ৰাহাৱাৰ্ড ফাৰাহানী (ফাৰ্চী ভাষা: رهاورد فراهانی; জন্ম: ১০ জুলাই, ১৯৮৩), পেছাগতভাৱে গোলশ্বিফতেহ ফাৰাহানী নামেৰে পৰিচিত, এগৰাকী ইৰানী আৰু ফৰাচী অভিনেত্ৰী। তেওঁ এম ফৰ মাদাৰ (২০০৬), বডী অব লাইজ (২০০৮), এবাউট এলি (২০০৯), দ্য পেচেন্স ষ্টোন (২০১২), পেটাৰচন (২০১৬), গাৰ্লছ অব দ্য ছান (২০১৮), এক্সট্ৰেকচন (২০২০) আৰু ইয়াৰ পৰৱৰ্তী সংস্কৰণ এক্সট্ৰেকচন ২ (২০২৩), আৰু ইনভেচন (২০২১–বৰ্তমান) ধাৰাবাহিকত কৰা অভিনয়ৰ বাবে বিশেষভাৱে জনাজাত। দ্য পেচেন্স ষ্টোন ছবিখনত কৰা অনৱদ্য অভিনয়ৰ বাবে তেওঁ ৩৯সংখ্যক চিজাৰ বঁটাত মোষ্ট প্ৰমিজিং এক্ট্ৰেছ (আটাইতকেই প্ৰতিশ্ৰুতিপূৰ্ণ অভিনেত্ৰী) শাখাত মনোনীত হৈছিল।
প্ৰাৰম্ভিক জীৱন

ফাৰাহানীৰ জন্ম ইৰানৰ তেহৰাণত হৈছিল। তেওঁৰ পিতৃ বেহজাদ ফাৰাহানী এজন থিয়েটাৰ পৰিচালক তথা অভিনেতা আৰু মাতৃ ফাহিমেহ ৰহীমিনিয়া এগৰাকী মঞ্চ অভিনেত্ৰী। তেওঁৰ ভগ্নী শ্বাগায়েক ফাৰাহানীও এগৰাকী অভিনেত্ৰী।১ গোলশ্বিফতেহ নামটো তেওঁৰ পিতৃয়ে তৈয়াৰ কৰিছিল যাৰ অৰ্থ হৈছে মৰমৰ ফুল, আনহাতে তেওঁৰ আইনী নাম হৈছে ৰাহাৱাৰ্ড, যাৰ অৰ্থ পথৰ উপহাৰ।
তেওঁ পাঁচ বছৰ বয়সৰপৰাই সংগীত আৰু পিয়ানো শিকাৰ কাম আৰম্ভ কৰিছিল আৰু পিছলৈ তেহৰাণৰ এখন সংগীত বিদ্যালয়ত নাম ভৰ্তি কৰে। ১৪ বছৰ বয়সত তেওঁ দাৰিউশ্ব মেহৰ্জুইৰ দ্য পিয়েৰ ট্ৰী ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পায়। এই চৰিত্ৰটোৰ বাবে তেওঁ তেহৰাণত অনুষ্ঠিত ১৬সংখ্যক ফাজৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আন্তঃৰাষ্ট্ৰীয় শাখাৰপৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ ক্ৰিষ্টাল ৰক বঁটা লাভ কৰে।২৩ ২০২২ চনৰ ২৮ অক্টোবৰত ব্ৰিটিছ ৰক বেণ্ড ক’ল্ডপ্লেই বুয়েনছ আয়াৰ্ছৰ ৰিভাৰ প্লেট ষ্টেডিয়ামত অনুষ্ঠিত তেওঁলোকৰ কনচাৰ্টত প্ৰতিবাদৰ মূল গীত হিচাপে পৰিচিত শ্বেৰভিন হাজিপুৰৰ বাৰায়ে গীতটো গাবলৈ ফাৰাহানীক আমন্ত্ৰণ জনাইছিল। বেণ্ডটোৰ মিউজিক অব দ্য স্ফিয়াৰ্ছ ৱৰ্ল্ড ট্যুৰৰ লেটিন আমেৰিকা ভ্ৰমণৰ অংশ হিচাপে এই কনচাৰ্টটো সমগ্ৰ বিশ্বৰ ৭০খনতকৈও অধিক দেশৰ ৩৫০০ তকৈও অধিক ছবিগৃহত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হৈছিল।৪
তথ্যসূত্ৰ
- ↑ Tehrani, Souraya. (22 August 2008). Hollywood postponed. TheGuardian.com
- ↑ {{Cite web|last=Rouiller|first=Nathalie|date=14 October 2019|title=Golshifteh Farahani, aveuglante|url=https://next.liberation.fr/cinema/2019/10/14/golshifteh-farahani-aveuglante_1757532|access-date=19 November 2021|website=Libération|quote=Sur les registres, la belle sappelle Rahavard, "cadeau de la route", en allusion aux chemins de hasard et à leurs surprises dimportance. [...] On limaginait double nationale, elle affirme navoir quun passeport, le tricolore [...] "On nest pas responsable de la peur des homes", dit l''ex de Louis Garrel, deux fois mariée et séparée...|archive-date=14 May 2022|archive-url=https://web.archive.org/web/20220514094300/https://www.liberation.fr/cinema/2019/10/14/golshifteh-farahani-aveuglante_1757532/|url-status=live|archivedate=14 May 2022|archiveurl=https://web.archive.org/web/20220514094300/https://www.liberation.fr/cinema/2019/10/14/golshifte
- ↑ Makooi, Bahar. (1 October 2022). French feminists mobilise in solidarity with Iranian protesters. France 24
- ↑ Gillett, Katy. (30 October 2022). Coldplay perform Baraye in Farsi with Iranian actress Golshifteh Farahani. The National
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোলশ্বিফতেহ ফাৰাহানী” প্ৰবন্ধৰ সংশোধন ৬১০৪১০ (৩১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।