গেইলিন মেণ্ডনকা (ইংৰাজী ভাষা: Gaelyn Mendonca) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু এমটিভি ইণ্ডিয়াৰ ভিজে। তেওঁ মূলতঃ ডব্লিউডব্লিউই নাও ইণ্ডিয়া আৰু এমটিভি হাছল আঁত ধৰাৰ বাবে পৰিচিত।১
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
গেইলিন মেণ্ডনকাৰ জন্ম বোম্বাইত হৈছিল আৰু তেওঁ ওৰলেমত ডাঙৰ-দীঘল হৈছিল। তেওঁ কাৰমেল অৱ চেইণ্ট জোচেফ স্কুলৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু পিছলৈ চেইণ্ট জেভিয়াৰ্ছ কলেজত অৰ্থনীতি আৰু সমাজতত্ত্ব অধ্যয়ন কৰে।২ ধাৰাবাহিকভাৱে পাঁচ বছৰ ধৰি তেওঁ মালহাৰত ষ্ট্ৰীট ডান্স প্ৰতিযোগিতাত জয়লাভ কৰিছিল।৩
কৰ্মজীৱন
মেণ্ডনকাই চেইণ্ট জেভিয়াৰ্ছ কলেজত পঢ়ি থকা সময়তেই মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ লেকমে ফেশ্বন উইককে ধৰি বহুতো ব্ৰেণ্ডৰ বাবে ৰেম্প ৱাক কৰিছে। কলেজৰপৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ গুড টাইমছ চেনেলৰ কুল কুৱেচিয়েণ্ট নামৰ কাৰ্যসূচীৰ জৰিয়তে এগৰাকী ঘোষিকা হিচাপে নিজৰ সম্প্ৰচাৰ কেৰিয়াৰ আৰম্ভ কৰে।
২০১৩ চনত মেণ্ডনকাই সুনন্দা ৱঙৰ সৈতে এমটিভি ভিজে হাণ্টত জয়লাভ কৰে। একে বছৰতে তেওঁ ৰোহন চিপ্পীৰ নৌটংকী চালা! ৰ জৰিয়তে বলীউডত অভিষেক ঘটায়।৪ এগৰাকী ভিজে হিচাপে তেওঁ কেইবাটাও কাৰ্যসূচীৰ আঁত ধৰিছে৫৬ আৰু ২০১১ চনৰ ক্ৰিকেট বিশ্বকাপৰ বাতৰি পৰিৱেশন কৰিছিল।৭ ২০১৬ চনত তেওঁ এমটিভি ৰোডীজ৮ আৰু ৰিয়েলিটী ৰেপ কাৰ্যসূচী এমটিভি হাছল আঁত ধৰিবলৈ আৰম্ভ কৰে।৯১০
২০১৯ চনত মেণ্ডনকাই ডব্লিউডব্লিউইৰ সৈতে ডব্লিউডব্লিউই নাও ইণ্ডিয়াৰ ঘোষিকা হিচাপে চুক্তিবদ্ধ হয়,১১ যিয়ে ভাৰতৰ দৰ্শকৰ বাবে মল্লযুঁজৰ বাতৰি পৰিৱেশন কৰে।১২১৩
ব্যক্তিগত জীৱন
২০১৭ চনৰ ২৯ ডিচেম্বৰত মেণ্ডনকাই তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক শ্বিহান ফাৰ্টাণ্ডোৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ২২ জানুৱাৰীত তেওঁ এটি কন্যা সন্তান জন্ম দিয়ে। এই কথা তেওঁ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে ঘোষণা কৰিছিল।১৪
তথ্যসূত্ৰ
- ↑ WWE launches new WWE NOW INDIA series. WWE
- ↑ Chakravorty, Vinayak. (5 April 2016). Meet Gaelyn, the new face of Roadies. India Today
- ↑ VJ Gaelyn Mendonca's B-Town debut with 'Nautanki Saala'
- ↑ (5 April 2016). Meet Gaelyn, the new face of Roadies. India Today
- ↑ (20 November 2018). MTV India dating show airs episode with gay contestants. Los Angeles Blade: LGBTQ News, Rights, Politics, Entertainment
- ↑ (24 April 2020). Get set for the grand finale of MTV Lockdown Stars that goes Live on Instagram this Saturday. indulgexpress.com
- ↑ (27 August 2017). Gaelyn Mendonca: My strength is the gift of the gab - Times of India. The Times of India
- ↑ (11 March 2018). MTV Roadies Xtreme 2018 (Season 16) · Here's What Gang leaders are Earning for an Episode. Chandigarh Metro
- ↑ Meet Nautanki Saala Babe Gaelyn Mendonca
- ↑ Nikhil Chinapa and Raja Kumari hold the baton high for gender neutral music at MTV Hustle From Home. radioandmusic.com
- ↑ WWE launches new WWE NOW INDIA series. WWE
- ↑ (30 October 2020). WWE Champion Drew McIntyre reveals his 'desi' side and it's sure to make you fall in love!. Hindustan Times
- ↑ Dhyani, Kunal. (7 March 2019). WWE presents a new series made just for the WWE Universe in India. InsideSport
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গেইলিন মেণ্ডনকা” প্ৰবন্ধৰ সংশোধন ৬০৮৭২৩ (২৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।