অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গোবিন্দ নিহলানী

গোবিন্দ নিহলানী (Govind Nihalani; ১৯ ডিচেম্বৰ ১৯৪০) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিনেমাটোগ্ৰাফাৰ, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক; বিশেষকৈ সমান্তৰাল হিন্দী চিনেমা আন্দোলনৰ বাবে তেওঁ পৰিচিত। তেওঁ ছটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, আৰু পাঁচটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।

হালনাগাদ: ৩০ জানুৱাৰী ২০২৬ ৪০১ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

গোবিন্দ নিহলানী (Govind Nihalani; ১৯ ডিচেম্বৰ ১৯৪০) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিনেমাটোগ্ৰাফাৰ, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক; বিশেষকৈ সমান্তৰাল হিন্দী চিনেমা আন্দোলনৰ বাবে তেওঁ পৰিচিত। তেওঁ ছটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, আৰু পাঁচটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।১২

প্ৰাৰম্ভিক জীৱন

গোবিন্দ নিহলানীৰ জন্ম হৈছিল ১৯৪০ চনৰ ১৯ ডিচেম্বৰত সিন্ধ প্ৰদেশৰ কৰাচীত (বৰ্তমান পাকিস্তানত) আৰু ১৯৪৭ চনৰ দেশ বিভাজনৰ সময়ত তেওঁলোকৰ পৰিয়ালটো ভাৰতলৈ প্ৰব্ৰজন কৰে।

১৯৬২ চনত বাংগালুৰুৰ শ্ৰী জয়া চমৰাজেন্দ্ৰ পলিটেকনিক (বৰ্তমানৰ চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান)ৰ৩ পৰা চিনেমাট’গ্ৰাফীত স্নাতক ডিগ্ৰী লাভ কৰে।

কেৰিয়াৰ

তেওঁ ভি কে মূৰ্তিৰ সহকাৰী চিনেমাট’গ্ৰাফাৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু তাতেই তেওঁ চিনেমাট’গ্ৰাফাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। শ্যাম বেনেগালৰ পূৰ্বৰ সকলো ছবি আৰু ৰিচাৰ্ড এটেনব’ৰ’ৰ অস্কাৰ বিজয়ী জীৱনীমূলক ছবি‍ গান্ধী (১৯৮২)ৰ চিনেমেট’গ্ৰাফীৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল। গান্ধী ছবিখনত তেওঁ এজন অক্ৰেডিটেড ছেকেণ্ড ইউনিট পৰিচালক হিচাপে কাম কৰিছিল, গান্ধীৰ বিশাল অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰাৰ দৰে উল্লেখযোগ্য দৃশ্যৰ শ্বুটিঙৰ ক্ষেত্ৰত তেওঁ মূল ভূমিকা পালন কৰিছিল।৪ নিহলানী আৰু বেনেগাল সামাজিকভাৱে প্ৰাসংগিক ছবিৰ বাবে সুপৰিচিত।৫৬

তেওঁৰ প্ৰথম পৰিচালনাৰ উদ্যোগ আছিল আইনী নাট্যছবি‍ আক্ৰোশ, য'ত ওম পুৰী, নাছিৰুদ্দিন শ্বাহ, স্মিতা পাটিল আৰু অমৰীশ পুৰীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনৰ চিত্ৰনাট্য আছিল বিখ্যাত মাৰাঠী নাট্যকাৰ বিজয় তেণ্ডুলকাৰৰ৷ ১৯৮১ চনত নতুন দিল্লীত অনুষ্ঠিত ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই ছবিখনে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ গোল্ডেন পিকক বঁটা লাভ কৰে।৭৮ ইয়াৰ পাছত তেওঁ ১৯৮৩ চনত এছ ডি পাণৱালকাৰৰ কাহিনীৰ আধাৰত নিৰ্মিত অৰ্ধ সত্য ছবিখন পৰিচালনা কৰে।

১৯৯৬ চনত তেওঁৰ দ্ৰোহকালৰ চিত্ৰনাট্য কমল হাছানে তামিল ভাষাত কুৰুতিপুনাল নামেৰে পুনৰ্নিৰ্মাণৰ বাবে গ্ৰহণ কৰে আৰু পৰৱৰ্তী সময়ত ই ৬৮ সংখ্যক একাডেমী বঁটাৰ শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ শাখাত ভাৰতৰ আনুষ্ঠানিক প্ৰৱেশ পত্ৰ লাভ কৰিবলৈ সক্ষম হয়।৯

১৯৯৭ চনত তেওঁ বাঙালী ঔপন্যাসিক মহাস্বেতা দেৱীৰ একে নামৰ প্ৰশংসিত উপন্যাসখন হাজাৰ চৌৰাচী কী মা নামেৰে‍ অভিযোজনা কৰে।১০১১

সাহিত্য-কৰ্ম

  • হিন্দী চিনেমাৰ বিশ্বকোষ, গোবিন্দ নিহলানী, শৈ‍বাল চেটাৰ্জী, গুলজাৰ। পপুলাৰ প্ৰকাশন, ২০০৩।১২

পুৰস্কাৰ

অসামৰিক সন্মান

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

  • শ্ৰেষ্ঠ চিনেমেট'গ্ৰাফীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা - জুনুন (১৯৭৯)
  • হিন্দী ভাষাৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (পৰিচালক) - আক্ৰোশ (১৯৮০)
  • হিন্দী ভাষাৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (পৰিচালক) - অৰ্ধ সত্য (১৯৮৩)
  • হিন্দী ভাষাৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (পৰিচালক) - দৃষ্টি (১৯৯০)
  • হিন্দী ভাষাৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (পৰিচালক) - হাজাৰ চৌৰাচী কি মা (১৯৯৮)
  • ৰাষ্ট্ৰীয় সংহতিৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ বাবে নাৰ্গিছ দত্ত বঁটা - তমস (১৯৮৮)

ফিল্মফেয়াৰ বঁটা

  • ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফাৰ বঁটা- জুনুন (১৯৭৯)
  • ফিল্মফেয়াৰ শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফাৰ বঁটা- বিজেতা (১৯৮৩)
  • ফিল্মফেয়াৰ শ্ৰেষ্ঠ পৰিচালক বঁটা - আক্ৰোশ (১৯৮১)
  • ফিল্মফেয়াৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা - অৰ্ধ সত্য (১৯৮৪)
  • ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ পৰিচালক বঁটা - অৰ্ধ সত্য (১৯৮৪)
  • শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বাবে ফিল্মফেয়াৰ সমালোচকৰ বঁটা - দেৱ (২০০৪)

ফিল্মগ্ৰাফী

+ Film
YearTitleDirectorCinematographerWriterNotesRef.
1974Ankur
1975Nishant
1976Manthan
1977Bhumika
1978KonduraHindi-Telugu bilingual film
1978Junoon
1980Aakrosh
1981Kalyug
1982Vijeta
1982Arohan
1983Ardh Satya
1983Godam
1984Party
1985Aghaat
1988Tamas
1990Drishti
1991Pita
1991Rukmavati Ki Haveli
1991JazeereTelevision film; Based on Henrik Isben' Play - "Little Eyolf"
1994Drohkaal
1996Sanshodhan
1996KuruthipunalTamil language remake of Drohkaal
1998Hazaar Chaurasi Ki MaaAlso producer
1999ThakshakAlso producer
2001Deham
2004DevAlso producer
2017Ti Ani ItarMarathi language film১৪
2019Up Up and UpDirect-to-video

তথ্যসূত্ৰ

  1. ↑ Govind Nihalani interview. Hindustan Times
  2. ↑ Rediff On The NeT, Movies: The Govind Nihalani interview. www.rediff.com
  3. ↑ GFTI alumni
  4. ↑ (1 February 2024). Indira Gandhi's Order, Nehru's Contribution: Making of 'Gandhi' Film, Archived on 2 September 2025
  5. ↑ An interview with Govind Nihalani. Chowk
  6. ↑ Entertainment News: Latest Bollywood & Hollywood News, Today's Entertainment News Headlines
  7. ↑ The Hindu: Metro Plus Bangalore: 'Digital video is liberating'
  8. ↑ Govind Nihalani on Dev. India FM
  9. ↑ Rediff on the Net, Life/Style: The silence that speaks. imsports.rediff.com
  10. ↑ Through her writing, you get to hear the voice of a community that is otherwise voiceless' Rediff.com
  11. ↑ A film must appeal to all people. Hindustan Times
  12. ↑ Vedams eBooks. www.vedamsbooks.com
  13. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
  14. ↑ Gahlot, Deepa. (29 July 2017). Govind Nihalani on his first Marathi movie 'Ti Ani Itar': 'It's about living between guilt and fear'. Scroll.in

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় চলচ্চিত্ৰ পৰিচালকশ্ৰেষ্ঠ চিত্ৰগ্ৰহণৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ীহিন্দী ভাষাৰ চলচ্চিত্ৰ পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোবিন্দ নিহলানী” প্ৰবন্ধৰ সংশোধন ৫৭২৪৮৫ (৩০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।