চন্দ্ৰনী মুৰ্মু ( Chandrani Murmu; জন্ম: ১৬ জুন ১৯৯৩) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত বিজু জনতা দলৰ সদস্য হিচাপে ওড়িশাৰ কেওনঝাৰৰ পৰা ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হৈছিল।১ বৰ্তমান চন্দ্ৰাণী মুৰ্মু ভাৰতীয় সংসদৰ সবাতোকৈ কম বয়সীয়া সদস্য।২
ইয়াৰ পূৰ্বে দুবাৰকৈ জয়ী হোৱা বিজেপিৰ অনন্ত নায়কৰ বিৰুদ্ধে ৬৬,২০৩ ভোটৰ ব্যৱধানত জয়লাভ কৰে মুৰ্মুয়ে। শকুন্তলা লাগুৰিৰ পিছত কেওনঝাৰৰ পৰা পুনৰবাৰ বিজেডিৰ হৈ নিৰ্বাচনত জয়লাভ কৰে। ষোড়শ লোকসভাত কনিষ্ঠতম সাংসদ আছিল হাৰিয়ানাৰ হিছাৰৰ পৰা ভাৰতীয় জাতীয় লোকদলক প্ৰতিনিধিত্ব কৰা দুষ্যন্ত চৌটালা ৩
প্ৰাথমিক আৰু ব্যক্তিগত জীৱন
১৯৯৩ চনৰ ১৬ জুনত৪ চৰকাৰী কৰ্মচাৰী সঞ্জীৱ মুৰ্মু আৰু প্ৰাক্তন সাংসদ হৰিহৰণ সোৰেনৰ (১৯৮০ আৰু ১৯৮৪ চনত কংগ্ৰেছৰ হৈ কেওনঝাৰৰ পৰা জয়ী হোৱা) উৰ্বশী সোৰেনৰ৫ কন্যাৰ ঘৰত চন্দ্ৰনী মুৰ্মুৰ জন্ম হয়। মুৰ্মুৱে ২০১৭ চনত ভুৱনেশ্বৰ শিক্ষা 'অ' অনুসন্ধান বিশ্ববিদ্যালয়ৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে কেওঁঝাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিজেডিয়ে মাতৃৰ ফালৰ পৰা ককাক হৰমোহন সোৰেনৰ জৰিয়তে তেওঁৰ কাষ চাপিছিল। সংৰক্ষিত জনজাতীয় সমষ্টি হোৱাৰ বাবে বিজেডিয়ে ইয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ শিক্ষিত মহিলা বিচাৰি আছিল। ৪
তেওঁ ডাঙৰ-দীঘল হোৱা পিতৃৰ নামত কিছু অমিল পোৱা গৈছিল যিটো মুখ্য নিৰ্বাচনী বিষয়াৰ নজৰলৈ অনা হৈছিল।
ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হোৱা তেওঁৰ মৰ্ফড ইমেজ থকা এটা অশ্লীল ভিডিঅ’ৰো বলি হৈছিল চন্দ্ৰাণী।৪
তথ্যসূত্ৰ
- ↑ (24 May 2019). Keonjhar Lok Sabha Election Results 2019. The Indian Express
- ↑ (May 26, 2019). Meet 25-year-old Chandrani Murmu, the youngest Member of Parliament. India Today
- ↑ Youngest MP, Odisha's Chandrani Murmu of BJD, set to make her debut in Parliament. Times Now
- ↑ Sahani, Alaka. (2019-04-22). Chandrani Murmu, BJD's 25-year-old candidate: 'No woman should be subjected to such humiliation'. The Indian Express
- ↑ Meet the youngest member of parliament - Chandrani Murmu from Odisha. Business Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰাণী মুৰ্মু” প্ৰবন্ধৰ সংশোধন ৫২২৪৫৯ (৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।