অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গোলোজিন

গোলোজিন আৰ্দেস্তানী (ফাৰ্চী: گل آذین اردستانی), তেওঁৰ পেছাদাৰী নাম গোলা হিচাপেহে বেছি জনাজাত। তেওঁ লণ্ডনত থকা এগৰাকী ইৰানী মূলৰ ব্ৰিটিছ-আমেৰিকান গায়ক-গীতিকাৰ, সংগীতবিজ্ঞানী, কণ্ঠশিল্পী আৰু অভিনেত্ৰী। তেওঁ পিয়ানো, চন্তুৰ, দাম্মাম (ইৰানীয় বাদ্যযন্ত্ৰ) আৰু বাঁহী বজায়।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১৬৭ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

গোলোজিন আৰ্দেস্তানী (ফাৰ্চী ভাষা: گل آذین اردستانی), তেওঁৰ পেছাদাৰী নাম গোলা হিচাপেহে বেছি জনাজাত। তেওঁ লণ্ডনত থকা এগৰাকী ইৰানী মূলৰ ব্ৰিটিছ-আমেৰিকান গায়ক-গীতিকাৰ, সংগীতবিজ্ঞানী, কণ্ঠশিল্পী আৰু অভিনেত্ৰী।১ তেওঁ পিয়ানো, চন্তুৰ, দাম্মাম (ইৰানীয় বাদ্যযন্ত্ৰ) আৰু বাঁহী বজায়।২৩৪৫৬৭

প্ৰাৰম্ভিক জীৱন

গোলা ইৰানৰ ইছফাহানত ডাঙৰ-দীঘল হৈছিল। তেওঁ তেহৰাণৰ সূৰে বিশ্ববিদ্যালয়ত সংগীত ৰচনা আৰু পৰিৱেশন শৈলীৰ বিষয়ে অধ্যয়ন কৰিছিল।৮ ২০১১ চনত তেওঁ ৰোহেম্পটন বিশ্ববিদ্যালয়ৰপৰা সংগীত মনোবিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ লণ্ডনলৈ স্থানান্তৰিত হয়।৯১০১১

কেৰিয়াৰ

১৯ বছৰ বয়সত গোলা ইৰানৰ প্ৰথমটো গাৰ্লবেণ্ড (কেৱল মহিলা সদস্য থকা সংগীত দল) 'অৰ্কিড'ত যোগ দিয়ে। ইৰানৰ স্থানীয় আইনৰ বাবে এই বেণ্ডটোক কেৱল মহিলা দৰ্শকৰ সন্মুখতহে সংগীত পৰিৱেশন কৰাৰ অনুমতি দিয়া হৈছিল।৯৮১২১৩ তেওঁক ইৰানত তিনিবাৰকৈ গ্ৰেপ্তাৰ কৰা হৈছিল।১৪ অৰ্কিড বেণ্ডৰ সৈতে ভ্ৰমণ কৰাৰ পাছত, তেওঁ এগৰাকী স্বতন্ত্ৰ শিল্পী হিচাপে নিজৰ ৰুচি আৰু শৈলী গঢ়ি তোলে আৰু এক বৃহৎ অনুৰাগী গোষ্ঠী লাভ কৰিবলৈ সমৰ্থ হয়।১১

ইৰানত মহিলা গায়িকাসকলৰ ওপৰত জাপি দিয়া বাধা-নিষেধ আৰু ৰাজনৈতিক অস্থিৰতাৰ বাবেই গোলোজিনে ২০১১ চনত লণ্ডনলৈ স্থানান্তৰিত হোৱাৰ সিদ্ধান্ত লয়।১৫১২ তেওঁৰ প্ৰথমটো একক গীত "মিৰি"য়ে ৰেডিঅ' জাভানত ৩ নিযুততকৈও অধিক শ্ৰোতা লাভ কৰিছিল।৯৮

২০১৮ চনত গোলাৰ প্ৰথমটো ইংৰাজী গীত "দ্য লাইন" এককভাৱে মুক্তি পায়।১৬১০ তেওঁৰ একক গীত "হাঘামে" আৰু "খোদাভান্দে শ্বুমা" মুকলিৰ পিছত নিযুত নিযুতবাৰ ষ্ট্ৰীম কৰা হৈছে। ২০১৯ চনত তেওঁ "নাও ইউ নো" নামৰ একক গীতটো মুকলি কৰে।১৭ তেওঁ ইডান ৰাইচেল আৰু ইৰানী ৰেপাৰ হোছেইন তোহীৰ সৈতেও কাম কৰিছে।৮ গোলাই প্ৰাচ্য আৰু প্ৰেক্ষাপটৰ পাশ্চাত্য সংগীতৰ মিশ্ৰণেৰে এনে এক সুৰ সৃষ্টি কৰে, যাৰ মূল লক্ষ্য হৈছে ইৰানৰ পৰিস্থিতি সন্দৰ্ভত বিশ্ববাসীৰ মাজত সজাগতা বৃদ্ধি কৰা।১৮

ডিস্ক’গ্ৰাফী

পাৰ্চী একক গীতসমূহ

  1. খোদা দানাড৮
  2. এশঘে আৰিয়ায়ী
  3. বেহতাৰিন আবী
  4. খোদাম বুদাম উনজা
  5. ৰাঘছে শিৰীন
  6. বেতাৰ্ছ আজ মান
  7. খোদাভান্দা
  8. খোশ বে হালাম
  9. হাঘামে
  10. খোদাভান্দে শ্বুমা

ইংৰাজী একক গীতসমূহ

  1. দ্য লাইন১০
  2. নাও ইউ নো১৭

তথ্যসূত্ৰ

  1. ↑ Art amid the din of war: Ancient and contemporary music from the Iranian world and beyond
  2. ↑ (27 February 2017). A World in London 212 – Idan Raichel & Golazin Ardestani. SOAS Radio
  3. ↑ (6 February 2017). Golazin Brings Message of Peace and Unity to a Hurting World. Upcoming100.com
  4. ↑ (24 February 2017). Transcending boundaries: Iranian and Israeli collaboration. Songlines World Music News
  5. ↑ (26 June 2017). Iles Formula Women GOLAZIN. Iles Formula
  6. ↑ (10 October 2017). Gozalin, Sound On!. Lapalme Magazine
  7. ↑ (31 October 2017). News – Golazin Monoto Tv Performance. United Productions
  8. ↑ Harman, Danna. (2018-11-14). The Iranian Pop Star Who Is Not Afraid of Israelis. Haaretz
  9. ↑ (2018-12-12). The Iranian pop star who is not afraid of Israelis. www.thebaghdadpost.com
  10. ↑ Iranian multi-instrumentalist Gola delivers bold new track "The Line". The Line of Best Fit
  11. ↑ Dunn, Frankie. (2018-11-02). gola is a fearless iranian artist making life-changing music for rule-breakers. i-D
  12. ↑ (2018-10-31). tmrw · this is our culture: Gola. tmrw
  13. ↑ The Arts Hour – Iranian pop star Gola: 'We had morality police in the audience' – BBC Sounds. www.bbc.co.uk
  14. ↑ گزارش هاآرتص: خواننده پاپ ایرانی که از همکاری با اسرائیلی ها نمی ترسد. Voice of America
  15. ↑ Rumbelow, Helen. Gola: the Iranian pop star who fought back
  16. ↑ Gola is the Iranian musician in exile fighting to empower women. HUNGER TV
  17. ↑ Day, Record of the. Gola – Now You Know. www.recordoftheday.com
  18. ↑ (10 October 2017). Golazin, Sound On. Lapalme

সম্পৰ্কিত শ্ৰেণী

ইৰানৰ ব্যক্তিঅভিনেত্ৰীগায়িকাসংগীতজ্ঞ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোলোজিন” প্ৰবন্ধৰ সংশোধন ৬৩৭০০৩ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।