অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চহৰেহ আঘদাচলু

চহৰেহ আঘদাচলু (জন্ম: ১১ মে', ১৯৫২) হৈছে এগৰাকী ইৰানীয়-আমেৰিকান অভিনেত্ৰী। তেওঁ এটা প্ৰাইমটাইম এমী বঁটা আৰু এটা চেটেলাইট বঁটা লাভ কৰাৰ উপৰি এটা একাডেমী বঁটা (অস্কাৰ)ৰ বাবেও মনোনয়ন লাভ কৰিছে।

হালনাগাদ: ৩১ মে’ ২০২৬ ৬৫৪ শব্দ · ৪ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

চহৰেহ আঘদাচলু (জন্ম: ১১ মে', ১৯৫২) হৈছে এগৰাকী ইৰানীয়-আমেৰিকান অভিনেত্ৰী। তেওঁ এটা প্ৰাইমটাইম এমী বঁটা আৰু এটা চেটেলাইট বঁটা লাভ কৰাৰ উপৰি এটা একাডেমী বঁটা (অস্কাৰ)ৰ বাবেও মনোনয়ন লাভ কৰিছে।১

মঞ্চত কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰাৰ পাছত, তেওঁ ১৯৭৬ চনত চেছ অৱ দ্য উইণ্ড চলচ্চিত্ৰৰ জৰিয়তে ছবিজগতত আত্মপ্ৰকাশ কৰে। তেওঁৰ পৰৱৰ্তী দুখন চলচ্চিত্ৰ দ্য ৰিপোৰ্ট (১৯৭৭) আৰু সূটেহ ডেলান (১৯৭৭) চিনেমা সমালোচকৰদ্বাৰা প্ৰশংসিত হয় আৰু ই আঘদাচলুক ইৰানৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰে, যদিও ছবিকেইখন ইৰানত নিষিদ্ধ কৰা হৈছিল।

১৯৭৯ চনত ইৰানৰ বিপ্লৱৰ সময়ত আঘদাচলুৱে ইংলেণ্ডলৈ আৰু তাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰে আৰু পৰৱৰ্তী সময়ত আমেৰিকাৰ নাগৰিকত্ব গ্ৰহণ কৰে। টেলিভিছন আৰু চলচ্চিত্ৰত কেইবাবছৰ ধৰি সৰু সৰু চৰিত্ৰত অভিনয় কৰাৰ পাছত, হাউচ অৱ চেণ্ড এণ্ড ফগ (২০০৩) চলচ্চিত্ৰত কৰা অভিনয়ে তেওঁলৈ কেইবাটাও চলচ্চিত্ৰ সমালোচকৰ বঁটা আৰু শ্ৰেষ্ঠ সহকাৰী অভিনেত্ৰীৰ একাডেমী বঁটাৰ মনোনয়ন কঢ়িয়াই আনে। তেওঁ অভিনয় কৰা অন্যান্য চলচ্চিত্ৰসমূহৰ ভিতৰত দ্য এক্সৰ্চিজম অৱ এমিলি ৰোজ (২০০৫), এক্স-মেন: দ্য লাষ্ট ষ্টেণ্ড (২০০৬), দ্য নেটিভিটি ষ্ট’ৰী (২০০লুকআপ), দ্য অড লাইফ অৱ টিমথি গ্ৰীণ (২০১৩) আৰু ষ্টাৰ ট্ৰেক বিয়ণ্ড (২০১৬) অন্যতম।

টেলিভিছনৰ ক্ষেত্ৰত তেওঁ ২৪ ধাৰাবাহিকৰ চতুৰ্থ সংস্কৰণত দিনা আৰাজ আৰু দ্য এক্সপেন্স (২০১৫-২০২২) ধাৰাবাহিকত ক্ৰিচজেন আভাছাৰালা চৰিত্ৰৰ বাবে বেছিকৈ জনাজাত।২ হাউচ অৱ চাদ্দাম (২০০৮) নামৰ এইচবিঅৰ মিনি-ধাৰাবাহিকত মৰ্যাদাপূৰ্ণ চজিদা টালফাহ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ এটি লিমিটেড চিৰিজ বা মুভীৰ আউটষ্টেণ্ডিং ছাপৰ্টিং এক্ট্ৰেছ শাখাত প্ৰাইমটাইম এমী বঁটা লাভ কৰে। ২০১৩ চনত তেওঁ দ্য এলি অৱ লাভ এণ্ড য়েল্ল জেচমিন্স শীৰ্ষক আত্মজীৱনী প্ৰকাশ কৰে। ২০২১ চনত তেওঁ নেটফ্লিক</ref>। ১৯৮৯ চনত গেষ্টছ অৱ হোটেল এষ্টৰিয়া চলচ্চিত্ৰৰ জৰিয়তে আঘদাচলুৱে আমেৰিকাৰ ছবিত আত্মপ্ৰকাশ কৰে। ১৯৯০ চনত এনবিচি টিভিৰ ধাৰাবাহিক মেটেলকৰ দুঘণ্টীয়া বিশেষ খণ্ড "নাওৱেৰ টু টাৰ্ন: এ মেটেলক মিষ্ট্ৰী মুভী"ৰ এটি অতিথি চৰিত্ৰৰ জৰিয়তে তেওঁ টেলিভিছন জগতত পদাৰ্পণ কৰে। ইয়াৰ পিছৰ বছৰবোৰত তেওঁক মাজে-সময়ে পৰ্দাত দেখা গৈছিল, যাৰ ভিতৰত কামছাদ কুচানৰ ৰচনা আৰু পৰিচালনাত নিৰ্মিত তথা দৰ্শক-সমালোচকৰদ্বাৰা বেয়াকৈ প্ৰত্যাখাত হোৱা ছাৰ্ভাইভিং পেৰাডাইজ (২০০০) অন্যতম ৩৪৫।

২০০১ চনত পৰিচালক ভাদিম পেৰেলমেনৰ হাউচ অৱ চেণ্ড এণ্ড ফগ (২০০৩) চলচ্চিত্ৰত বেন কিংস্লে আৰু জেনিফাৰ কনেলীৰ বিপৰীতে আঘদাচলুক কাষ্টিং কৰা হয় ৬। এই ছবিখনৰ বাবেই তেওঁ শ্ৰেষ্ঠ সহকাৰী অভিনেত্ৰীৰ একাডেমী বঁটাৰ বাবে মনোনীত হৈছিল ৭। ইয়াৰ পিছতে তেওঁ ফক্স টেলিভিছন ধাৰাবাহিক ২৪ৰ চতুৰ্থ সংস্কৰণত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ লাভ কৰে ৮। ইয়াত তেওঁ লছ এঞ্জেলছত এগৰাকী চহকী গৃহিণী আৰু মাতৃৰ ছদ্মবেশত থকা সন্ত্ৰাসবাদী দিনা আৰাজৰ চৰিত্ৰত অভিনয় কৰিছিল। টাইম আলোচনীবীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আঘদাচলুৱে কয় যে যদিও তেওঁ পূৰ্বে মুছলমানসকলক সন্ত্ৰাসবাদী হিচাপে দেখুওৱা গতানুগতিক ধাৰণাটোক প্ৰশ্ৰয় নিদিবলৈ চেষ্টা কৰিছিল, তথাপি এই চৰিত্ৰটোৰ গভীৰতা আৰু জটিলতাই তেওঁক এই চৰিত্ৰটো গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছিল। ইয়াৰ পিছৰ সময়ছোৱাত আঘদাচলুৱে কেইবাখনো জনপ্ৰিয় টেলিভিছন ধাৰাবাহিক যেনে উইল এণ্ড গ্ৰেচ, ইআৰ আৰু গ্ৰেজ এনাটমীত অতিথি শিল্পী হিচাপে অভিনয় কৰে। ইয়াৰ উপৰি তেওঁ এক্স-মেন: দ্য লাষ্ট ষ্টেণ্ডত ড° কবিতা ৰাও, দ্য লেক হাউচ, দ্য নেটিভিটি ষ্ট’ৰীত এলিজাবেথ আৰু দ্য চিষ্টাৰহুড অৱ দ্য ট্ৰেভেলিং পেণ্টছ ২ৰ দৰে চলচ্চিত্ৰত সহকাৰী চৰিত্ৰত অভিনয় কৰে।

২০০৮ চনত আঘদাচলুৱে লছ এঞ্জেলছত অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক নুৰ ইৰানীয় চলচ্চিত্ৰ মহোৎসৱত অফিচিয়েল জুৰী হিচাপে সেৱা আগবঢ়ায়। একেটা বছৰতে তেওঁ দ্য ষ্টোনিং অৱ চুৰায়া এম. ছবিত জহ্ৰা খানুমৰ মুখ্য চৰিত্ৰত অভিনয় কৰে ৯। ই আছিল আমেৰিকাৰ পূৰ্ণদৈৰ্ঘ্য ছবিত তেওঁৰ প্ৰথম মুখ্য চৰিত্ৰ। অৱশ্যে চলচ্চিত্ৰ বিশেষজ্ঞ হামিদ নাফিচিয়ে এই ছবিখনত তেওঁৰ চৰিত্ৰটোক সমালোচনা কৰি কয় যে ই "মধ্য প্ৰাচ্যৰ বা ইৰানীয়সকলক লৈ গতানুগতিক নেতিবাচক ধাৰণা সৃষ্টি কৰা ছবিত অভিনয় নকৰাৰ তেওঁৰ প্ৰতিজ্ঞাক অৱমাননা কৰিছে" ১০। একে বছৰতে তেওঁ এইচবিঅৰ মিনি ধাৰাবাহিক হাউচ অৱ চাদ্দামত চজিদা টালফাহৰ চৰিত্ৰ ৰূপায়ণ কৰে, যাৰ বাবে তেওঁ প্ৰাইমটাইম এমী বঁটা লাভ কৰে। ২০০৯ চনৰ ১২ ছেপ্টেম্বৰত জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ লিচনাৰ অডিটৰিয়ামত ১৪০০তকৈও অধিক লোকৰ সমাৱেশত আঘদাচলু, লেখিকা ড° আজাৰ নাফিচি আৰু ড° ড্ৱাইট বছিৰে ইৰানত মানৱ অধিকাৰ খৰ্ব আৰু বাহায়ী ধৰ্মাৱলম্বীসকলৰ ওপৰত চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে মাত মাতে ১১। আঘদাচলুৰ এই ভাষণ ইউটিউবত আপলোড কৰা হৈছিল ১২। ২০১০ চনৰ ৯ অক্টোবৰত পাব্লিক এফেয়াৰ্চ এলায়েন্স অৱ ইৰানিয়ান আমেৰিকানচে আঘদাচলুক তেওঁলোকৰ প্ৰথম বাৰ্ষিক অনুষ্ঠানত কেৰিয়াৰ এচিভমেণ্ট এৱাৰ্ড'' প্ৰদান কৰে ১৩।

আঘদাচলুৱে নিৰন্তৰভাৱে চলচ্চিত্ৰ যেনে দ্য অড লাইফ অৱ টিমথি গ্ৰীণ, ছেপ্টেম্বৰ্চ অৱ চিৰাজ আৰু ষ্টাৰ ট্ৰেক বিয়ণ্ড আদিৰ উপৰি টেলিভিছনত অতিথি শিল্পী হিচাপে কাম কৰি গৈছে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ {{cite AV media | author = SpottinGames | url = www.youtube.com/watch?v=qsoxJXcTX_g | title = Shohreh Aghdashloo Talks About Assassin''s Creed Mirage · Ubisoft Forward 2022 | date = 2022-09-11 | access-date = 2025-08-13 | archive-date = December 14, 2025 | archive-url = web.archive.org/web/20251214041837/https://www.y | url-status = live }}
  2. ↑ {{cite magazine|last1=Hibberd|first1=James|title=Syfys The Expanse'' space drama casts Shohreh Aghdashloo|url=http://insidetv.ew.com/2014/08/20/the-expanse-aghdashloo/|magazine=Entertainment Weekly|publisher=Entertainment Weekly|access-date=September 12, 2014|archive-date=September 2, 2014|archive-url=https://web.archive.org/web/20140902061443/http://insidetv.ew.com/2014/08/20/the-expanse-aghdashloo/|url-status=dead|archivedate=September 2, 2014|archiveurl=https://web.archive.org/web/20140902061443/http://insidetv.ew.com/2014/08/20/the-expanse-aghdashloo/|deadurl=yes}}
  3. ↑ (June 30, 2000). Surviving Paradise: Iranian Kids on the Loose. Los Angeles Times
  4. ↑ Stack, Peter; Guthmann, Edward; LaSalle, Mick. (September 29, 2000). FILM CLIPS / Also opening today. SFGate
  5. ↑ (July 7, 2001). Film Search Results
  6. ↑ (June 17, 2010). House of Sand and Fog Movie – Shohreh Aghdashloo Interview. Movies.about.com
  7. ↑ (January 24, 2005). Q&A: Shohreh Aghdashloo. TIME
  8. ↑ Bianco, Robert. (May 21, 2010). At the end of the day, Jack Bauer and 24 delivered. Usatoday.Com
  9. ↑ (July 17, 2010). Shohreh speaks against stoning. Dailymailnews.com
  10. ↑ Naficy, Hamid. (2012). A Social History of Iranian Cinema, Vol. 4: The Globalizing Era, 1984–2010. Duke University Press. পৃ. 289
  11. ↑ (September 12, 2009). Azar Nafisi, Shohreh Aghdashloo and Dwight Bashir Join Swelling Chorus in Support of Iranian Bahais| newspaper = Baháí Community of DC, News & Events. Bahai Faith, Washington DC
  12. ↑ {{cite web | last = Aghdashloo | first = Shohreh | title = Shohreh Aghdashloo on Baha''i Human Rights in Iran | publisher = ctcny9 | date = September 21, 2009 | url = www.youtube.com/watch?v=Yeb_HDTRkbA | access-date = September 26, 2009 | archive-date = September 27, 2009 | archive-url = web.archive.org/web/20090927054834/http://www.yo | url-status = live }}
  13. ↑ "Announcing the First PAAIA Annual Gala" web.archive.org/web/20100927165640/http://www.pa, Public Affairs Alliance of Iranian Americans, October 9, 2010

সম্পৰ্কিত শ্ৰেণী

ইৰানৰ ব্যক্তিঅভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চহৰেহ আঘদাচলু” প্ৰবন্ধৰ সংশোধন ৬১০৪২৮ (৩১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।