অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চাফাত আহমেদ জাহিৰ

চাফাত আহমেদ জাহিৰ (ধিভেহী: ސަފާތު އަހައްމަދު ޒާހިރު; ইংৰাজী: Safaath Ahmed Zahir) মালদ্বীপৰ এগৰাকী মহিলাৰ অধিকাৰ অধিবক্তা, যি মহিলাৰ সবলীকৰণ আৰু নাগৰিক নেতৃত্বৰ কামৰ বাবে বিশ্বজুৰি স্বীকৃত।

হালনাগাদ: ২৩ এপ্ৰিল ২০২৬ ৩৪৪ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

চাফাত আহমেদ জাহিৰ (ধিভেহী: ސަފާތު އަހައްމަދު ޒާހިރު; ইংৰাজী ভাষা: Safaath Ahmed Zahir) মালদ্বীপৰ এগৰাকী মহিলাৰ অধিকাৰ অধিবক্তা, যি মহিলাৰ সবলীকৰণ আৰু নাগৰিক নেতৃত্বৰ কামৰ বাবে বিশ্বজুৰি স্বীকৃত। ১১ বছৰতকৈও অধিক অভিজ্ঞতাৰে পুষ্ট জাহিৰ মালদ্বীপৰ মহিলাৰ অধিকাৰৰ অন্যতম অগ্ৰণী বেচৰকাৰী সংস্থা ‘ৱমেন এণ্ড ডেম’ক্ৰেচি’ (W&D)-ৰ সহ-প্ৰতিষ্ঠাপক আৰু কাৰ্যবাহী সভাপতি।

ৱমেন এণ্ড ডেম’ক্ৰেচিয়ে ৰাজনৈতিক অংশগ্ৰহণ, ঘৰুৱা হিংসাৰ বিৰুদ্ধে সহায়, নাগৰিক শিক্ষা আৰু অৰ্থনৈতিক সবলীকৰণ আদি কাৰ্যসূচীৰ জৰিয়তে ১২,০০০ৰো অধিক মহিলাক পোনপটীয়াকৈ উপকৃত কৰিছে। এই প্ৰতিষ্ঠানটোৱে মালদ্বীপৰ ২০টা ভৌগোলিক এটলত (atolls) সমন্বয়কৰ জৰিয়তে কাম কৰে আৰু ইয়াক এক আগশাৰীৰ তৃণমূল পৰ্যায়ৰ আন্দোলন হিচাপে গণ্য কৰা হয়।

জাহিৰ মালদ্বীপৰ অন্যতম আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মানিত অসামৰিক সমাজৰ নেত্ৰী। তেওঁ লাভ কৰা সন্মানসমূহৰ ভিতৰত ‘কুইনছ ইয়ং লিডাৰ এৱাৰ্ড’, ‘ৰাষ্ট্ৰসংঘৰ যুৱ নেতা’, ‘ফৰ্বছ ৩০ আণ্ডাৰ ৩০ এছিয়া’ (২০১৭ চনত), আৰু ‘এএচিএছবি ইনফ্লুৱেন্সিয়েল লিডাৰ এৱাৰ্ড’ অন্যতম।

জীৱনী

মালদ্বীপৰ আড্ডু চিটিত জাহিৰৰ জন্ম আৰু ডাঙৰ-দীঘল হৈছিল।১ তেওঁ মালয়েছিয়াৰ চুবং জায়াত অৱস্থিত মনাশ বিশ্ববিদ্যালয়ৰ মালয়েছিয়ান চৌহদৰপৰা বেংকিং আৰু বিত্ত বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে যুক্তৰাজ্যৰ নটিংহাম বিশ্ববিদ্যালয়ৰপৰা বিত্ত আৰু বিনিয়োগ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।২৩৪ তেওঁ কিছুদিন বিত্তীয় পৰামৰ্শদাতা হিচাপেও কাম কৰিছিল।৩

জাহিৰে মালদ্বীপলৈ ঘূৰি আহি ‘ৱমেন অন বোৰ্ডছ’ (Women on Boards) নামৰ এক বেচৰকাৰী সংস্থাৰ সহ-প্ৰতিষ্ঠা আৰু নেতৃত্ব দিয়ে। এই সংস্থাটোৱে উন্নয়নমূলক কৰ্মশালা, জলপানী আঁচনি আৰু ওকালতি অভিযানৰ জৰিয়তে কৰ্মক্ষেত্ৰত লিংগ বৈচিত্ৰ্যক প্ৰসাৰিত কৰিছিল যাতে মালদ্বীপৰ কৰ্পোৰেট বোৰ্ডসমূহত অধিক মহিলা অন্তৰ্ভুক্ত হয়। ‘ৱমেন অন বোৰ্ডছ’ৰ জৰিয়তে জাহিৰে ‘লিংগ সমতা ইস্তাহাৰ’ (Gender Equality Manifesto) যুটীয়াভাৱে ৰচনা কৰিছিল আৰু সংস্থাটোৱে এই ইস্তাহাৰ ৰূপায়ণৰ বাবে ৰাজনীতিবিদ আৰু অন্যান্য নেতাসকলক আনুষ্ঠানিকভাৱে প্ৰতিশ্ৰুতি দিবলৈ লবী কৰিছিল।২৫৬৭

২০১৬ চনত জাহিৰে ‘ৱমেন এণ্ড ডেম’ক্ৰেচি’ (Women and Democracy) নামৰ এক বেচৰকাৰী সংস্থা প্ৰতিষ্ঠা কৰে যিয়ে ‘ৱমেন অন বোৰ্ডছ’ৰ পৰিসৰ বৃদ্ধি কৰি ৰাজনৈতিক ক্ষেত্ৰকে ধৰি নীতি নিৰ্ধাৰণ আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত মহিলাৰ প্ৰতিনিধিত্ব বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছিল। ইয়াৰ উপৰি হেল্পলাইন স্থাপন আৰু পৰামৰ্শ সেৱা আগবঢ়োৱাৰ জৰিয়তে ঘৰুৱা নিৰ্যাতনৰ বলি হোৱা মহিলাসকলক সহায় কৰিছিল। এই সংস্থাটোৰ জৰিয়তে জাহিৰে মালদ্বীপৰ সকলো ২০টা এটলতে ৰাজনৈতিক সবলীকৰণৰ কৰ্মশালা সম্পূৰ্ণ কৰিছিল।২৫৬

২০১৬ চনত জাহিৰে ‘‘আনৰ জীৱন পৰিৱৰ্তনৰ ক্ষেত্ৰত নেতৃত্ব লোৱা আৰু নিজৰ সম্প্ৰদায়ত এক স্থায়ী প্ৰভাৱ পেলোৱা’’ৰ বাবে ‘কুইনছ কমনৱেলথ ট্ৰাষ্ট’ৰপৰা ‘ইয়ং লিডাৰ্ছ এৱাৰ্ড’ লাভ কৰে। ২০১৬ চনৰ ২৩ জুনত বাকিংহাম পেলেচত অনুষ্ঠিত এক অনুষ্ঠানত দ্বিতীয় এলিজাবেথে তেওঁক এই বঁটা প্ৰদান কৰে। সেই বছৰতে ৰাষ্ট্ৰসংঘই মালদ্বীপত মহিলাৰ সবলীকৰণৰ বাবে কৰা কামৰ স্বীকৃতিস্বৰূপে তেওঁক ‘বহনক্ষম উন্নয়ন লক্ষ্য’ (Sustainable Development Goals) লাভৰ ক্ষেত্ৰত আগভাগ লোৱা ১৭ জন যুৱ কৰ্মীৰ ভিতৰত নিৰ্বাচিত কৰে।৪৮৯

২০১৭ চনত ফৰ্বছে জাহিৰক এছিয়াৰ ‘৩০ আণ্ডাৰ ৩০’ ছ’চিয়েল এণ্ট্ৰপ্ৰিনিউৰৰ ভিতৰত তালিকাভুক্ত কৰে।৮ সেই একে বছৰতে তেওঁ চীনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যুৱ মঞ্চত মালদ্বীপক প্ৰতিনিধিত্ব কৰে।১০

জাহিৰ মালদ্বীপিয়ান ডেম’ক্ৰেটিক পাৰ্টিৰ (MDP) এজন উৎসাহী সমৰ্থক আৰু ইয়াৰ ৰাজনৈতিক কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ২০১৯ চনত তেওঁ এমডিপিৰ মহিলা শাখাৰ সভানেত্ৰী পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছিল; অৱশেষত তেওঁ ৰোজাইনা আদমৰ পিছত দ্বিতীয় স্থান লাভ কৰে।৩১১

২২ আগষ্টত মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ ছলিহে জাহিৰক বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ত যোগাযোগ বিশেষজ্ঞ (communication strategist) হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে। ইয়াৰ পূৰ্বে তেওঁ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ত সহকাৰী সঞ্চালক হিচাপে কাম কৰিছিল।২৩১২

২০২০ চনৰপৰা মালদ্বীপত ক’ভিড-১৯ মহামাৰীৰ সময়ত জাহিৰে মহিলা জৰুৰীকালীন কৰ্মী আৰু স্বেচ্ছাসেৱকসকলৰ লগতে কোৱাৰেণ্টাইন আৰু আইছ’লেচনত থকা মহিলাসকলক ঋতুস্ৰাৱৰ সামগ্ৰী যোগান ধৰিবলৈ এক অভিযানৰ নেতৃত্ব দিছিল।৬

তেওঁ ২০২৩ চনৰপৰা ২০২৫ চনলৈ ‘কমনৱেলথ ফাউণ্ডেশ্যন’ৰ চিভিল চচাইটি এডভাইজৰী গভৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰে।১৩

তথ্যসূত্ৰ

  1. ↑ Ali, Ahmed. (22 August 2022). ސަފާއަތަށް ފޮރިން މިނިސްޓްރީގެ ސިޔާސީ މަގާމެއް ދީފި. Hurihaa
  2. ↑ Safaath Ahmed Zahir. Ministry of Foreign Affairs (Maldives)
  3. ↑ Masood, Najjah. (22 August 2022). މިއުވާން އިސްތިއުފާ ދެއްވައިފި، ފޮރިން މިނިސްޓްৰީއަށް ސަފާތު. Dhauru
  4. ↑ Mohamed, Hassan. (22 August 2022). ނައިބެއްގެ ފެންވަރުގައި ސަފާތަށް ހާރިޖީ އޮފީހުން ވަޒީފާއެއް ދީފި. Adhadhu
  5. ↑ Safaath Ahmed Zahir. United Nations Youth Office
  6. ↑ Safaath Ahmed Zahir. Association to Advance Collegiate Schools of Business
  7. ↑ Mohammed, Mahil. (2016-09-21). ތަރައްގީގެ ލަނޑުދަނޑިތައް ހާސިލުކުރަން އދ. އިން ހޮވި ޒުވާނުންގެ ތެৰޭގައި ސަފާތު. Sun
  8. ↑ Safaath Ahmed Zahir. Forbes
  9. ↑ (20 June 2016). Her Majesty the Queen to honour Safaath Ahmed Zahir from Maldives. gov.uk. High Commission of the United Kingdom, Malé
  10. ↑ Mohamed, Fathimath Shanaa. (16 April 2017). އިންޓަރނޭޝަން ޔޫތު ފޯރަމްގައި ރާއްޖެ ތަމްސީލުކުރުމަށް ސަފާތު ޗައިނާއަށް ފުރައިފި. Raajje TV
  11. ↑ (15 May 2022). Parliamentarian Rozaina wins MDP women’s wing presidency. PSM News
  12. ↑ (22 August 2022). The President appoints a communication strategist to the Ministry of Foreign Affairs. The President's Office
  13. ↑ (2 June 2025). Commonwealth Foundation Civil Society Advisory Governors. Commonwealth Foundation

সম্পৰ্কিত শ্ৰেণী

মালদ্বীপনাৰীবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাফাত আহমেদ জাহিৰ” প্ৰবন্ধৰ সংশোধন ৬০২১৯৮ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।