অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গৌহৰ খান

গৌহৰ খান (জন্ম: ২৩ আগষ্ট ১৯৮৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ২০০২ চনত ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। তেওঁ ২০১৩ চনৰ বিগ বছ ছিজন ৭-ৰ বিজয়ী আছিল। গৌহৰে হিন্দী চলচ্চিত্ৰ আৰু টেলিভিছনতো অভিনয় কৰিছে।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ১৮৩ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

গৌহৰ খান (জন্ম: ২৩ আগষ্ট ১৯৮৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী,১২৩ মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ২০০২ চনত ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। তেওঁ ২০১৩ চনৰ বিগ বছ ছিজন ৭-ৰ বিজয়ী আছিল।৪ গৌহৰে হিন্দী চলচ্চিত্ৰ আৰু টেলিভিছনতো অভিনয় কৰিছে।৫

বিভিন্ন নৃত্যৰ গীতত অভিনয় কৰাৰ পাছত, খানে য়াছ ৰাজ ফিল্মছৰ ‘ৰকেট সিং: চেলচমেন অৱ দ্য ইয়াৰ’ (২০০৯)-ৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে। খানে পৰৱৰ্তী সময়ত একচন থ্ৰিলাৰ ‘গেম’ (২০১১), প্ৰতিশোধমূলক ড্ৰামা ‘ইছাকজাদে’ (২০১২), ছাচপেন্স থ্ৰিলাৰ ‘ফিভাৰ’ (২০১৬), ৰোমাণ্টিক কমেডী ‘বদৰিনাথ কী দুলহানিয়া’ (২০১৭) আৰু ভাৰতীয় পিৰিয়ড ড্ৰামা ‘বেগম জান’ (২০১৭)-ৰ দৰে ছবিত অভিনয় কৰিছে।৬

প্ৰাৰম্ভিক জীৱন

২০১১ চনত ভগ্নী নিগাৰ খানৰ সৈতে গৌহৰ খান
২০১১ চনত ভগ্নী নিগাৰ খানৰ সৈতে গৌহৰ খানছবি: Bollywood Hungama · CC BY 3.0

খানৰ জন্ম ১৯৮৩ চনৰ ২৩ আগষ্টত৭১ মহাৰাষ্ট্ৰৰ পুনেৰ এটা মুছলমান পৰিয়ালত হৈছিল। তেওঁৰ পিতৃ-মাতৃ আছিল জফৰ আৰু ৰজিয়া খান।৭ তেওঁ পুনেৰ মাউণ্ট কাৰমেল কনভেণ্ট স্কুলৰপৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল। তেওঁ পাঁচজন ভাই-ভনীৰ ভিতৰত কনিষ্ঠ আৰু অভিনেত্ৰী নিগাৰ খানৰ ভগ্নী।৮

ব্যক্তিগত জীৱন

খনে ২০১৩ চনত তেওঁৰ ‘বিগ বছ ৭’-ৰ সহ-প্ৰতিযোগী কুশল টেণ্ডনৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল,৩ কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকৰ বিচ্ছেদ ঘটে।৯

২০২০ চনৰ নৱেম্বৰ মাহত সংগীত পৰিচালক ইছমাইল দৰবাৰৰ পুত্ৰ তথা অভিনেতা জায়েদ দৰবাৰৰ সৈতে তেওঁৰ আঙঠি পিন্ধোৱা পৰ্ব সম্পন্ন হয়।১০ একে বছৰৰে ২৫ ডিচেম্বৰত তেওঁলোকৰ বিবাহ সম্পন্ন হয়।১১ ২০২২ চনৰ ২০ ডিচেম্বৰত তেওঁ ইনষ্টাগ্ৰামৰ জৰিয়তে ঘোষণা কৰে যে দম্পতীটোৱে তেওঁলোকৰ প্ৰথম সন্তানৰ বাবে অপেক্ষা কৰিছে।১২ ২০২৩ চনৰ ১০ মে’ত তেওঁ এটা পুত্ৰ সন্তান জন্ম দিয়ে, যাৰ নাম ‘জেহান’ ৰখা হয়।১৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (23 August 2014). Birthday girl Gauahar Khan trends on Twitter. India Today
  2. ↑ (26 December 2017). Top 10 Sexiest Asian Women 2017: Priyanka, Nia Beat Deepika. News18
  3. ↑ (23 August 2014). Kushal wishes Gauahar on her birthday with roses. Hindustan Times
  4. ↑ (19 February 2021). Bigg Boss Winner: From Season 1 To Season 13, Here's List Of All Winners Of Salman Khan's Show 'Bigg Boss'. ABP Live
  5. ↑ (10 December 2013). Bigg Boss 7: Gauhar Khan celebrated her 29th birthday in 2011!. India Today
  6. ↑ (16 June 2016). Gauahar Khan sizzles in bikini, shares lip-lock with Rajeev for 'Fever'. The Times of India - Gauahar Khan sizzles in a pink bikini for 'Fever' - Bollywood actresses in pink bikini. The Times of India - (28 January 2017). I may not be an A-list actor, but I am successful: Gauahar Khan - Times of India. The Times of India
  7. ↑ (21 August 2015). TV's bombshell Gauhar Khan turns a year older!. The Times of India
  8. ↑ (17 October 2011). Negaar & Gauhar Khan: The Indian Kardashians. The Times of India
  9. ↑ (15 November 2014). Gauhar Khan, Kushal Tandon kiss and make up - Times of India. The Times of India
  10. ↑ (6 November 2020). Gauahar Khan gets engaged to Ismail Darbar's son Zaid. The Indian Express
  11. ↑ (25 December 2020). FIRST PHOTOS from Gauahar Khan and Zaid Darbar's nikah ceremony. Couple looks like a match made in heaven. India TV News
  12. ↑ (21 December 2022). Gauahar Khan announces pregnancy; the actress is expecting her first baby with husband Zaid Darbar. Times of India
  13. ↑ (10 June 2023). Gauahar Khan and Zaid Darbar reveal newborn son's name as he turns 1 month old, share new pics. India Today

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীভাৰতীয় মডেলসৌন্দৰ্য প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৌহৰ খান” প্ৰবন্ধৰ সংশোধন ৫৯৮৮৫৭ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।