গোৱেণ্ডোলিন ট্ৰেচি ফিলিপা ক্ৰীষ্টি (ইংৰাজী ভাষা: Gwendoline Tracey Philippa Christie; জন্ম: ২৮ অক্টোবৰ, ১৯৭৮১) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। তেওঁ এইচবিঅ’ৰ (HBO) ফেণ্টাচী-ড্ৰামা ধাৰাবাহিক গেম অৱ থ্ৰোন্ছ (২০১২–২০১৯)-ত ব্ৰিয়েন অৱ টাৰ্থৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত। ইয়াৰ উপৰি তেওঁ ষ্টাৰ ৱাৰ্ছ: দ্য ফৰ্চ এৱাকেন্স (২০১৫) আৰু ষ্টাৰ ৱাৰ্ছ: দ্য লাষ্ট জেডি (২০১৭) ছবিত ফাৰ্ষ্ট অৰ্ডাৰ ষ্টৰ্মট্ৰুপাৰ কেপ্টেইন ফাছমাৰ চৰিত্ৰত অভিনয় কৰিছিল। পূৰ্বৰ ধাৰাবাহিকখনৰ বাবে তেওঁ ২০১৯ চনত ড্ৰামা ধাৰাবাহিকৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী শিতানত প্ৰাইমটাইম এমি বঁটাৰ মনোনয়ন লাভ কৰিছিল। ক্ৰীষ্টিয়ে পৰৱৰ্তী সময়ত নেটফ্লিক্সৰ ফেণ্টাচী ধাৰাবাহিক দ্য ছেণ্ডমেন আৰু ৱেণ্ডছডে (দুয়োখন ২০২২), আৰু এপল টিভি প্লাছৰ চাই-ফাই থ্ৰিলাৰ ধাৰাবাহিক চেভাৰেন্স (২০২৫)-ত অভিনয় কৰিছে। শেষৰখন ধাৰাবাহিকৰ বাবে তেওঁ ২০২৫ চনত ড্ৰামা ধাৰাবাহিকৰ শ্ৰেষ্ঠ অতিথি অভিনেত্ৰী শিতানত প্ৰাইমটাইম এমি বঁটাৰ মনোনয়ন লাভ কৰিছে।
প্ৰাৰম্ভিক জীৱন
গোৱেণ্ডোলিন ট্ৰেচি ফিলিপা ক্ৰীষ্টিৰ জন্ম পশ্চিম ছাচেক্সৰ ৱৰ্দিঙত হৈছিল।২ তেওঁৰ দুজন ডাঙৰ সতীয়া ভাতৃ আছে।৩ তেওঁৰ মাতৃ এগৰাকী গৃহিণী আছিল আৰু পিতৃয়ে বিক্ৰী তথা বিপণন (sales and marketing) বিভাগত কাম কৰিছিল।৪ তেওঁ চাউথ ডাউনছৰ ওচৰৰ এখন সৰু গাঁৱত ডাঙৰ-দীঘল হৈছিল৫ আৰু হেনফিল্ড প্ৰাইমেৰী স্কুল তথা ৱাৰ্ডেন পাৰ্ক চেকেণ্ডাৰী স্কুলত শিক্ষা গ্ৰহণ কৰিছিল।৬ সৰু কালত তেওঁ এগৰাকী জিমনাষ্ট হ’বলৈ প্ৰশিক্ষণ লৈছিল, কিন্তু ১১ বছৰ বয়সত মেৰুদণ্ডৰ আঘাতৰ বাবে তেওঁ অভিনয়ক আঁকোৱালি লয়।৭ ২০০২ চনৰ আশে-পাশে তেওঁ ব্ৰাইটনৰ এটা বুটিকত কাম কৰিছিল।৮
ব্ৰাইটন এণ্ড হ’ভৰ ভাৰ্ণডিন কলেজত পঢ়াৰ পিছত তেওঁ ২০০৫ চনত ড্ৰামা চেণ্টাৰ লণ্ডনৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।৯ তেওঁৰ ব্যতিক্ৰমী ওখ দেহৰ গঠনৰ বাবে তেওঁক কোৱা হৈছিল যে "তেওঁ হয়তো কেতিয়াও কাম নাপাব কাৰণ তেওঁক দেখিবলৈ বেছিভাগ অভিনেতাৰ দৰে নহয়।" আনকি তেওঁ পৰ্দাত কাম কৰিব বিচাৰে বুলি কোৱাৰ পিছত তেওঁৰ এজেণ্টে তেওঁক উপলুঙা কৰিছিল। অৱশ্যে অৰলেণ্ডো ছবিত টিল্ডা চুইণ্টনৰ অভিনয়ে তেওঁক এই লক্ষ্যত উপনীত হ’বলৈ অনুপ্ৰাণিত কৰিছিল। ২০১৭ চনৰ এটা সাক্ষাৎকাৰত তেওঁ সোঁৱৰণ কৰি কয় যে, "তেওঁ (চুইণ্টন) এখন চলচ্চিত্ৰত আছে আৰু তেওঁৰ ব্যক্তিত্ব অনন্য। মই অনুভৱ কৰিলোঁ যে হয়তো মোৰ বাবেও এটা স্থান আছে।" ১০১১
ব্যক্তিগত জীৱন
ক্ৰীষ্টি ৬ ফুট ৩ ১/৪ ইঞ্চি ওখ।১১১২ তেওঁৰ উচ্চতাৰ বাবে কম বয়সত তেওঁক বহুতে উপলুঙা কৰিছিল।১৩১৪
২০১৪ চনৰপৰা তেওঁ ব্ৰিটিছ ফেশ্বন ডিজাইনাৰ জাইলছ ডিকনৰ সৈতে সম্পৰ্কত আছে।১৫১৬
বাহ্যিক সংযোগ
- Meet the British stars of Game of Thrones. Radio Times
তথ্যসূত্ৰ
- ↑ Carter, Terry. (31 December 2017). 30 Stars Who Will Toast to Their 40th Birthday in 2018. Pop Sugar
- ↑ Gwendoline Christie Biography. TV Guide
- ↑ Princess Julia. Julia506.rssing.com
- ↑ Gwendoline Christine, Christie Ventures Ltd; beta.companieshouse.gov.uk/company/08212974/persons-with-significant-control
- ↑ (11 April 2012). Game of Thrones: Gwendoline Christie Interview
- ↑ Fox, Thomas. (2022-02-02). 58 celebrities who went to school in Sussex. Sussex Live
- ↑ Lash, Jolie. (17 April 2012). 'Game of Thrones' – Gwendoline Christie Talks Digging Deep To Play Brienne. Access Hollywood
- ↑ Walker, Esther. (29 June 2008). How We Met: Gwendoline Christie & Polly Borland. The Independent
- ↑ (2023-11-10). Gwendoline Christie: a famous face in Burgess Hill. CommunityAd
- ↑ (20 August 2017). Top of the Lake: China Girl's Gwendoline Christie tells how she was inspired by Tilda Swinton. news.com.au
- ↑ (9 April 2015). She Slays!. Vogue
- ↑ McQuoid, Debbie. (27 March 2013). Gwendoline Christie: Natural Born Warrior. Stylist
- ↑ (12 July 2017). Gwendoline Christie: 'Games of Thrones helped me overcome body issues'. Belfast Telegraph
- ↑ Lipworth, Elaine. (24 November 2017). Warrior woman: How Gwendoline Christie escaped the pressure to fit in. The Sydney Morning Herald
- ↑ Stephens, Brittney. (31 August 2023). Yes, Gwendoline Christie Is in a Relationship – and Her Women Have Celebrity Connections. PopSugar
- ↑ Cronin, Emily. (6 August 2022). Game of Thrones actress Gwendoline Christie talks working with partners: 'We are in a happy relationship thought we do different things – both fascinate me'. The Telegraph
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোৱেণ্ডোলিন ক্ৰীষ্টি” প্ৰবন্ধৰ সংশোধন ৫৯৪৩৫১ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।