমা যেনে দ্য ষ্ট্ৰাইক আৰু দ্য ঈগলছ সেই সময়ৰ বক্স অফিচত ব্যাৱসায়িকভাৱে ব্যাপক সফল হৈছিল।
১৯৫৬ চনত খাচিকিয়ানৰদ্বাৰা পৰিচালিত এ পাৰ্টি ইন হেল নামৰ চলচ্চিত্ৰখনে ৮ম বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'বলৈ যোগ্যতা অৰ্জন কৰিছিল।
খাচিকিয়ানৰ ভাতৃ চুৰেন খাচিকিয়ানো তেওঁৰ চলচ্চিত্ৰ নিৰ্মাণৰ কামত গভীৰভাৱে জড়িত আছিল। চুৰেনৰ নাতি আৰা এইচ কেশিশিয়ানে বৰ্তমান হলিউডত চলচ্চিত্ৰ সম্পাদক হিচাপে কাম কৰি আছে। চামুৱেল খাচিকিয়ানৰ পুত্ৰ এডউইন খাচিকিয়ানো এজন চলচ্চিত্ৰ পৰিচালক।
২০০১ চনৰ ২২ অক্টোবৰত ইৰানৰ তেহৰানত ৭৮ বছৰ বয়সত এইগৰাকী মহান পৰিচালকৰ মৃত্যু হয়।৪
বাহ্যিক সংযোগ
- Jamsheed Akrami. KHACHIKIAN, Samuel. Encyclopædia Iranica
- Khoshbakht, Ehsan. (June 23, 2017). Tehran noir: Samuel Khachikian and the rise and fall of Iranian genre films. Sight & Sound
তথ্যসূত্ৰ
- ↑ Milani, Abbas. (2008). Eminent Persians: The Men and Women Who Made Modern Iran, 1941–1979: In Two Volumes. Syracuse University Press. পৃ. 1002–6. ISBN 978-0815609070
- ↑ Lippard, Terri Ginsberg, Chris. (2010). Historical dictionary of Middle Eastern cinema. Scarecrow Press. পৃ. 227. ISBN 978-0810873643
- ↑ (2012). Directory of world cinema.. Intellect. পৃ. 57–8. ISBN 978-1841503998
- ↑ Noted Director Samuel Khachikian Dies in Iran. Asbarez
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চামুৱেল খাচিকিয়ান” প্ৰবন্ধৰ সংশোধন ৬১৬৫০৫ (১০ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।