অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গৌৰী মা

গৌৰী মা (Gauri Ma, ১৮৫৭ ফেব্ৰুৱাৰী – ১ মাৰ্চ ১৯৩৮)ৰ জন্মতে নাম ৰখা হৈছিল মৃদাণী৷ তেখেত ৰামকৃষ্ণ পৰমহংসৰ এগৰাকী প্ৰসিদ্ধ শিষ্যা, সাৰদা দেৱীৰ সতীৰ্থ আৰু কলিকতাত স্থাপিত হোৱা সাৰদেশ্বৰী আশ্ৰমৰ প্ৰতিষ্ঠাতা৷ দক্ষিণেশ্বৰত থকাৰ সময়ত শ্ৰীৰামকৃষ্ণই গৌৰী মাক সন্যাসিনীৰ গেৰুৱা পোছাক প্ৰদান কৰিছিল আৰু…

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২১ ৬৪৩ শব্দ · ৪ মিনিট সংগৃহীত ৪৬
সংশোধনৰ পৰামৰ্শ

গৌৰী মা (Gauri Ma, ১৮৫৭ ফেব্ৰুৱাৰী – ১ মাৰ্চ ১৯৩৮)ৰ জন্মতে নাম ৰখা হৈছিল মৃদাণী৷১ তেখেত ৰামকৃষ্ণ পৰমহংসৰ এগৰাকী প্ৰসিদ্ধ শিষ্যা, সাৰদা দেৱীৰ সতীৰ্থ আৰু কলিকতাত স্থাপিত হোৱা সাৰদেশ্বৰী আশ্ৰমৰ প্ৰতিষ্ঠাতা৷২

দক্ষিণেশ্বৰত থকাৰ সময়ত শ্ৰীৰামকৃষ্ণই গৌৰী মাক সন্যাসিনীৰ গেৰুৱা পোছাক প্ৰদান কৰিছিল আৰু পৰম্পৰাগত বিধিসমূহ আয়োজন কৰাত সহযোগিতা আগবঢ়াইছিল৷ শ্ৰীৰামকৃষ্ণই নিজে আগবাঢ়ি আহি হোমাগ্নিত বেলপত্ৰ প্ৰদান কৰিছিল৷ ইয়াৰ পূৰ্বে গৌৰী মাই সন্যাসিনীৰ গেৰুৱা পোছাক পৰিধান কৰিছিল আৰু ইয়াৰ জৰিয়তে তেখেতে সাংসাৰিক আৰু বিষয়বাদী জীৱন পৰিত্যাগ কৰাৰ চিন্তাটো স্পষ্ট কৰিছিল৷ অৱশ্যে তেখেতে কোনোধৰণৰ আনুষ্ঠানিক শপত গ্ৰহণ কৰা নাছিল৷ ৰামকৃষ্ণৰ পৃষ্ঠপোষকতাতহে এই কাৰ্য সঠিকভাৱে সম্পন্ন হৈছিল আৰু তেখেতৰ নামটো 'গৌৰীনন্দা' ৰখা হৈছিল৷ শ্ৰীৰামকৃষ্ণই তেখেতক গৌৰী বা গৌৰীদাসী বুলি মাতিছিল৷ আনহাতে একাংশ মানুহে তেখেতক গৌৰমা বুলি কৈছিল৷ গৌৰীমা নামেৰেহে তেখেতক অধিক পৰিচিত৷৩

প্ৰাৰম্ভিক জীৱন

ভাৰতৰ হাওৰাস্থিত শিৱপুৰত গৌৰী মাৰ জন্ম হৈছিল৷ শিশু অৱস্থাতেই তেখেত হিন্দু ধৰ্মৰ আধ্যাত্মিকতাৰ প্ৰতি আকৃষ্ট হৈছিল৷ তেৰ বছৰ বয়সত, গৌৰী মায়ে বিবাহবিৰোধী ধাৰণা এটা গঢ়ি তুলিলে৷ তেখেতে মাতৃক ক'লে-"মই এনে এগৰাকী মানুহৰ লগতহে বিয়া হ'ম, যি অমৰ৷" ইয়াৰ অৰ্থ আছিল এয়ে যে, তেখেতে কেৱল কৃষ্ণৰ লগতহে বিয়াত বহিব৷ ৪

কিশোৰী অৱস্থাত গৌৰী মায়ে এগৰাকী যোগিনীৰ পৰা শ্ৰীকৃষ্ণৰ শিলৰ মূৰ্তি এটা লাভ কৰিছিল৷ এইগৰাকী যোগিনীয়ে তেখেতক কৈছিল-"ঈশ্বৰৰ এই ছবিখনেই মোৰ বাবে সৰ্বস্ব আৰু এই ছবিখন স্বৰ্গীয় শক্তিৰে জীৱন্ত হৈ আছে৷ তেওঁ তোমাৰ প্ৰেমত পৰিছে, আৰু সেইবাবে এইখন তোমাক দিলোঁ৷ তুমি তেওঁক পূজা কৰি থাকিবা৷ তোমাৰ ভাল হ'ব৷ "৫ গৌৰী মায়ে এই উপহাৰটো গ্ৰহণ কৰিলে আৰু শ্ৰীকৃষ্ণকে নিজৰ স্বামী হিচাপে গণ্য কৰিলে৷ জীৱনৰ পৰৱৰ্তী সময়ছোৱাতো গৌৰী মায়ে এই শিলৰ মূৰ্তিটো কঢ়িয়াই ফুৰিছিল আৰু মূৰ্তিটোৰ পৰিচৰ্যা কৰিছিল৷ ঘোলা নামৰ ঠাইত অতি কম বয়সতে গৌৰী মায়ে শ্ৰী ৰামকৃষ্ণৰ দীক্ষা লাভ কৰিছিল৷ ৬

১৮৭৫ চনত গৌৰী মায়ে তেখেতৰ পৰিয়াল আৰু আপোনজনৰ লগত গংগাসাগৰলৈ তীৰ্থভ্ৰমণৰ উদ্দেশ্যে যাত্ৰা কৰে৷ যাত্ৰাৰ তৃতীয়টো দিনত তেখেত তীৰ্থযাত্ৰীৰ এটা বৃহৎ সমদলৰ মাজত ইচ্ছাকৃতভাৱেই লুকাই যায়৷ মানুহৰ চকুত ধৰা নিদিবলৈ তেখেতে এগৰাকী সাধ্বীৰ ভেশ ধৰে৷ ইয়াৰ পিছত তেখেতে ৰে'লযাত্ৰা আৰু পদযাত্ৰাৰে একাধিক তীৰ্থস্থান আৰু পবিত্ৰ স্থান দৰ্শন কৰে৷ তীৰ্থভ্ৰমণৰ সময়ছোৱাত গৌৰী মাই উপবাস, নিৰৱতা পালন, যোগাভ্যাসকে ধৰি হিন্দুধৰ্মৰ লিপি অধ্যয়নত মনোনিৱেশ কৰে৷ ৭

ৰামকৃষ্ণ আৰু সাৰদা দেৱী

গৌৰী মায়ে ৰামকৃষ্ণৰ পত্নী সাৰদা দেৱীৰ এগৰাকী সতীৰ্থ বা সংগী হিচাপে দক্ষিণেশ্বৰত থকা ভালেমান সময় অতিবাহিত কৰিছিল৷ কোনোবা সময়ত তেখেতে ৰামকৃষ্ণৰ বাবে আহাৰো প্ৰস্তুত কৰিছিল আৰু গীত পৰিৱেশন কৰিছিল৷ ৮

ৰামকৃষ্ণই গৌৰীমাক তীৰ্থযাত্ৰীৰ জীৱনৰ অৱসান ঘটাই ভাৰতীয় নাৰীৰ উৎকৰ্ষ সাধনৰ হকে কাম কৰিবলৈ উৎসাহিত কৰিছিল৷ ভাৰতীয় নাৰীৰ অৱস্থা দুৰ্দশাৰে ভৰা আছিল আৰু ৰামকৃষ্ণই বিচাৰিছিল যে গৌৰীমাই তেওঁলোকৰ শিক্ষা আৰু প্ৰগতিৰ গতি প্ৰাণৱন্ত কৰিবলৈ বৌদ্ধিকভাৱে আৰু আধ্যাত্মিকভাৱে কাম কৰক৷ গৌৰীমাই ইয়াৰ প্ৰতিবাদ কৰিছিল৷ তেওঁ যুক্তি দৰ্শাইছিল যে-এনে এটা কৰ্মত জড়িত হ'বলৈ তেওঁৰ কোনো প্ৰশিক্ষণ অথবা আনুষ্ঠানিক শিক্ষা নাই৷ ৰামকৃষ্ণই উত্তৰ দিছিল, "মই জলদান কৰিছোঁ৷ তুমি বোকা মৰ্দন কৰা৷"৯

সাৰদেশ্বৰী আশ্ৰম

]]

১৮৯৫ চনত গৌৰী মাৰ নেতৃত্বত সাৰদেশ্বৰী আশ্ৰম আৰম্ভ হৈছিল৷ অবিবাহিত, বিবাহিত আৰু বিধৱা মহিলাৰ বাবে আৱাসগৃহ, বোৰ্ড আৰু নিৰ্দেশনা আছিল সম্পূৰ্ণ বিনামূলীয়া৷ আবেলি পৰত গাঁৱলীয়া ছোৱালীবোৰো আহিছিল৷ আমেৰিকা ভ্ৰমণৰ পৰা আহি স্বামী বিবেকানন্দই এই আশ্ৰম দৰ্শন কৰে আৰু গৌৰীমাক উদ্দেশি কয় যে- "পাশ্চাত্যৰ মানুহক মই তোমাৰ কথা কৈছোঁ৷ তোমাক মই তালৈ লৈ যাম আৰু তেওঁলোকক দেখুৱাম যে-ভাৰতত কেনেধৰণৰ মহিলাৰ জন্ম হয়৷ (“I have talked to the western people about you, and shall take you there and show them what the type of women India can produce.”)১০

১৯১১ চনত এই আশ্ৰমখন কলিকতালৈ স্থানান্তৰিত হয়৷ সাৰদা দেৱীয়ে প্ৰায়েই এই আশ্ৰমখন ভ্ৰমণ কৰিছিল৷ আশ্ৰমত থকা নিৱাসীসকলে তেওঁৰ পৰা অনুপ্ৰেৰণা পাইছিল৷ তেৰ বছৰ পৰ্যন্ত এই আশ্ৰমখন ভাড়াগৃহত আছিল৷ অৱশেষত কিছু দান-বৰঙণি সংগ্ৰহ হোৱাৰ পাছত ১৯২৪ চনত এটা তিনি-মহলীয়া অট্টালিকাত বৰ্তমানৰ ঠাইত এই আশ্ৰমখন স্থায়ীভাৱে গঢ়ি উঠে৷১১

শিক্ষাৰ ধাৰণা

গৌৰী মাৰ মতে, শিক্ষা একধৰণৰ ৰাষ্ট্ৰীয় কৰ্তব্য৷ তেওঁ কৈছিল, যদিহে নাৰীৰ শিক্ষা অৱহেলা কৰা হয়, তেন্তে সমগ্ৰ ৰাষ্ট্ৰই ইয়াৰ দুৰ্ভোগ ভুগে৷ সাৰদেশ্বৰী আশ্ৰমত সেয়েহে শিক্ষাৰ ব্যৱস্থা কৰা হৈছিল৷ শিক্ষক নিৰ্বাচন কৰোঁতে গৌৰীমাই যথেষ্ট সাৱধানতা আৰু সতৰ্কতা অৱলম্বন কৰিছিল৷ তেওঁলোক হ'ব লাগিব, সৰল, পৱিত্ৰ মনৰ, উচ্চ চিন্তাৰ আৰু নাৰীৰ প্ৰগতিৰ প্ৰতি উৎসৰ্গীকৃত ভাৱধাৰাৰ৷ সাৰদেশ্বৰী আশ্ৰমৰ চাৰিটা মূল উদ্দেশ্য আছিল-১.হিন্দুত্ববাদ আৰু সমাজৰ ভাৱধাৰাৰ আলমত নাৰীৰ মাজত শিক্ষাৰ প্ৰচলন কৰা; ২. নাৰীসকলক আশ্ৰমৰ হকে কাম কৰিবলৈ উদ্বুদ্ধ কৰা; ৩. অভাৱগ্ৰস্ত কিন্তু সন্মানীয় পৰিয়ালৰ ছোৱালী বা বিধৱাসকলক আশ্ৰয়দান কৰা; ৪. নাৰীসকলক শালীন আৰু সুস্থিৰ জীৱন একোটা যাপন কৰিবলৈ সহায় কৰা৷ ১২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Swami Mumukshananda (1997), Great Women of India, Published by Advaita Ashrama
  2. ↑ Sri Sarada Devi – The Great Wonder (1984), published by Advaita Ashrama, Calcutta
  3. ↑ Sannyasini Gauri Mata Puri Devi, A Monastic Disciple of Sri Ramakrishna (1995,2007), By Swami Shivatatvananda, Published by Mothers Trust Mothers Place, Ganges, Michigan
  4. ↑ Swami Mumukshananda (1997), Great Women of India, Published by Advaita Ashrama
  5. ↑ Durga Puri Devi (1955), Gauri-ma, Published by Saradeswari Ashram, Calcutta
  6. ↑ Swami Chetanananda (1989), They Lived With God, Published by the Vedanta Society of St. Louis
  7. ↑ Swami Chetanananda (1989), They Lived With God, Published by the Vedanta Society of St. Louis
  8. ↑ Durga Puri Devi (1955), Gauri-Ma, Published by the Saradeswari Ashram, Calcutta
  9. ↑ Subrata Puri Devi (1996), Durga-Ma, The Only Sannyasini Disciple of Sri Sri Sarada Devi, Published by Saradeswari Ashram, Calcutta
  10. ↑ Gauri-Mata, Published by the Saradeswari Ashram, Calcutta
  11. ↑ Gauri-Mata, Published by the Saradeswari Ashram, Calcutta
  12. ↑ Gauri-Mata, Published by the Saradeswari Ashram, Calcutta

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মীভাৰতৰ ধৰ্মীয় গুৰুবঙালী ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৌৰী মা” প্ৰবন্ধৰ সংশোধন ৩০২১৬৯ (৩০ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।