অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গোহৰ মামাজীৱালা

গোহৰ মামাজীৱালা বা গৌহৰ বা সম্পূৰ্ণ নাম: গোহৰ আব্দুল কায়ুম মামাজীৱালা (Gohar Mamajiwala; ১৯১০-১৯৮৫) ১৯১০ চনত ব্ৰিটিছ ভাৰতৰ লাহোৰত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু প্ৰযোজক আছিল। ১৯২৫-ৰ পৰা ১৯৪০-লৈ মিচ গোহৰ নামেৰে জনাজাত এই গৰাকী ব্যক্তি অভিনেত্ৰীৰূপে জনপ্ৰিয়তাৰ তুংগত আছিল।

হালনাগাদ: ২৯ মাৰ্চ ২০২৩ ১৭৪ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

গোহৰ মামাজীৱালা বা গৌহৰ বা সম্পূৰ্ণ নাম: গোহৰ আব্দুল কায়ুম মামাজীৱালা (Gohar Mamajiwala; ১৯১০-১৯৮৫) ১৯১০ চনত ব্ৰিটিছ ৰাজৰ লাহোৰত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু প্ৰযোজক আছিল।১ ১৯২৫-ৰ পৰা ১৯৪০-লৈ মিচ গোহৰ নামেৰে জনাজাত এই গৰাকী ব্যক্তি অভিনেত্ৰীৰূপে জনপ্ৰিয়তাৰ তুংগত আছিল। তেওঁক একমাত্ৰ অভিনেত্ৰী ৰুবি মায়াৰ্ছৰ (ৰুবি মায়াৰ্ছ) সম পৰ্যায়ৰ বুলি গণ্য কৰা হয়, যি তেওঁৰ সমসাময়িক আছিল। তেওঁ চন্দুলাল শাহৰ সৈতে একেলগে ৰঞ্জিত ষ্টুডিঅ’ প্ৰতিষ্ঠা কৰিছিল, যিটো ষ্টুডিঅ’ সেই সময়ৰ মুম্বাইৰ তিনিটা প্ৰধান চলচ্চিত্ৰ কোম্পানীৰ অন্যতম আছিল। আন দুটা ষ্টুডিঅ’ আছিল কহিনুৰ ফিল্ম কোম্পানী আৰু ইম্পেৰিয়েল ফিল্ম কোম্পানী।২

প্ৰাৰম্ভিক জীৱন

১৯ নবেম্বৰ ১৯১০-ত লাহোৰৰ এটা মুছলমান পৰিয়ালত গোহৰৰ জন্ম হৈছিল।১ তেওঁৰ দেউতাক শেঠ কায়ুম মামাজীৱালী এটা থিয়েটাৰ কোম্পানীৰ স্বত্বাধিকাৰ আৰু মাক পুতলীবাঈ এগৰাকী অভিনেত্ৰী আছিল।২ দেউতাকৰ বন্ধু এজনে কিশোৰী গোহৰক চলচ্চিত্ৰত অভিনয় কৰাৰ প্ৰস্তাব দিয়ে। প্ৰথমে মাক-দেউতাক অমান্তি হৈছিল যদিও পিছলৈ সন্মতি দিয়ে। সেই সময়ৰ ভাৰতৰ প্ৰখ্যাত কহিনুৰ ষ্টুডিঅ’ৰ অংশীদাৰ কৃষ্ণ ফিল্মছত তেওঁ কামত সোমায়।৩৪

কৰ্মজীৱন

কহিনুৰ ষ্টুডিঅ’

কাঞ্জিভাই ৰাথোৰৰ ১৯২৫ চনত মুক্তি পোৱা, ব্যৱসায়িক সফল নিৰ্বাক চলচ্চিত্ৰ বাপ কামাইত (Fortune And Fools) গোহৰে প্ৰথম অভিনয় কৰে। নায়ক আছিল গংগাৰাম। ইয়াত এটা সহযোগী চৰিত্ৰত অভিনয় কৰিছিল৪ যদিও প্ৰতিমাহে তেওঁ ৩০০ টকা হাৰে পাৰিশ্ৰমিক পাইছিল।৩ ইয়াৰ কেইমান পিছত তেওঁ লংকা নি লাদিত (১৯২৫) ৰাজকুমাৰীৰ মূল ভূমিকাত খলিলৰ বিপৰীতে অভিনয় কৰে। গোহৰৰ অভিনয়ে দৰ্শকক সন্মোহিত কৰিবলৈ সক্ষম হোৱা এই ছবিখন কহিনুৰ ষ্টুডিঅ’ৰ সেই বছৰৰ আটাইতকৈ সফল ছবি আছিল।৪

ৰঞ্জিত ষ্টুডিঅ’

১৯২৯ চনৰ জুন মাহত চন্দুলাল শাহ আৰু গোহৰে ৰঞ্জিত ফিল্ম ষ্টুডিঅ’ স্থাপন কৰে।1 ৰঞ্জিত ফিল্ম ষ্টুডিঅ’ পৰা প্ৰযোজনা কৰা প্ৰথম ছবি পতী-পত্নী। এই সামাজিক ছবিখনৰ লেখক, পৰিচালক আৰু মুখ্য অভিনয় শিল্পী আছিল গোহৰ।৫ নতুন ষ্টুডিঅ’টোৱে তাৰকা শিল্পীসকলক আকৰ্ষণ কৰিছিল। তেওঁলোকে প্ৰযোজনা কৰা ৰাজপুতানী (১৯২৯) আৰু দিৱানী দিলবৰত গোহৰে ডি. বিলিমোৰিয়াৰ বিপৰীতে অভিনয় কৰিছিল। সবাক চলচ্চিত্ৰৰ আগমনৰ পিছত ১৯৩১ চনত ইয়াক ৰঞ্জিত মোভীটোন নামেৰে নামকৰণ কৰা হয়। ৰঞ্জিত মোভীটোনৰ পৰা প্ৰযোজিত প্ৰথমখন সবাক ছবি দেৱী দিব্যানীৰো তাৰকা আছিল গোহৰ আৰু বিলিমোৰিয়া।২

ৰঞ্জিত ষ্টুডিঅ’ কেইবছৰমানৰ ভিতৰত যদিও মুম্বাইৰ এটা আগশাৰীৰ ষ্টুডিঅ’ হিচাপে খ্যাত হৈছিল, পাছলৈ গোহৰৰ ছবিবোৰে বিশেষ সফলতা পোৱা নাছিল। সেয়েহে তেওঁ অভিনয়ৰ পৰা অৱসৰ লোৱাৰ মনস্থ কৰে। চন্দুলালে তেওঁক অচ্যুতত কাম কৰিবলৈ দিয়ে। এইখনে আছিল গোহৰৰ জীৱনৰ শেষ ছবি। ছবিখন ১৯৩৯-ৰ ডিচেম্বৰত হিন্দী আৰু গুজৰাটী ভাষাত মুক্তি পাইছিল। অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়া এগৰাকী অস্পশ্য নাৰীৰ কাহিনীৰে নিৰ্মিত অচ্যুত ১৯৪০ বৰ্ষত বক্স অফিচত তৃতীয় স্থানত আছিল।৬৭

তথ্যসূত্ৰ

  1. ↑ Verma, R.K. Filmography, Silent cinema, 1913-1934
  2. ↑ Hansen, Kathryn. Stages of Life, Indian Theatre Autobiographies. Anthem Press. পৃ. 392. ISBN 978-1-78308-068-7
  3. ↑ Kak, S. Cinema Vision India
  4. ↑ Rajadhyaksha, Ashish. Encyclopedia of Indian Cinema
  5. ↑ Indian Cinema. Directorate of Film Festivals, Ministry of Information and Broadcasting
  6. ↑ Hansen, Kathryn. Stri Bhumika: Female Impersonators and Actresses on the Parsi Stageː Economic and Political Weekly
  7. ↑ Nevile, Pran. lahor, A Sentimental Journey. Penguin Books India. পৃ. 207. ISBN 978-0-14-306197-7

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোহৰ মামাজীৱালা” প্ৰবন্ধৰ সংশোধন ৩৫১৪৬০ (২৯ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।